স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

অনুভৱ আৰু অভিজ্ঞতা

 

  • ডুখৰীয়া অনুভৱ

  • ক) ফ’নকল কিয় উপেক্ষা কৰিব নালাগে:

    ২০০৬ চনৰ কথা৷ তেতিয়া আইচিআইচিআই লম্বাৰ্ড জেনেৰেল ইন্সিউৰেন্স ক’ম্পেনীত চাকৰি কৰি আছো৷ গুৱাহাটীস্থিত এক ডাঙৰ নিৰ্মাণকাৰী সংস্থাৰ পৰা তেওঁলোকৰ সকলোবোৰ গাড়ী তথা মেচিনৰ বীমা কৰাৰ কাম এটা বহু যুদ্ধ কৰি আদায় কৰিলো৷ তেখেতসকলৰ বীমাৰ কামখিনি চোৱাচিতা কৰা অনিলজীৰ লগতো এটা খুউব ভাল সম্পৰ্ক স্থাপিত হ’ল৷..................
  • ধূম্ৰপান ত্যাগ কৰো আহক

  • ধূম্ৰপান একধৰণৰ শাৰিৰীক তথা মানসিক নিচা৷ অৱসাদ, দুঃচিন্তা, খং, ভয়, কামৰ চাপ, উদ্বিগ্নতা, নিঃসংগতা আদিয়েই হ’ল বেছিভাগ ধুম্ৰপায়ীয়ে ধূম্ৰপান কৰাৰ মূখ্য কাৰণ৷ কোনো এটা বেয়া দিনত এজন ধুম্ৰপায়ীৰ বাবে চিগাৰেট কেইটাই একমাত্ৰ বন্ধু হৈ পৰে৷ ধুম্ৰপানে উপৰ্যুক্ত কাৰক সমূহৰ পৰা ক্ষন্তেকীয়া উপশম ঘটাব পাৰে বুলি বেছিভাগ ধুম্ৰপায়ীয়ে স্বীকাৰ কৰে৷̀....................

  • সামাজিক দ্বায়িত্ব

  • ক) ২০০১ চনত এচিএছ পৰীক্ষা দিয়াৰ সময়ত কেৰেক্টাৰ চাৰটিফিকেট এখন দৰকাৰ হ’ল৷ SDO(civil) কাৰ্যালয়ৰ এজনে এটা ফৰ্মেট দিলে আৰু সেইটো এখন কাগজত টাইপ কৰাই আনিবলৈ ক’লে৷ ওচৰতে কেইবাজনো লোক সন্মুখত টাইপ ৰাইটাৰ লৈ বহি আছিল৷ তাৰে এজনৰ ওচৰলৈ গ’লো আৰু মেটাৰটো টাইপ কৰিবলৈ দিলো৷ প্ৰথমবাৰ দুটা ভুল হোৱা বাবে তেখেতে পুনৰ নতুনকৈ কৰিলে৷ শুদ্ধ কপিটো লৈ সুধিলো কি দিব লাগিব এতিয়া৷ তেখেতে ক’লে একো নালাগে৷..................
  • কঁঠলুৱা অনুভৱ

  • কঁঠাল দেখিলে বা কঁঠালৰ কথা ভাবিলে এই কথাকেইটা পলকতে মোৰ মনলৈ আহি যায়৷

    কঁঠাল খাই ভালো লাগে বেয়াও লাগে৷ বেয়া এইকাৰণে লাগে ভাল লাগি বেছিকৈ খাই দিয়াৰ পিছত পেটটো গেলৌ গেথৌ কৰে৷ সৰুতে লোভত পৰি একেবহাতে বিছ ত্ৰিশ কোঁহ খাই দিয়াৰ পিছত পেটটো এনেকৈ টানি ধৰিছিল যে, ডাঙৰ ভেকুলী এটা গিলি লৰচৰ কৰিব নোৱাৰা হোৱা সাপ এটাৰ দৰে বহুসময় বিচনাত পৰি থাকিছিলো৷...............
  • দ্বায়িত্ব কাৰ?

  • আজি (২০ জুলাই, ২০১৩) নাহৰলাগুন অসামৰিক চিকিৎসালয়ত এগৰাকী ৰোগীক ৰক্তদান কৰিবলৈ গৈছিলো৷ এবাৰ বাথৰুমলৈ যাব লগা হওতে যিটো পূতিগন্ধময় বীভৎস পৰিবেশ দেখিলো ওকালি আহি গ’ল৷ ইফালে আৰু ঠায়ে ঠায়ে লিখি থোৱা আছে, ”এইখন আপোনাৰ চিকিৎসালয়, অনুগ্ৰহ কৰি ইয়াক পৰিস্কাৰ কৰি ৰাখিব”৷

    হয় এইখন আমাৰে চিকিৎসালয় মানি লৈছো৷ পিছে আমি ইয়াক লেতেৰা নকৰাকৈ থাকিব পাৰো কিন্তু চফা কেনেকৈ কৰিম?..........
  • সাপৰ খোঁট

  • এয়া বহুবছৰ আগৰ কথা৷ মই তেতিয়া পঞ্চম শ্ৰেণীত৷ সেই দিনটো আছিল বিশ্বকৰ্মা পূজাৰ ঠিক আগদিনা৷ সন্ধিয়া ওচৰৰে যাদব দাদা আহিল আৰু খবৰ দিলে যে ওচৰৰ সুলভ মূল্যৰ দোকানত (য’ৰ পৰা আমাৰ ঘৰৰ যাৱতীয় বস্তুবোৰ কিনা হয়) কণ্ট্ৰ’লৰ চেনি আহিছে৷ তেতিয়া দেউতা অফিচৰ পৰা ঘৰলৈ আহি পোৱা নাছিল কাৰণে মায়ে তেওঁকে পাছিলে চেনিখিনি আনি দিবলৈ৷ এই চেগতে ময়ো ওলালো এপাক ফুৰিয়েই আহো বুলি৷ ............
  • নিষিদ্ধ স্বাদ

  • ল’ৰাই হওক বুঢ়াই হওক, নিষিদ্ধ বস্তুৰ প্ৰতি আকৰ্ষণ সকলোৰে থাকে যেন পাওঁ৷ সৰুতে বিস্ময়, ৰঞ্জু হাজৰিকাৰ উপন্যাস আদি আমাৰ বাবে নিষিদ্ধ আছিল৷ মানে পঢ়িবলৈ মানা আছিল৷ পিছে যিমানে মানা নকৰক, য’তেই লুকাই নথওক কিয়, যেনেকৈ হ’লেও বিচাৰি উলিয়াই পঢ়িছিলোৱেই৷ আনকি পাঠ্যপুথিৰ তলত লুকুৱাই হ’লেও পঢ়িছিলো৷ .........
  • সক্ৰিয় ৰাজনীতিত শিক্ষকৰ অংশগ্ৰহণ বন্ধ হওক

  • সাম্প্ৰতিক সময়ৰ কদৰ্য্যময় ৰাজনৈতিক বাতাৱৰণ দেখি প্ৰায়ে বিভিন্ন মহলত উচ্চাৰিত হয় যে ৰাজনীতিত ভাল, প্ৰতিভাশালী মানুহ আহিব লাগে৷ যুৱক-যুৱতীসকল ৰাজনীতিৰ প্ৰতি আগ্ৰহী হ’ব লাগে ইত্যাদি৷ .........
  • অবিনয়ী শুভেচ্ছা

  • সৰুতে বহুত কিতাপ পঢ়া হৈছিল৷ বেলেগ বেলেগ কিতাপৰ বেলেগ বেলেগ ধৰণৰ আখৰ৷ গোটেইবোৰৰ ভিতৰত দস্যু ভাস্কৰৰ আখৰবোৰত কিবা এটা অনামী শিহৰণ লুকাই আছিল৷ লগতে বেটুপাততো৷ আখৰবোৰতে যেন কিবা এটা ৰহস্য বিচাৰি পাইছিলো, কল্পনা কৰিছিলো কাহিনীৰ কথাবোৰ এখন ছবি হিচাপে৷ .........
  • হৃদয়বিদাৰক ফ’টোৰ প্ৰচলন

  • আজিৰ পৰা কেইবছৰমানৰ আগৰ কথা৷ ২০০৬-০৭ মান হ’ব৷ এদিন ফাঁচীবজাৰৰ জেইলখনৰ ওচৰত প্ৰচণ্ড বোমা বিস্ফোৰণ এটা হ’ল৷ বিস্ফোৰণৰ প্ৰাবল্য ইমানেই আছিল যে এখনৰ ৰিক্সাৰ ওপৰত বহি থকা চালকজনৰ মূৰটোৱেই ছিঙি পৰিল৷ আৰু বহুতো লোক হতাহত হ’ল৷ .........
  • সব্যসাচী

  • অৰ্জুনে দুয়োখন হাতেৰে সমানে শৰ মাৰিব পাৰিছিল আৰু সেই কাৰণে তেখেত সব্যসাচী বুলি প্ৰখ্যাত৷ তাৰমানে সেই যুগতো বাওঁহাতখনক সোঁহাত খনৰ সমানেই মৰ্যাদা দিয়া হৈছিল৷ .........
  • চেকনিৰ আগত বিদ্যা

  • ”চেকনিৰ আগত বিদ্যা” কথাষাৰৰ মই ঘোৰ বিৰোধী৷
    এইটো নহয় যে মই সৰুতে বৰকৈ মাৰ খাইছিলো.........
  • ষ্টেপলাৰ

  • সৰুতে মোৰ ষ্টেপলাৰ কিনিবলৈ সাঁচতীয়া পইচা নাছিল আৰু .........
  • সোৰোপা

  • বিগত কিছুদিন ধৰি লক্ষ্য কৰি আহিছো যে বিভিন্ন মাধ্যমত আৰু কথা পাতোতে বহু অসমীয়া লোকে এই ধৰণৰ মন্তব্য কৰে যে “অসমীয়া জাতিটো সোৰোপা, এলেহুৱা....৷ .........
  • কেইটামান ক্ষুদ্ৰ অনুভৱ

  • সৰুতে চাৰ্কাচ চাওতে ভাবিছিলো যে চাৰ্কাচৰ জিমনাস্ত সকলক অলিম্পিক বা এছিয়ান গেমছলৈ পঠিয়ালে নিশ্চয় এটা দুটা পদক বুটলিব পাৰিব৷............