ঊনসত্তৰ
- ঊনসত্তৰ -প্ৰথম খণ্ড
- ঊনসত্তৰ -দ্বিতীয় খণ্ড
- ঊনসত্তৰ -তৃতীয় খণ্ড
- ঊনসত্তৰ -চতুৰ্থ খণ্ড
- ঊনসত্তৰ -পঞ্চম খণ্ড
- ঊনসত্তৰ -ষষ্ঠ খণ্ড
- ঊনসত্তৰ -সপ্তম খণ্ড
- ঊনসত্তৰ -অষ্টম খণ্ড
- ঊনসত্তৰ -নৱম খণ্ড
- ঊনসত্তৰ -দশম খণ্ড
শৰ্মানী : হেৰা কেমেৰাটো লৈ আহাচোন ফটাফট।
শৰ্মা : কি হ’লনো ইমানকৈ চিঞৰিছা যে? ককৰোচ ওলাইছে নেকি?
শৰ্মানী : ককৰোচ ওলোৱা নাই। টিটু পৰিলে…আঠুৰ পৰা তেজ ওলাইছে।
শৰ্মা : ৰ’বা ৰ’বা ডেটল লৈ গৈ আছো৷
শৰ্মানী : এএ… আগতে কেমেৰাটো আনা আৰু ফটো এখন ফেচবুকত আপলোড কৰা৷ আমাৰ গান্ধী কলনিৰ গ্ৰুপটোত দিবা দেই৷...................
|| বিনীদ্ৰ ৰজনী পুৱা||
গোটেই ৰাতি বিছনাত ছাটি ফুটি কৰি টোপনি নহাত অৱশেষত শৰ্মানীয়ে সাতটাবজাত বোৱাৰী পুৱাতে শয্যাত্যাগ কৰি উঠি আহিল৷ ব্ৰাছডাল হাতত লৈ অলপ ছেন্সোডেণ্ট-কে লগাই দাঁত কেইটা আলফুলে ঘঁহিব ধৰিলে৷ মুখখন ধুই উঠি বনকৰাছোৱালী মিনিক ৰঙাচাহ বনাবলৈ নিৰ্দেশ দি লেপটপটো অন কৰি ডাটাকাৰ্ডটো সংযোগ কৰি ল’লে৷ মিনিয়ে চাহ একাপ আৰু দুখন কাটা বিস্কুট দি গ’লহি। চাহকাপত শোহা এটা মাৰি মজিলাৰ ড্ৰপদাউন মেনুখনৰ পৰা ফেচবুকটো ছিলেক্ট কৰি দিলে৷ আমন জিমনকৈ গান্ধী কলনি নামৰ গোটটোত ক্লিক কৰি চকু ফুৰাব আৰম্ভ কৰিলে৷ একেবাৰে প্ৰথম প’ষ্টটোতে টিটুৰ ফ’টোখন জিলিকি আছে৷ শৰ্মানীয়ে ৰুদ্ধশ্বাসে মাউছটো তললৈ স্ক্ৰ’ল কৰিব ধৰিলে৷ হাৰৰৰে….. আশীটা লাইক আৰু তেত্ৰিছটা কমেণ্ট!!!....................
শৰ্মানী: হেৰা, টিটুৰ বাপেক। আজি শনিবাৰ। পাহৰিলা নেকি?
শৰ্মা: হেৰা টিটুৰ মাম্মী! বাপেক বুলিবলৈ লাজ পোৱা নাই। নিজেই দেখোন পুত্ৰদেৱক শিকাইছা পি এ পি এ পাপা বুলিবলৈ। হুহ্হ, ঔকাদটো ক’ত যাব। কিযে ঢেকেৰী মাল এটা বিয়া পাতিলো। কৃষ্ণ, না ইধৰ কা না উধৰ কা। না মেখেলা চাদৰ পিন্ধিব জানে না জীনচ পিন্ধাৰ ফিগাৰ আছে। পেটলী পেটলী পেটলী!!!
শৰ্মানী: আজি অফিচতে দুটাপেগ মাৰিলাযেন পাইছো? আৰু মোক যে পেটলী বুলি কৈছা তোমাৰনো ক’ত ছিক্স পেক দাল আছেহে? ছিক্সপেক নহয় ছিক্সপেগহে বনালা। পেটুৱা পেটুৱা পেটুৱা!!!! তুমিও সেই ‘চৌভিনিষ্টিক মে’ল’ হয়৷ গতিয়াই নিওতা নাই আৰু দোলাত যায়। যি বুজিলা বুজিলা আৰু।..................
~~~~~ বাংলাদেশী হুঁচৰি ~~~~~
শৰ্মানী: হেৰা, শুনিছানে?
শৰ্মা: উফফ, তুমি বৰ জোৰে চিঞৰাহে৷ নাৰীৰ মাত সৰু, কোমল, মিহি আৰু হেৰি মানে মিঠা হ’ব লাগে৷
শৰ্মানী: হৈছে এতিয়া মই মইনা চৰাইটিৰ মাত মাতিলেহে হ’ব৷ ইমানেই যদি মিঠা মাত শুনিবৰ মন আছিল গান গোৱা ছোৱালী এজনীকে বিয়া পাতিব লাগিছিল৷
শৰ্মা: মইতো বিচাৰিছিলোৱেই, পিছে ঘৰত দেখোন তোমাকহে পচণ্ড কৰিলে৷
শৰ্মানী: সেইটোৱেতো কথা৷ বোলো কথাতে কয় নহয়, ”ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে”৷ হ’ব এতিয়া তুমি মই ক’ব খোজা কথাটি হাইজেক কৰি নিব নেলাগে৷...............
~~~~~ বিহুত চাৰ্কাচ ~~~~~
শৰ্মানী: হেৰা, শুনিছানে?
শৰ্মা: শুনিছোতো৷ কোৱাচোন৷
শৰ্মানী: আজি বিহু চাবলৈ যাও ব’লা৷
শৰ্মা: বিহু!!! হেৰা ব’হাগ গ’ল, জেঠো যাওঁ যাওঁ হ’ল, আহাৰেই সোমাব এতিয়া৷ তোমাৰ বিহু শেষেই হোৱা নাইনে?
শৰ্মানী: হেৰা বিহু অসমৰ জাতীয় উৎসৱ৷ অসমীয়াৰ বাপতি সাহোন৷ বিহু গোটেই বছৰেই চলিব লাগে বিশেষকৈ এই ৰঙালী বিহুটি৷ আমিতো গান্ধী কলনিৰ মহিলা সমিতিয়ে চৰকাৰক এটা দাবী জনাও বুলিয়েই ভাবিছো যাতে ব’হাগ বিহুটি কাতি মাহ পৰাৰ আগদিনালৈকে পাতি থাকিব পৰাকৈ চৰকাৰী অনুদান দিয়ে৷
শৰ্মা: হয় হয়৷ তোমালোকৰ কিটী পাৰ্টিয়ে ক’লে চৰকাৰে কিয় নুশুনিব আলবত শুনিব৷ পিছে আজিনো ক’ত বিহু আছে আৰু আৰ্টিষ্টেই বা কোন৷ তুমিতো জানাই মই ভাল আৰ্টিষ্ট নাথাকিলে বিহু চাবলৈ নেযাও৷
শৰ্মানী : আজি তিনিআলিতে বিহু সন্মিলনী আছে৷ আৰু আৰ্টিষ্টজনো বেচ ডাঙৰেই হয়৷ এই আৰ্টিষ্টজনে হেনো গান গায়, নাচে আৰু জিমনাষ্টিকচো দেখুৱায়৷.............
~~~~~ ব্ৰেকিং নিউজ ~~~~~
এতিয়া সন্ধিয়া সাতবজাত ফিউজ লাইভে আগবঢ়াইছো আজিৰ এক্সক্লুছিভ ব্ৰেকিং নিউজ, চনচনি তেজ খবৰ!
যোৱাকালি ৰঙিয়া নিবাসী শ্ৰীবিকুল কুমাৰ শৰ্মাৰ পাকঘৰৰ পিছফালৰ শাকনিডৰাত এটা প্ৰকাণ্ড আনাক’ণ্ডা সাপৰ পোৱালিৰ আৱিৰ্ভাব ঘটে৷ লগে লগে বাতৰিটো চৌদিশে ইণ্ডোনেছিয়াৰ বনজুইৰ বিয়পি পৰাত শৰ্মাৰ ঘৰত লোকে লোকাৰণ্য হয় আৰু কেউপিনে বিৰ দি বাট নোপোৱা অৱস্থা হয়৷ অসমত ক’তো দেখিবলৈ নোপোৱা আনাক’ণ্ডা সাপৰ পোৱালিটো চাবলৈ সচেতন ৰাইজৰ লগতে সংবাদকৰ্মীসকলে ভিৰ কৰে শৰ্মাৰ ঘৰত৷ পুনৰ কৈছো, অগণন লোকৰ ভিৰ ঘটে শৰ্মাৰ ঘৰত৷ ............
~~~~ফেকিং নিউজ~~~~
সদ্যচলিত বিশ্বকাপ ফুটবলত প্ৰতিপক্ষ দলৰ খেলুৱৈক দাঁতেৰে কামোৰাৰ অপৰাধত বহিস্কৃত হোৱা উৰুগুৱেৰ স্বনামধন্য অনাতাঁৰ শিল্পী; ক্ষমা কৰিব স্বনামধন্য ফুটবল খেলুৱৈ মুৱাৰেজে আজি অতি গোপনভাৱে ভাৰতৰ ”বান্দৰীক সুন্দৰী কৰা দেৱী” মেহনাজ হুছেইনক লগ ধৰে৷
এক ৰুদ্ধদ্বাৰ বৈঠকত তেখেতে হুছেইন ডাঙৰীয়ানীৰ পৰা হাতৰ নখ কেনেদৰে দীঘল কৰিব পাৰি তাৰ পৰামৰ্শ বিচাৰে৷ দাঁতেৰে কামুৰি সান্দহ খোৱা বালি তল যোৱা হেতুকে তেখেতে নখেৰে আঁচোৰাৰ দৰে অভিনৱ প্ৰাকৃতিক, হাৰ্বেল পদ্ধতিৰ আশ্ৰয় লোৱাত হুছেইন মহাশয়াই অতি আহ্লাদিত হৈ মুৱাৰেজক তপৰ তপৰকৈ দুগালত দুটা চুমা খাই দিয়ে আৰু তেখেতৰ নিজৰ ক’ম্পেনীৰ প্ৰডাকশ্যন ”মা-মেহেন্দি পট্টা” নামৰ দৰৱবিধৰ সাতটা ফ্ৰি ছেম্পল দিয়ে৷.........
~~~জৈৱিক খেতি~~~
অসমৰ কৃষিমন্ত্ৰী কিছু চিন্তিত হৈ ইফালে সিফালে পায়চাৰি কৰি আছে৷ একোবাৰ হাত দুখন মুঠি মাৰে আৰু খুলি দিয়ে৷ এপাকত তেওঁ গৈ টেলিফ’ন ৰিচিভাৰটো উঠাই নম্বৰ এটা ডায়েল কৰিলে ...
কৃষিমন্ত্ৰী: হেল্লো .....
মুখ্য বিজ্ঞানী: হেল্লো .... ড° ঠাকুৰ স্পীকিং... কোনে কৈছে?
~~~~~নাৰীমুক্তি~~~~~
শৰ্মা: হেৰা ডাৰ্লিং৷ এনেকৈ জুপুকা মাৰি আছা যে? মূৰ বিষাইছে নেকি? অলপ ভিক্স লগাই পিটিকি দিওঁ?
শৰ্মানী: মূৰ নহয়হে, ভৰি দুখনহে বৰ বিষাইছে৷
শৰ্মা: হেৰা, অলপ সৰু সৰুকৈ কোৱাচোন৷ বেৰৰো কাণ থাকে নহয়৷
শৰ্মানী: আচলতে আজি আমাৰ গান্ধীকলনি মহিলা সমিতিৰ কামত বহুত খোজকঢ়া হ’ল৷ আম্ চ’ টায়াৰ্ড৷
শৰ্মা: ঔকেই৷ কিবা পাতিছে নেকি তোমাৰ কিটিপাৰ্টিয়ে?.......
~~~~~বৌদ্ধিক ধদুৱা~~~~~
শৰ্মানী: হেৰা শুনিছানে?
শৰ্মা: কোৱা ডাৰ্লিং৷ আজি ইমান মিঠা মাত দিছা যে কেচটো কি?
শৰ্মানী: মোৰ মাত মিঠাই, তুমিহে তিতা শুনা হ’লা আজিকালি৷ পুৰণি হ’লে সোৱাদ কমি যায় ন’?
শৰ্মা: তুমি যিহে কেটেৰা জেঙেৰা মাৰি থাকা আজিকালি মিঠা মাতষাৰ শুনিবলৈকো নোপোৱা হ’লো৷
শৰ্মানী: হেৰা, শুনানা৷ ওলোৱা সোনকালে৷
শৰ্মা: কলৈ যাবানো? আজি কাৰোবাৰ বাৰ্থডে আছে নেকি?.......
- ঊনসত্তৰ -একাদশ খণ্ড
- ঊনসত্তৰ -দ্বাদশ খণ্ড
~~~~~গাড়ীলোৱা~~~~~
শৰ্মা- হেৰা শুনিছানে?
শৰ্মানী- ৰ’বাহে, ইমান জোৰে নিচিঞৰিলেও হয়৷ টিটুক পঢ়াই আছো৷
শৰ্মা- আসঃ, ভাল খবৰ এটা লৈ আনিছো তুমি আকৌ খঙেই কৰি দিলা৷
শৰ্মানী- উৱা কি ভাল খবৰ ডাৰ্লিং? কোৱানা কোৱানা৷ পিলিজ৷
শৰ্মা- আজি গাড়ীৰ ডিলাৰৰ পৰা ফ’ন কৰিছিল৷ আমাৰ গাড়ী আহি গৈছে দুদিন পিছতে ডেলিভাৰি ল’ব পাৰিম৷
শৰ্মানী- উহ্ ৰক্ষা দেই৷ তিনিমাহ ৰৈ ৰৈ আজিহে মনটো ভাল লাগিছে৷ .......
~~~~~জিন থেৰাপী~~~~~
শৰ্মানী: হেৰা শুনিছানে?
শৰ্মা: উৱা, ইমানকৈ কেলেই চিঞৰিছানো? ওচৰতেই আছো৷ মই কলা হোৱা নাইতো৷
শৰ্মানী: উহঃ, খংনো কেলেই কৰিব লাগে৷ তুমি মোক ভালেই নোপোৱা আজিকালি, তুমি মোক দেখিবই নোৱাৰা হ’লা৷ কিবা এটা ক’লেই খালী খং খং আৰু খং৷ পেএএএএএএ
শৰ্মা: উহঃ, ৰ’বাচোন নাকান্দিবা৷ কিবা এটা ক’লেই তুমি কান্দি দিয়া৷ .......
- ঊনসত্তৰ -ত্ৰয়োদশ খণ্ড
~~~~~পূজাৰ কাপোৰ~~~~~
’পূজাত কি কাপোৰ দিলে ঔ তোমালোকক?’, কচুৰী এটা মুখত সুমুৱাই জিলাপী এখনত কামোৰ মাৰি শৰ্মানীয়ে বোমাটো ফুটালে৷
’নিদিলে মোক৷ মাইনাক পালাজ’ আমাজনৰ পৰা পঠাই দিলে৷ মোৰ হেনো গডৰেজ ঠাহ খাই আছে৷’, দত্তনীয়ে শব্দকেইটা এটা এটাকৈ উচ্চাৰণ কৰিলে৷ উপস্থিত এওঁৰ মুখখনলৈ চালে জাতি ধৰ্ম লিংগ নিৰ্বিশেষে সকলোৰে এটাই কথা মনলৈ আহিব- ’ফুলালুচী’ নামৰ কবিতাটো চাগে পাতাল কুমাৰে এওঁক চায়ে অনুপ্ৰেৰিত হৈ লিখিছিল৷.......
- ঊনসত্তৰ - চতুৰ্দশ খণ্ড
~~~~~চিলিম ফিগাৰ~~~~~
শৰ্মানী: হেৰা শুনিছানে? গাটো ধুই লোৱা যোৱা৷
শৰ্মা: হেৰা, পুৱাই ধুই গৈছিলোঁ দেখোন, এতিয়া এই সন্ধিয়া আকৌ কেলেই ধুমহে?
শৰ্মানী: হেৰা, আজি ভাগৱতীৰ ঘৰত এছএনপি নাই জানো, এনেকে যাবানে?
শৰ্মা: কি এছএনপি? কিহৰ এছএনপি? মই একো বুজা নাই৷
শৰ্মানী: উৱা, এছএনপি মানে সত্যনাৰায়ণ পূজা আক’৷.......
- ঊনসত্তৰ - পঞ্চদশ খণ্ড
~~~~~শিখণ্ডী~~~~~
খোজকঢ়া ভাল৷ খৰ খৰকৈ প্ৰায় পঞ্চল্লিছ মিনিট সময় খোজকাঢ়িব লাগে৷ সদায় নালাগে৷ সপ্তাহত পাঁচদিন কাঢ়িলেই হয়৷ শাৰীৰিক শ্ৰম নকৰা মানুহে খোজ কাঢ়িব লাগে৷ তেজৰ চলাচল ভাল হয়, হৃৎপিণ্ডৰ সক্ৰিয়তা বাঢ়ে, ষ্টেমিনা বাঢ়ে৷
মূলতঃ এইখিনি কথা পঢ়ি হজম কৰিছিল ড° মহন্তই৷ তাৰ ফলস্বৰূপে আজি আমি তেওঁক দেখিবলৈ পাইছোঁ তলমূৰকৈ গুজুং গুজুংকৈ খোজ কাঢ়ি থকা৷ ওপৰমুৱাকৈ চাই খোজকঢ়া তেওঁ সেই তেতিয়াই বাদ দিলে যেতিয়াই চিনাকি মানুহে সোধা কৰিলে- ছাৰ ফুৰিছে? ছাৰ চুগাৰে পালে নেকি? ছাৰ ক’ৰবাত যায় নেকি, মই থৈ আহিম আহক; অ’ মহন্ত ছাৰ খোজকাঢ়ি পইছা বচাইছে, কি কৰিব ইমান টকা?
উফঃ, মানুহৰ পৰা ৰক্ষা নাই৷ হেৰৌ, মই খোজকাঢ়িছোঁ স্বাস্থ্য ভালে ৰাখিবলৈ৷.......
- ঊনসত্তৰ - ষোড়শ খণ্ড
~~~~~চেল্ফি কবিতা~~~~~
শৰ্মানী: হেৰা! শুনিছানে?
শৰ্মা: শুনিছোঁ ডাৰ্লিং৷ মইতো শুনিবলৈকে জীয়াই আছোঁ৷
শৰ্মানী: হুহ্ কাট মাৰিব নালাগে৷ তুমি মান ইজ্জত খেদাই দিবাহে৷
শৰ্মা: কিয় কি কৰিলোনো মই? কাৰোবাক মাৰ্ডাৰেই কৰিলোনে হত্যাই কৰিলোঁ যেনেকৈ তুমি বেবাই... আই মিন চিঞৰিছা৷
শৰ্মানী: কি কৰিলা মানে? তোমাক ভট্টৰ গাইজনীৰ লগত ফটো উঠি ’চেল্ফি উইথ হাম্বা গৰু’.......
- ঊনসত্তৰ - সপ্তদশ খণ্ড
~~~~~ভূমিকম্প~~~~~
শৰ্মানী: হৌৰা, কলমতিয়াই থাকিব নালাগে, উঠা৷ নটা বাজিল৷
শৰ্মা: উফ্ ৰ’বাচোন৷ দেওবাৰ বুলিতো অলপ শুবলৈ দিয়া৷ আৰু তোমাৰ এই দুঘণ্টা বঢ়াই কোৱাটো বন্ধ কৰাচোন৷ সাতটা বাজিছেহে৷
শৰ্মানী: তুমি বৰ কানীয়া দেই৷ উঠা উঠা৷ চাহ ৰেডি হৈ আছে৷ মুখ ধুই, চাহ খাই আপডেটটো দিয়া সোনকালে৷
শৰ্মা: কিহৰ আপডেট ঔ? ভূমিকম্প আহিলে নেকি আজিও?.......
- ঊনসত্তৰ - অষ্টাদশ খণ্ড
~~~~~ব্যাকৰণ~~~~~
টিটু- মম, লান্সত কি দিছা এইবোৰ? ডালিয়া! তাকো নিমখ দি৷ তুমি জানাই দেখোন মই নিমখীয়া বস্তু বেয়া পাওঁ৷ ফিৰ ভী নিমখসোপা ঢালি দিছা৷ ঘৰত কি চেনি নাছিল নেকি?
শৰ্মানী- আসঃ, ইমান চুগাৰ খোৱা ভাল নহয় ঔ সোণটো৷ তাতে তই দেখোন জানমণি আৰু সোণমণিৰ লগত চেনি খায়েই থাক৷ সেইকাৰণে সামান্য নিমখ দি দিছোঁ৷
টিটু- মম, কিনো মিছা এলিগেছনবোৰ লগাই আছা? জানমণি আৰু সোণমণি মোৰ জাষ্ট্ ফ্ৰেইণ্ড৷
শৰ্মানী- হ’ব বোপাই৷ একো মিছা এলিগেছন লগোৱা নাই৷ যোৱা শনিবাৰে পাৰ্কত জানমণিক কিয় কিছ্ খাই আছিলি ইমানেই জাষ্ট ফ্ৰেইণ্ড যদি? .......
- ঊনসত্তৰ - ঊনবিংশ খণ্ড
~~~~~ৰিজাল্ট~~~~~
শৰ্মানী: হেৰা, ইমানসোপা গুলাবজামুন কাৰ কাৰণে আনিছাহে?
শৰ্মা: কাৰ কাৰণে মানে? মানুহসোপা নাহিব নেকি? সুদা চাহ দিবা? নে মালপোৱা, পাপৰ খুৱাবা? আজিকালি মালপোৱা পাপৰ কোনেও নুখুৱায় বুজিছা৷ এট্ লিষ্ট্ বগা ৰসগোল্লা এটা হ’লেও খুৱায়৷
শৰ্মানী: উসঃ, ৰ’বাচোন৷ মালপোৱা নহ’লেও লুচী খুৱাব পাৰি ন’?
শৰ্মা: হৈছে যোৱা তুমি যিহে লুচী খুৱাবা! কোনে খাব তোমাৰ অবিভক্ত কামৰূপ জিলা .......
- ঊনসত্তৰ - বিংশ খণ্ড
~~~~~ফালেঙি সাহিত্যিক~~~~~
শৰ্মানী: হেৰা
উঠা৷
শৰ্মা: উম৷
শৰ্মানী: কি উম?
শৰ্মা: আৰু শুম৷
শৰ্মানী: আৰু শুব নালাগে৷ দহটা বাজিল৷
শৰ্মা: তোমাৰ এই এঘণ্টা আগবঢ়াই কোৱা ছিষ্টেমটো এৰা দেই৷ চাহবাগান পাইছা নেকি? দেউতাৰাৰ জলকীয়াৰ বাগানহে আছিল৷ আৰু তুমি হ’লা এটি.......
শৰ্মা: উম৷
শৰ্মানী: কি উম?
শৰ্মা: আৰু শুম৷
শৰ্মানী: আৰু শুব নালাগে৷ দহটা বাজিল৷
শৰ্মা: তোমাৰ এই এঘণ্টা আগবঢ়াই কোৱা ছিষ্টেমটো এৰা দেই৷ চাহবাগান পাইছা নেকি? দেউতাৰাৰ জলকীয়াৰ বাগানহে আছিল৷ আৰু তুমি হ’লা এটি.......
- ঊনসত্তৰ - একবিংশ খণ্ড
~~~~~ভেক্চিন্~~~~~
শৰ্মানী: হেৰা শুনিছানে?
শৰ্মা: মই কলা হোৱা নাইতো! যিমান জোৰে চিঞৰিছা আমেৰিকাতো তোমাৰ মাত শুনিবগৈ৷
শৰ্মানী: হ’ব পেংলাই কৰিব নালাগে৷ আমাৰ আকৌ ফাহা-ফুহা মেল কৰাৰ অভ্যাস নাই নহয় তোমাৰ কলিতানীৰ দৰে; যি কওঁ ডাঙৰকৈ কওঁ৷
শৰ্মা: হৌৰা তুমি হাম্বা গৰুৰ দৰে চিঞৰাৰ বাবেহে ক’লোঁ তেনেকৈ৷ আৰু ইয়াত কলিতানী ক’ৰ পৰা আহিলনো? আৰু তোমাৰ কলিতানী বুলিনো কেলেই ক’লা? তুমি জানাই দেখোন মই আজিকালি খোজকাঢ়িলেও দুবৰি বনত লাগি থকা নিয়ঁৰৰ টোপালবোৰহে চাই চাই যাওঁ.......