স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

~~ ঊনসত্তৰ- অষ্টাদশ খণ্ড~~  

~~ ব্যাকৰণ ~~

টিটু-  মম, লান্সত কি দিছা এইবোৰ? ডালিয়া! তাকো নিমখ দি৷ তুমি জানাই দেখোন মই নিমখীয়া বস্তু বেয়া পাওঁ৷ ফিৰ ভী নিমখসোপা ঢালি দিছা৷ ঘৰত কি চেনি নাছিল নেকি?

শৰ্মানী- আসঃ, ইমান চুগাৰ খোৱা ভাল নহয় ঔ সোণটো৷ তাতে তই দেখোন জানমণি আৰু সোণমণিৰ লগত চেনি খায়েই থাক৷ সেইকাৰণে সামান্য নিমখ দি দিছোঁ৷

টিটু- মম, কিনো মিছা এলিগেছনবোৰ লগাই আছা? জানমণি আৰু সোণমণি মোৰ জাষ্ট্‌ ফ্ৰেইণ্ড৷

শৰ্মানী- হ’ব বোপাই৷ একো মিছা এলিগেছন লগোৱা নাই৷ যোৱা শনিবাৰে পাৰ্কত জানমণিক কিয় কিছ্‌ খাই আছিলি ইমানেই জাষ্ট ফ্ৰেইণ্ড যদি?

টিটু- ভোক লাগিছিল মম৷ সেইকাৰণেই কিছ্‌ খাই আছিলোঁ৷

শৰ্মানী- কি?! ফতুৱামি নকৰিবি৷

টিটু- অঁ, এতিয়া মইহে ফতুৱামি কৰিলোঁ! কিছ্‌ কি খোৱা বস্তু নেকি? এইবোৰ ফীল কৰা বস্তু৷ সেইবোৰ তুমি বুজি নাপাবা৷

শৰ্মানী- হয় দে বোপাই৷ আমি একোৱে নাজানো৷ জাষ্ট ফ্ৰেইণ্ডকে যদি এনেকৈ কিছ্‌ কৰিছ গাৰ্লফ্ৰেইণ্ডক কি কৰিবি বুজা গৈছে৷

টিটু- হ’ব মম৷ খোৱাৰ সময়ত বোলে কুকুৰকো ছেই নোবোলে৷ তুমি ইফালে মোক চিবিআইৰ দৰে গ্ৰিল কৰি আছা৷ অমলেট এটাকে ভাজি দিয়ানা৷

শৰ্মানী- আজি বৃহস্পতিবাৰ বুলি পাহৰিলি নেকি খকুৱা? ন’ অমলেট৷ পিউৰ ভেজ খাব লাগিব৷ ডালিয়া খাই পেপাৰখন দেখুৱা মোক৷ আজি অসমীয়া নাছিল জানো?

টিটু- বৰ অন্ধবিশ্বাসীহে তুমি মম৷ ইমানো টৰ্চাৰ কৰিব নাপায় আৰু৷ আজি মই অসমীয়াত এশৰ ভিতৰত ৯৯ পাম৷

শৰ্মানী- কি? মাত্ৰ এক নম্বৰৰ কাৰণে এশ নাপাবি? নাক-কাণ কটাবি আৰু তই মোৰ৷ কলিতানীহঁতৰ আগত দম্ভালি মাৰি কৈ আছিলোঁ যে আমাৰ টিটু অসমীয়াত এক্সপাৰ্ট আৰু এশৰ ভিতৰত এশ পাবই৷ কটা গৰু! এক নম্বৰ ক’ত কটা খেদালি? জাতি-মাটি-ভেটিৰ দুৰ্নাম নষ্ট কৰিবি তই৷

টিটু- উসঃ, ৰ’বানা মম৷ মাত্ৰ এক নম্বৰহে! তাতে ইমান হাল্লা চিল্লা কিয় কৰিছা? যিটো প্ৰশ্ন এৰি থৈ আহিলোঁ সেইটো পিছত আমাৰ ছাৰ-বাইদেউসকলেও কৰিব নোৱাৰিলে৷

শৰ্মানী- কিনো ইমান টান প্ৰশ্নটি আছিল দেখুৱাচোন৷

টিটু- আইদাৰ অৰ আছিল৷ মানে ইটো নোৱাৰিলে সিটো কৰিলেও হ’ব৷ এটা শব্দত প্ৰকাশ কৰা- যিয়ে ৰাতি ভাত খাই উঠি দাঁত ব্ৰাছ নকৰে আৰু আনটো আছিল যাৰ পেটত পোৱালি আছে৷

শৰ্মানী- হুমমম্‌৷ কমন নহয় যদিও বৰ এটা টান নাছিল দেখোন৷ তই কিবা ঢপ মাৰি থৈ নাহিলি কিয়?

টিটু- মম্, ঢপেই মাৰি থৈ আহিলোঁ৷ যিয়ে ৰাতি ভাত খাই উঠি দাঁত ব্ৰাছ নকৰে-- অব্ৰাছন্তা৷ এইটো অকৰ্মক ক্ৰিয়া৷ লগত নঞৰ্থক এলিমেণ্ট এটাও আছে৷ গতিকে এইটো শুদ্ধ হোৱাৰ বহুত চান্স আছে কাৰণ বেছিভাগ অসমীয়া শব্দৰ নিগেটিভ কৰিবলৈ আগত অ বহুৱাই দিলেই হয়; যেনে সভ্য -অসভ্য, খাদ্য- অখাদ্য৷ আৰু যাৰ পেটত পোৱালি আছে-- এইটো অলপ টান পালোঁ ঢপ মাৰিবলৈ তথাপি পেটৱালী বুলি লিখি থৈ আহিলোঁ৷ এতিয়া গড নৌজ আৰু৷ সেইকাৰণে এক নম্বৰ যাব বুলি ধৰি লৈছোঁ৷

শৰ্মানী- ঔকেই৷ মোৰমতে তই ঠিকেই লিখিছ৷ নম্বৰ নাপালে পেপাৰ কল কৰিম বাৰু৷ তথাপি পাপাৰক এবাৰ সুধি চাচোন৷ হেৰা শুনিছানে?....

শৰ্মা- নিচিঞৰিবাহে৷ ডিঙিৰ এপ্লিফায়াৰ ফাটি যাব তোমাৰ৷ আৰু মোৰো কাণৰ হাইৰা ফাটি যাব৷ মই শুনিয়ে আছোঁ তোমালোকৰ কথা৷ মোৰমতে যিয়ে দাঁত ব্ৰাছ নকৰে সি আচলতে লেতেৰা বা গেন্ধেলা৷ তাত স্ত্ৰী-প্ৰত্যয় লগাই দিলে গেন্ধেলী বা লেতেৰী হ’ব৷ বাকী যাৰ পেটত পোৱালি আছে সি প্ৰেগনেণ্ট হ’ব আক’৷ পেটতো তোমাৰো আছে৷ গতিকে পেটৱালী তুমিও হ’বা৷ গতিকে টিটুৰ ঢপটো কামত নাহে বুলি মই চিউৰ৷

শৰ্মানী- হ’ব, পেট সকলোৰে থাকে৷ মোৰ পেটলৈ চকু দিব নালাগে৷ তাতকৈ টিটুক ব্যাকৰণকে পঢ়ুওৱাগৈ৷

শৰ্মা- হ’ব দিয়া৷ মিছেছ পেটুলী হাউ ডু য়ু ডু৷

২৯.০২.২০
মতামতসমূহঃ
comments powered by Disqus