স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

কম্পিউটাৰ আৰু ম’বাইলত অসমীয়া লিখিবলৈ কেইটামান সহায়

 

এটা সময় আছিল যেতিয়া কম্পিউটাৰ বা ম’বাইলত অসমীয়া লিখাটো দূৰৰে কথা দেখা পোৱাটোও জটিল আছিল৷ পিছে সেই দিন আৰু নাই৷ এতিয়া প্ৰায় সকলো ধৰণৰ ডেস্কটপ বা লেপটপ কম্পিউটাৰ য’ত বিভিন্ন ধৰণৰ অপাৰেটিং ছিষ্টেম ব্যৱহৃত হয় যেনে, মাইক্ৰ’ছফ্ট ৱিণ্ড’জ, লিনাক্স, এপল মেকিণ্ট’ছ, সকলোতে অতি সহজতে কিছুমান সঁজুলিৰ সহায়ত অসমীয়া লিখিব পৰা হৈছে৷ তদুপৰি সম্প্ৰতি বজাৰত উপলব্ধ বিভিন্ন ম’বাইল আৰু টেবলেটবোৰতো (মূলতঃ এণ্ড্ৰইড, আইফ’ন/ আইপেড আৰু ৱিণ্ড’জ ফ’ন) অসমীয়া লিখিবলৈ সঁজুলি সহজে উপলব্ধ৷

অসমীয়া লিখিবলৈ ব্যৱহাৰ কৰা লিখন সঁজুলিবোৰৰ উপৰিও অন্যান্য আনুষংগিক প্ৰয়োজনীয় আহিলা যেনে, অভিধান, প্লাগ্-ইন, ফণ্ট আদিও নিৰ্মিত হৈছে বিগত কিছুবছৰত৷

তলত তেনেকুৱা কিছুমান লিখন সঁজুলি আৰু আহিলাৰ নাম ডাউনল’ড লিংকৰ সৈতে দিয়া হ’ল৷ যদিও বজাৰত বহুতো সঁজুলি আছে, তলৰ তালিকাখন কৰোতে মূলতঃ সেইবোৰ সঁজুলি বাচি লোৱা হৈছে যিবোৰ সম্পূৰ্ণ বিনামূলীয়া আৰু অসমীয়া নিৰ্মাতাই সাজি উলিওৱা৷

★★★★



অসমীয়াত টাইপিং অভ্যাসৰ বাবে তলত দিয়া বাক্যটি লিখি উলিয়াইছিলো৷ এই বাক্যটিত অসমীয়া বৰ্ণমালাৰ সকলোবোৰ বৰ্ণ আৰু চিহ্ন আছে৷ লিখন সঁজুলি ইনষ্টল কৰাৰ পিছত হাত পকা কৰিবলৈ এই বাক্যটো দুবাৰমান টাইপ কৰি চাব পাৰে৷

“দিনত ইচ্‌কুলত কৰা উৎপাতৰ বাবে হেডছাৰৰ ওচৰত ক্ষমা বিচাৰি ঘৰলৈ ঘূৰি অহাৰ পাছত ৰংমনে মাকে ৰান্ধি বাঢ়ি দিয়া ঔ টেঙা আৰু ৰৌমাছৰ জোলৰ ব্যঞ্জনেৰে অন্নাসুৰ ধ্বংস কৰিবলৈ মজিয়াত ঢাৰি পাৰি বহিছিলহে মাত্ৰ, এনেতে ফেঁটীসাপ এডাল ঠিক সন্মুখতে দেখি থিয়জাঁপ এটা মাৰি ভৈয়াই খালে ঐ উসঃ, বুলি চিঞৰ এটা মাৰি সি বিস্ময় পঢ়ি দাড়ি খুৰাই থকা ঋষি ৺অগ্নিশৰ্মাক মাতিবলৈ লৱৰি গ’ল যদিও চোতালৰ ঈশান কোণত ঊনৈশ বছৰীয়া মৃগাক্ষীয়ে ঝুমুৰ নাচি থকা দেখি লাজতে উভতি আহিল৷”


    ★ডেস্কটপ/লেপটপ কম্পিউটাৰৰ বাবে★


  • Microsoft Windows বাবে কী-ব’ৰ্ড 

         লাচিত কী-ব’ৰ্ড

      Download

     নিৰ্মাতা: মৃদুল কুমাৰ শৰ্মা
___________________________________________________________________
                                   

  • Apple iMac বা Macbook ৰ বাবে কী-ব’ৰ্ড
    Apple
                                Logo লাচিত (Lachit) 2.0

  • Download


    নিৰ্মাতা: মৃদুল কুমাৰ শৰ্মা
                                       
    ___________________________________________________________________                   


  • Lachit SpellChecker

     Download

নিৰ্মাতা: ড° ভগৎলাল দত্ত, সূৰ্য্য বৰা, প্ৰাণজিত ভৰালী আৰু মৃদুল কুমাৰ শৰ্মা

এই ছফ্টৱেৰটোৱে লেখা এটাত থাকিব পৰা বঙালী ৰ, যতি চিহ্নৰ ভুল, ণত্ব বিধি ষত্ব বিধিৰ ভুল, খাপ নোখোৱা   যুক্তাক্ষৰ, নিৰ্দেশাত্মক প্ৰত্যয় আৰু ১৫০০ তকৈয়ো অধিক সততে ভুল হোৱা শব্দ এবাৰতে শুদ্ধ কৰি দিয়ে৷

এই ফাইলটো ডাউনল’ড কৰাৰ পিছত আনজিপ কৰি ডেস্কটপত ছেইভ কৰি ল’ব৷ ছেনিটাইজ কৰিব বিচৰা ফাইলটো Text file (.txt) হ’ব লাগিব৷ docx ফাইল থাকিলে তাৰ ভিতৰৰ লেখাখিনি কপি কৰি এটা টেক্সট্‌ ফাইলত encoding UTF-8 কৰি ছেইভ কৰি ল’ব৷

এই সঁজুলিটো অনলাইন ব্যৱহাৰ কৰিবলৈ ব্ৰাউজাৰত তলৰ লিংকটো টাইপ কৰিব৷
Lachit SpellChecker


  • অসমীয়া যুক্তাক্ষৰসমূহৰ গঠন আৰু উদাহৰণ

      সংকলক: বৰ্ণালী হাজৰিকা


     Download pdf file


    

    ★ম’বাইল আৰু টেবলেটৰ বাবে★


  • Android ম’বাইলৰ বাবে কী-ব’ৰ্ড

  • লাচিত  মাল্টিলিংগুৱেল কী-ব’ৰ্ড (Lachit Multilingual Keyboard)

    উপলব্ধ স্থান: Google Play Store | Search Keywords: Lachit, Assamese keyboard, Assamese

    নিৰ্মাতা: মৃদুল কুমাৰ শৰ্মা

    লাচিত বৰ্ণাশুদ্ধি নিবাৰক (Lachit SpellChecker)

    এই সঁজুলিটোত লিখি বা অইন ঠাইত লিখা লেখা কপি কৰি আনি বানান শুদ্ধ কৰিব পাৰি৷

    উপলব্ধ স্থান: Google Play Store

    নিৰ্মাতা: মৃদুল কুমাৰ শৰ্মা

  • iPhone/ iPad ৰ বাবে কী-ব’ৰ্ড
  • লাচিত (Lachit Assamese)

    নিৰ্মাতা: মৃদুল কুমাৰ শৰ্মা আৰু অমৰজ্যোতি ডেকা

    এই এপ্‌টি Apple App Store ৰ পৰা বিনামূলীয়াকৈ ডাউনল’ড কৰিব পাৰিব৷ App Store ত গৈ Lachit বা Assamese keyboard বুলি সন্ধান কৰিলেই বিচাৰি পাব৷

    Privacy Policy of Lachit Assamese




    ★ব্ৰাউজাৰ প্লাগ্-ইন★



  • Mozilla Firefox, Thunderbird ৰ বাবে বানান পৰীক্ষক প্লাগ্‌-ইন

  • লাচিত (Lachit)

    ডাউনল’ড কৰক

    নিৰ্মাতা: ভাষা সাহিত্য সন্মিলনী, অসমৰ হৈ বিতোপন দাস৷ সহযোগী: মৃদুল কুমাৰ শৰ্মা

  • Google Chrome ৰ বাবে শব্দৰ স্বয়ংক্ৰিয় পৰামৰ্শদাতা প্লাগ্‌-ইন

  • চিলাৰায় (Chilarai)

    ডাউনল’ড কৰক

    নিৰ্মাতা: ভাষা সাহিত্য সন্মিলনী, অসমৰ হৈ বিতোপন দাস৷ সহযোগী: মৃদুল কুমাৰ শৰ্মা


    ★অভিধান★


  • খ) অফলাইন অভিধান
  • ::ডেস্কটপ/ লেপটপ কম্পিউটাৰৰ বাবে::

    শব্দ অভিধান (Xobdo Dictionary)

    ::ম’বাইল বা টেবলেটৰ বাবে::

    ১)   অসমী (Axomi)

    এই অভিধানখন Google Android, Apple iOS আৰু Microsoft Windows Phone সকলোৰে বাবে উপলব্ধ৷ উপলব্ধ স্থান যথাক্ৰমে- Play Store, App Store আৰু Windows Phone Store

    ২)   শব্দ অভিধান (Xobdo Dictionary)

    এই অভিধানখন Android ৰ বাবে উপলব্ধ আৰু ইয়াক Google Play Store ত পাব


মতামতসমূহঃ

comments powered by Disqus