স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ছদ্মনামধাৰী আৰু ফেচবুকৰ ভুৱা প্ৰফাইল

 

পৃথিৱীৰ বহুতো সাহিত্যিকে ছদ্মনামেৰে লিখি খিয়াতি লভিছে৷ মাৰ্ক টোৱেন, শীলভদ্ৰ, কুমাৰ কিশোৰ, কাঞ্চন বৰুৱা, ৰংমন আদি কিছুমান আমি সততে জনা নাম৷ তেখেত সকলে কৰা সৃষ্টিৰাজি সদায়ে পাঠেয়৷

পিছে আজি ইয়াত তেনে মহান সাহিত্যিকৰ বিষয়ে লিখিবলৈ মন মেলা নাই৷ আন এবিধ ছদ্মনামীৰ কথাহে অৱতাৰণা কৰিবলৈ বিচাৰিছো৷

বৰ্তমান ফেচবুক, লিংকদ ইন আদিকে ধৰি বেছিভাগ সামাজিক যোগাযোগকাৰী চাইটসমূহত কিছুমান ছদ্মনামী বা ভুৱা প্ৰফাইল ভৰি পৰিছে৷ বেছিভাগ ক্ষেত্ৰতে এনে প্ৰফাইলে সমস্যাৰ সৃষ্টি কৰা দেখা যায়৷ এনে প্ৰফাইল সমূহ কি উদ্দ্যেশ্যৰে নো খোলা হয় তাকে জানিবলৈ মনটো খু-দুৱাই থকাত গুগুলৰ আশ্ৰয় লৈ কিছু কথা জানিবলৈ পালো৷ তাকে ৰাইজৰ লগত ভাগ বতৰা কৰিম বুলি ভাবিলো৷

১) সংবেদনশীল তথ্য চুৰ কৰিবলৈ : এনে প্ৰফাইলে আনৰ লগত বন্ধুত্ব কৰি বুদ্ধিৰে সংবেদনশীল তথ্য চুৰ কৰে৷

২) আনৰ পৰিচয় চুৰ কৰিবলৈ (Identity Hijack) : এনে লোকে বেলেগলোকৰ নামত ভুৱা একাউণ্ট খুলি আচল ব্যক্তিজনৰ ক্ষতিসাধন কৰে৷

৩) ব্যৱসায়িক উদ্দেশ্যৰে : ধৰি লওক এটা প্ৰফাইলে বিভিন্ন প্ৰকাৰে ৩০০০ মান বন্ধু গোটালে৷ পিছত সেই প্ৰফাইলটো তেওঁ আনক বেচি দিলে আৰু কিনোতা জনে প্ৰফাইলটো কোনো সামগ্ৰী বা সেৱাৰ বিপণনৰ বাবে ব্যৱহাৰ কৰিব ধৰিলে৷

৪) নীচাত্মিকা বোধত ভুগি : কিছুলোকে নীচাত্মিকা বোধত ভোগাৰ বাবে নিজৰ প্ৰকৃত পৰিচয়েৰে কোনো গোটৰ আলোচনাত অংশগ্ৰহণ কৰিব নোৱাৰে আৰু সেয়েহে এটা ভুৱা প্ৰফাইল খুলি লয়৷

৫) মুক্তমনেৰে বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ : বহুলোকে নিজৰ প্ৰকৃত পৰিচয়েৰে বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ সংকোচবোধ কৰে জানোচা তেওঁৰ ভাবমূৰ্তি বিনষ্ট হয়৷ সেয়েহে তেনেলোকে ভুৱা প্ৰফাইলৰ আশ্ৰয় লয় বিতৰ্কত মুক্ত মনেৰে অংশগ্ৰহণ কৰিবলৈ৷ সাপো মৰিল লাঠিও নাভাঙিল৷

৬) বিকৃত ৰুচিসাধন কৰিবলৈ : এনেলোকে নিজৰ অৱদমিত বাসনা আৰু আনক হেয় প্ৰতিপন্ন কৰাৰ দৰে বিকৃত ৰুচিসাধন কৰিবলৈ ভুৱা প্ৰফাইলৰ আশ্ৰয় লয়৷ এই ধৰণৰ ব্যক্তিয়ে আকৌ নিজৰ প্ৰকৃত প্ৰফাইলেৰে কৰা কোনো প’ষ্টৰ গুৰুত্ব বঢ়াবলৈ ভুৱা প্ৰফাইলটোৰে লাইক কৰি বা মন্তব্য দি পুনৰ মোহাৰি প’ষ্টটো ওপৰলৈ ঠেলি পঠিয়ায়৷

ফেচবুকৰ গোট সমুহত ৪,৫ আৰু ৬ নম্বৰকেইবিধৰ দৌৰাত্ম্য বেছি যেন লাগিছে৷

২১.০৯.১২

মতামতসমূহঃ

comments powered by Disqus