স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ঊনসত্তৰ- দ্বিতীয় খণ্ড

 

~~~~~~উনসত্তৰৰ পাছত~~~~~~

।। বিনীদ্ৰ ৰজনী পুৱা৷।

গোটেই ৰাতি বিছনাত ছাটি ফুটি কৰি টোপনি নহাত অৱশেষত শৰ্মানীয়ে সাতটাবজাত বোৱাৰী পুৱাতে শয্যাত্যাগ কৰি উঠি আহিল৷ ব্ৰাছডাল হাতত লৈ অলপ ছেন্সোডেণ্ট-কে লগাই দাঁত কেইটা আলফুলে ঘঁহিব ধৰিলে৷ মুখখন ধুই উঠি বনকৰাছোৱালী মিনিক ৰঙাচাহ বনাবলৈ নিৰ্দেশ দি লেপটপটো অন কৰি ডাটাকাৰ্ডটো সংযোগ কৰি ল’লে৷ মিনিয়ে চাহ একাপ আৰু দুখন কাটা বিস্কুট দি গ’লহি। চাহকাপত শোহা এটা মাৰি মজিলাৰ ড্ৰপদাউন মেনুখনৰ পৰা ফেচবুকটো ছিলেক্ট কৰি দিলে৷ আমন জিমনকৈ গান্ধী কলনি নামৰ গোটটোত ক্লিক কৰি চকু ফুৰাব আৰম্ভ কৰিলে৷

একেবাৰে প্ৰথম প’ষ্টটোতে টিটুৰ ফ’টোখন জিলিকি আছে৷ শৰ্মানীয়ে ৰুদ্ধশ্বাসে মাউছটো তললৈ স্ক্ৰ’ল কৰিব ধৰিলে৷ হাৰৰৰে….. আশীটা লাইক আৰু তেত্ৰিছটা কমেণ্ট!!!

নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰি শৰ্মানীয়ে বাঁওহাতখনৰ নখেৰে সোঁহাতখনত চিকুটি দি চালে৷ এয়াতো দিঠকেই৷ ৰাতিটোৰ ভিতৰতে আঠত্ৰিশটা লাইক আৰু ছৌব্বিশটা কমেণ্ট বাঢ়ি গ’ল!! ফেচবুকত যি দেখিছো নিশাচৰৰ পয়োভৰ বেছি৷

দুটা শোহাতে কাপৰ বাকী খিনি চাহ শেষ কৰি তেওঁ শৰ্মাক খবৰটো দিব গ’ল৷

ঘুমন্ত শৰ্মাক হেঁচুকি শৰ্মানীয়ে ক’ব ধৰিলে ,”হেৰা উঠাচোন, কথা এটা আছে৷“

উমমম… শুব দিয়ানা প্লিজ৷

উঠানা প্লিজ৷

উহহু…আৰু অলপ শুম৷

নহ’ব, এটা গুদ নিউজ আছে৷

শৰ্মা ঢহমহাই উঠি বহিল৷ কিনো কোৱাহে? তুমিয়ে দেখোন কৈছিলা যে টিটুৰ সাতবছৰ নোহোৱালৈকে বা মোৰ পে ৰিভাইজ নোহোৱালৈকে দুইনম্বৰটিৰ কথা চিন্তা নকৰো৷ এইখন কি কৰিলা? সদায় কওঁ যে পিলটো খাবলৈ নেপাহৰিবা৷ শৰ্মাৰ কথাত বেচ বিৰক্তিৰ চিন ফুটি উঠিল৷

শৰ্মানীয়ে ক’লে, সেই কণ্ডিচ্যন দুটা এতিয়াও ভেলিদ আছে৷ পিছে গুদনিউজ বেলেগহে৷

শৰ্মাই জিজ্ঞাসাৰে সুধিলে, কিবা সেইটো?

মুখত এমোকোৰা মিচিকিয়া হাঁহি লৈ শৰ্মানীয়ে এটা এটা শব্দ উচ্চাৰণ কৰিলে, “একাশীটা লাইক, তেত্ৰিছটা কমেণ্ট“৷ বুজিলা এতিয়া?

শৰ্মা অলপ দেৰি তভক মাৰি লৈ ক’লে, “কিক্ক কোৱাহে?” পিঙ্কী ইজ বিটেন হৌল’?

‘ইয়েছ মাই ডিয়েৰ, উই হেৱ বিটেন দেম হৌল’৷ এই বুলি কৈ শৰ্মানীয়ে শৰ্মাৰ দুগালত টপৰ টপৰকৈ দুটা চুমা খাই দিলে৷ অকল ইমানতে ক্ষান্ত নাথাকি শৰ্মাৰ বাওঁগালখনত প্ৰচণ্ড কামোৰ এটা মাৰি দিলে৷

আইঔ দুখ পাইছো৷ শৰ্মাৰ চিঞৰ শুনি টিটু দৌৰি আহিল কি হৈছে চাবলৈ৷ শৰ্মাই এখন হাতেৰে বাঁও গাল খন ঢাকি ধৰি ইখন হাত জোকাৰি জোকাৰি টিটুক ক’লে, বাবা একো হোৱা নাই দিয়া৷ হাত খন বিছনাৰ ৰেলিংত খুন্দা খালো৷ টিটু গুচি যোৱাৰ পিছত শৰ্মাই ক’ব ধৰিলে, কিযে কৰা৷ গালত দাগটো লৈ অফিচ কেনেকৈ যাম কোৱাচোন৷ মানুহে নাহাঁহিবনে এই বয়সতো উত্পাত কমা নাই বুলি৷

শৰ্মানীয়ে এইবাৰ উনত্ৰিশ দন্ত (তিনিটা দাঁত পোকে খোৱা বাবে আগতে সৰুৱাই থোৱা হৈছে) বিকশিত কৰি হাঁহি ক’লে, জানা মই আজি চুপাৰ ডুপাৰ খুছ৷ পিছে তুমি নিজেনো কিয় লাইক কৰা নাছিলা বাৰু?

অ’ মই ভবাই নাছিলো৷

নাভাবিবাতো, অঁকৰাটো কৰবাৰ৷ ময়ে লাইকটো মাৰি দিছো আৰু একাশীটা লাইক হৈ গ’ল এতিয়া৷ উঠা এতিয়া চাহ বনাও তোমালৈ৷ এই বুলি মৰমেৰে শৰ্মাৰ নাকটোত টেপা এটা মাৰি শৰ্মানী আঁতৰ হ’ল৷

শৰ্মাই মুখ ধুই উঠি শৰ্মানীয়ে গোলনেমুৰ ৰস মিহলাই দিয়া ধূম্ৰায়িত ৰঙাচাহকাপত শোহা এটা মাৰি ক’বলৈ ধৰিলে, তাৰমানে উনসত্তৰৰ টাৰ্গেটটো লৈ তুমি কোনো ভুল কৰা নাছিলা৷ মই এই সংখ্যাটো এনেয়ে ইমান ভয় কৰি আছিলো৷ পিছে আমিতো এতিয়া জিকিলোয়েই গতিকে গেট টুগেডাৰটো নিশ্চয় দৰকাৰ নহ’ব৷

উৱা তুমি কি কৈছা৷ গেট টুগেডাৰটো পাতিবই লাগিব৷ আমাৰ ফলীয়া মানুহ গোটাবই লাগিব৷ বৰানী যিহে জেদী মানুহ, এইপাত পোৱাৰ পিছত তাই কিযে নকৰিব ভাবিয়ে ভয় লাগিছে৷পিছে শুনা তুমি টকাৰ বাবে চিন্তা কৰিব নালাগে৷ মোৰ ষ্টেট বেংকত ফিক্সদ ডিপ’জিট এটা আছে, তাকেই ভঙাম, পঁইত্ৰিশ হেজাৰ মান পাব লাগে ধুনীয়াকে’ হৈ যাব৷ আৰু শইকীয়ানীক শ্বেয়াৰ কৰিব নকও দেই এতিয়া৷ আৰু শুনা টিটুৰ কাৰণে চবখিনি হ’ল, গতিকে তুমি তাক সি বিচাৰি থকা “মেক্স পায়েন” আৰু “কল অফ ডিউটি” নামৰ ভিডিও গেইম দুটা আনি দিবা আজি, কন্জুছী নকৰিবা৷

অ’কে হানী৷

শৰ্মানীয়ে কাঢ়া ইস্ট্ৰি কৰি দিয়া চাৰ্ট পেণ্ট যোৰ পিন্ধি, মিনিয়ে যতনাই দিয়া কৰ্ণফ্লেক্স গাখীৰ খাই শৰ্মা আনন্দমনেৰে অফিচলৈ ৰাওণা হ’ল আৰু শৰ্মানী ওলাল ফিক্সদ ডিপ’জিত ভঙাবলৈ৷ অফিচত পিছে গালৰ ৰঙা দাগটোৰ বাবে সকলোকে চাহ আৰু গজা খুৱাব লগা হ’ল৷ আবেলি ঘৰলৈ আহোতে শৰ্মাই কলিতা, ডেকা আৰু নাথকো লগত লৈ আহিল৷ শৰ্মানীয়ে বনাই দিয়া ফুলা লুচী আৰু সৰু গুটি আলু ভাজি খাই খাই কলিতাই ক’লে, আপোনালোকৰ প’ষ্টৰ কথা শৰ্মাই ফোনত কোৱাৰ লগে লগে মই অফিচৰ পিয়নটোক পঠিয়াই ম’বাইলত নেট পেক ভৰাই অনালো আৰু ডেকাৰটোতো ভৰাই দিলো৷

আপোনালোকৰ প’ষ্ট আৰু আমি লাইক নকৰিমনে বাৰু, ডেকাই ক’লে৷

নাথে মাত লগালে, মই সেইসময়ত মিটিংত থকা বাবে ফোন ৰিচিভ কৰিব নোৱাৰিলো যদিও ঘৰলৈ অহাৰ লগে লগে ফেচবুক চাই প’ষ্টটি দেখিয়েই লাইক কৰি কমেণ্ট এটা দি দিলো৷ পিছে গেট টুগেডাৰৰ কথাটো আপোনালোকে কিন্তু ভাল চিন্তা কৰিছে৷ আমিটো আহিমেই লগতো দুজনমানক লৈ আহিম বুলি ভাবিছো৷ আৰু এটা কথা, আমিতো ফেচবুকত তেনেই কেঁচা৷ বেছিকৈ লাইক, কমেণ্ট কেনেকৈ পাব পাৰি তাৰ কৌশলবোৰ আমি নাজানোৱেই৷ গতিকে এগৰাকী বিশেষজ্ঞক মাতিলে কেনে হয় বাৰু?

সকলোৱে একমুখে ক’লে, ভাল হ’ব ভাল হ’ব৷ পিছে কোন সেই বিশেষজ্ঞ?

বিশেষজ্ঞ নহয় বিশেষজ্ঞা৷ নাথে ৰহস্যময় হাঁহি এটা মাৰি ক’লে৷ নীলাঞ্জনা গগৈ৷ সময়ত সকলো গম পাব, এতিয়া উঠোহে৷

নাথৰ কথাবিলাক সদায় ৰহস্যময়৷

সিদিনা ৰাতি দুয়োৰে শোৱাই নহ’ল, কেৱল কথাকে পাতি থাকিলে উনসত্তৰৰ মহিমাৰ বিষয়ে!

পিছ্দিনা ঢলপুৱাতে দুয়ো উঠি গেট টুগেডাৰৰ হিচাপ কৰাত ব্যস্ত হৈ পৰিল৷

আহকচোন শৰ্মা শৰ্মানীয়ে গেট টুগেডাৰৰ আয়োজন কৰাত ব্যস্ত হৈ থাকোতে বৰানীৰ ঘৰতনো কি হৈ আছে এভূমুকি মাৰি চাও৷

|| প্ৰতিশোধৰ দাবানল ||

ৰাতিপুৱাৰ পৰাই কিয়জানো আজি কাউৰীজনীয়ে ৰমলিয়াই আছে, কিবা অঘটন নঘটিলেই হৈছে৷ বৰানীয়ে ভাবিলে৷ ঐ আপী কাউৰীজনী খেদচোন, কিনো অমংগল মাতিছে৷ আৰু মোক চাহ একাপ দিবি আৰু সোনকালে ব্ৰেকফাষ্ট বনা৷ এইবুলি বৰানী টাইম পাছ কৰিবলৈ ফেচবুকতে বহো বুলি লেপটপটো খুলি পাৱাৰ বাটনটো লাহেকৈ টিপি দিলে৷ হাইবাৰনেট কৰা থাকে গতিকে বুটিঙত বেছি সময় নলয়৷ ফেচবুকত লগইন আইডি আৰু পাছক’ড ছেভ কৰি থোৱাই আছে গতিকে প্ৰথম পেজটো লগে লগে খুলি গ’ল৷ নিজৰ ৱালৰ আপডেট বোৰত এবাৰ চকু ফুৰাই বৰানীয়ে গান্ধীকলনি গোটটোলৈ আহিল৷

প্ৰথম প’ষ্টটো হ’ল টিটু পৰাৰ বিষয়ে৷ একাশীটা লাইক আৰু তেত্ৰিছটা কমেণ্ট৷ বৰানীয়ে লগে লগে পিঙ্কী পৰোতে কৰা প’ষ্টটো আৰু প’ষ্টটোত পোৱা লাইক আৰু কমেণ্টবোৰ ছেভ কৰি ৰখা ডকুমেণ্ট ফাইলটো খুলিব ধৰিলে৷

কাউৰীজনীয়ে আকৌ এবাৰ ৰমলিয়াই উঠিল৷ বৰানীয়ে বুকুত হাত দুখনেৰে হেঁচা মাৰি ধৰি হামৰাও কাঢ়ি উঠিল – খালে ঔ খালে মৰতীয়ে মোৰ বুকুৰ আগমঙহ এটুকুৰা খালে, মোৰ বুকুত এইপাত শেল মাৰিলে ঔ৷

বৰা, পিঙ্কী আৰু আপী (আপীৰ আচল নামটো নৱমী) উধাতু খাই লৱৰি আহিল৷ বৰানীয়ে মাজে মাজে কান্দে মাজে মাজে অহৌবলিয়াৰ দৰে চিঞৰে৷ হিষ্টেৰিয়া৷ বৰাই যেতিয়া ততভত পালে ঘটনাৰ বৰানীক ক’লে উফ্ তুমি যেনেকৈ চিঞৰিছা মই ভাবিলো যে তোমাৰ মাৰাৰ ঘৰত চাগে….. বৰাই ইচ্ছাকৃত ভাবে বাক্যটো সম্পূৰ্ণ নকৰিলে৷ বৰানীয়ে কি কৰিব কি নকৰিব ভাবি উৱাদিহ নোপোৱা হ’ল৷ ফ্ৰিজৰ পৰা পানীৰ বটল এটা উলিয়াই চিধা ডিঙিত ঢালি দিলে আৰু অলপ মূৰতো ছটিয়াই দিলে৷ হঠাতে মনত পৰিল এইসময়ত নিশ্চয় ভনীয়েক নাটাছাই কিবা দিহা দিব পাৰিব আৰু লগে লগে ভনীয়েকলৈ ইনবক্স কৰিলে “আৰ্জেণ্ট, ছিৰিয়াছ মেটাৰ” বুলি৷ নাটাছা এয়াৰহোষ্টেছ এক আন্তৰ্জাতিক এয়াৰলাইনছৰ৷ আজি অ’ত কালি ত’ত৷ কিন্তু ফেচবুকত এনিটাইম অনলাইন হৈ থাকে৷ তাই লগে লগে বায়েকক “স্কাইপ”ত আহিব ক’লে৷ দুজনীৰ মাজত যিখিনি কথা হ’ল তাৰ সাৰমৰ্ম হ’ল এনেধৰণৰ৷

বায়েক – মই এতিয়া কি কৰো কছোন৷ নাক কাণ গোটেই কটা গ’ল৷ শৰ্মানীৰ ওচৰত হাৰ মনাতকৈ মৃত্যুয়েই শ্ৰেয়৷

ভনীয়েক – ৰ’চোন, কিনো বকিছ এইবোৰ৷ উনসত্তৰ আৰু একাশী, বেছি ডিফৰেন্স নাছিল৷ তই মোক আগতে কোৱা হ’লে মই লগৰ কেইজনীক কৈ লাইক মৰাই থৈ দিলোহেঁতেন৷ কিন্তু এতিয়া ক’বলৈ দিগদাৰ হ’ব৷ নহ’লে তই এটা কাম কৰ৷ তোৰ প’ষ্টটো ওপৰলৈ উঠাই আন আৰু চা আগতে ৰৈ যোৱা কোনোবাই কিজানি লাইক মাৰেই৷ মোৰ হিচাপত সেইটোৱে একমাত্ৰ উপায় আছে৷ আৰু তহঁতৰ যদি ফেক প্ৰফাইল আছে তাৰেও লাইক মাৰিব পাৰ৷

বায়েক – প’ষ্ট কেনেকৈ ওপৰলৈ উঠাই মই নাজানো আৰু ফেক প্ৰফাইল এটাও নাই আমাৰ৷

ভনীয়েক – হুহ্হ..কিনো হেৰি কৰিছ ইমানদিনে ফেচবুকত যদি প’ষ্ট ওপৰলৈ উঠাবই নাজান৷ শুন, তই দিয়া প’ষ্টটো বিচাৰি উলিয়াই কমেণ্টত এটা ডট মাৰি দি এণ্টাৰ মাৰি দিবি আৰু চাবমিট হোৱাৰ ল’গে ল’গে এডিট কৰি পুনৰাই ডিলিট কৰি দিবি৷ তেতিয়া প’ষ্টটোও ওপৰলৈ আহিব আৰু তই ধৰাও নপৰিবি৷ পিছে চাবি এই কামটো কৰিলে ৰাতি তিনিটা মানৰ পিছত কৰিবি৷ নহ’লে আজিকালি কিছুমান পিলিঙা মডাৰেটৰে কাম নাই বন নাই ৰাতি ৰাতি ফেক প্ৰফাইল বিচাৰি ফুৰে৷ ধৰা পৰিলে গ্ৰুপৰ পৰা উলিয়াই দিবও পাৰে৷ বেছি ষ্ট্ৰিক্ট দেখুৱাই কিবা৷

সেহিমতে বৰানীয়ে ৰাতিলৈ নৰখি দিন দুপৰতে ডট মাৰি প’ষ্টটো ওপৰলৈ উঠাই আনিলে যদিও কোনো সঁহাৰি নেপালে কাৰো পৰা৷

বৰানীৰ কিবা জীৱনটো অৰ্থহীন হৈ পৰিল৷ যি শৰ্মানীক তেওঁ নিজহাঁতেৰে ফেচবুকত প্ৰফাইল খুলি দিছিল সেই শৰ্মানীৰ প’ষ্টে আজি তেওঁক কহি কা নাৰাখিলে৷

দুপৰীয়ালৈ বাৰে বাৰে ৰিফ্ৰেছ কৰি কৰি আৰু এটাও লাইক নাপাই বৰানী আটমোষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ পৰিল৷ জীৱনটো কিবা অসাৰ যেন হৈ পৰিল৷ বৰানীক কাউৰীজনীয়েও যেন ভেঙুচালি কৰি গাবলৈ ধৰিলে –

অথিৰ ধন জন
জীবন যৌবন
অথিৰ এহি ফেচবুক৷।।
বৰানীয়ে আৰু বেছি ভাবিব নোৱাৰিলে৷ এনেকৈ আৰু জীয়াই থাকিব নোৱাৰি৷ এই ভাবি তেওঁ গ’ৰ্ডৰেজ নামৰ আলমিৰাটো খুলি বৰাই টোপনি আহিবলৈ খোৱা ক্ল’নাজিপাম পইণ্ট টু ফাইভ এমজিৰ বিয়াল্লিছটা বড়ি খাই পেলালে৷

পোন্ধৰমিনিট পিছত তেওঁ লাহে লাহে সাম্যবাদী হৈ পৰিল আৰু ছোফাখনত লাহে লাহে ঢলি পৰিল৷ কিন্তু তেতিয়ালৈহে৷

যেতিয়া পিঙ্কী আৰু আপীয়ে বিকট চিঞৰ দুটি মাৰিলে বৰা দৌৰি আহিল আৰু নিজৰ ধৰ্মপত্নীৰ অৱস্থা দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰিল৷ কিন্তু আপীৰ হস্পিতেললৈ নিব লাগিব কথাষাৰ শুনি সম্বিত ঘূৰাই পালে আৰু তিনিও মিলি বৰানীক উঠাই নি “গান্ধী মেমোৰিয়েল হস্পিটেল এণ্ড ৰিছাৰ্ছ চেণ্টাৰ” লৈ গ’ল৷

“গান্ধী মেমোৰিয়েল হস্পিটেল এণ্ড ৰিছাৰ্ছ চেণ্টাৰ”, গান্ধী কলনিৰ লগতে লগা এখন হস্পিটেল৷ মডাৰ্ণ ষ্টেট অৱ দা আৰ্ট হস্পিটেল যদিও চকুচৰহা বোৰে কয় যে যোৱা বাইছ বছৰে হেনো এইখন হস্পিটেলৰ পৰা এখনো ৰিছাৰ্ছ পেপাৰ পাব্লিছ হোৱা নাই৷

ইমাৰজেন্সী ৱাৰ্ডত আজি ৰেছিডেণ্ট ডাক্টৰ ডা° তালুকদাৰৰ ডিউটি৷ নিজৰ সৰু কেবিনটোত বহি চাহত চুমুক দি থাকোতে ছিছটাৰ মেৰীয়ে আহি কৈ গ’ল, চাৰ মৰতী এজনীয়ে বিয়াল্লিছটা ক্ল’নাজিপাম পইণ্ট টু ফাইভ খাই আধামৰা হৈ আহিছে৷

ডা° তালুকদাৰে টক্সিকোল’জীৰ কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিলে যদিও কোনোপধ্য ক্ল’নাজিপামৰ লিথেল ড’জ মনত পেলাব নোৱাৰিলে৷ উপাই নাপাই আইফোন টোতে “লিথেল ড’জ অফ ক্ল’নাজিপাম” বুলি ছাৰ্ছ মাৰি দিলে৷ ছাৰ্ছ ৰিছাল্টৰ প্ৰথমতে অহা ৱিকিপিডিয়াৰ লিংকটোত ক্লিক কৰিব ওলাওতে, “ এক্সিউজ মি ডা° তালুকদাৰ “। ডা° তালুকদাৰে মুৰটো ডাঙি চালে৷ সন্মুখত হস্পিটেলৰ নতুন ইনটাৰ্ন অনন্যা৷ “ এক ইমাৰ্জেন্সী পেচেণ্ট আহিছে৷ ক্ল’নাজিপাম অভাৰড’জ৷ ছেমি কমা৷ পিছে নমৰে৷ লিথেল ড’জ লোৱা নাই৷ মাত্ৰ বিয়াল্লিছটা পইণ্ট টু ফাইভ খাইছে৷ বিপি হান্দ্ৰেদ টেন বাই ছিক্সটি, পালছ ছিক্সটি ছিক্স পাৰ মিনিট“৷

ডা° তালুকদাৰৰ চকু অনন্যাৰ মুখলৈ গ’ল, যেন এক সদ্য প্ৰস্ফুটিত পদুমৰ কলি৷ দৃষ্টি লাহে লাহে তললৈ নামিল আৰু এক ছেকেণ্ড পাছতে তেওঁৰ মনত দ্বীপেনদাৰ সেই গানটো খেলাই গ’ল, “ঢৌ তুলি নাচিলে বুকুত… “।

পিছে অনন্যাৰ হাতত এণ্ড্ৰইড ম’বাইলটো দেখি সন্দেহ হ’ল, এয়ো নিশ্চয় গুগুলতে ছাৰ্ছ মাৰিয়ে লিথেল ড’জটো পালে৷

তুমি কেনেকৈ জানিলা পেচেন্ট নমৰে বুলি?

নহয় চাৰ মই জানো নহয়৷ আমাৰ ছিনিয়ৰ এজনী বায়েও ক্ল’নাজিপাম খাই চুইচাইদ কমিট কৰিছিল৷ পিছে তেওঁ বাৰশ পচপন্নটা খাইছিল পইণ্ট ফাইভ৷ আৰু আমাৰ চাবজেক্টে পইণ্ট টু ফাইভহে খাইছে তাকো মাত্ৰ বিয়াল্লিছটা৷

অ’ কিয় খাইছিল বা?

অ’ তেওঁক এনাটমীৰ হেড চাৰে দুবাৰ প্ৰেকটিকেলত ফেল কৰাই দিলে৷ ভাইভাত এবাৰ জিৰ’ আৰু এবাৰ তিনি দিলে৷

ডা° তালুকদাৰে অলপ আগতে হোৱা তেওঁৰ সন্দেহৰ বাবে লাজ পালে৷ সঁচাই ইনটেলিজেণ্ট ছোৱালী৷ হঠাতে তেওঁৰ ৰবিন কুকৰ “কমা” নামৰ উপন্যাসখনলৈ মনত পৰি গ’ল৷ অকল মনত পৰাই নহয় তেওঁ কল্পনা কৰিব ধৰিলে যেন তেওঁ ছিনিয়ৰ ৰেছিডেণ্ট ডা° মাৰ্ক বেলোজ আৰু অনন্যা হ’ল ইনটাৰ্ণ চুছান হুইলাৰ৷ দুয়ো যেন একেলগে ক্ল’নাজিপামৰ লিথেল ড’জৰ ওপৰত এক গৱেষণাই আৰম্ভ কৰি দিলে৷ আৰু ….আৰু ….

অবাধ্য মনটোয়ে অকণমান সময়ৰ ভিতৰতে বহু কিবাই ভাবি পেলালে৷

চাৰ৷ চাৰ৷

অ’… চুচা… মানে অনন্যা৷ অলপ কৃত্ৰিম গাম্ভীৰ্য সানি ডা° তালুকদাৰে ক’লে, তুমি চাবজেক্টক কেনুলা এটা লগাই দিয়াৰ ব্যৱস্থা কৰা আৰু এণ্ড’স্ক’পীৰ ডা° হুছেইনকো খবৰ এটা দিবা৷ ষ্টমাক ৱাশ্ব কৰিব লগা হ’ব পাৰে ক’ব নোৱাৰি৷

অ’কে চাৰ বুলি অনন্যা আতঁৰ হ’ল৷ ঘূৰি যাওতে ফিছিককৈ মাৰি যোৱা হাঁহিটো ডা° তালুকদাৰৰ চকুত নপৰাকৈ নাথাকিল৷

অনন্যাৰ কঁকালখন্ যে খাঁমুচীয়া সেইটো মই নকলেও চাগে ৰাইজে ধৰিব পাৰিছেই৷

ডা° তালুকদাৰে বৰানীক চাবলৈ গ’ল আৰু পৰীক্ষা কৰি বুজিলে যে ৰিক’ভাৰি সোনকালে হ’ব৷

পিছে আবেলিলৈ কিছু জটিল হৈ পৰিল৷ বৰানীৰ দুবাৰ ছিজাৰ হ’ল আৰু মাজে মাজে ভ্ৰম বকিবলৈ ধৰিলে, “তাইৰ চকুত ভূত জলকীয়া সানি দিম”, “বঠী খনেৰে তাইৰ চুলিকোচা ববকাট কৰি দিম”, “মোৰ লগত পাংগা লৈছে তাইৰ পুঙ্গী বজাই দিম “৷ ডা° তালুকদাৰে বৰাক মাতি আনি আঁতিগুৰি ল’লে ঘটনাৰ আৰু বুজিলে যে ফেচবুকৰ দূৰ্ঘটনাটোৰ কাৰণে এই ট্ৰ’মা হৈছে৷ তেঁও বৰাক এলোভেৰা জুচ অলপ আনি খুৱাই দিবলৈ ক’লে৷ বৰাই এলোভেৰা জুচ আনি প্ৰিয়তমাক এগিলাচ খুৱাই দিলে৷ সন্ধিয়াৰ পিনে বৰানী কিছু সুস্থ হৈ উঠিল৷

|| নিমন্ত্ৰণ ||

সন্ধিয়াৰ বৈঠকত শৰ্মানী, শইকীয়ানী আৰু ডেকানীয়ে মিলি নিমন্ত্ৰণ দিব লগা সকলৰ তালিকাখন প্ৰস্তুত কৰিলে৷ অৱশ্য এ আৰু বি ব্লকৰ সকলোৱে নিমন্ত্ৰণ পাবই৷ বাকী থাকিল চি ব্লক, ডি ব্লক আৰু এফ ব্লক (ই ব্লকটো বহু দিনৰ পৰায়ে বন্ধ হৈ আছে পানীৰ টেঙ্কী ফুটি থকা কাৰণে৷) শইকীয়ানীয়ে চিধাই নাকচ কৰিলে চি ব্লক৷ ডি ব্লকৰ ভট্টক মাতিবই লাগিব৷ কেৱল সমস্যাটো হ’ল এফ ব্লকৰ ড° হিলৈধাৰীক কেনেকৈ মতা যায়৷ ডেকানীয়ে উপায় এটা পাঙিলে৷

পিছদিনা পুৱা নটা মান বজাত তিনিওয়ে এফ ব্লকৰ ড° হিলৈধাৰীৰ ঘৰৰ কলিংবেল বজালে৷ সদ্যস্নাত ড° হিলৈধাৰীয়ে টাৱেলখন পিন্ধিয়েই দুৱাৰখন খুলি দি সন্মুখত তিনি নাৰীক দেখি ‘বহকচোন’ বুলি কৈ ভিতৰলৈ ভিৰাই লৰ মাৰিলে৷ কিছু অপেক্ষাৰ পিছত তেওঁ ওলাই আহিল৷

কওকচোন কিয়বা অহা হ’ল, ড° হিলৈধাৰীয়ে ভাই বোৱাৰীয়েকে ভাই শহুৰেকক সম্বোধন কৰাৰদৰেই ক’লে কথাষাৰ৷

শৰ্মানীয়ে শইকীয়ানীলৈ চালে আৰু শইকীয়ানীয়ে ডেকানীলৈ চালে৷ ডেকানীয়ে বেগৰ পৰা ফুলাম গামোচা এখন উলিয়াই ড° হিলৈধাৰীৰ ডিঙিত পিন্ধাই দিলে৷ “আপুনি আমাৰ গান্ধীকলনিৰ এজন পুৰোধা ব্যক্তি৷ আপুনি আমাৰ সমাজৰ কাৰণে যিখিনি কৰিছে বহুতেই তাক কৰিব পৰা নাই৷ সেয়েহে আপোনাক সম্বৰ্ধনা জনাবলৈ পোৱাটো আমাৰ বাবে ভাগ্যৰ কথা৷“ ডেকানীয়ে একে উশাহতে মুখস্থ কৰি অহা বাক্যদুটি গাই দিলে৷

“অহাকালি আমি এখন গেট টুগেডাৰৰ আয়োজন কৰিছো শৰ্মানীৰ ঘৰত, আপুনি আহিবই লাগিব“, শইকীয়ানীয়ে ক’লে৷

“অ’ কিহৰ গেট টুগেডাৰনো পিছে? মই কিন্তু এটা মস্ত ব’ৰ, পাৰ্টিত মই থাকিলে আপোনালোকৰ নজমিব৷“ ড° হিলৈধাৰীৰ উত্তৰ৷

“ সেইবিলাক নাজানো, মুঠতে আপুনি আহহিবই লাগিব, প্লিইইজ….” তিনি গৰাকীৰে কোৰাছ৷

“অ’কে অ’কে…. চাওচোন বাৰু…. হেঃ হেঃ হেঃ “৷ ড° হিলৈধাৰী যেন গ্ল’বেল ৱাৰ্মিঙৰ চিকাৰ হোৱা এণ্টাৰ্কটিকাৰ এটুকুৰা বৰফহে৷ সকলো পুৰুষৰ ভিতৰত একোজন কৃষ্ণ সুপ্ত অৱস্থাত থাকে৷ কোনে জানো কৈছিলে৷

“আপোনালোক বহকচোন, চাহ অলপ বনাই আনো, আজি প্ৰথম আহিছে৷“

‘নালাগে মিছাতে কষ্ট কৰিব’, জাতীয় কিবা এটা ক’বলৈ শৰ্মানীয়ে মুখখন মেলিছিল যদিও ডেকানীয়ে চিকুট এটা মাৰি ৰখালে৷ চাহ কাপ খোৱাৰ সময়তে হেনো বহু ‘ডিল’ ক্ল’জ হৈ যায়, ডেকানীয়ে এমৱে’ৰ প্ৰশিক্ষণত শিকা কথাষাৰিকে লগৰ দুজনীক বুজালে৷

ড° হিলৈধাৰীয়ে সৰু ট্ৰে এখনত তিনিকাপ চাহ আৰু প্লেট এখনত ব্ৰিটানিয়া মেৰি বিস্কুটকেইখন মান লৈ আহিল৷

“ গাখীৰ নাইকিয়া, এদায় হ’ল৷ গতিকে ফিকা চাহকে দিব লগা হ’ল আপোনালোকক৷“

হ’ব হ’ব, আপুনি যে মিছাতে কষ্ট কৰিলে৷ তিনিও সমস্বৰে ক’লে৷

“হ’ব দিয়ক, ইমানকৈ মাতিছে যেতিয়া আহিম এপাক৷ পিছে বেছি সময় থাকিব নোৱাৰিম, আঠটা বজাত এজনক এপইণ্টমেণ্ট দিয়া আছে৷“

“হ’ব হ’ব, আপুনি দৰ্শন দিলেই হ’ল৷“

চিত্ৰলেখাই অনিৰূদ্ধক হৰণ কৰি অনাৰ পিছত সখীয়েক ঊষাই যিটো হাঁহি মাৰিছিল, ঠিক একেই হাঁহি দেখা গ’ল শৰ্মানী, শইকীয়ানী আৰু ডেকানীৰ “ফেয়াৰ এণ্ড লাভলী” মুখকেইখনত৷

|| বিস্ময়৷ ||

সন্ধিয়ালৈ বৰানী যথেষ্টপৰিমাণে সুস্থ হৈ উঠিল৷ ডা° তালুকদাৰ আশ্বস্ত হৈ নিজৰ এপাৰ্টমেন্টলৈ ঢাপলি মেলিলে৷ ডিউটি শেষ হোৱাৰ আগতে ৰাউণ্ড দিব অহা ইমাৰ্জেন্সীৰ হেড ডা° বৈশ্যই “ৱেল ডান মাই বয়” বুলি দিয়া মন্তব্যটিয়ে তেওঁৰ বুকুখন বেচ কিছুদেৰিলৈকে ফুলাই ৰাখিলে৷ পিছে ৰুমত সোমোৱাৰ পাছতো দেখোন তেওঁক অনন্যাৰ মুখখনিয়েহে বৰ আমনি কৰিবলৈ ধৰিলে৷ বাথৰুমত মুখ ধুই থাকোতেও তেওঁ আইনাত অনন্যাৰ মুখখনেই দেখিবলৈ পালে৷ পিছে নিজৰ তালুৰ সদ্যবিলীয়মান চুলিকেইডালেহে তেওঁক কিছু চিন্তাত পেলালে৷

মুখ হাঁত ধুই আহি তেওঁ ভাবিলে এই কথাই কথা নহয়, এবাৰ ফেচবুকত অনন্যাৰ প্ৰফাইলটিকে খুচৰি চোৱা যাওক৷ প্ৰফাইল থাকিব বুলি তেওঁ নিসঃন্দেহ৷ কেৱল চাব খুজিছে নেচাৰটো “ফান লাভিং” নে “ছিম্পল এণ্ড হোমলি”৷

ফেচবুকৰ হোমপেজটো খোলাৰ পিছত এটা ফ্ৰেইণ্ড ৰিকুএষ্ট আৰু এটা ইনবক্স মেছেজ লক্ষ্য কৰিলে ডা° তালুকদাৰে৷ চকুমুদি ফ্ৰেইণ্ড ৰিকুএষ্টটোৰ এক্চেপ্ট বক্সটোত ক্লিক কৰি মেছেজ বক্সত ক্লিক কৰাৰ লগে লগে অযুত বিষ্ময়ে তেওঁৰ চকুত ধৰা দিলেহি৷

আহকচোন, ডা° তালুকদাৰৰ অযুত বিষ্ময় সামকাটিবলৈ দি আমি ক্ষন্তেক ভূমুকি মাৰোহি গেট টুগেডাৰৰ আয়োজনস্থলীত৷

|| আয়োজন ||

অতি সাধাৰণভাবে গেট টুগেডাৰৰ আয়োজন কৰা হ’ল৷

বিকাজীৰ টানা বানা মিক্সাৰ, চীনাবাদাম ৰোষ্ট, কাজুবাদাম ৰোষ্ট, ৰোষ্টেদ পাপড়, পেষ্ট্ৰী, প্ৰাণ লিচি, ব্ৰইলাৰ কুকুৰাৰ তণ্ডুৰী, বৰিয়লা মাছৰ ফ্ৰাই, ছাগলীৰ লিভাৰ ফ্ৰাই খুবেই কমন হ’ল৷ বি ব্লকৰ মিছেছ ছেত্ৰীয়ে ছাগলীৰ পেটুবোৰ ভাজি এবিধ স্পেছিয়েল বনালে বুলিহে৷ শৰ্মানীয়েও আকৌ তিয়ঁহৰ পাতল শ্লাইচ কৰি ভূত জলকীয়া আৰু বাঁহৰ গাঁজৰ চাটনি সানি এবিধ আনকালে নবনোৱা বিশেষ চালাদ তৈয়াৰ কৰিলে৷ তণ্ডুৰী বনাবলৈ শইকীয়ানীয়ে নিজৰ ঘৰৰ মাইক্ৰোৱেভটোকো লৈ আহিল৷ দুটাত একেলগে বনালে সময় বাচিব বুলি৷

ইমান বিধ স্নেক্সৰ লগত খাবলৈ বুলি জনী ৱাকাৰ ৰেড লেবেল হুইস্কি, স্মিৰনফ ভ’ডকা, বাকাৰ্ডি ৰাম, মহিলা সকলৰ বাবে ব্ৰীজাৰ, কিংফিছাৰ বীয়েৰ, ভিনো নামৰ এবিধ ৱাইন, ফেন্টা, মিৰিণ্ডা, মাউন্টেইন ডিউ, ছ’ডা আদিও আহিল৷

ক’বলৈ পাহৰিছো, দাম বেছি হ’লেও আজি এলমণ্ড কিছু অনা হ’ল, স্পেশ্যল অ’কেজন বুলি৷

|| যৌবনে আমনি কৰে ||

মেছেজ বক্সটোত মেছেজটো আছিল “ হাই ডিয়াৰ :-) ”৷

অনন্যাৰ মেছেজ৷

আৰু নোচোৱাকৈ এক্চেপ্ট কৰা ফ্ৰেইণ্ড ৰিকুএষ্টটোও আছিল অনন্যাৰেই!

ডা° তালুকদাৰৰ ছিষ্ট’লিক আৰু ডায়েষ্ট’লিক প্ৰেছাৰ দুয়োটায়ে যেন সম্ৰাট যুধিষ্ঠিৰৰ অশ্বমেধৰ ঘোঁৰাৰ দৰে ওপৰলৈ জাঁপ এটা মাৰি দৌৰ মাৰিলে৷ উফফ্ …..

ডা° তালুকদাৰৰ আৰু অনন্যাৰ প্ৰফাইল চাবলৈ নহ’ল৷ তেওঁ অসমীয়া বাতৰি কাকতখনকে হাতত তুলি ল’লে৷

দ্বিতীয় পৃষ্ঠাৰ ৰাশিফলটো পঢ়ি দেখিলে “ কৰ্মস্থানত জটিলতাৰ সন্মুখীন হ’ব যদিও ওপৰৱালাৰ প্ৰশংসাৰ পাত্ৰ হ’ব পাৰিব৷ প্ৰেমত অতিকৈ শুভ৷ যিসকলৰ শুক্ৰ তুঙ্গী ভাবত আছে সেই সকল ব্যক্তিয়ে এই সময়ত প্ৰেমকাৰ্যত আগবঢ়াৰ শুভ সময়৷“

উফফ্ ….. ধক ধক ধক৷

কোনেনো কয় বাৰু জ্যোতিষ ভণ্ড বুলি? জ্যোতিষ ভণ্ড বুলি কোৱা তথাকথিত বিজ্ঞানী সকলেই ডাঙৰ ভণ্ড! নহ’লেনো এনেকৈ গোটেইখিনি মিলি যাব লাগেনে বাৰু৷

ফ্ৰিজৰ পৰা ফাৰ্মৰ কণী এটা উলিয়াই সিজাই খাই ডা° তালুকদাৰ শুই পৰিল৷ আজি দেখোন ভোকেই লগা নাই কিবা! শোৱাৰ আগতে অৱশ্য পুৱা ছটা বজাৰ এলাৰ্ম দিবলৈ নেপাহৰিলে৷

পুৱা ছটা বজাত বিশ্বস্ত এলাৰ্মটি বাজি উঠিল৷ আনদিনা কাউৰীৰ মাত যেন লগা এলাৰ্মৰ শব্দটোৱে যেন আজি কিশোৰদাৰ কণ্ঠৰে গাই উঠিল, “দিল ক্যা কৰে জব কিছিচে কিছিকো প্যাৰ হো যায়ে…৷“

আজি আৰু বেছি দেৰি এলাৰ্ম স্নুজ কৰি কৰি শুই থাকিব মন নগ’ল ডা° তালুকদাৰৰ৷ বিছনাৰ পৰা উঠিয়েই দাঁত দুপাৰি ব্ৰাছেৰে ঘৰ্ষণ কৰি মুখত ‘ৰাজা’ খৈনী অলপ সুমুৱাই তেওঁ বাথৰুমত সোমাল৷ হোষ্টেলৰে অভ্যাস৷ আগতে হাতৰ তলুৱাত মলি খাইছিল যদিও সময়ৰ অভাৱত সেই বিলাসিতাকণ ত্যাগ কৰিব লগা হ’ল৷ নাখালে দেখোন প্ৰাত্যহিক কামফেৰি সমাপন নহয়৷ লগৰ বহুতে ধুম্ৰপাণ কৰে যদিও তেওঁ অসমীয়া চুইংগামবিধ এৰিব নোৱাৰিলে৷

গা ধুই উঠি ধূপ দুডাল জ্বলাই ডা° তালুকদাৰে বাবা গণেশৰ মূৰ্তিটোৰ সন্মুখত হনুমান চালিচাখন পাঠ কৰিব ধৰিলে৷ মঙ্গলৰ দোষ৷ হনুমান চালিচা পাঠ কৰি উঠি ডা° তালুকদাৰে সোঁহাতৰ অনামিকা আঙুলিত পিন্ধি থকা ৰক্তপ্ৰবালটিত “স্ম্পুচ্চ” “স্ম্পুচ্চ” কৰি দুটা চুমা খালে আৰু ৰঙা চাৰ্ট এটা পিন্ধি কৰ্মস্থানলৈ যাবলৈ ওলাল৷ আজি আৰু মেগী খাবলৈ সত নগ’ল৷

নিজৰ ৱাৰ্ড পাই উপস্থিতিৰ বহীত চহী কৰি ৰাউণ্ড দিবলৈ যাওঁতে ডা° তালুকদাৰে অনন্যাক দেখা পালে৷ হাৰৰৰে… এই বোৰ কি হ’ব ধৰিছে? অনন্যায়ো যে টিকটিকিয়া ৰঙা চুৰিদাৰ এযোৰ পিন্ধি আহিছে!!! তাৰমানে কি তাইৰো মঙ্গলৰ দোষ!!! হে ভগবান!!

ঐ হৈ হৈ সৈ৷ ডা° তালুকদাৰৰ মনটোৱে তেওঁক জোকালে৷ চুপ থাকচোন তই৷ কৃত্ৰিম ধমকি এটা দিলে তেওঁ নিজৰ মনটোক৷

আবেলিলৈ বৰা আৰু বৰানী ডা° তালুকদাৰৰ কেবিনত হাজিৰ৷ বৰানী সম্পূৰ্ণ সুস্থ৷ মানুহগৰাকীৰ কিন্তু মনোবল মানিব লাগিব৷

কেনে পাইছে এতিয়া? ডা° তালুকদাৰৰ প্ৰশ্ন৷

কেনে পামনো? বৰানীয়ে হুমুনিয়াহ এটা কাঢ়ি মুখখন ওফোন্দাই দিলে৷ হুমুনিয়াহ নহয় যেন আটলাণ্টিক মহাসাগৰৰ তলিৰ পৰা এটা বুৰবুৰণিহে ওপৰলৈ উঠি আহিল৷

পিছে আপোনালোকৰ মাজত এই “ছত্তিচ কা আখৰা” কেতিয়াৰ পৰানো আৰম্ভ হ’ল? মানে এই ব্যতিহাৰ বহুব্ৰীহি?

বৰানীয়ে ডা° তালুকদাৰৰ প্ৰশ্নৰ উত্তৰ নিদি বৰাৰ ফালে চাই ক’লে, তাই জহনীত যাইতীয়ে যিপাত দিলে মোক৷ হেৰা, সেইবোৰ সিহঁতৰ নাটক বুজিছা৷ আঠুত টমেটো চচ সানি মিছাতে সিহঁতে পৰি তেজ ওলোৱা নাটক খন কৰিলে মোতকৈ বেছি লাইক পাবলৈ৷ চাই ল’ম তাইক৷

ডা° তালুকদাৰৰ পুতৌ উপজিল মানুহজনীৰ নীচ চিন্তাধাৰাৰ ওপৰত৷

আৰু সিহঁতে ফেক প্ৰফাইল ব্যৱহাৰ নকৰাকৈ ইমান লাইক পাবই নোৱাৰে৷ বৰানীয়ে নিজকে সান্ত্বনা দিলে৷

ফেক প্ৰফাইলৰ নাম শুনি ডা° তালুকদাৰৰ গাটো চেবালে৷ কিছুদিন আগতে তেওঁ “ ডেঙ্গু ৰোগৰ উপশমত অমিতাৰ পাতৰ ৰসৰ উপযোগিতা” সন্দৰ্ভে লিখা গুৰূত্বপূৰ্ণ প’ষ্ট এটা কেনেকৈ ফেক প্ৰফাইল দুটাই হাইজেক কৰি “লিভাৰৰ বেমাৰত লাওপানীৰ উপকাৰিতা” লৈ গ’ল তাকে ভাবি মুৰটো গৰম হৈ পৰিল৷ সেই হাইজেকটোত দুজনমান ভব্য গব্যয়ো যেনেদৰে হাত উজান দিছিল৷ পিছলৈ ক’মেণ্ট সমূহ ব্যক্তিগত আক্ৰমণলৈ পৰ্যবসিত হৈ পৰিছিল৷ সৌভাগ্যক্ৰমে চিনাকি মডাৰেটৰ এজনে হস্তক্ষেপ কৰাতহে ৰক্ষা৷ আৰু এদিন ডা° বৰুৱাই কোৱা তেওঁৰ ভতিজাকজনৰ কাহিনীটোলৈ মনত পৰি গ’ল৷ বেচেৰাই ফেক প্ৰফাইলৰ প্ৰেমত পৰি ঠগন খাই মানসিক ভাবে বিধ্বস্ত হৈ পৰিছিল৷ এতিয়াও হেনো সি ৰাতি ৰাতি চিঞৰ মাৰি উঠি বহে৷

বৰা বৰানী যোৱাৰ এঘণ্টা পিছত অনন্যা আহি ডা° তালুকদাৰৰ কেবিনলৈ আহিল দুই এটা গতানুগতিক কথা আলোচনা কৰিবলৈ৷ ঠিক তেনেতে শৰ্মানী, শইকীয়ানী আৰু ডেকানী আহি ওলাল গেট টুগেদাৰৰ নিমন্ত্ৰণ দিবলৈ৷ ডা° তালুকদাৰৰ গান্ধীকলনিৰ দুই এজনক বাদ দি সকলোৰে লগত এক সদ্ভাৱ আছে৷ তেওঁলোক অহাত অনন্যাই চকী খন এৰি দি থিয় হৈ ৰ’ল৷ ডা° তালুকদাৰে তাইক নিজৰ কাষৰ চকী খনত বহিবলৈ ইঙ্গিত দিলে৷

শইকীয়ানীয়ে গেট টুগেদাৰত ডা° তালুকদাৰৰ উপস্থিতি নিশ্চিত কৰিহে এৰিলে আৰু লগতে অনন্যাকো লগত লৈ আহিবলৈ টানি ধৰিলে৷ অনন্যাই নাযাও নথও চু চু কৰিছিল যদিও অবশেষত সন্মত হ’ল৷

|| গেট টুগেদাৰ ||

ড° হিলৈধাৰী সময়ানুৱৰ্তিতা মানি চলা মানুহ, গতিকে সাত বজাতে শৰ্মাৰ ঘৰত উপস্থিত হ’লগৈ৷ তেতিয়ালৈ মাত্ৰ দুই এজনহে আহি পাইছিল৷ পিছে প্ৰায় পিছে পিছে এ আৰু বি ব্লকৰ সকলো সদস্য আহি উপস্থিত হ’ল৷ সকলোৱে ড° হিলৈধাৰীৰ লগত চিনাকী হ’বলৈ হেঁতা ওপৰা লগালে৷ দুজন মানে অট’গ্ৰাফো ল’লে৷ এই এটা বিষয়ত ড° হিলৈধাৰীয়ে কেতিয়াও কাৰ্পণ্য নকৰে৷

ক্ষন্তেক পাছতে ডি ব্লকৰ ভট্ট হাঁহি হাঁহি ওলালহি৷ লগত ভট্টনী আৰু মজুমদাৰ৷

ভট্ট যিমানে ভলভলীয়া, ভট্টনী সিমানে লাজকুৰীয়া৷ ভট্টই টেবুলত সজাই থোৱা পেষ্ট্ৰী এটুকুৰা মুখত সুমুৱাই ক’লে, মই পিছে খোৱাত লাজ নকৰো দেই, হাঃ হাঃ হাঃ৷ ঢেক ঢেক ঢেক৷

আজি আৰু চাহ বনাবলৈ শৰ্মানীৰ মন নাছিল যদিও ড° হিলৈধাৰীৰ বাবে বনাব লগা হ’ল৷ ঢেঁকীৰ যি দেখিছো স্বৰ্গলৈ গ’লেও সাৰণ নাই৷ আজিৰ এই পাৰ্টিতো কোনোবাই চাহ বিচাৰে নে? শৰ্মানীয়ে মনতে ড° হিলৈধাৰীক এটা ধিক্কাৰকে দি দিলে৷

চাহ পেষ্ট্ৰী খাই ড° হিলৈধাৰী যাবলৈ ওলাল, এনেতে আগমন ঘটিল নাথ আৰু নীলাঞ্জনা গগৈৰ৷

ড° হিলৈধাৰীয়ে নীলাঞ্জনাৰ ফালে চালে আৰু নীলাঞ্জনাই ড° হিলৈধাৰীৰ ফালে চালে৷ কাৰ কি হ’ল কব নোৱাৰো মুঠতে ড° হিলৈধাৰীয়ে তেওঁৰ এপইণ্টমেণ্টটো কেন্চেল কৰি গেট টুগেদাৰ শেষ কৰিহে যাম বুলি ঘোষণা কৰিলে৷

নীলাঞ্জনা গগৈ৷ ভদ্ৰমহিলা আপাততঃ বেছ সুন্দৰী৷ তেওঁৰ বয়স যদিও বত্ৰিছ দেখিলে কিন্তু সাতাইছ যেন হে লাগে৷ আৰু আপুনি যদি বাইছ বুলিও কয় তথাপি কিন্তু আপোনাৰ এক নম্বৰো কটা নাযায়৷

ক’লা জীনচ আৰু নীলা টপটোৰে নীলাঞ্জনাক কলম্বিয়ান গায়িকা ছাকিৰাৰ দৰেই লাগিছিল৷ শৰ্মাই কল্পনাতে নীলাঞ্জনাৰ জীনচ আৰু টপটো শৰ্মানীক পিন্ধাই চালে৷ওহো, কিবা এটা মিলা নাই ! এই চৌনা বেল্ট ডালৰ একো কাম নাই৷ শৰ্মাই ভাবিলে, তাতকৈ অহা মাহত দৰমহা পালে ভি এল চি চি তে নামটো লিখাই দিব লাগিব শৰ্মানীক৷

শৰ্মা, ড° হিলৈধাৰী, ভট্ট আৰু কেইবাজনৰ দৃষ্টিয়ে নীলাঞ্জনাৰ শৰীৰত এক প্ৰিজমৰ সৃষ্টি কৰিলে৷ সকলোৱে এটাই সিদ্ধান্তত উপনীত হ’ল, “এই ছোৱালী নহয়, এই একুৰা জ্বলা জুই ”৷

সকলোৰে হাতে হাতে কিবাকিবি অহাৰ পিছত শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিলে আৰু শইকীয়াই তাক সমৰ্থন কৰিলে৷

অ’ উৰহীৰ ওৰটো এতিয়াহে ওলাল !!! ৰাইজে তাৰমানে ফেচবুক খেলিবলৈহে এই গেট টুগেদাৰ পাতিছে৷

ড° হিলৈধাৰীয়ে প্ৰথম বিস্ফোৰণ ঘটালে , আচ্ছা, আপোনালোকে বাৰু ফেচবুকৰ লাইক আৰু কমেণ্ট লৈ নো কি খাৰ খাব বাৰু?

ডেকাই ক’লে, চাওক চাৰ, আজি কেইমাহমান আগতে এটা গল্প লিখি পঠিয়ালো এখন প্ৰখ্যাত আলোচনীলৈ৷ পিছে দুমাহমান পিছত এটা খামত মোৰ সেই লেখাটো ঘূৰাই পালো , লগত এখন সৰু চিঠি “ ক্ষমা কৰিব, আপোনাৰ লেখাটো প্ৰকাশৰ বাবে বিবেচনা কৰিব পৰা নহ’ল৷“

যোৱা মাহত আকৌ এটা লিখি পঠিয়ালো, এইবাৰ আকৌ ৰঙা চিঞাহীৰে স্টাম্প এটা মাৰি ঘূৰাই পঠিয়ালে,” প্ৰকাশৰ বাবে অযোগ্য” বুলি৷ ইমান আস্পৰ্ধা !! কিন্তু আপুনিয়েই চাওক, আমিতো ফেচবুকত যিকোনো লেখা প্ৰকাশ কৰিব পাৰো৷ কেৱল লাইক আৰু কমেণ্ট পালেই আমি খুছ, আমাকটো আৰু কোনো মাননি নালাগে৷

আপোনালোকে কিয় লাইক নেপায় ক’ব নোৱাৰো, কিন্তু মই দেখোন কিবা এটা লিখিলেই তাত মিঠাইত মাখি পৰাদি লাইক আৰু কমেণ্ট আহে৷

সেই কাৰণেটো আপুনি চেলিব্ৰিটী আৰু সেইকাৰণেটো আপোনাক আমাৰ মাজত বিচৰা হৈছে৷

তাৰ মানে কি মোকলৈ আপোনালোকে লবী কৰিব বিচাৰিছে??

নহয় নহয়, ভুল নুবুজিব৷ আমি কেৱল আপোনাৰ গাইডেন্সহে বিচাৰিছো৷ ডেকাই খপজপকৈ কৈ উঠিল৷

ড° হিলৈধাৰীয়ে পেন্টটো ওপৰলৈ টানি, বেল্টডাল অলপ কচি লৈ ভাষণ আৰম্ভ কৰিলে, “ শ্ৰদ্ধাৰ গান্ধী কলনি নিবাসী ৰাইজ৷ মোৰ বেছি কথা কোৱাৰ অভ্যাস নাই৷ তথাপি শুনক, অপোনালোক যেনেকৈ ফেচবুকৰ লাইক কমেণ্ট লৈ ব্যতিব্যস্ত হৈ পৰিছে সিমান দৰকাৰ নাই আচলতে৷ প্ৰথম কথা, আপোনালোকে যিমান লাইক পালেও যেনেকৈ ভেটী নিদিয়াকৈ চৰকাৰী চাকৰি নাপায়, তেনেকৈ হাজাৰ কমেণ্ট পালেও বেংকৰ লোণ নাপায়৷ ষ্টেট বেংকেই কওক লাগিলে আইচিআইচিআই বেংকেই কওক৷ কি হ’বনো এইবোৰ কৰি?“

অসন্তুষ্টিৰ মাত্ৰা বাঢ়ি আহিল৷ কিন্তু অভিজ্ঞ শইকীয়াই পেষ্ট্ৰী আৰু প’ক’ৰাৰ প্লেটদুখন লৈ সকলোকে চাৰ্ভ কৰি দিয়ালে৷ পিছে ড° হিলৈধাৰীয়ে এইবোৰযে একোকে নাখায়৷ গতিকে শৰ্মানীয়ে তেওঁৰ হাতত এটা প্ৰাণ লিচিৰ বটল তুলি দি আহিল, পিছে সেইটো লিৰিকি বিদাৰি চাই ড° হিলৈধাৰীয়ে চিত্কাৰ কৰি উঠিল, “অ’ এইটো বাংলাদেশী প্ৰাণ লিচি!! যি বাংলাদেশী বোৰৰ কাৰণে আজি অসমখন ধ্বংসৰ গৰাহত, যি বাংলাদেশী খেদিবৰ কাৰণে অসমী আইৰ আঠশ নৱযুৱক ছহিদ হ’ল, সেই বাংলাদেশে বনোৱা লেচুৰ চৰ্বত আপোনালোকে আজি খাইছে আৰু অকল খোৱাই নহয় প্ৰ’মোট কৰিছে৷ এনেকুৱা আঁহফলীয়া কথা কেনেকৈ বাৰু আপোনালোকে বিচাৰ কৰিব পাৰিলে? মই ধিক্কাৰ দিছো, গৰিহণা দিছো৷ মই যাওঁ৷“

এইখিনিতে ভট্টই খেল দেখুৱালে৷

ভট্টই কৈ উঠিল, মই সম্পূৰ্ণৰূপে ড° হিলৈধাৰীক সমৰ্থন কৰিছো৷ এইবুলি তেওঁ প্ৰাণ লিচিৰ গোটেই কাৰ্টনটো উঠাই দাঙি ঘৰৰ সন্মুখৰ নলাটোতে পেলাই থৈ আহিলগৈ৷ নিজৰ নলাই হওক বা আনৰ নলাই হওক, নলা নলাই৷

কান্দি থকা কেঁচুৱাক যেনেকৈ ডাইপাৰ সলনি কৰি দিলে শান্ত হৈ পৰে ঠিক তেনেকৈ ড° হিলৈধাৰীও শান্ত হৈ পৰিল৷ ৰাইজৰ মুখত হাঁহি বিৰিঙিল৷

পিছে ডেকাও সেও মনা ভকত নহয়৷ তেওঁ ড° হিলৈধাৰীক প্ৰত্যাহ্বান জনাবলৈ পুনৰ থিয় দিলে৷ এয়া যেন মহাভাৰতৰ কৰ্ণাৰ্জুনৰ সমুখ সমৰহে৷ মাথো কাৰো হাতত নাই ধনু আৰু কাঁড়৷ কেৱল মুখৰ কথাৰে দুয়ো দুয়োকে ধৰাশায়ী কৰিবলৈ উত্ৰাৱল হ’ল৷

ডেকাই আৰম্ভ কৰিলে, আপুনি চাকৰি লোনৰ কথা কৈছে? চাওক আমাক চাকৰি নেলাগে, লোনো নেলাগে৷ আমাৰ খাবলৈ ববলৈ অভাৱ হোৱা নাই৷ আমাক আচলতে বৌদ্ধিক খোৰাকৰ প্ৰয়োজন৷ আপুনিতো নিজেই এগৰাকী সমাজ বিজ্ঞানী৷ “মাচল’জ ল অৱ হায়াৰাৰকী অৱ নীদচ” আপুনি আমাতকৈ বেছি ভালকৈ জানে৷ সেই ছেল্ফ এক্চুএলাইজেছন নীদৰ কাৰণেহে আমাক লাইক আৰু কমেণ্ট লাগে বুজিছে৷

ড° হিলৈধাৰীয়ে ডেকাৰ পৰা “মাচল’জ ল অৱ হায়াৰাৰকী অৱ নীদচ”ৰ বিষয়ে ক্লাচ এটা আশা কৰা নাছিল৷ গতিকে তেওঁ হাৰ মানিব নুখুজি ক’লে, কিন্তু লাইক, ক’মেণ্ট পাবলৈ প’ষ্টটোওটো ভাল হ’ব লাগিব৷ বাৰেবিংকৰা আপডেট দিলে এনেই আৰু কিবা লাইক ক’মেণ্ট পাব নেকি?আপোনাৰ আপডেটবোৰ লোকৰো কামত আহিব লাগিব৷

ডেকাই ক’লে, দেৰিয়েই হ’ল৷ “কথাতে বোলে কৃষ্ণই কৰিলে লীলা, আমি কৰিলে কিলা”৷ আমি দিয়া প’ষ্টবোৰ গেলা আৰু আপুনি দিয়া প’ষ্টবোৰ হীৰা ! মনতকৰকচোন আপুনি যে দিয়ে আপডেটবোৰ “আজি বৰ ঠাণ্ডা”, “অমুক এয়াৰপ’ৰ্টত লেণ্ড কৰিলো”, “কান্দুলী মাছৰ বহুত কাঁইট”, এইবোৰ কি ৰাইজৰ কামত অহা আপডেট?

ড° হিলৈধাৰীয়ে ভাইভাত প্ৰশ্নৰ উত্তৰ নজনা ছাত্ৰ ছাত্ৰীৰ দৰে ব্লাফ দিব আৰম্ভ কৰিলে৷ তেওঁ ক’লে, কিন্তু তাতেওতো আপোনালোকে লাইক মাৰে, ক’মেণ্ট দিয়ে৷

ডেকাই ক্ৰুৰ হাঁহি এটা মাৰি ক’লে, সেইখিনিতেইতো কথা৷ আমি আপোনাৰ আপডেটত লাইক মাৰিছো এইটো বুজাবলৈ যে আমি আপোনাৰ আপডেটটো পঢ়িছো৷ ভাল লগা নলগাতো পিছৰ কথা৷

ভট্টই মাজতে মাত লগালে, মই পিছে আপডেট দেখিলেই লাইক মাৰি দিও, পিছতহে পঢ়ো৷ লাইক কৰি প্ৰথমতে একন’লেজ কৰি থও যে প’ষ্টটো দেখিছো৷ ক’মেণ্ট দিব লগা বুলি ভাবিলে পিছত দিও৷

ড° হিলৈধাৰীয়ে হাৰ মানিব নুখুজি শেষ অস্ত্ৰপাট এৰি চালে৷ কিন্তু ভাল নালাগিলেনো কিয় লাইক কৰিম বাৰু?

ডেকাই ক’লে, ‘লাইক’ মানেই ‘লাভ’ নহয়তো ডাঙৰীয়া৷ আমি আপোনাৰ আপডেটত পজিটিভ ক’মেণ্ট দিলেও আপুনি লাইক নকৰে৷ আৰু শুনক, আজি আমাৰ সংকুচিত সমাজব্যৱস্থাত ফেচবুকেই এখন সমাজ হৈ পৰিছে৷ নিতৌ ন ন মানুহৰ লগত চিনাকি হৈছো৷ কাৰোবাৰ লগত ঘনিষ্ঠ হৈছো যদি কাৰোবাক আনফ্ৰেইণ্ডেই কৰিছো৷ ফেচবুকতেই কিমান মাহী, খুৰী, দাদা, পেহী পাতি ল’লো৷

এইখিনিতে গোটেইখিনি মানুহৰ মাজত আটাইতকৈ হাঁহিমুখীয়া বেচেলৰ বৰ্মনে মাত লগালে, হয় হয়, মোৰো ফেচবুকত ওঠৰজনী ভণ্টী আছে৷

প্ৰচণ্ড হাঁহিৰ কোৰাচত গোটেই ৰুমটো মুখৰিত হৈ পৰিল৷ বেচেৰা বৰ্মনে সেমেনা সেমেনি কৰি ক’লে, কিয় হাঁহিলেনো আপোনালোকে?

ভট্টই হাঃ হাঃকৈ হাঁহি ক’লে, নাই নাই একো নাই৷ কেৱল চাবা কোনোবাদিনা “ফেচবুক পঞ্চায়তে” ভণ্টি এজনী ডিঙিত ওলোমাই নিদিলেই ৰক্ষা৷ হাঃ হাঃ হাঃ৷

হেহ্হ… কিযে কয় আপোনালোকে? বৰ্মনে লাজ লাজ কৰি ক’লে৷

চাকি নুমাই যোৱাৰ আগতে দপকৈ জ্বলি উঠাৰ দৰে ড° হিলৈধাৰীয়ে কৈ উঠিল, অ’ সেই কাৰণেতো আপোনালোকে ফ’ন নাম্বাৰ থাকিলেও এছএমএছ নকৰি ফেচবুকতহে বাৰ্থডে উইছ কৰে৷ লোকক দেখুৱাবলৈ যে আপুনি উইছ কৰিছে৷

ডেকাই টপৰাই উত্তৰ দিলে, অ’তো আক’৷ আপোনাক বন্ধ ৰুম এটাৰ ভিতৰত মই অকলে সম্বৰ্ধনা জনালে আপোনাৰ ভাল লাগিব নে ডাঙৰ হলঘৰ এটাৰ ভিতৰত এশজন মানুহৰ আগত সম্বৰ্ধনা জনালে ভাল লাগিব? কথা সেইটোৱেই৷

হ’ল বুলিয়েইনো আৰু কিমান খোচ সহ্য কৰিব৷ এইবাৰ অলপ কথাটো বেলেগে পকাও বুলি ড° হিলৈধাৰীয়ে ক’লে, ঠিক আছে দিয়ক হ’ব মাৰিম ময়ো লাইক৷ মোৰ লাইকৰ ইমান ভেল্যু আছে বুলি গমেই পোৱা নাছিলো৷ মই দেখোন এটা কনচাল্টেন্সীয়ে খুলিব পাৰো, ‘ফেচবুক চুপাৰি ডট কম’ ! লাইকৰ ৰেট বেলেগ, কমেণ্টৰ ৰেট বেলেগ, হাঃ হাঃ হাঃ৷

অ’, আপুনি নিজকে কি ‘ফেচবুক মাফিয়া’ বুলি ভবা আৰম্ভ কৰিলে নেকি বাৰু? নালাগে যাওক আপোনাৰ হেৰি লাইক৷ ডেকাৰ জবাব৷ ড° হিলৈধাৰীৰ নিজৰ কথাষাৰ বুমেৰাঙৰ দৰেহে হ’লগৈ৷

এইবাৰ ড° হিলৈধাৰী চুপ হৈ ৰ’ল৷ তেওঁ কি ক’ব ভাবি নেপালে৷ তেওঁৰ ডিঙিত যেন মস্ত ভকুৱা মাছ এটাহে সোমাই লাগি ধৰিলে৷

ডেকাই যেন আজি ৰোমান সেনাপতি মাৰ্ক এণ্টনিৰহে ৰূপ ধাৰণ কৰিছে৷ জুলিয়াছ ছিজাৰৰ হত্যাকাৰীক শাস্তি বিহিবলৈ নি:স্তেজ জনতাক বক্তৃতাৰে উত্তেজিত কৰিব ধৰিছে৷

ডেকানীয়ে ডেকাৰ বাকচাতুৰ্য দেখি বুকুখন কাঞ্চনজংঘাৰ দৰে কৰি শৰ্মানী আৰু শইকীয়ানীক ফুচফুচাই ক’লে, দেখিছা আমাৰ এওঁৰ কথাত ড° হিলৈধাৰী কেনেকৈ বেঙে ছুছু কৰা গৰুৰ দৰে হৈ পৰিছে৷ ড° হিলৈধাৰীক মাতি আমি ভুলহে কৰিলো যেন পাইছো৷

শৰ্মানী আৰু শইকীয়ানী আনকালৰ দৰে নজ্বলি ডেকানীক সমৰ্থন কৰি ক’লে, এৰা হয়তো কথাটো, পিছে এই কাজিয়া এতিয়া ভাঙি নিদিলে মিছ নীলাঞ্জনাৰ পৰা টিপছবোৰ লোৱাই নহ’ব৷

শৰ্মানীয়ে আগভাগ লৈ হাত দুখন ওপৰলৈ কৰি ডাঙৰ ডাঙৰকৈ ক’লে, শান্তি শান্তি৷ এতিয়া পাৰ্টি টাইম৷ দা ককটেইল ইজ ৰেডি!! কাম অন ফ্ৰেণ্ডচ!!! লেটছ ৱেট আৱাৰ থাৰ্ষ্টি বীকচ৷

ভট্টই আগে ভাগে গৈ জনী ৱাকাৰৰ পাটিয়ালা পেগ এটা বনাই লৈ চিধা ডিঙিত বাকি দিলে৷ একদম নীট৷

সকলোৱে কিবা নহয় কিবা হাতত ল’লে৷ মহিলাসকলেও ব্ৰীজাৰ, বিয়েৰ আদি ল’লে৷

ধেত্তেৰি, ময়ো যে কি ভুলক্কৰ মানে পাহৰণশীল! দায় দোষ মৰিষণ কৰিব আৰু দেই৷ ডেকা আৰু ড° হিলৈধাৰীৰ তৰ্কযুদ্ধৰ মাজত মই অনন্যা আৰু ডা° তালুকদাৰক পাহৰিয়েই গৈছিলো পাই৷ ছৰি….

অনন্যাই বুদ্ধি কৰি মিৰিণ্ডা এগিলাচ ল’ব খুজিছিল যদিও শইকীয়ানীয়ে জবৰদস্তি ৰেডৱাইন এগিলাচ দি পঠিয়ালে৷

অনন্যাই লাজ লাজ কৰি ডা° তালুকদাৰক সুধিলে, আপুনি একো নলয়?

একো নলও মানে? তুমি আনি দিলেতো মই ছাইনাইড কি হেমলকো খাব পাৰো !! ডা° তালুকদাৰৰ অবাধ্য মনটোৱে আকৌ জোকালে৷

অ’… লম বাৰু সৰুকৈ এটা৷ ৰাতিপুৱা আকৌ ডিউটিও আছে নহয়৷ এইবুলি তেওঁ জনী ৱাকাৰৰ লাৰ্জ পেগ এটা লৈ আহিলগৈ৷

ড° হিলৈধাৰীক এটা আমুল কুল হাতত দি সন্তুষ্ট কৰা হ’ল৷

মই ঠাণ্ডা পানী এগিলাচ হাতত লৈ এন্ধাৰ চুক এটাত বহি ৰেহৰূপ চাবলৈ ধৰিলো৷

|| নাৰীৰ শক্তি ||

শৰ্মাই নীলাঞ্জনা গগৈক সুধিলে, মিচ গগৈ আপুনি কি ল’ব?

উত্তৰ আহিল, ‘বাকাৰ্ডি অন দা ৰকচ্’৷ আৰু মোক মিচ চিচ বুলিব নালাগে, নীলা বা নীলু বুলি মাতিলেই হ’ব৷

‘বাকাৰ্ডি অন দা ৰকচ্ ‘ শুনি শৰ্মাই অলপ থতমত খালে যদিও নিজকে চম্ভালি ল’লে৷ শৰ্মাই বৰ আশা কৰিলে এই মূহুৰ্তত কোনোবাই তেওঁক সোধক কি ল’ব বুলি৷ তেওঁ টপৰাই ক’ব ‘ভডকা মাৰ্টিনি, শ্যেকেন বাট নট ষ্টায়াৰ্ড’ !! ঠিক যেন জেমচ বণ্ড ষ্টাইলত৷

কিন্তু সেই সুযোগ নাহিল আৰু শৰ্মানীয়ে বাকাৰ্ডিৰ পেগ এটাত অকল বৰফ কেইটুকুৰামান ঢালি মিচ নীলাঞ্জনাৰ হাতত তুলি দিলেহি৷ লগতে প’ক’ৰাৰ ঠালখনো সন্মূখত দাঙি ধৰিলেহি৷ নীলাঞ্জনাই হাতেৰেই প’ক’ৰা এটা তুলি ল’লে৷ ভদ্ৰমহিলাই কেতিয়াও চফ্টষ্টিক বা কাটাচামুচ ব্যৱহাৰ নকৰে৷ তাৰো কাহিনী আছে৷ এবাৰ এটা পাৰ্টিৰ শেষত দিয়া পুডিং খিনি এখেতে কাটাচামুচেৰে খাবলৈ চেষ্টা কৰি বৰ আলৈ আথানি হ’ল৷ ওচৰতে পিলিঙাকেইটামানে বৰ ফিচিঙা ফিচিঙি কৰিলে৷ জ্বলাজুইত ঘৃতাহুতি পৰিল যেতিয়া ৱেটাৰ এজনে চামুচ এখন আগবঢ়াই দি ক’লে, মেডাম এইখনেৰেহে পুডিং খাব লাগে৷ তেতিয়াৰে পৰাই মেডামে কাটাচামুচ ব্যৱহাৰ নকৰে আৰু খোলাখুলিকৈ কয়েই, হাতেৰে খোৱাৰ সমান তৃপ্তি হেনো আৰু নাই!!

শৰ্মানীয়ে ক’লে, এতিয়া মেডামে আমাক অলপ এনলাইটেন কৰিব বুলি আশা কৰিলো৷

নীলাঞ্জনাই ক’লে, নিশ্চয় কৰিম৷ সেইবাবেইতো আহিছো৷ পিছে মই কিবা কোৱাৰ আগতে কওকচোন আপোনালোকৰ ফ্ৰেইণ্ডলিষ্টবোৰ কিয় ইমান সৰু? মানে কিয় ইমান কম ফ্ৰেইণ্ড? কাৰোবাৰ দুশ কাৰোবাৰ তিনিশ৷ আজিৰ দিনত এহেজাৰ ফ্ৰেইণ্ড মিনিমাম বেন্সমাৰ্ক৷

ডেকানীয়ে মাত লগালে, প্লিজ মেডাম দুটামান টিপছ দিয়ক না কেনেকৈ বেছি ফ্ৰেইণ্ড পাব পাৰি৷

প্ৰথম প’ক’ৰাটো শেষ কৰি নীলাঞ্জনাই উত্তৰ দিলে, চাওক এনেয়ে প্ৰকৃত বন্ধু বৰ দূৰ্লভ যদিও ফেচবুকত ফ্ৰেইণ্ডছ পোৱাটো বৰ কঠিন নহয়৷ যাক আপুনি ফ্ৰেইণ্ড বনাব খোজে তেওঁ প’ষ্ট বিলাকত লাইক মাৰি থাকক, ভাল ক’মেণ্ট দি থাকক, এদিন দেখিব তেওঁ নিজেই আপোনাক ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াইছে৷ আৰু আপোনালোকে নিজেও আপডেট দি দি এক্টিভ হৈ থকাটো বৰ দৰ্কাৰ৷ ইনএক্টিভ প্ৰফাইল এটাক বহুতে ফ্ৰেইণ্ড বনাব নোখোজে৷ আপোনালোকেতো আৰু জন্মতে চেলিব্ৰিটি হৈ অহা নাই, গতিকে পাপৰ বেলিবই লাগিব৷

শৰ্মানীক উদ্দেশ্যি তেওঁ ক’লে, আপোনালোকৰ যে বনকৰা ছোৱালী মিনি তাইৰ নামত জানো আপোনালোকে প্ৰফাইল খুলিছে? খোলা নাই হয়নে? হেইয়া…. মই জানোৱেই৷ তাইৰ নামতো এটা প্ৰফাইল খুলি দিয়ক, কেৱল নামটো অলপ মডাৰ্ণ কৰি দিব, এটা ফ্ৰেইণ্ড আপোনাৰ এনেই বাঢ়ি গ’ল৷ এতিয়া সেইটো প্ৰফাইলেৰে আপুনি নিজৰ আপডেটবোৰত ধুনীয়া ধুনীয়া ক’মেণ্ট দি থাকিব পাৰিব৷

অলপ ৰৈ নীলাঞ্জনাই পুনৰ ক’লে, কাকো নক’ব দেই, আমাৰ ঘৰৰ ঢেকুৰা কুকুৰটোৰ নামতো এটা প্ৰফাইল আছে!!! টমি ডি.এইছ বুলি চাৰ্চ কৰিলে পাই যাব৷

ভট্টই মজুমদাৰক উদ্দেশ্যি চিঞৰিলে, ঐ কবিৰাজ একান্ত মনে বহি কি লিখিব ধৰিছ? কলেজৰ অভ্যাস নগ’ল আৰু ন’? মেডামে কি কৈ আছে অলপ মন দেচোন৷

মজুমদাৰেও সমানে উত্তৰ দিলে, দুটা পেগতে লাগিলেই নে তোৰ আজি? শুন মই মেডামে কোৱা প্ৰতিটো কথা ন’ট কৰি ৰাখিছো৷ পিছত গোটেই কথাখিনি এটা ডক ফাইল বনাই গান্ধী কলনি গ্ৰুপত আপলোড কৰি দিম বুজিছ৷ চবৰে কামত আহিব৷

সকলোৱে শলাগিলে, ‘সাধু সাধু’৷

এইবাৰ শইকীয়ানীয়ে মাত লগালে, মেডাম কি ধৰণৰ আপডেট দিলে বেছি পপুলাৰ হয় অলপ বহলাই ক’ব নেকি?

- হয় হয় , ক’ব লাগে ক’ব লাগে৷

শুনক তেনেহ’লে৷ ফেচবুকত তিনিটা বস্তু খুউৱ পপুলাৰ৷

- কি কি বাৰু?

প্ৰেম, কবিতা আৰু বিতৰ্ক৷

দত্তই মাত লগালে, হেৰি আমিবোৰ বেছিভাগেই বিয়া বাৰু কৰোৱা, ল’ৰা ছোৱালীও মোটামুটি ডাঙৰ হ’ল৷ এতিয়ানো আৰু ক’ত প্ৰেম থাকে কওকচোন৷

সকলোৱে শেঁতা হাঁহি একোটি মাৰিলে৷

বৰ্মনো গোটেই কম নহয়৷ ভণ্টিকলৈ কৰা ঠাট্টাৰ প্ৰতিশোধ ল’বলৈ বেচেৰাই চেগ চাই আছিল৷ এতিয়া সুযোগ পাই সকলোৰে ফালে চকু টিপ এটা মাৰি নীলাঞ্জনাৰ ফালে চাই ক’লে, হয় দিয়কচোন৷ লাইক পাব বুলিয়েইতো আৰু নিজৰ পৰকীয়া প্ৰেমবোৰ ফেচবুকত উদঙাই দিব নোৱাৰে নহয়৷

দুজনমানৰ ডিঙিত সোপা লাগিল৷

ঠিক আছে, আপোনালোকে কবিতা লিখক৷ সদায় দুই তিনিটাকৈ কবিতা লিখক আৰু প’ষ্ট কৰক৷

- মাই গড!! আপুনি দিনে দুই তিনিটা কবিতা লিখাৰ কথা কৈছে৷ মইতো জীৱনত আজিলৈকে এটাও কবিতা লিখিব নোৱাৰিলো৷ ইমান টান৷

শইকীয়ানীয়ে বিলাপ কৰিলে৷

পেষ্ট্ৰী এটুকুৰা হাতত লৈ নীলাঞ্জনাই লাহে লাহে ক’ব ধৰিলে, শুনক পৃথিৱীৰ আটাইতকৈ সহজ কামটো হ’ল ভাতৰ লগত পানী খোৱা৷ আৰু তাৰ পিছতে হ’ল কবিতা লিখা৷

যেনে ধৰক মই এই পেষ্ট্ৰী খাই খায়েই এটা কবিতা লিখিব পাৰো –

আৰু নুখুৱাবি মোক
ব্লেকফৰেষ্ট পেষ্ট্ৰী
হৈ গৈছে পেটটো মোৰ
মস্ত এটা টেকেলী৷
হিঃ হিঃ, হেঃ হেঃ , হাঃ হাঃ, খিল খিল , ঢেক ঢেক , খিক খিক, খুক খুক আদি বিভিন্ন প্ৰকাৰৰ হাঁহিৰ ককটেইলত গোটেই কলনি কঁপি উঠিল৷ আনকি ড° হিলৈধাৰীয়েও মিচিকি হাঁহি এটি মাৰিলে৷

এইবাৰ লাজুকী ভট্টনীৰ মাত, পিছে কবিতা লিখিবলৈ ছন্দবোৰ বিচাৰিকে নেপাওঁ দেখোন?

অ’ আই৷ হৰি হৰি৷ আপোনালোকে কি আধুনিক কবিতাৰ নাম শুনা নাই? অ’হ মাই গোছ!!! ছন্দবিহীন কবিতা লিখিবলৈ আৰু সহজহে৷ ডিক্সনাৰী চাই শব্দ কেইটামান বাচি লওক আৰু ইফাল সিফাল কৰি বহুৱাই দিয়ক৷ বচ হৈ গ’ল আপোনাৰ আধুনিক কবিতা!!

ভট্টনীয়ে লাজ লাজকৈ আকৌ মাত লগালে, আপুনি কোৱাৰ দৰে ইমান সহজ হ’লে সকলোৱে কবি হ’লহেঁতেন৷

অ’ আপুনি বিশ্বাস নকৰে ন’? শুনক তেনেহ’লে খাৰা খাৰা ইয়াতে এটা লিখি দিছো -

আঘোণৰ পথাৰৰ সোণোৱালী শইচ
আৰু মোৰ ক্ষুধাতুৰ পেট
পপীয়া তৰা এটিয়ে দাঙি ধৰিলেহি
ডাঙৰ এটি প্ৰশ্ন
খালী পেটত জানো
সম্ভৱ আমাৰ প্ৰেম?
সকলোৱে হাতচাপৰি বজাব ধৰিলে৷

ভট্টনীয়ে আকৌ সুধিলে, পিছে কবিতাটো যদি কিবা অদ্ভূত হৈ পৰে তেতিয়া?

মেডামে তৃতীয় পেগটো গলাধঃকৰণ কৰি ক’লে, তেনেই সহজ৷ কবিতাটোৰ ওপৰত অকবিতা বুলি লিখি দিব৷ কাম চেটেপ৷ ঠিক তেনেদৰে অদ্ভূত গল্প এটা লিখিও অগল্প বুলি শিৰোনামা এটি দি দিব পাৰে৷ সাপো মৰিব লাঠিও নাভাঙিব৷

শৰ্মানীয়ে জানে নেমু চেপিলেহে ৰস ওলায়৷ মেডাম অলপ টিপছি টিপছি হৈছে যেতিয়া আৰু কথা সহজে উলিয়াব পৰা হ’ব৷ তেওঁ শৰ্মাক ওচৰলৈ মাতি আৰু এটা পেগ মেডামক দিবলৈ শৰ্মাক পাচিলে৷

শৰ্মানী এনেয়ে বৰ সন্দেহবাদী৷ কিন্তু আজি মেডামৰ পৰা টিপছ উলিয়াবলৈ শৰ্মাক বলিৰ পঠাৰ দৰে আগবঢ়াই পঠিয়ালে৷ শৰ্মাই পেটে পেটে ভাবিলে, নাৰীয়ে যে নিজৰ স্বাৰ্থৰ কাৰণে কি কৰিব নোৱাৰে?

চতুৰ্থ পেগ হাতত পাই নীলাঞ্জনাই পুনৰ মাৰ্গদৰ্শন আৰম্ভ কৰিলে৷ তেওঁ ক’লে, আটাইতকৈ বেছি লাইক আৰু কমেণ্ট পোৱাৰ সম্ভাৱনা থাকে বিতৰ্কমূলক কিবা আপডেট দিলে৷ আনকি ভাল ফ’ট’ এখনতকৈও ইয়াত বেছি লাইক পাব পাৰি৷

মজুমদাৰে চচমাযোৰ অলপ ওপৰলৈ ঠেলি মাত লগালে, অকণমান উদাহৰণ সহ বুজাই দিব নেকি?

নিশ্চয় দিম৷ এইবাৰ এমুঠি এলমণ্ড মুখত সুমুৱাই নীলাঞ্জনাই ক’বলৈ ধৰিলে, তাৰ আগতে বিতৰ্কৰ সুবিধাটো কৈ লও৷ বিতৰ্ক এটিত সপক্ষে আৰু বিপক্ষে বহু মানুহ পাব, কোনোবাই ভাল ক’ব কোনোবাই বেয়া ক’ব৷ ইটো কমেণ্টৰ পিছত সিটো কমেণ্ট পাব৷ তাৰ পিছত আকৌ ক্ৰছ কমেণ্ট আৰম্ভ হ’ব৷ এনেকৈ আপোনাৰ প’ষ্টটো বহু দেৰিলৈকে এলাইভ হৈ থাকিব৷ গতিকে স্ৱাভাবিকতে বেছি লাইক আহিবই৷ উদাহৰণ স্ৱৰূপে, আজিকালি পূজাত বলি-বিধান দিয়া নিদিয়া বিষয়টো এটা হট টপিক৷ এই টপিকটো যিমানবাৰেই উঠাব সিমানবাৰেই চৰ্চা হৈ থাকিব৷ সপক্ষে কোৱা যিমান বিপক্ষেও সিমানেই৷

- আৰু দুটামান কওকচোন৷

আৰু ধৰক কিছুমান এভাৰগ্ৰীণ বিতৰ্ক আছে, যেনে আজি কিছুমাহ আগতে গুৱাহাটীৰ জি এচ ৰোডত ৰসাল কাণ্ড এটা ঘটি গ’ল যিটোৰ ওপৰত সদায়ে বিতৰ্ক হ’ব পাৰে৷ যেনে ছোৱালীয়ে বাৰলৈ মদ খাব যোৱা উচিত নে অনুচিত৷ ছোৱালীয়ে চিগাৰেট খাব পায় নে নেপায়৷

- ইণ্টাৰেষ্টিং৷ আৰু?

আৰু ছোৱালীয়ে ল’ কাট টপ, মিনি স্কাৰ্ট পিন্ধিব লাগেনে নেলাগে, কলেজত ইউনিফৰ্ম পিন্ধিব লাগেনে নাই, কলেজৰ ইউনিফৰ্মৰ ছোৱালীৰ কুৰ্তা চুটি হ’ব লাগেনে দীঘল ইত্যাদি ইত্যাদি৷

- আৰু?

টপলেচ বটমলেচ আন্দোলন, স্লাট ৱাক, পুছী ৰায়ত৷

- তাৰমানে কি নাৰীৰ ওপৰত লিখা সকলো টপিকেই বিতৰ্ক সৃষ্টি কৰে নেকি?

সাধাৰণতে কৰে৷ বেছি একো নকও, “লাও সদায়ে পাতৰ তল” বুলি এটা মাত্ৰ বাক্য লিখি আপডেট কৰি চাওকচোন, বিতৰ্ক হয় নে নহয় মোক ক’ব৷

- মই কৰিম আপডেট, মই কৰিম আপডেট৷

এইবোৰৰ উপৰিও “উজনি নামনি”, “নদী বান্ধ” আদি টপিকো আছে কিন্তু এইবোৰত অলপ গভীৰ জ্ঞান লাগিব বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ৷

আৰু পাহৰি যোৱাৰ আগতে শেষ কথা দুটা কৈ থও৷ এক, আপোনালোকে কমেণ্ট দি উঠি লাইক কৰিব পাহৰি যোৱা বদঅভ্যাস বোৰ ত্যাগ কৰক দেই ! দুই, বিতৰ্কবোৰত কাকো কেতিয়াও ব্যক্তিগত আক্ৰমণ নকৰিব দেই৷ আজিকালি চব গোটতে ফেচবুক পঞ্চায়ত থাকে, পঞ্চায়তে আপোনাক গোটৰ পৰা বহিষ্কাৰ কৰি দিবও পাৰে৷ এই বুলি মেডামে সামৰণি পেলালে৷

নাথে হাঁহি হাঁহি মাত লগালে, সিদিনা পঞ্চায়তে মোকো তেনেদৰে উলিয়াই দিছিল৷ পিছে মোক গোৰ মাৰি যেন গংগাতহে পেলালে৷ ময়ো বাপ্পেকে নতুন গ্ৰুপ এটা খুলি দিলো৷ এতিয়া সেই গ্ৰুপৰ মই নিজেই এদমিন্৷ হাঃ হাঃ হাঃ৷

ডা°তালুকদাৰ আৰু অনন্যাই একো মতা নাছিল কাৰণে শৰ্মাই সুধিলে, আপোনালোকে জইণ্টলি কিবা ক’ব নেকি?

নাই নাই, একো কবলগীয়া নাই৷

ৰেড ৱাইনে আজি বেছিকৈ ৰঙা কৰা হিম’গ্ল’বিনবোৰ অনন্যাৰ দুগালত থুপ খালেহি৷

মজুমদাৰে এটা শব্দও বাদ দিয়া নাছিল৷ তেওঁ থিয় হৈ ঘোষণা কৰিলে, আমাৰ শ্ৰদ্ধাৰ নীলু মেডামে কোৱা গোটেই কথা খিনি মই কাইলৈ সূৰ্য্য অস্ত যোৱাৰ আগতে আমাৰ গান্ধীকলনি গোটত ডক ফাইল হিচাপে আপলোড কৰিম দেই৷ কাইলৈ মই অফিচলৈকে নাযাওঁ৷

ইয়াৰ পিছত সকলোৱে ভজা ভাত আৰু অন্য কিবাকিবি খাই হাঁহি মুখেৰে ঘৰাঘৰি গ’ল৷

মোৰতো টোপনি নাহেই কাৰণ নিদ্ৰাদেৱীৰ যে মোৰ লগত বহুবছৰৰ অভিমান গতিকে মই ড° হিলৈধাৰীকে অনুসৰণ কৰিলো৷

|| বিপদত বুধি হেৰায় ||

শৰ্মাৰ ঘৰৰ হাঁহিৰ কলৰৱ আৰু তণ্ডুৰী চিকেনৰ গোন্ধই বৰা আৰু বৰানীক বাৰুকৈয়ে জ্বলাইছিল৷ তণ্ডুৰী চিকেন বৰাৰ বৰ প্ৰিয়৷ গোন্ধ পাই এপাকত তেওঁ শৰ্মাৰ ঘৰলৈ যাব ওলাইছিল যদিও নিজকে সম্বৰণ কৰিলে৷ কথাতে বোলে, “মাতিলে ৰণলৈকো যাবা, নামাতিলে বৰসবাহলৈকো পিঠি দিবা”৷

পিছে বৰানীয়ে কুঁ কুঁৱাবলৈ ধৰিলে, চোৱানা সিহঁতে ড° হিলৈধাৰীকো মাতি লবীত সুমুৱাই ল’লে, কোনোবা এজনী ফেচবুক বিশেষজ্ঞাকো মাতিছে হেনো৷ বৰাই নিৰুৎসাহেৰে ক’লে, ৰ’বাচোন এক মাঘে শীত নেযায় নহয়৷ আমাৰো দিন আহিব৷

“এক মাঘে শীত নেযায়” কথাষাৰ বৰানীৰ কাণত বাৰে বাৰে বাজিবলৈ ধৰিলে৷ তেওঁ বৰাক আবদাৰ কৰিবলৈ ধৰিলে৷ হেৰা আমিও কিবা এটা পাতো দিয়া৷ আমাৰোতো লবীত বহুত মানুহ আছে, গোটেই চি ব্লকটো আমাৰ লগতে আছে৷ পিঙ্কীৰ বাৰ্থদেটোকে পাতি দিও দিয়া৷ বৰাই ক’লে, হেৰা পিঙ্কীৰ বাৰ্থদে এমাহ আগতে পাতিলোহে৷

তেনেহ’লে তোমাৰ প্ৰমোচন হোৱা বুলি পাৰ্টি এটা দিও দিয়া৷ বৰাই বিৰক্ত হৈ ক’লে, যোৱা তিনিমাহে ছাছপেণ্ড হৈ ঘৰত বহি আছো গোটেই কলনিয়ে জানে আৰু তুমি প্ৰমোচনৰ পাৰ্টি দিবা?

বৰানীয়ে কিছু সময় ভাবি ক’লে, বাদ দিয়া তাতকৈ পিঙ্কীৰ শান্তিবিয়া খনকে পাতি দিও যি আছে আছে৷

বৰাই এইবাৰ হাঁহি পেলালে৷ এলোভেৰা জুচ এগিলাচ আনি বৰানীৰ নাকত টিপা মাৰি মুখত বাকি দি ক’লে, তুমি অলপ ৰেষ্ট কৰা, সময়ত সকলো ঠিক হৈ যাব৷ বৰানীয়েও সৰু কেঁচুৱাজনীৰ দৰেই মুখখন বৰাৰ চাৰ্টটোতে মচি দিলে৷

|| মামৰে ধৰা হৃদয়ত প্ৰেমৰ ঘঁহনি ||

ড° হিলৈধাৰীৰ কিছু বিবেকদংশন হ’ল৷ হয়তো, লোকে আপডেট দিলে লাইক কৰি কমেণ্ট দি অলপ উত্সাহিত কৰিলে কিনো যায়৷ ইয়াততো কোনো পইচা পাতিৰ মামলা নাই৷কিন্তু মইতো কিবা অহংকাৰ কৰি লাইক কমেণ্ট নিদিয়াকৈ থকা নাই৷ মোক মানুহে ভুলহে বুজিলে৷ নাই আজিৰ পৰা সকলোকে লাইক দিম, কমেণ্ট দিম৷ কাকো অসন্তুষ্ট নকৰো৷

নীলাঞ্জনাক আৰম্ভণিতে দাংকাটী যেন লাগিছিল যদিও তেওঁৰ ব্যক্তিত্বত কিবা এটা যেন সন্মোহনী শক্তি লুকাই আছে৷ ড° হিলৈধাৰীয়ে এটা ফ্ৰেণ্ডছিপ ৰিকুএষ্ট পঠিওৱাৰ সিদ্ধান্ত ল’লে৷ ৰিকুএষ্ট পঠিয়ায়েই তেওঁ শেতেলী ল’লে৷

পুৱা সাৰ পায়েই ড° হিলৈধাৰীয়ে গুদমৰ্ণিং আপডেট এটা দিও বুলি গাৰুৰ কাষত থকা ম’বাইলটো হাতত তুলি ল’লে৷ যোৱাকালি গুদনাইট আপডেট দিয়াই নহ’ল৷ এটা মেছেজ দেখা পাই খুলি চাই দেখিলে ইউনিক’ডেৰে লিখা এটা বিশুদ্ধ অসমীয়া বাক্য৷ “বন্ধুত্বৰ বাবে ধন্যবাদ৷ মাজে সময়ে কথা হ’ম “৷

নীলাঞ্জনা ওৰফে নীলা ওৰফে নীলু ওৰফে মেডামৰ পৰা অসমীয়াত মেছেজ আশা কৰা নাছিল তেওঁ৷ বহুত দিন নচলোৱা চাইকেলৰ ফ্ৰি হুইলত কেইটোপালমান তেল দিলে যেনেকৈ চকাটো চকচকাই ঘূৰিব ধৰে ঠিক তেনেদৰে তেওঁ মনটো ঘূৰিব ধৰিলে৷ শ্লুইছ গেট খুলি দিলে যেনেদৰে পানী হোহোৱাই নামনিলৈ নামি আহে ঠিক তেনেদৰে তেওঁৰ ৰক্তধমনী, শিৰা উপশিৰাইদি তেজ দৌৰিব ধৰিলে৷ তেওঁ এটা মেছেজ এটা নিলিখি নোৱাৰিলে৷

- আপুনি অসমীয়া লিখিব জানে??

লগে লগে উত্তৰ আহিল

– কিয় নাজানিম বাৰু? মই অসমীয়া ভালদৰেই লিখিব জানো৷ মেট্ৰিকত অসমীয়াত লেটাৰেই পাইছিলো৷

মেডামে অসমীয়াত লেটাৰ পোৱা কথাটো জানি তেওঁ যিমান সুখী হ’ল সিমানেই আক্ষেপ হ’ল নিজে মাত্ৰ ষোল্ল নম্বৰৰ বাবে অসমীয়াত লেটাৰ নোপোৱা কথাটো মনত পৰাত৷ মাত্ৰ ষোল্লটা নম্বৰ দিব নোৱাৰিলে কৰাইচ পৰীক্ষকগৰাকীয়ে তেওঁক৷

- মেডাম, যোৱাকালি আপোনাৰ ফেচবুকৰ ওপৰত কোৱা কথাখিনি কিন্তু বেছ ভাল লাগিল দেই৷

- এহঃ নকব আৰু বুইছেনে৷ মানুহখিনিযে কিয় ইমান ফেচবুক লৈ পগলা হৈছে৷ পিছে মোক মেডাম বুলি মাতি লাজ নিদিব দেই৷ মোক নীলু বুলিয়েই মাতিব৷

- ঠিক আছে, মোকো হিলু বুলি মাতিলেই হ’ব৷

কিছু সময়ৰ পাছত ড° হিলৈধাৰীৰ ঘৰৰ কলিংবেল বাজিল৷ কেনেবাকৈ নীলুই বেল বজালে নেকি বাৰু? নাই৷ দুৱাৰ খুলি সন্মুখত দেখিলে ছয়জন ল’ৰা৷ তেওঁ বিৰক্ত হৈ সুধিলে, কি তোমালোকেও লাইক বিচাৰি আহিছা নেকি?

কি লাইকৰ কথা কৈছে চাৰ? আমি গান্ধী কলেজৰ নবাগত আদৰণি সভাৰ বাবে চান্দা বিচাৰি আহিছো৷

ৰ’বা, বাহিৰতে থাকা বুলি কৈ তেওঁ ভিতৰ সোমাই গ’ল আৰু দহটকীয়া নোট এখন আৰু টিৰংগা গুটকা এপেকেট আনি প্ৰথম ল’ৰাজনৰ হাতত গুজি দিলে৷

লোৱা এই এঘাৰ টকা৷ ইয়াতকৈ বেছি চান্দা মই ক’তো দি পোৱা নাই৷

কিন্তু চাৰ এইপেকেট দেখোন গুটকাহে?

হেৰা, দোকানীয়ে এটকীয়াৰ সলনি মোক সেই গুটকা পেকেট দিলে আৰু ময়ো তোমালোকক তাকেই দিছো৷ যোৱা এতিয়া মই গা ধুবলৈ যাওঁ, দেৰি হৈছে৷

এইবুলি তেওঁ দুৱাৰখন মাৰি গা ধুবলৈ যাওঁ বুলি মন মেলোতেই পুনৰ বেল বাজিল৷

এইবাৰ আগমন ঘটিল বৰানী আৰু চি ব্লকৰ কেইগৰাকীমান মহিলা৷ উদ্দেশ্য একেই ফেচবুকৰ লাইকৰ দাবী৷ এইবাৰ পিছে তেওঁ বিৰক্ত নহ’ল, বৰঞ্চ সমস্যাটোৰ এটা স্থায়ী সমাধানহে উলিয়াই পেলালে৷

তেখেতসকলক বিদায় দি তেওঁ নীলুলৈ এটা মেছেজ পঠিয়ালে৷

|| সন্ধি ||

গান্ধীকলনিৰ অডিটৰিয়ামত আজি ভিৰ লাগিছে৷ প্ৰতিটো ব্লকৰ প্ৰতিগৰাকী সদস্যই উপস্থিত হ’ল৷ আজিৰ সভাৰ আহ্বায়কদ্বয় ড° হিলৈধাৰী আৰু নীলাঞ্জনা৷

ড° হিলৈধাৰীয়ে এক চমু বক্তৃতা দিলে যাৰ সাৰমৰ্ম হ’ল যে ফেচবুকত সকলোৱে সমিলমিলেৰে চলিব লাগে৷ লোকতকৈ নিজে বেছি লাইক কমেণ্ট পোৱাৰ নিগনি দৌৰ দি কোনো লাভ নাই৷ তাতকৈ সকলোৱে সকলোৰে প’ষ্টবোৰক লাইক কৰি ভাল কমেণ্ট দি সন্মান কৰিলেই হ’ল৷ এইবুলি কৈ তেওঁ মজুমদাৰলৈ মাইকটো আগবঢ়াই দিলে৷

মজুমদাৰে এখন খচৰা প্ৰস্তুত কৰি আনিছিল৷ বহুদিন ব্ৰাহ্মী শাক নোখোৱা বাবে মোৰ স্মৃতিশক্তি কমি গৈছে বাবে মোৰ গোটেইখিনি মনত নাথাকিল যদিও কেইটামান উল্লেখযোগ্য কথা উদ্ধৃত কৰিলো৷

১. সকলোৱে সকলোকে বন্ধু বনাব লাগিব৷
২. কাৰোবাৰ আপডেট পাই পঢ়িলে, ভাল লাগক বা বেয়া লাগক লাইক দিব লাগিব৷
৩. কমেণ্ট দিলে ‘বাই ডিফল্ট’ লাইক কৰিবই লাগিব৷
৪. কাৰোবাক নিৰুত্সাহ কৰাৰ উদ্দেশ্য কোনেও বেয়া কমেণ্ট দিব নোৱাৰিব৷ লাগিলে কমেণ্ট দিবই নালাগে৷
৫. কমেণ্ট পালে আপডেট দিয়াজনেও আকৌ কমেণ্টটোত লাইক দিব লাগিব৷
৬. কোনেও কাকো লাইক বা কমেণ্ট বিচাৰি ইনবক্সত মেছেজ দিব নোৱাৰিব৷
৭. কোনেও কাৰো ‘টাইমলাইন’ত উল্টা-পুল্টা লিখিব নোৱাৰিব৷
৮. মতান্তৰ হ’লেও কাৰো মনান্তৰ ঘটিব নোৱাৰিব৷ তেনেকুৱা কেতিয়াবা হ’লেও গ্ৰুপৰ পঞ্চায়তে মিটমাট কৰাই দিব লাগিব৷
৯. বাৰ্থদে’ত উইচ কৰাটো বাধ্যতামূলক হ’ব৷
১০. কোনোবাই উইচ কৰিলে লাইক কৰি ধন্যবাদ সূচক কমেণ্ট দিবই লাগিব৷
১১. কোনেও কাকো অযথা ফ’ট’ আদি টেগ কৰিব নোৱাৰিব৷
১২. কোনো বিতৰ্কত কোনেও কাকো ব্যক্তিগত ভাবে আক্ৰমণ কৰিব নোৱাৰিব৷
১৩. কাৰোবাৰ ফেকপ্ৰফাইল থাকিলেও বেছি উত্পাত নকৰে যেন৷
আৰু মনত নৰ’ল৷ অৱশ্য গোটেইকথাখিনি ৰাইজে মজুমদাৰে প্ৰকাশ কৰি উলিয়াবলগীয়া “ফেচবুক ফৰ ডামিজ” নামৰ পুথি খনত সবিস্তাৰে পঢ়িবলৈ পাবই৷

এইবাৰ নীলাঞ্জনাই হাতত মাইক লৈ সন্ধিৰ প্ৰস্তাৱ আগবঢ়ালে আৰু প্ৰস্তাৱটি আচৰিত ধৰণে সৰ্বসন্মতভাৱে গৃহীত হ’ল৷

সভাৰ শেষত ড° হিলৈধাৰীয়ে স্পনছৰ কৰা চিংৰা আৰু জিলাপীৰে সকলোৱে মুখ মিঠা কৰিলে৷

আগলৈ এই সভাখনৰ কথা “নীলু- হিলু ট্ৰিটী” নামেৰে জনাজাত হ’লগৈ৷

|| মধুৰেণ সমাপয়েত ||

তিনিমাহ পিছত –

বৰানী আৰু শৰ্মানীয়ে আকৌ এখন মিঠাপানকে দুভাগ কৰি খোৱা আৰম্ভ কৰিলে৷

মজুমদাৰৰ “ফেচবুক ফৰ ডামিজ” খন বেষ্ট ছেলাৰ হ’ল৷

ডা° তালুকদাৰে অনন্যাক বিয়া পাতিলে৷ বৰ্মণ বিয়াত দৰাধৰা হ’ল। কেৱল বিয়াখনৰ ভিডিঅ’ খিনি মুঠ ছটা খণ্ডত ইউ টিউবত আপলোড কৰাৰ দ্বায়িত্ব মোৰ ভাগতে পৰিল৷

গান্ধীকলনিত আগলৈ আৰু কেতিয়াও ফেচবুকলৈ কাৰো মাজত মনান্তৰ বা কাজিয়া নহ’লগৈ৷

|| যিখিনি কথা সকলোৰে অগোচৰে থাকি গ’ল ||

তিনিমাহ পিছত এদিন দেওবাৰে ৰাতিপুৱা এখন টেক্সি কামাখ্যা মন্দিৰৰ পৰা ওলাই তীব্ৰ গতিৰে এয়াৰপ’ৰ্টৰ পিনে ঢপলিয়াব ধৰিলে৷ মোৰো কি মন গ’ল জানো পিছে পিছে অনুসৰণ কৰিলো৷ দেওবাৰৰ দিনা এনেয়ে ব’ৰ হৈ থকাতকৈ চাওচোন কিবা ৰহস্যৰ উমান পাওনেকি৷

গাড়ীৰ ভিতৰত আৰু আন কোনো নাছিল৷ ড° হিলৈধাৰী আৰু নীলাঞ্জনা গগৈক গুৱাহাটী এয়াৰপ’ৰ্টত দেখা পালো৷ দুয়োৰে লগত চাৰিটামান প্ৰকাণ্ড বেগ৷

লাউঞ্জত বহি ড° হিলৈধাৰীয়ে লেপটপটো উলিয়াইলৈ কিবা অলপ কৰিলে আৰু নীলাঞ্জনাৰ পিনে আগবঢ়াই দিলে৷ নীলাঞ্জনায়ো কিবা দুটামান ক্লিক কৰি লেপটপটো জপাই থলে আৰু মুৰটো ড° হিলৈধাৰীৰ কান্ধত পেলাই দি ক’লে, জানা হিলু আজি মই বৰ সুখী৷ হিলৈধাৰীয়ে ক’লে, ময়ো সমানে সুখী নীলু৷

০০০০০০০০০০০০০০০০০০০০০০০০০০০০০

ফেচবুকৰ ভাৰতস্থ কাৰ্যালয়ৰ কাণ্ট্ৰী হেড ৰঞ্জিত বৰদলৈৰ কেবিনলৈ তেখেতৰ ছেক্ৰেটেৰী চিমৰাণ সোমাই আহি মেইল এখনৰ প্ৰিণ্টআউট এটা আগবঢ়াই দিলে৷

চাৰ, দুটা চেলিব্ৰিটী প্ৰফাইল একাউণ্ট ডিএক্টিভেট হৈছে৷ দুয়োটা একাউণ্ট বৰ এক্টিভ আছিল৷ আপোনাৰ নিজৰ ৰাজ্যৰে কাৰণে চিধা আপোনালৈ এচকেলেট হৈ আহিছে৷

বৰদলৈয়ে প্ৰিণ্টআউটটো পঢ়ি চাই ক’লে, এই দুজন দেখোন আমাৰ নিজৰেই মানুহ৷ ফ’ন নাম্বাৰ দুটা আছেনে নাই?

সিপিঠিত লিখা আছে চাৰ৷

চিমৰাণক পঠিয়াই দি বৰদলৈয়ে ডেস্কট থকা ফ’নটো তুলি ল’লে যদিও সেইটো থৈ পাৰ্ছনেল ম’বাইলটোৰে ফ’ন নম্বৰ এটা ডায়েল কৰিলে৷

ফেচবুকে সকলোকে নিজৰ মাজত বিচাৰে৷

(সমাপ্ত) ১৯.১২.১২ বিঃ দ্ৰঃ - ক) কাহিনীৰ পটভূমি আৰু চৰিত্ৰসমূহ সম্পূৰ্ণৰূপে কাল্পনিক৷ খ) Maslow’ Law of Hierarchy of needs.

মতামতসমূহঃ

comments powered by Disqus