স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ঊনসত্তৰ- সপ্তম খণ্ড

 

~~~~ফেকিং নিউজ~~~~

সদ্যচলিত বিশ্বকাপ ফুটবলত প্ৰতিপক্ষ দলৰ খেলুৱৈক দাঁতেৰে কামোৰাৰ অপৰাধত বহিস্কৃত হোৱা উৰুগুৱেৰ স্বনামধন্য অনাতাঁৰ শিল্পী; ক্ষমা কৰিব স্বনামধন্য ফুটবল খেলুৱৈ মুৱাৰেজে আজি অতি গোপনভাৱে ভাৰতৰ ”বান্দৰীক সুন্দৰী কৰা দেৱী” মেহনাজ হুছেইনক লগ ধৰে৷

এক ৰুদ্ধদ্বাৰ বৈঠকত তেখেতে হুছেইন ডাঙৰীয়ানীৰ পৰা হাতৰ নখ কেনেদৰে দীঘল কৰিব পাৰি তাৰ পৰামৰ্শ বিচাৰে৷ দাঁতেৰে কামুৰি সান্দহ খোৱা বালি তল যোৱা হেতুকে তেখেতে নখেৰে আঁচোৰাৰ দৰে অভিনৱ প্ৰাকৃতিক, হাৰ্বেল পদ্ধতিৰ আশ্ৰয় লোৱাত হুছেইন মহাশয়াই অতি আহ্লাদিত হৈ মুৱাৰেজক তপৰ তপৰকৈ দুগালত দুটা চুমা খাই দিয়ে আৰু তেখেতৰ নিজৰ ক’ম্পেনীৰ প্ৰডাকশ্যন ”মা-মেহেন্দি পট্টা” নামৰ দৰৱবিধৰ সাতটা ফ্ৰি ছেম্পল দিয়ে৷

আমাৰ বিশেষ সংবাদদাতাই জনোৱা অনুসৰি, মেহনাজ হুছেইনে মুৱাৰেজক প্ৰতি মাহতে দুবাৰকৈ নখ চেক আপ কৰাবলৈ ভাৰতলৈ আহিবলৈ অনুৰোধ জনাইছে৷

ইফালে, সচেতন মহলে দুয়োৰে এই ধৰণৰ মিলা-মিচাক ’হলিগলি’ আখ্যা দিছে তথা প্ৰতিপক্ষৰ খেলুৱৈক মেকুৰীৰ দৰে আঁচুৰি ৰণ জিকাৰ বিকৃত বাসনাৰ বাবে মুৱাৰেজৰ নামটো সলাই ”মিয়াও-ৰেজ” কৰিবলৈ পৰামৰ্শ দিছে৷

গোটেই ঘটনাৰাজি সন্দৰ্ভে জানিবলৈ মুৱাৰেজক আমাৰ বিশেষ সংবাদদাতাই পোনপটীয়াকৈ লগ ধৰে৷ সবিশেষ জানিবলৈ অপেক্ষা কৰক৷

এক চমু বিৰতিৰ পিছত পুনৰ উভতি আহিম কেমেৰা পাৰ্চন কৰণ আয়ৌদেহিৰ সৈতে মই নাটাছা টেনটেনেন......

২৬.০৬.১৪

মতামতসমূহঃ

comments powered by Disqus