অনুভৱ আৰু অভিজ্ঞতা
- ডুখৰীয়া অনুভৱ
- ধূম্ৰপান ত্যাগ কৰো আহক
- সামাজিক দ্বায়িত্ব
- কঁঠলুৱা অনুভৱ
- দ্বায়িত্ব কাৰ?
- সাপৰ খোঁট
- নিষিদ্ধ স্বাদ
- সক্ৰিয় ৰাজনীতিত শিক্ষকৰ অংশগ্ৰহণ বন্ধ হওক
- অবিনয়ী শুভেচ্ছা
- হৃদয়বিদাৰক ফ’টোৰ প্ৰচলন
- সব্যসাচী
- চেকনিৰ আগত বিদ্যা
- ষ্টেপলাৰ
- সোৰোপা
- কেইটামান ক্ষুদ্ৰ অনুভৱ
ক) ফ’নকল কিয় উপেক্ষা কৰিব নালাগে:
২০০৬ চনৰ কথা৷ তেতিয়া আইচিআইচিআই লম্বাৰ্ড জেনেৰেল ইন্সিউৰেন্স ক’ম্পেনীত চাকৰি কৰি আছো৷ গুৱাহাটীস্থিত এক ডাঙৰ নিৰ্মাণকাৰী সংস্থাৰ পৰা তেওঁলোকৰ সকলোবোৰ গাড়ী তথা মেচিনৰ বীমা কৰাৰ কাম এটা বহু যুদ্ধ কৰি আদায় কৰিলো৷ তেখেতসকলৰ বীমাৰ কামখিনি চোৱাচিতা কৰা অনিলজীৰ লগতো এটা খুউব ভাল সম্পৰ্ক স্থাপিত হ’ল৷..................
ধূম্ৰপান একধৰণৰ শাৰিৰীক তথা মানসিক নিচা৷ অৱসাদ, দুঃচিন্তা, খং, ভয়, কামৰ চাপ, উদ্বিগ্নতা, নিঃসংগতা আদিয়েই হ’ল বেছিভাগ ধুম্ৰপায়ীয়ে ধূম্ৰপান কৰাৰ মূখ্য কাৰণ৷ কোনো এটা বেয়া দিনত এজন ধুম্ৰপায়ীৰ বাবে চিগাৰেট কেইটাই একমাত্ৰ বন্ধু হৈ পৰে৷ ধুম্ৰপানে উপৰ্যুক্ত কাৰক সমূহৰ পৰা ক্ষন্তেকীয়া উপশম ঘটাব পাৰে বুলি বেছিভাগ ধুম্ৰপায়ীয়ে স্বীকাৰ কৰে৷̀....................
ক) ২০০১ চনত এচিএছ পৰীক্ষা দিয়াৰ সময়ত কেৰেক্টাৰ চাৰটিফিকেট এখন দৰকাৰ হ’ল৷ SDO(civil) কাৰ্যালয়ৰ এজনে এটা ফৰ্মেট দিলে আৰু সেইটো এখন কাগজত টাইপ কৰাই আনিবলৈ ক’লে৷ ওচৰতে কেইবাজনো লোক সন্মুখত টাইপ ৰাইটাৰ লৈ বহি আছিল৷ তাৰে এজনৰ ওচৰলৈ গ’লো আৰু মেটাৰটো টাইপ কৰিবলৈ দিলো৷ প্ৰথমবাৰ দুটা ভুল হোৱা বাবে তেখেতে পুনৰ নতুনকৈ কৰিলে৷ শুদ্ধ কপিটো লৈ সুধিলো কি দিব লাগিব এতিয়া৷ তেখেতে ক’লে একো নালাগে৷..................
কঁঠাল দেখিলে বা কঁঠালৰ কথা ভাবিলে এই কথাকেইটা পলকতে মোৰ মনলৈ আহি যায়৷
কঁঠাল খাই ভালো লাগে বেয়াও লাগে৷ বেয়া এইকাৰণে লাগে ভাল লাগি বেছিকৈ খাই দিয়াৰ পিছত পেটটো গেলৌ গেথৌ কৰে৷ সৰুতে লোভত পৰি একেবহাতে বিছ ত্ৰিশ কোঁহ খাই দিয়াৰ পিছত পেটটো এনেকৈ টানি ধৰিছিল যে, ডাঙৰ ভেকুলী এটা গিলি লৰচৰ কৰিব নোৱাৰা হোৱা সাপ এটাৰ দৰে বহুসময় বিচনাত পৰি থাকিছিলো৷...............
আজি (২০ জুলাই, ২০১৩) নাহৰলাগুন অসামৰিক চিকিৎসালয়ত এগৰাকী ৰোগীক ৰক্তদান কৰিবলৈ গৈছিলো৷ এবাৰ বাথৰুমলৈ যাব লগা হওতে যিটো পূতিগন্ধময় বীভৎস পৰিবেশ দেখিলো ওকালি আহি গ’ল৷ ইফালে আৰু ঠায়ে ঠায়ে লিখি থোৱা আছে, ”এইখন আপোনাৰ চিকিৎসালয়, অনুগ্ৰহ কৰি ইয়াক পৰিস্কাৰ কৰি ৰাখিব”৷
হয় এইখন আমাৰে চিকিৎসালয় মানি লৈছো৷ পিছে আমি ইয়াক লেতেৰা নকৰাকৈ থাকিব পাৰো কিন্তু চফা কেনেকৈ কৰিম?..........
এয়া বহুবছৰ আগৰ কথা৷ মই তেতিয়া পঞ্চম শ্ৰেণীত৷ সেই দিনটো আছিল বিশ্বকৰ্মা পূজাৰ ঠিক আগদিনা৷ সন্ধিয়া ওচৰৰে যাদব দাদা আহিল আৰু খবৰ দিলে যে ওচৰৰ সুলভ মূল্যৰ দোকানত (য’ৰ পৰা আমাৰ ঘৰৰ যাৱতীয় বস্তুবোৰ কিনা হয়) কণ্ট্ৰ’লৰ চেনি আহিছে৷ তেতিয়া দেউতা অফিচৰ পৰা ঘৰলৈ আহি পোৱা নাছিল কাৰণে মায়ে তেওঁকে পাছিলে চেনিখিনি আনি দিবলৈ৷ এই চেগতে ময়ো ওলালো এপাক ফুৰিয়েই আহো বুলি৷ ............
ল’ৰাই হওক বুঢ়াই হওক, নিষিদ্ধ বস্তুৰ প্ৰতি আকৰ্ষণ সকলোৰে থাকে যেন পাওঁ৷ সৰুতে বিস্ময়, ৰঞ্জু হাজৰিকাৰ উপন্যাস আদি আমাৰ বাবে নিষিদ্ধ আছিল৷ মানে পঢ়িবলৈ মানা আছিল৷ পিছে যিমানে মানা নকৰক, য’তেই লুকাই নথওক কিয়, যেনেকৈ হ’লেও বিচাৰি উলিয়াই পঢ়িছিলোৱেই৷ আনকি পাঠ্যপুথিৰ তলত লুকুৱাই হ’লেও পঢ়িছিলো৷ .........
সাম্প্ৰতিক সময়ৰ কদৰ্য্যময় ৰাজনৈতিক বাতাৱৰণ দেখি প্ৰায়ে বিভিন্ন মহলত উচ্চাৰিত হয় যে ৰাজনীতিত ভাল, প্ৰতিভাশালী মানুহ আহিব লাগে৷ যুৱক-যুৱতীসকল ৰাজনীতিৰ প্ৰতি আগ্ৰহী হ’ব লাগে ইত্যাদি৷ .........
সৰুতে বহুত কিতাপ পঢ়া হৈছিল৷ বেলেগ বেলেগ কিতাপৰ বেলেগ বেলেগ ধৰণৰ আখৰ৷ গোটেইবোৰৰ ভিতৰত দস্যু ভাস্কৰৰ আখৰবোৰত কিবা এটা অনামী শিহৰণ লুকাই আছিল৷ লগতে বেটুপাততো৷ আখৰবোৰতে যেন কিবা এটা ৰহস্য বিচাৰি পাইছিলো, কল্পনা কৰিছিলো কাহিনীৰ কথাবোৰ এখন ছবি হিচাপে৷ .........
আজিৰ পৰা কেইবছৰমানৰ আগৰ কথা৷ ২০০৬-০৭ মান হ’ব৷ এদিন ফাঁচীবজাৰৰ জেইলখনৰ ওচৰত প্ৰচণ্ড বোমা বিস্ফোৰণ এটা হ’ল৷ বিস্ফোৰণৰ প্ৰাবল্য ইমানেই আছিল যে এখনৰ ৰিক্সাৰ ওপৰত বহি থকা চালকজনৰ মূৰটোৱেই ছিঙি পৰিল৷ আৰু বহুতো লোক হতাহত হ’ল৷ .........
অৰ্জুনে দুয়োখন হাতেৰে সমানে শৰ মাৰিব পাৰিছিল আৰু সেই কাৰণে তেখেত সব্যসাচী বুলি প্ৰখ্যাত৷ তাৰমানে সেই যুগতো বাওঁহাতখনক সোঁহাত খনৰ সমানেই মৰ্যাদা দিয়া হৈছিল৷ .........
”চেকনিৰ আগত বিদ্যা” কথাষাৰৰ মই ঘোৰ বিৰোধী৷
এইটো নহয় যে মই সৰুতে বৰকৈ মাৰ খাইছিলো.........
সৰুতে মোৰ ষ্টেপলাৰ কিনিবলৈ সাঁচতীয়া পইচা নাছিল আৰু .........
বিগত কিছুদিন ধৰি লক্ষ্য কৰি আহিছো যে বিভিন্ন মাধ্যমত আৰু কথা পাতোতে বহু অসমীয়া লোকে এই ধৰণৰ মন্তব্য কৰে যে “অসমীয়া জাতিটো সোৰোপা, এলেহুৱা....৷ .........
সৰুতে চাৰ্কাচ চাওতে ভাবিছিলো যে চাৰ্কাচৰ জিমনাস্ত সকলক অলিম্পিক বা এছিয়ান গেমছলৈ পঠিয়ালে নিশ্চয় এটা দুটা পদক বুটলিব পাৰিব৷............