স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ভিন্নস্বাদ

 

  • ব্যতিক্ৰমী চিন্তাধাৰা, চিন্তাৰ স্বাধীনতা

  • ”হেৰা, তুমি কোৱাচোন- চাহখেতিৰ বাবে উপযুক্ত মাটিৰ PH কিমান হ’ব লাগে?”, ভূমিবিজ্ঞান বিভাগৰ অধ্যাপকগৰাকীয়ে ব্যৱহাৰিক পৰীক্ষাৰ মৌখিকত ছাত্ৰ এজনক প্ৰশ্ন এটা কৰিলে৷ ছাত্ৰজনৰ ওচৰত উত্তৰটি মজুত নাছিল কিন্তু তেওঁ তপৰাই মাত দিলে, ”চাৰ, ২০ৰ পৰা ২২ মান হ’লে ভাল হয়”৷...................
  • আহক আপোনাক হত্যা কৰো

  • আপোনাৰ অহমিকাৰ শেষ নাই
    বসন্তত সকলোৰে হৃদয়ত পলাশ ফুলিল এজাৰ ফুলিল
    কোনো স্বপ্নাতুৰৰ হৃদয়ত এজাৰে বেজাৰ আনিলে
    পিছে আপোনাৰ হৃদয়ত হেনো মদাৰৰ ফুলে সুগন্ধি বিলালে৷....................
  • শৰ্মাজ স্পেশ্যেল চিকেন

  • যোগাৰ : আধাকেজি স্থানীয় কুকুৰাৰ সৰুকৈ কটা মাংস, ডাঙৰ পিঁয়াজ চাৰিটা, কেঁচা জলকীয়া পাঁচ ছটা মান, নহৰু বিছফোট, আদাৰ মধ্যম আকৃতিৰ টুকুৰা এটা, মাহপাত/ তেজপাত দুইখিলা, ডাঙৰ ক’লা ইলাচি তিনিটা, বগা ইলাচি চাৰিটা, লং ছটা, জালুক পোন্ধৰটামান, কেপছিকাম এটা, বিলাহী এটা, চিকেন মচলা অকণমান, হালধি, মিঠাতেল, নেমু এটুকুৰা, ধনীয়াপাত৷..................
  • চৰ্দি পানীলগাৰ যম~ শৰ্মাজ চিকেন ষ্ট্যু

  • যোগাৰ : কেইটুকুৰামান স্থানীয় কুকুৰাৰ সৰুকৈ কটা মাংস, ফ্ৰেন্সবীন চাৰিটা, বিলাহী এটা, কেঁচা জলকীয়া পাঁচ ছটামান, নহৰু চাৰিফোট, আদাৰ মধ্যম আকৃতিৰ টুকুৰা এটা, জালুক পোন্ধৰটামান, ধনীয়াপাত।...............
  • ত্ৰিকালজ্ঞ কবিলৈ প্ৰত্যাহ্বান

  • হাঃ হাঃ হাঃ
    খা কবি খা
    বিষাদৰ চুপকে খা
    সোৱণশিৰি বান্ধটোকে খা
    নে ভাবিছিলি পাগলাদিয়া জনীকে প্ৰেম যাচিম বুলি
    নে ভাবিছিলি নোনা নৈৰ যৌবনৰ বলিয়া বানত উটি যাম বুলি৷.............
  • লেডি গদাইভাৰ হাঁহি

  • এটা হাঁহি শুনিলো-
    হাঁহি নহয় অট্টহাঁহি৷

    সেই হাঁহিৰ শৱদত
    উলংগ হৈ পৰিল ৰজা
    প্ৰজা হৈ পৰিল বিবস্ত্ৰ৷............
  • জিএম ডায়েট আৰু ওজন হ্ৰাস

  • স্বাস্থ্যই পৰম ধন৷ সম্পূৰ্ণ এশ শতাংশ সত্য কথা৷ পিছে কেৱল দেহটো ভালে থকাটোকেই সু স্বাস্থ্য বুজায় জানো?
    আহকচোন এবাৰ বিশ্ব স্বাস্থ্য সংস্থাই দিয়া সংজ্ঞাটো পঢ়ি চাও৷
    “Health is a state of complete physical, mental and social well-being and not merely the absence of disease or infirmity.”............
  • বিশ্বনাথ চাৰিআলিত এদিন

  • সেইখন শৰ্মা হোটেল নে কলিতা হোটেল নে চিকাৰীয়া হোটেল
    মনত নৰ’ল
    মাথোঁ মনত ৰাখিলো বিশ্বনাথ চাৰিআলিৰ পুলিচ পইণ্ট পাৰ হৈ
    দুখোজমান গৈয়ে এখন হোটেল পাব৷.........
  • তিল আৰু বিলাহীৰে ৰন্ধা কুকুৰাৰ মাংস

  • যোগাৰ : আধা কিলোগ্ৰাম ব্ৰইলাৰ কুকুৰাৰ সৰুকৈ কটা মাংস, ক’লা বা বগা তিল ডেৰ চামুচ, পকা বিলাহী পাঁচটা, কেঁচা জলকীয়া পাঁচ ছটামান, নহৰু আঠফোট, আদাৰ মধ্যম আকৃতিৰ টুকুৰা এটা, তেজপাত দুখিলা, ধনীয়াপাত।.........
  • শৰ্মাজ স্পেশ্যেল ফিছ গ্ৰেভী

  • আঠটুকুৰা ভকুৱা বা বৰালী মাছ, পকা বিলাহী পাঁচটা, মধ্যম আকৃতিৰ আলু চাৰিটা, সৰু পিঁয়াজ এটা, কেঁচা জলকীয়া পাঁচ-ছটামান, আদাৰ মধ্যম আকৃতিৰ টুকুৰা এটা, ধনীয়াপাত, ডেৰ চাহ চামোচ জিৰা গুড়ি।.........
  • ”আন্তৰ্জাতিক মাতৃভাষা দিৱস”ৰ প্ৰয়োজনীয়তা

  • প্ৰতিবছৰে ২০ ফেব্ৰুৱাৰী তাৰিখে ”আন্তৰ্জাতিক মাতৃভাষা দিৱস” পালন কৰা হয়৷ প্ৰথম দৃষ্টিত চাবলৈ গ’লে “মাতৃভাষা”ৰ কাৰণে এটা দিৱসৰ উদযাপনৰ প্ৰয়োজনীয়তা প্ৰশ্নবোধক হৈ পৰে৷
    ক) নিজৰ মাতৃভাষাৰ বহুল প্ৰচলনৰ কাৰণে এই দিৱস?
    খ) নিজৰ মাতৃভাষাৰ সংৰক্ষণৰ কাৰণে এই দিৱস?
    গ) নিজৰ মাতৃভাষাৰ স্বকীয়তাৰ স্বীকৃতিৰ কাৰণে এই দিৱস? .........
  • দুঃস্বপ্ন

  • গড্ডালিকা প্ৰৱাহত
    বুদ্ধিজীৱীৰ সমদল
    কাঁচিজোনৰ পোহৰত
    মৰীচিকাময় সপোন দেখে
    লেনিন আৰু শ্বেতলানাই৷ .........
  • কিবা কথা আছে যেন পাওঁ

  • ডাফলি বজোৱা দৰাৰে প্ৰতি--

    আৰু কিমান বজাবানো ডাফলিৰে চেঁও
    কৈছিলা দেখোন বিয়াৰ আগতে -
    আমাৰ ঘৰখন বহুত লিবাৰেল
    নালাগে যৌতুক, নুঠিবা সোনকালে
    বাঁহীচোতাল আমাৰ ঘৰত এক ডাইনোচৰ
    ”বিচনাচাদৰত ৰঙাদাগ” এক বিলুপ্ত প্ৰহেলিকা .........
  • গান শুনাৰ সময়

  • অনুগ্ৰহ কৰি শিৰোনামটি দেখি নেহাঁহিব
    অৱশ্য হঁহা নহঁহাটি আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়৷
    ইয়াত মই হকাবধা নকৰাই ভাল হ’ব
    কিয়নো ময়ো ব্যক্তি স্বাধীনতা শব্দটিৰ আজন্ম প্ৰেমিক৷ .........
  • ৰঙা চৰ্দাৰৰ মুক্তিপণ- (The Ransom of Red Chief)

  • মূল- অ' হেনৰী
    দেখোতে কথাটো ভালেই আছিল- পিছে ৰ'ব, গোটেইখিনি শুনি লওক আগেয়ে৷ অপহৰণ কৰাৰ দুৰ্বুদ্ধিটো মূৰলৈ অহাৰ সময়ত বিল ড্ৰিস্কল আৰু মই দক্ষিণফালে আছিলো, আলাবামাত৷ বিলে পিছত কোৱা মতে, সেই সময়ত হেনো আমাক কিবা ভূত নহ'লে বীৰাই লম্ভিছিল.........
  • অৱশেষত বৰষুণজাক আহিল

  • বহুদিন বৰষুণ দিয়া নাছিল
    আৰু
    সেইবাবেই মই শোৱা নাছিলো৷

    শুকান হালধীয়া পাতবোৰ গছত ওলমি ৰৈছিল
    মৃত আছিল সিহঁত৷.........
  • সৃষ্টিৰ বৰষুণ

  • মুষলধাৰ বৰষুণজাক অহা
    দিনাখনৰেই কথা৷

    খৰাং পথাৰখনে হেঁপাহেৰে
    বৰষুণজাক পি খালে.........
  • সৌন্দৰ্য চৰ্চা

  • ১) উফি কিলাৰ

    ঠাণ্ডাকালি উফিৰ উৎপাত অলপ বেছিয়েই হয়৷ পুৰুষ মহিলা সকলোৰে৷ সহজ উপায় এটা আছে ৰ’ব৷

    দুই টেবুলচামুচ হোৱাইট ভিনেগাৰ আৰু.........
  • শৰ্মাজ স্পেশ্যেল চিকেন ড্ৰাই ফ্ৰাই ৱিথ চিছেম এণ্ড চিক্‌ পি

  • যোগাৰ: সৰুকৈ কটা ব্ৰইলাৰ মুৰ্গীৰ মাংস আধাকেজি, পিয়াজ চাৰিটামান, কেচাঁ জলকীয়া চাৰিটা, নহৰু বিশফোটামান, কেঁচা মটৰ দুমুঠি, আদা মধ্যমীয়া আকাৰৰ এটুকুৰা, তিল দুমুঠি, গোটা জালুক এমুঠি, তেজপাত এখিলা, ইলাচী দুটা৷

    প্ৰস্তুতি: মাংসখিনি খুউব ভালদৰে ধুই চেপি চেপি পানী নোহোৱা কৰি ৰাখক৷ .........
  • ড্ৰাকুলাৰ অশ্ৰু

  • “ঐ, তহঁতৰ ইমাননো ভোকনে? বেঙেনা লাগিবই পোৱা নাই, পাতকেইটাকে কুটি শেষ কৰিলি৷’ পিঠিত হালধীয়া সেউজীয়া ৰঙ থকা ঘূৰণীয়া পোককেইটাক উদ্দ্যেশ্যি ড° মহন্তই ভোৰভোৰালে৷ বিল্ডিঙৰ চাদৰ ওপৰতে সৰু পাচলি বাগিচা এখন পাতিছিল৷ যোৱাবছৰেই ত্ৰিশটামান সৰু সৰু টাব, দহটামান চালানী মাছ কঢ়িওৱা থাৰ্মাকলৰ বাকচ গোটাই ব্ৰহ্মপুত্ৰৰ বালি আনি, শুকান গোৱৰ গোটাই বৰ কষ্টেৰে ভৰাই বিলাহী, বেঙেনা, জলকীয়া এসোপামান ৰুলে৷ .........
  • ছাতি বিচাৰি

  • সপোন এটা ভালদৰে
    চাম বুলি লওতেই
    উজাগৰী ৰাতি এটাই
    পোখাইছিল .........
  • শৰ্মাজ স্পেশ্যেল পানীলাওৰ পায়স

  • যোগাৰ: আমুল তাজা আধালিটাৰ, কুমলীয়া পানীলাও আধাফাল, চেনি আঠচামুচ, মাৱা আধাপোৱা, ইলাচী দুটা৷

    প্ৰস্তুতি: পানীলাওৰ বাকলি গুচাই ৰোকোনাৰে ৰুকি লওক ঠিক নাৰিকলৰ চিৰাৰ দৰে৷ বেছি মিহি কৰিলে পানী উঠি যাব৷ এতিয়া এটা চচপেন জাতীয় পাত্ৰত ঠাণ্ডা পানী লৈ তাত ৰোকা লাওখিনি দি দিয়ক৷.........
  • শৰ্মাজ স্পেশ্যেল বিলাহীৰ টক্‌

  • “অ’ পকা বিলাহী…” গানটোলৈ মনত পেলাই চাৰিটা ডাঙৰ, ভালদৰে পকা বিলাহী চাৰিফালকৈ কাটি গুটিবোৰ গুচাই ভালদৰে ধুই লওক৷ মধ্যমীয়া আকাৰৰ আদা এটুকুৰা পাতলকৈ শ্লাইচ কৰি কাটি লওক৷ কেঁচা (পকা নহয়) জলকীয়া  চাৰিটামান দীঘল দীঘলকৈ মাজেৰে ফালি লওক৷ .........
  • শৰ্মাজ স্পেশ্যেল 'ভাপত দিয়া কুকুৰাৰ মাংস + চুপ'- এক গুলীত দুই চিকাৰ


    যোগাৰ : আধা কিলোগ্ৰাম স্থানীয় বা ব্ৰইলাৰ কুকুৰাৰ সৰুকৈ কটা মাংস, কেঁচা জলকীয়া পাঁচ ছটামান, নহৰু         আঠফোট, আদাৰ ডাঙৰ আকৃতিৰ টুকুৰা এটা, গোটা জালুক ২৫-৩০টামান, ধনীয়াপাত।........
    “এইবছৰটো এনেকৈয়ে গ’ল
    অহাবছৰ কিবা এটা কৰিব লাগিব৷”

    ৰ’বচোন, এনেকুৱা সংকল্প এটা ফট্‌কৈ লৈ নল’ব৷ .........
  • আচলতে দেৰি হোৱা নাছিল

  • আপুনি ভাবি আছিল যে
    তেওঁ আপোনাৰ দুৱাৰত টুকুৰিয়াব৷

    ইফালে- .........
  • মই এক সন্ত্ৰাসবাদী কবি

  • আপোনাৰ সেউজ কোমল হৃদয়ত বিস্ফোৰণ
    ময়েই ঘটাওঁ৷

    আপোনাৰ তেজৰ ৰং নীলা বুলি ময়েই প্ৰত্যায়িত কৰিছিলো৷ .........
  • নিঃসংগতা

  • কিনকিনীয়া বৰষুণ
    অসূৰ্য্যস্পৰ্শা ধৰা৷

    (মোৰ) ছাঁজনীক লগ ধৰিলো,- ব’লা খাই আহোগৈ চানা
    বতৰ বহু ঠাণ্ডা৷.........
  • শব্দৰ স্বাধীনতা

  • ইতিমধ্যে শব্দবোৰে  বিপ্লব আৰম্ভ কৰিছিল৷
    আত্মাৰ সন্ধানত শব্দবোৰ ঢাপলি মেলিছিল৷ (হাতে হাতে আখৰৰূপী অস্ত্ৰবোৰ লৈ)

    কবিয়ে হেনো তেওঁলোকক ’ব্যৱহাৰ’ কৰিছিল
    য’তেই মন যায় তাতেই হেনো৷.........
  • পুনৰ মুচিক ভৱঃ

  • -এটা সৰুতে পঢ়া সাধুকথা৷
    -অতি প্ৰাচীন কালৰ কথা৷ এখন অৰণ্যত এজন সিদ্ধপুৰুষে একান্তমনে তপস্যা কৰি আছিল৷ এদিনাখন হঠাতে এটা নিগনি দৌৰি দৌৰি আহি সাধুৰ কোঁচত সোমালহি৷ নিগনিৰ ভয়াৰ্ত চকুহাললৈ চাই সাধুৱে সুধিলে, বাচা কি হ’ল তোৰ?.........
  • ছদ্মনামধাৰী আৰু ফেচবুকৰ ভুৱা প্ৰফাইল

  • পৃথিৱীৰ বহুতো সাহিত্যিকে ছদ্মনামেৰে লিখি খিয়াতি লভিছে৷ মাৰ্ক টোৱেন, শীলভদ্ৰ, কুমাৰ কিশোৰ, কাঞ্চন বৰুৱা, ৰংমন আদি কিছুমান আমি সততে জনা নাম৷ তেখেত সকলে কৰা সৃষ্টিৰাজি সদায়ে পাঠেয়৷
    পিছে আজি ইয়াত তেনে মহান সাহিত্যিকৰ বিষয়ে লিখিবলৈ মন মেলা নাই৷ আন এবিধ ছদ্মনামীৰ কথাহে অৱতাৰণা কৰিবলৈ বিচাৰিছো৷
    বৰ্তমান ফেচবুক, লিংকদ ইন .........