ঊনসত্তৰ- চতুৰ্থ খণ্ড
~~~~বাংলাদেশী হুঁচৰি~~~~
শৰ্মানী: হেৰা, শুনিছানে?
শৰ্মা: উফফ, তুমি বৰ জোৰে চিঞৰাহে৷ নাৰীৰ মাত সৰু, কোমল, মিহি আৰু হেৰি মানে মিঠা হ’ব লাগে৷
শৰ্মানী: হৈছে এতিয়া মই মইনা চৰাইটিৰ মাত মাতিলেহে হ’ব৷ ইমানেই যদি মিঠা মাত শুনিবৰ মন আছিল গান গোৱা ছোৱালী এজনীকে বিয়া পাতিব লাগিছিল৷
শৰ্মা: মইতো বিচাৰিছিলোৱেই, পিছে ঘৰত দেখোন তোমাকহে পচণ্ড কৰিলে৷
শৰ্মানী: সেইটোৱেতো কথা৷ বোলো কথাতে কয় নহয়, ”ৰূপে কি কৰে, গুণেহে সংসাৰ তৰে”৷ হ’ব এতিয়া তুমি মই ক’ব খোজা কথাটি হাইজেক কৰি নিব নেলাগে৷
শৰ্মা: আচ্ছা আচ্ছা কোৱাচোন মোৰ গুণৱতী ডাৰ্লিং কি ক’ব খুজিছিলা৷
শৰ্মানী : শুনা আজি ব’হাগৰ দুই তাৰিখ আৰু আমাৰ চোতালত এটাও হুঁচৰি দল অহা নাই আশীৰ্বাদ দিবলৈ৷
শৰ্মা: হয়তোহে কথাটো৷ কলনিৰ বেলেগৰ ঘৰত আহিছেনে নাই খবৰ কৰিছা?
শৰ্মানী: আহিছে৷ শইকীয়ানীৰ ঘৰত আহিছে৷ পিছে ৰেট কি লৈছে জানানে নাই?
শৰ্মা: ৰেট? এইবাৰ হুঁচৰি দলে ৰেট বান্ধি দিছে নেকি? কৃষ্ণ৷
শৰ্মানী: অ’৷ শইকীয়ানীৰ ঘৰৰ পৰা নগদ পাঁচহেজাৰ লৈ গ’ল৷
শৰ্মা: পাঁচহেজাৰ? অ’ এম জি!!! নোৱাৰো দেই পাঁচহেজাৰ দিবলৈ৷ তোমাৰ, টিটুৰ আৰু তোমাৰ খানদানৰ বিহুৰ কাপোৰৰ নামতে এতিয়ালৈকে তেত্ৰিছ হেজাৰ গ’ল৷ মই এটা লিভাইচ ল’ম বুলি ভাবিছিলো৷ ক’ত হ’ব আৰু৷
শৰ্মানী: শইকীয়ানীয়েও এশ বৰ বেছি দুশ দিলে হ’ব বুলি ভাবিছিল৷ পিছে পূৰা পাঁচহেজাৰ নিদিয়ালৈকে হেনো হুঁচৰি পাৰ্টিয়ে হুঁচৰি গায়েই থাকিল গায়েই থাকিল৷ গোটেইবোৰ খাই বৈ পূৰা ফিটিং হৈ আহিছিল হেনো৷ পাঁচহেজাৰ উচুল কৰিহে গ’লগৈ৷ তাকেই শইকীয়ানীয়ে দুখ কৰিছে গোটেই মাহটোৰ লিপষ্টিকৰ বাজেট হেনো সাং কৰি লৈ গ’ল৷
শৰ্মা: ভাগ্য ভাল যে আমাৰ ঘৰত নাহিল৷ আজি গেটৰ বাহিৰত তলা লগাই থোৱাই ভাল হ’ব৷
শৰ্মানী: ৰ’বাচোন অমংগলীয়া কথাবোৰ নকবা৷ তোমাৰ চিকটা বুলি নাম আছে বুলি জানিয়েই চাগে আমাৰ ঘৰলৈ নাহিল৷ বিহুৰ আশীৰ্বাদকণ নোলোৱাকৈয়ে বছৰটি যাব দিমনে? তাতে টিটুৱেও দেখোন আজিকালি একজাম বোৰত ভাল মাৰ্ক নোপোৱা হ’ল৷
শৰ্মা: হেৰা পঢ়িলেহে ভাল মাৰ্ক পাব৷ নপঢ়িলে হুঁচৰিৰ আশীৰ্বাদে ভাল মাৰ্ক আনি দিবনে?
শৰ্মানী: মই মুঠতে সেইবোৰ নাজানো৷ হুঁচৰিদল আমাৰ চোতাললৈ আহিবই লাগিব৷
শৰ্মা: হুমমম, পিছে প্ৰিমিয়াম হুঁচৰিৰ প্ৰিমিয়াম আশীৰ্বাদ কিনিবলৈ কিন্তু মোৰ পইচা নাই৷
শৰ্মানী: ৰ’বা মোৰ হাতত এটা উপায় আছে৷ কলিতানীয়ে কৈছিল সেইযে সিহঁতৰ ঘৰত পাৰ্টটাইম কাম কৰিবলৈ আহে নাজমা নামৰ মানুহজনী তাইৰে ল’ৰা ছোৱালী আঠটাই মিলি হেনো এইবাৰ হুঁচৰি মাৰি ফুৰিছে৷ ৰেট হেনো পানীৰ দৰে৷ মানে বিছটকা মান দিলেই হ’ল৷ কেৱল ড্ৰেচ পাতিবোৰ ট্ৰেডিশ্যনেল নহয়৷
শৰ্মা: হেহ, কিনো কোৱাহে৷ সেইজনী বাংলাদেশী নহয় জানো?বাংলাদেশী হুঁচৰিৰ আশীৰ্বাদ লমনে?
শৰ্মানী: তাতেনো কি হ’ল? সিহঁতৰ হতুৱাই যদি চব কাম কৰাব পাৰি তেন্তে হুঁচৰিৰ আশীৰ্বাদকণ লোৱাতনো কি অপৰাধ?মই হ’লে একো ভুল নেদেখো৷ তুমি অনৰ্থক মোৰ লগত তৰ্ক কৰি সময় নষ্ট নকৰি ওচৰৰ চুবুৰীটোলৈ গৈ সিহঁতক মাতি আনাগৈ৷ কেৱল অলপ ভাল ড্ৰেচ কৰি আহিব ক’বা ৷ আমি পঞ্চাশ টকাই দিম৷ আৰু ন’হলে টকা পাঁচহেজাৰ ৰেডি কৰি থোৱা ইণ্ডিজেনাচ হুঁচৰিদলক দিবলৈ৷ ইমানেই ক’লো৷
শৰ্মা: তোমাৰ লগত নোৱাৰিছো আৰু৷ দিয়া চাৰ্টটো আনি দিয়া লুঙীখনৰ ওপৰতে পিন্ধি যাওগৈ বাংলাদেশী হুঁচৰি পাৰ্টি মাতিবলৈ৷ পিছে এটা কথা মই কিন্তু এতিয়াই কৈ থলো৷ এই হুঁচৰিৰ ফটো কিন্তু আমাৰ গোটত আপলোড কৰিব নোৱাৰা৷ আমাক এঘৰীয়া কৰিব৷
১৭.০৪.১৩