স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ঊনসত্তৰ- দশম খণ্ড

 

~~ বৌদ্ধিক ধদুৱা ~~

শৰ্মানী: হেৰা শুনিছানে?

শৰ্মা:  কোৱা ডাৰ্লিং৷ আজি ইমান মিঠা মাত দিছা যে কেচটো কি?

শৰ্মানী: মোৰ মাত মিঠাই, তুমিহে তিতা শুনা হ’লা আজিকালি৷ পুৰণি হ’লে সোৱাদ কমি যায় ন’?

শৰ্মা: তুমি যিহে কেটেৰা জেঙেৰা মাৰি থাকা আজিকালি মিঠা মাতষাৰ শুনিবলৈকো নোপোৱা হ’লো৷

শৰ্মানী: হেৰা, শুনানা৷ ওলোৱা সোনকালে৷

শৰ্মা: কলৈ যাবানো? আজি কাৰোবাৰ বাৰ্থডে আছে নেকি?

শৰ্মানী: উৱা, পাহৰিলা৷ আজি ধনতেৰচ নহয় জানো? ব’লা আক’ মাণিকচান্দৰ পৰা আহো৷ আজি কিবা সোণৰ বস্তু কিনিব লাগে নহয়৷

শৰ্মা: চু…..প চুপে চাপে কোৱা, বেৰৰো কাণ থাকে৷ তুমি যিমান জোৰে কৈছা গান্ধীকলনিৰ চবেই শুনিব৷

শৰ্মানী: শুনিলেই যেনিবা তাতেনো কি হ’ল? আমি নিজৰ পইচাৰেহে কিনিম কিবা৷ চুৰ কৰিব নাযাওঁ নহয়৷

শৰ্মা: নহয় ঔ৷ দেখা নাই নেকি আজি কলিতাৰ কি অৱস্থা হ’ল৷

শৰ্মানী: কি হ’লনো? গমকে নাপাওঁ নহয়৷

শৰ্মা: কি কবা! চি-ব্লকৰ কলিতাই আজি প’ষ্ট এটা দিলে ’হেপী ধনতেৰচ’ বুলি৷ বচ, এজাকমানে লগ লাগি ধুই পেলালে বুজিছা৷ ধনতেৰচ হেনো আমদানি কৰা বিজতৰীয়া উৎসৱ; আমি নিজৰটো পাহৰি আনৰবোৰ চপাই লোৱাত এক্সপাৰ্ট; আমাৰ স্বকীয়তা নাইকিয়া হৈছে; হিন্দী বলয়ে হেনো চেপি আনিছে এট্‌ চেটৰা এট্‌ চেটৰা৷ তেওঁ জন্মদিনত মমবাতি ফুৱাই কেক কটাটো ক’ৰ আমাৰ নিজা সংস্কৃতি বুলি মুখ মেলিছিলহে দুজনমানে একেবাৰে ব্যক্তিগত আক্ৰমণ আৰম্ভ কৰি দিলে৷ বেচেৰাই উপায় নাপায় একাউণ্টেই ডিএক্টিভেট কৰি দিলে৷

শৰ্মানী: এইবোৰ হিংসাকুৰীয়া মানুহ বুজিছা৷ উৎসৱ এটাত উইছ্‌ কৰিছে দায় তাতো ধৰিছে৷ নিজৰতো কিনিবলৈ ঔকাত নাই, আনে কিনা দেখিলে হিংসা কৰে৷ চিধাকৈ ক’ব নোৱাৰি সংস্কৃতিত ধৰে৷ এইকাৰণে অসমীয়া জাতিটো ধনী হ’ব নোৱাৰে কোনো কালে৷ মাৰোৱাৰীবোৰক দেখা নাই, ধনতেৰচ মনাই সোণ ৰূপ কিনি মালামাল হৈ গৈছে৷ আৰু আমাৰ ফফৌফৌ৷

শৰ্মা: আমাৰ ডি-ব্লকৰ দত্তয়ো বেয়া ধোৱন খালে আজি৷ ঘৈণীয়েকে তিলপিঠা পুৰি থকা ফ’টো এখন আপল’ড কৰি প’ষ্ট দিছিল ’হেপী কাতিবিহু’ বুলি৷ বৰানীহঁতে জকজকাই ধৰিল৷ কাতি বিহু কঙালীহে, কঙালীত জানো চেলিব্ৰেট কৰে, মাহ-প্ৰসাদহে খাব লাগে, কোনোবাদিনা কাতি বিহু বুলি হুঁচৰিকে মাৰিব দেখোন ইত্যাদিবোৰ গালে৷

শৰ্মানী: ময়ো দেখোন ঘিলাপিঠা পুৰিছো৷ কঙালী বুলি মনৰ দুখতে দেহবিচাৰৰ গীত গাব লাগিছিল নেকি?

শৰ্মা: তাকেই, চোৱাচোন৷ আমাৰ মন গৈছে আমি পিঠা খাইছো৷ তোমাৰ মন যোৱা নাই নাখাবা৷ তোমাকতো কোনেও জোৰ কৰি পিঠা পুৰিব কোৱা নাই৷ মোৰ নেজ দীঘল হৈছে মই কোঁচাই বহিম, তোমাৰ নেজ নাই মনে মনে থাকিব ভাই৷

শৰ্মানী: হয় দেই, দুদিনীয়া জীৱনটোত আছেনো কি? সৰু বৰ উৎসৱবোৰতে অলপ মাইণ্ডবোৰ ফ্ৰেছ হয়৷ নিজৰ উৎসৱ লোকৰ উৎসৱ বুলি কি কথা আছে৷ নিজৰটোও ধৰি ৰাখিছো, আনৰটোও লৈছো৷ খালী হিংসা কৰো কৰোকে থাকে৷

শৰ্মা: আৰু এটা কথা চোৱা৷ এটা সময়ত মানুহৰ বৰ অভাৱ আছিল৷ ধান নচপোৱালৈকে অনাটন নাটনি আছিল৷ সেইকাৰণে অনুষ্টুপীয়াকৈ লখিমীক আদৰি কাতি বিহু কঙালী হিচাপে পাতিছিল৷ পিছে ভাবাচোন, এটা সময়ত যেতিয়া চব অসমীয়া মানুহ ধনী হৈ যাব তেতিয়া কাতি বিহু কঙালী হৈ নাথাকিব নহয়৷ মানুহে কঙালীতো ভোগ কৰিব৷ এয়াই সময়ৰ আহ্বান, বিৱৰ্তন, ইভলুচ্যন৷

শৰ্মানী: ঠিকেই কৈছা৷ এইবোৰ কথা তেওঁলোকে বুজি নাপায়৷ কেনেকৈ লোকক ডাউন দিব পাৰে তাৰেই চেষ্টাত থাকে৷

শৰ্মা: প্ৰতিটো উৎসৱৰ সময়তে পানী ঢলা এচাম আছেহে৷ দেখিছানে নাই, দুৰ্গা পূজাৰ সময়ত বলিবিধান লৈ হৈ-চৈ, দেৱালীৰ সময়ত ফটকা-ফুলজাৰি লৈ হৈ-চৈ, ফাকুৱাৰ সময়ত হৈ-চৈ, শিৱৰাত্ৰিৰ সময়ত হৈ-চৈ৷ আপত্তিয়েই নুগুচে এইচামৰ৷

শৰ্মানী: দেৱালীত কিন্তু ফটকা ফুটুৱাটো ময়ো ভাল নাপাওঁ, টমিয়ে ইমান ভয় খায়৷

শৰ্মা: সকলো বস্তুৰে বেয়া দিশ একোটা থাকেই৷ সেইবোৰৰ ভুল আঙুলিয়াই দিয়াটো বা সেইবোৰ নিৰ্মুল কৰিব বিচৰাটো ভাল কথা৷ সেইবুলি স্থান কাল পাত্ৰ বুলি কথা এটা আছে নহয়৷ উৎসৱ এটা চলি থাকোতে নিগেটিভ কথাবোৰ কৈ মানুহক নিৰানন্দ দিয়াটো কেনেধৰণৰ ভদ্ৰতা? খাই থাকোতে যদি কোনোবাই লেতেৰা কথা কয় বা ফুচকৈ হেৰি এটা এৰি দিয়ে খাব পাৰি জানো?

শৰ্মানী: সেইটোৱে কথাটো৷ এই সমালোচনাবোৰ উংসৱৰ হয় আগত নতুবা পিছত কব লাগে৷ উৎসৱ চলি থকাৰ সময়ত বিতৰ্ক কৰি চেডিষ্টিক প্লিজাৰ এটা লৈ উৎসৱ হৈ যোৱাৰ পিছত চব পাহৰে৷

শৰ্মা: ডাৰ্লিং, আমি সৰু থাকোতে চাৰিআলিত আমাতকৈ ডাঙৰ ল’ৰা কিছুমান দেখিছিলো৷ দিনৰ দিনটো কাম বন নাই কেৱল কেৰম খেলি থাকে৷ মানুহে তেওঁলোকক ধদুৱা বুলি কৈছিল৷ এওঁলোকো একেই বুজিছা৷ কাম বন নাই ধদুৱামি কৰি থাকে৷ একধৰণৰ ’বৌদ্ধিক ধদুৱা৷’

শৰ্মানী: ধেই কিবা৷ তুমিও যে আৰু৷ ব’লা ব’লা দেৰিয়ে হ’ল৷

শৰ্মা: ৰ’বা মই কাপোৰযোৰ পিন্ধি আহো৷

১৮.১০.১৭

মতামতসমূহঃ

comments powered by Disqus