স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ


নিঃসংগতা


কিনকিনীয়া বৰষুণ
অসূৰ্য্যস্পৰ্শা ধৰা৷

(মোৰ) ছাঁজনীক লগ ধৰিলো,- ব’লা খাই আহোগৈ চানা
বতৰ বহু ঠাণ্ডা৷

তাই গহীনাই ক’লে,- আজি অকলে যোৱা৷
চন্দ্ৰ নাই সূৰ্য্য নাই
সংগ দিওঁ ক’ৰ পৰা৷

-উপসংহাৰ

লাজ লাজকৈ তাই কৈছিল-
আজি অকলে যোৱা, মই ৰজঃস্বলা৷

-সংহাৰ

অদৃষ্টৰ কাণটেপাত কবিৰ স্বীকাৰোক্তি-

মোৰ ছাঁ আজি ৰজঃস্বলা,
নিঃসংগতাই মোৰ উৰ্বৰতা
সংগীহীনতাই মোৰ সৃষ্টিশীলতা৷

২৮.১২.১৪



মতামতসমূহঃ

comments powered by Disqus