স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ


শৰ্মাজ স্পেশ্যেল চিকেন ড্ৰাই ফ্ৰাই ৱিথ চিছেম এণ্ড চিক্‌ পি


যোগাৰ: সৰুকৈ কটা ব্ৰইলাৰ মুৰ্গীৰ মাংস আধাকেজি, পিয়াজ চাৰিটামান, কেচাঁ জলকীয়া চাৰিটা, নহৰু বিশফোটামান, কেঁচা মটৰ দুমুঠি, আদা মধ্যমীয়া আকাৰৰ এটুকুৰা, তিল দুমুঠি, গোটা জালুক এমুঠি, তেজপাত এখিলা, ইলাচী দুটা৷

প্ৰস্তুতি: মাংসখিনি খুউব ভালদৰে ধুই চেপি চেপি পানী নোহোৱা কৰি ৰাখক৷ পিয়াজখিনি সৰু সৰুকৈ কুটি ল’ব৷ নহৰুখিনি বাকলি চেলাই ধুই বটি ল’ব৷ কেঁচা মটৰখিনিও ধুই পানীখিনি যাব দিব৷ আদাৰ টুকুৰাটো ৰুকি ল’ব৷ তিলখিনি আগতীয়াকৈ ধুই পানী নোহোৱা কৰি থব৷ জালুকখিনিও ধুই পানী নোহোৱা কৰি থব৷

এতিয়া ধুই থোৱা তাৱা এখন জুইত গৰম হ’বলৈ দি তাত জালুকখিনি দি লৰাই থাকক৷ যেতিয়া দুই এটা ফুটো ফুটো যেন কৰিব তেতিয়া নমাই গৰমে গৰমে মিক্সাৰ গ্ৰাইণ্ডাৰত বা খুন্দনাত দি গুৰি কৰি ল’ব৷

এতিয়া কেৰাহী এটা ভালদৰে গৰম হ’বলৈ দি তাত মিঠাতেল বা চানফ্লাৱাৰ তেল দিয়ক অলপ৷ তেলখিনি গৰম হ’লে তাত ইলাচী দুটা দি দিব৷ এতিয়া তেলত কেঁচা মটৰখিনি দি দিয়ক৷ এইখিনি কৰোতে অলপ সাৱধান হ’ব৷ মটৰ এনেয়ো ফুটে তেলত দিলে গতিকে তাত যাতে পানী লাগি নাথাকে মন কৰিব৷ ঢাকনি এখন দি তাৰ ফাঁকেৰে মটৰখিনি অলপ লৰাই দিব৷ মটৰখিনি আধাভজা হ’লে এখন জেজেৰাৰে নমাই তাত এচিকুট নিমখ দি লৰাই থব৷

এতিয়া কেৰাহীটোত আৰু অলপ তেল দি ভালকৈ গৰম হ’বলৈ দি তাত তেজপাত দি পিয়াজখিনি দি লৰাই থাকক৷ অলপ পিছত জলকীয়াকেইটাও দি দিব৷ দুবাৰ লৰাই তাত তিলখিনি দি লৰাই থাকিব৷ তিল ফুটে গতিকে অলপ সাৱধান হ’ব৷

পিয়াজখিনি ভালদৰে ভজা গৈ ৰঙচুৱা হ’লে তাত নহৰু বটাখিনি দি লৰাই দিয়ক৷ আধামিনিট পিছত তাত মাংসখিনি দি ভালদৰে লৰাই থাকক৷ মিশ্ৰণটো পূৰা ভজা নোহোৱালৈকে কিন্তু লৰাই থাকিব লাগিব মাহ কৰাই ভজাৰ দৰেই৷ ঢাকোন দিব নালাগে নহ’লে পানী উঠি যাব৷ এনেকে লৰাই থাকিব যাতে তলত লাগিবলৈ নাপায়৷ প্ৰয়োজন হ’লে জুই অলপ কমাই দিব৷

ভালদৰে ভজা হোৱা যেন পালে তাত প্ৰথমে নিমখ দি জালুকৰ গুড়িখিনি দি দিব৷ পুনৰ লৰাই থাকিব৷ এতিয়া আদাখিনি দি লৰাই থাকক৷ মাজতে এবাৰ অলপ চাকি চাই পূৰাকৈ ভজা হোৱা যেন পালে জুইকুৰা নুমাই দিয়ক আৰু তাত আগতে ভাজি থোৱা মটৰখিনি দি এবাৰ ভালদৰে লৰাই বেলেগ এটা পাত্ৰত নমাই গৰমে গৰমে পৰিবেশন কৰক৷ দুটোপালমান গোলাপজলো চটিয়াই দিব পাৰে৷

মনত ৰাখিব অনবৰত লৰাই থাকিব লাগিব৷

২৩.১০.১৬




মতামতসমূহঃ

comments powered by Disqus