স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

গান শুনাৰ সময়

 

অনুগ্ৰহ কৰি শিৰোনামটি দেখি নেহাঁহিব
অৱশ্য হঁহা নহঁহাটি আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়৷
ইয়াত মই হকাবধা নকৰাই ভাল হ’ব
কিয়নো ময়ো ব্যক্তি স্বাধীনতা শব্দটিৰ আজন্ম প্ৰেমিক৷

যদুৱে ৰাতিপুৱা গান শুনে
মধুৱে দুপৰীয়া গান শুনে
আপুনি কেতিয়া গান শুনে বাৰু?
দুঃখিত, পুনৰ আপোনাৰ ব্যক্তিগত কথা সুধিলো৷

পিছে,
মই মাজনিশা গান শুনো৷

মাজনিশা গানবোৰে মিছিল পাতে
আৰু মোৰ ঘৰলৈ আহে৷

(মোৰ দৃঢ়বিশ্বাস, মোৰ ঘৰলৈকে আহে আৰু আন কাৰো ঘৰলৈকে নাযায়৷ এইখিনিতে মই অলপ স্বাৰ্থপৰ হৈ পৰিছো৷ গানবোৰক মোৰ প্ৰেমিকা বুলি ভাবিবলৈ ধৰিছো৷)

মাজনিশা গানবোৰে মোৰ বাবে এখন বিচনা পাৰে৷

সুৰৰ গাড়ু, কথাৰ তুলীত শুৱাই
গানবোৰে মোক নিচুকায়;
কিন্তু
মোক শুবলৈ নিদিয়ে৷
গানৰ সুৰৰ মাজে মাজে একোটা ঢৌ আহে অনুভূতিৰ৷

একোজনী দুষ্ট গানে মোৰ কঁকালত
কচুগছৰ পুমা এটা বান্ধি মোক দলিয়াই দিয়ে ঢৌৰ মাজলৈ৷

সুখত ঢৌত মই হাঁহো
দুখত ঢৌত মই কান্দো
আৰু
বিষাদৰ ঢৌত মই মৰো৷

মাজতে এজনী ভাল গানে পুমাটো টানি
মোক পাৰলৈ উঠাই আনে,
মোৰ কপালত চুমা খাই বিষাদখিনি শুহি লয়,
আৰু মই পুনৰ জী উঠো৷

মাজনিশা গান শুনিলে এনেকুৱাই হয়
অনুভূতি বোৰে প্ৰাণ পাই উঠে
নিজকে বুজিবলৈ সহজ হয়৷
সেয়ে মই মাজনিশা গান শুনো
গানৰ সুৰত সাঁতোৰো৷

আপুনি পিছে কেতিয়া গান শুনে?

দুঃখিত, পুনৰ আপোনাৰ ব্যক্তিগত কথা সুধিলো৷

০৬.০৮.১৪

মতামতসমূহঃ

comments powered by Disqus