স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ঊনসত্তৰ- পঞ্চম খণ্ড

 

~~~~বিহুত চাৰ্কাচ~~~~~

শৰ্মানী: হেৰা, শুনিছানে?

শৰ্মা: শুনিছোতো৷ কোৱাচোন৷

শৰ্মানী: আজি বিহু চাবলৈ যাও ব’লা৷

শৰ্মা: বিহু!!! হেৰা ব’হাগ গ’ল, জেঠো যাওঁ যাওঁ হ’ল, আহাৰেই সোমাব এতিয়া৷ তোমাৰ বিহু শেষেই হোৱা নাইনে?

শৰ্মানী: হেৰা বিহু অসমৰ জাতীয় উৎসৱ৷ অসমীয়াৰ বাপতি সাহোন৷ বিহু গোটেই বছৰেই চলিব লাগে বিশেষকৈ এই ৰঙালী বিহুটি৷ আমিতো গান্ধী কলনিৰ মহিলা সমিতিয়ে চৰকাৰক এটা দাবী জনাও বুলিয়েই ভাবিছো যাতে ব’হাগ বিহুটি কাতি মাহ পৰাৰ আগদিনালৈকে পাতি থাকিব পৰাকৈ চৰকাৰী অনুদান দিয়ে৷

শৰ্মা: হয় হয়৷ তোমালোকৰ কিটী পাৰ্টিয়ে ক’লে চৰকাৰে কিয় নুশুনিব আলবত শুনিব৷ পিছে আজিনো ক’ত বিহু আছে আৰু আৰ্টিষ্টেই বা কোন৷ তুমিতো জানাই মই ভাল আৰ্টিষ্ট নাথাকিলে বিহু চাবলৈ নেযাও৷

শৰ্মানী : আজি তিনিআলিতে বিহু সন্মিলনী আছে৷ আৰু আৰ্টিষ্টজনো বেচ ডাঙৰেই হয়৷ এই আৰ্টিষ্টজনে হেনো গান গায়, নাচে আৰু জিমনাষ্টিকচো দেখুৱায়৷

শৰ্মা: আসঃ সুন্দৰ! জিমনাষ্টিক্চ সেই বহুবছৰৰ আগতে চানলাইট চাৰ্কাচতে চোৱা৷ তাৰ ছোৱালীবোৰ বৰ টেলেণ্টেড আছিল জানা৷ অলিম্পিকৰ বোৰেও ফেৰ মাৰিব নোৱাৰিব৷ চাৰ্কাচ চোৱাত মই হ’লে আছো৷

শৰ্মানী: হ’ব তুমি চানলাইট চাৰ্কাচৰ জিমনাষ্টিক্চ চাবলৈ গৈছিলানে তাৰ জিমনাষ্টিকচ দেখুওৱা ছোৱালীবোৰ চাবলৈ গৈছিলা ভালদৰে জনা আছে৷

শৰ্মা: হেইয়া, তোমাৰ সন্দেহ আৰম্ভ হ’লেই নহয়৷ তোমাৰ এই কিটি পাৰ্টিত যোৱা আৰু ছিৰিয়েল চোৱা বন্ধ কৰিব লাগিব৷ তেহে যদি সন্দেহ বোৰ কমে৷

শৰ্মানী: তোমাৰ স্বভাৱটো জানোতো, সেইকাৰণে৷

শৰ্মা: হুহহহ্৷ পিছে কোৱাচোন তোমাৰ এই জিমনাষ্ট্ আৰ্টিষ্টজনে ওলোটা জাপ মাৰিব জানেনে, আই মিন ছমাৰছল্টিং?

শৰ্মানী: অ’, এইজন অলপ বেছি এডভান্সড্৷ এওঁ গান গাই নাচি নাচি দৰ্শক বহা পেণ্ডেলৰ খুটাবোৰ বগাই উঠে আৰু ইটো খুটাৰ পৰা সিটো খুটালৈ জাপ মাৰে৷ চবেই পৰিব বুলি ভয়তে চিঞৰ বাখৰ লগায় কিন্তু এবাৰো নপৰে, সাংঘাটিক বেলেন্স হেনো!

শৰ্মা: হাঃ হাঃ হাঃ, আমাৰ গাঁৱৰ ঘৰৰ কঠাল গছত বগাই ফুৰা হলৌবান্দৰ কেইটাৰ দৰে জপিয়াই নেকি?ইণ্টাৰেষ্টিং৷

শৰ্মানী: তুমি বৰ বেয়া দেই৷ হেৰা ইমান ৰেপুটেড আৰ্টিষ্ট এজনক হলৌবান্দৰৰ লগত তুলনা নকৰিবাচোন৷ তেওঁ নতুনকৈ ক্ৰিয়েটিভ কিবা এটা আৰম্ভ কৰিছে, মন’টনাছ ফাংশ্যনবোৰত ভেৰাইটী অনাৰ চেষ্টা কৰিছে তাক উৎসাহহে দিব লাগে, তুমি আকৌ পেংলাইখন আৰম্ভ কৰিছা৷ তোমালোকৰ দৰে কিছুমান মানুহৰ কাৰণেই আমাৰ অসমীয়া আৰ্টিষ্টবোৰ ওপৰলৈ উঠিব নোৱাৰে৷ তুমিও দেখোন ব্লাডি ক্ৰেব্ছৰ শাৰীতে পৰিলা এতিয়া৷

শৰ্মা: হেঃ হেঃ ডাৰ্লিং৷ মই তললৈ টনা নাই দিয়া৷ তোমাৰ খং উঠিলে তোমাক বৰ ধুনীয়া দেখোহে৷ সেই কাৰণে জোকাইছো৷ মইনো কিয় বেয়া পাম বিহুৰ চান্দাতে চাৰ্কাচো চাবলৈ পাম৷ এক দাম মে ডাব্বল মজ্জা!! ৱাও৷

শৰ্মানী: হ’ব পেংলাইখন কৰি থাকিব নেলাগে সোনকালে ওলোৱা এতিয়া৷

শৰ্মা: এইয়া ওলালোৱেই দিয়া৷ পিছে হেৰি কথা এটা শুনাচোন৷ এই হলৌবান্দৰৰ কথা ওলাওতে মোৰ সৰুতে কৰা অংক এটালৈ মনত পৰি গ’ল৷

শৰ্মানী: কোনটো অংকহে?

শৰ্মা: হেঃ হেঃ, এই অংকটো ক্লাচ ছেভেনতে কৰা৷ এটা বিছফুট ওখ বাঁহৰ খুটাত মিঠাতেল সানি বান্দৰ এটাক উঠিবলৈ দিয়াত দেখা গ’ল যে সি ঘণ্টাত তিনিফুট ওপৰলৈ উঠিলে আকৌ এফুট তললৈ নামি আহে৷ এইটো গতিত গোটেই খুটাটো বগাবলৈ তাক কিমান সময় লাগিব তাকে উলিয়াব লাগিছিল৷ মই পিছে এই অংকটো কাহানিও কৰিব নোৱাৰিলো জানা৷

শৰ্মানী: হেৰা তুমি হেনো অংকত বৰ চোকা আছিলা, মেট্ৰিকত বোলে অংকত মাত্ৰ পঞ্চাশ নম্বৰৰ কাৰণেহে লেটাৰ নেপালা৷ হয়নে কথাটো?

শৰ্মা: কামুৰিছা ন’? পিছে ভাবাচোন আজি যদি কোনোবা অঘাইটঙে খুটাকেইটাত মিঠাতেল সানি থৈ দিয়ে কি হ’ব বাৰু?

শৰ্মানী: ধেইৎ কিবা!!

০৬.০৬.১৩

মতামতসমূহঃ

comments powered by Disqus