~~ ঊনসত্তৰ- একবিংশ খণ্ড~~
~~ ভেক্চিন্ ~~
শৰ্মানী: হেৰা শুনিছানে?
শৰ্মা: মই কলা হোৱা নাইতো! যিমান জোৰে চিঞৰিছা আমেৰিকাতো তোমাৰ মাত শুনিবগৈ৷
শৰ্মানী: হ’ব পেংলাই কৰিব নালাগে৷ আমাৰ আকৌ ফাহা-ফুহা মেল কৰাৰ অভ্যাস নাই নহয় তোমাৰ কলিতানীৰ দৰে; যি কওঁ ডাঙৰকৈ কওঁ৷
শৰ্মা: হৌৰা তুমি হাম্বা গৰুৰ দৰে চিঞৰাৰ বাবেহে ক’লোঁ তেনেকৈ৷ আৰু ইয়াত কলিতানী ক’ৰ পৰা আহিলনো? আৰু তোমাৰ কলিতানী বুলিনো কেলেই ক’লা? তুমি জানাই দেখোন মই আজিকালি খোজকাঢ়িলেও দুবৰি বনত লাগি থকা নিয়ঁৰৰ টোপালবোৰহে চাই চাই যাওঁ,— কলিতানীক চোৱা দূৰৈৰে কথা৷
শৰ্মানী: হ’ব তুমি কি বস্তু মোৰ জনা আছে৷ চাওঁ মবাইলটো দিয়াচোন ফ’ন এটা কৰোঁ৷
শৰ্মা: হ’ব নিজৰ মবাইলেৰে কৰা৷ মোৰ মবাইল খুচৰিব নালাগে; বিচৰা বস্তু একো নাপাবা৷ এইবোৰ বুধি পুৰণি হ’ল আৰু৷
শৰ্মানী: হুহ! তেনেহ’লে মোক এটা ‘চলিউচন্’ দিয়া৷
শৰ্মা: কিহৰ চলিউচন্?
শৰ্মানী: মানে মই এটা মস্ত ডাইলেমাত পৰিছোঁ জানানে?
শৰ্মা: কিহৰ ডাইলেমা ঔ? হেমলেটৰহে ডাইলেমা হৈছিল৷ টু বি অৰ নট টু বি৷ তোমাৰনো কিহৰ ডাইলেমা কোৱাচোন? ‘টু কুক্ অৰ নট টু কুক্’ নেকি? হুঃ হাঃ হাঃ৷
শৰ্মানী: ফটুৱামি নকৰিবা৷ বি ছিৰিয়াছ৷
শৰ্মা: ঔকেই৷ আ্যাম ছিৰিয়াছ!
শৰ্মানী: শুনা৷ কালি ক’ভিড ভেক্চিন লৈ হস্পিটেলৰ পৰা ওলাই আহোঁতে গেইটৰ মুখতে তালুকদাৰনীক লগ পালোঁ৷ হাত চুটি কুৰ্টি পিন্ধি আহিছে৷ তুমি ইতিমধ্যে গাড়ীৰ ওচৰ পাইছিলাগৈ৷ মই সুধিলোঁ, “অ’ বাইদেউ, ভেক্চিন্ ল’লে নেকি?” তেওঁ ক’লে, “ঔ আই দেৰি আছে নহয় মোৰ৷ এতিয়া পঞ্চল্লিছ বছৰ হোৱাবোৰকহে দি আছে৷ বৰ মন আছিল জানানে ভেক্চিন্ ল’বলৈ; পিছে ডিচিপ্লিন কৰি দি আছে৷ ভগৱানেহে জানে আৰু কেইবছৰ পাছত ভেক্চিন্ ল’বলৈ পাম৷ তুমি পিছে ল’লা নেকি?”
চোৱানা, বেটী বুঢ়ীয়ে কেনেকৈ খাৰা খাৰা ফাঁকি দি গ’ল মোৰ চকুৰ আগেৰে৷ আৰু মোকো ইনছাল্ট কৰি গ’ল মই লৈছোঁ নেকি বুলি!
শৰ্মা: কিন্তু তুমিতো ল’লাই ভেক্চিন্৷ তুমি কি ক’লানো তালুকদাৰনীক?
শৰ্মানী: মই ক’লোঁ যে, “বাইদেউ, আপুনিয়ে ভেক্চিন্ ল’বলৈ পোৱা নাই, আমিবোৰে পাবলৈ আৰু বিছবছৰমান লাগিব চাগৈ৷” এনেকৈ কোৱাৰ পিছত তালুকাৰনীয়ে মুখ বেকেটাই তপিনা লৰাই গুচি গ’ল৷
শৰ্মা: তেনেহ’লে সৱ ঠিক আছে৷ সমস্যা ক’ত? ডাইলেমা ক’ত?
শৰ্মানী: সমস্যাটো হ’ল— মই ফেচবুকত ভেক্চিন্ লোৱাৰ ফটো দিমনে নাই? ফটো দিলে লাইক কমেণ্ট ঢেৰ পাম হয় কিন্তু হঠাতে বহুতে মোক বাইদেউ বুলি মাতিবলৈ আৰম্ভ কৰিব৷ সেইটোহে হজম কৰিব পৰা নাই৷
শৰ্মা: ৰ’বা, হজম তোমাৰেই নহয় মোৰো হোৱা নাই৷ হাতখৰা কুৰ্টিটো যে ল’লা সিদিনা তাত গ’ল দুহেজাৰ টকা; বেজী ল’বলৈ যে আগঠেং দুখন আই মীন হাত দুখনযে পালিছ কৰালা তাত গ’ল পোন্ধৰশ টকা৷
শৰ্মানী: শুনা, মাত্ৰ পঁইত্ৰিশ শ টকাৰ কাৰণে হামৰাও কাঢ়িব নালাগে; পইছা হাতৰ মল৷ মৰিলে পইছা লগত লৈ যাবা নেকি?
শৰ্মা: হৌৰা, লক্ডাউন আহি আছে৷ যধে-মধে পইছা খৰছ নকৰাবা মোক৷
শৰ্মানী: হ’ব হ’ব৷ এতিয়া মোক ‘চলিউচন্’টো দিয়া৷
শৰ্মা: এটা কাম কৰা৷ তুমি ফ’টোখন দি কেপচন এটা দি দিয়া যে,— চিনাকি থাকিলে বয়স নহ’লেও ভেক্চিন্ ল’ব পাৰি৷ তেতিয়া সাপো মৰিব লাঠিও নাভাগিব৷
শৰ্মানী: ভালেই কৈছাঁ৷ এতিয়াই দি আছোঁ৷ আজি দুজনীমান ঠিক জ্বলিব৷ হিঃ হিঃ!!
২৫.০৪.২১

মতামতসমূহঃ