স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ত্ৰিকালজ্ঞ কবিলৈ প্ৰত্যাহ্বান

 

হাঃ হাঃ হাঃ
খা কবি খা
বিষাদৰ চুপকে খা
সোৱণশিৰি বান্ধটোকে খা
নে ভাবিছিলি পাগলাদিয়া জনীকে প্ৰেম যাচিম বুলি
নে ভাবিছিলি নোনা নৈৰ যৌবনৰ বলিয়া বানত উটি যাম বুলি৷

খা খা আজি
দেৱালীৰ ফুলজাৰিকে খা
চকলেট ব’ম বোৰে হেনো আজি প্ৰদূষণ মাতে
ফাকু বোৰে হেনো আজি এলাৰ্জি কৰে
বিহুগীত বোৰ বোলে আজি অশ্লীল হ’ল।

টেকেলী পিঠা তোৰ বৰ প্ৰিয় হেনো
পিছে ৰয়েল্টি দিবলৈ ধন আছে জানো তোৰ?
বিদেশত শুনিছো হেনো আদা বৰ সস্তা
আনিবিচোন, বাৰিষা ইয়াত সৰু মাছ বৰ সস্তা
কলপাতত দিম, খাবি বৰ মজা।

হালধি চুই দুবাৰ দিলো য’ত ফাইন
দেউতাৰৰ পেন্সনে কৰিলে যে মান ৰক্ষা
চৰুত ছাই নাথাকিব পাৰে কিন্তু
আমি অসমীয়া নহও দুখীয়া বুলি
(লুকাই থৈছো দুগিলাছ লাওপানী)
তোলৈকে বুলি,

বিলাতী বোৰ নেখাবিচোন
গ্লিচাৰিন বাঢ়ে বোলে
তাতকৈ থলুৱাই মান ৰক্ষা কৰে বোলে৷

বাৰু বাজে কথা বাদ দে
যোৱা বহাগত যে পিন্ধাইছিলি বিৰিণাৰ আঙুঠি
আনিবিনে তাইক এইবাৰ ঘৰৰ বোৱাৰী কৰি?

অ’ কবি, তণ্ডুৰী হেনো কাৰ্চিনোজেনিক
তাতকৈ পঁইতাভাতেই ভাল বোলে
ডাইল বটা আৰু কেঁচা পিঁয়াজ
আৰু লগত বাঁহৰ গাঁজৰ আচাৰ
বাৎসায়নেও হেনো তোক মাৰিব চালাম৷

পিছে কি ভাবিছ, প্ৰেমেৰেই তো আৰু পেট নভৰে
কাৰ্ব’হাইড্ৰেটো শৰীৰক লাগে
মাইট’কণ্ড্ৰিয়া বোৰেও দেখোন হাহাকাৰ কৰি উঠে৷

তই দেখোন কৈছিলি বৰিয়লা মাছ তোৰ প্ৰিয়
পিছে ছে’ম’ন মাছ কেনেকৈ হ’ল তোৰ প্ৰিয়
সাগৰৰ বিশালতাত ভোল নাযাবি দেই কবি
সাগৰ ধ্বংসকামী, নদীহে শান্তিকামী৷

অ’ কবি, শুন
পাৰিলে আহোতে চেন্নাইত নামি আহিবি
দুখন মান বিহুৱান বেছিকৈ লৈ আহিবি
কস্ট বেনিফিট ৰেচিও…… ভগাই ল’ম দে

এহঃ ঠেহ লাগিলেই নে তোৰ
ঠিক আছে দিম বাৰু মৰম সানি
এতিয়া আৰু কন্দা কটা কৰিলে ভাল নেদেখি৷

অ’ কবি শুনচোন মনে মনে
ফিডেল কাষ্ট্ৰোৰ হাভানা চিগাৰ
দিবি নেকি এটা?
কিয় তয়েই দেখোন কৈছিলি পুঁজিবাদ নিপাত যাওক
সাম্যবাদেই আনি দিব শান্তি
পিছে নাই নাই নাই
ইণ্টীগ্ৰিটী ইছুত কমপ্ৰমাইজ কৰাত নাই।

এতিয়া কিয় পিছে তোৰ মোহভংগ হ’ল
ইলিচ মাছ ভকুৱা মাছ একাকাৰ হ’ল৷

অ’ কবি কবিতা লিখা বৰ সহজ
পিছে পেটৰ ভোক যে এচিলকে নুমাব নোৱাৰে
জাননে নে নাই
ভাত নাখালে যে এচিডিটি নকমে জাননে নাই?

আৰু সিবিধ ভোক
বাৎসায়ানে হেনো কপিৰাইট তোকেই দি গৈছে৷

শুকান মাছকে অমৃত বুলি ভবা যুগ আৰু নাই
প্ৰেম মদিৰাৰ হেনো নৌটঙ্কী বেছি
সকলোতে হেনো হৈ যায় ভুল
“পন্তা ভাতে পোৰা মাছে” – আজি আৰু পুছীকেটেও লাজ পোৱা হ’ল
উনসত্তৰৰ জবৰদস্তি সকলোৰে ভাল লগা হ’ল৷

অ’ কবি আমিও উন্নতি কৰিলো বুজিছ
ভূত জলকীয়া খন পেটেণ্টত বেচিলো
“খন” বোলোতে কিয় আচৰিত হৈছ
নিৰ্দেশাত্মক প্ৰত্যয় কি তই জানো নাজান?

অ’ কবি, দিখৌ নৈত আৰু কোনোবাই সিৰিত সাৰাত কৰি কাপোৰ ধোৱেনে

নে ব্ৰহ্মপুত্ৰত দাঁত ব্ৰাছ কৰি চালাম থোকে? মহাবাহু জিন্দাবাদ।

“ইনকিলাব জিন্দাবাদ, আমাৰ দাবী মানবাই লাইগব’
কুনি ক’ত আছাহ অ’লে আহ
পাগলাদিয়াই দেখুন উজান ধইৰ্অছিহ”

নলবাৰীয়া কুড়িৰ লগত প্ৰেম নেখেলিবি কবি
ঘৰৰ ল’ৰা ঘৰলৈ সোনকালে যা ঘূৰি৷

মতামতসমূহঃ

comments powered by Disqus