স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

জিএম ডায়েট আৰু ওজন হ্ৰাস

 

স্বাস্থ্যই পৰম ধন৷ সম্পূৰ্ণ এশ শতাংশ সত্য কথা৷ পিছে কেৱল দেহটো ভালে থকাটোকেই সু স্বাস্থ্য বুজায় জানো?

আহকচোন এবাৰ বিশ্ব স্বাস্থ্য সংস্থাই দিয়া সংজ্ঞাটো পঢ়ি চাও৷

“Health is a state of complete physical, mental and social well-being and not merely the absence of disease or infirmity.”

ভাৱানুবাদ কৰিলে এনেকুৱা হ’ব- স্বাস্থ্য এক সম্পূৰ্ণ শাৰিৰীক, মানসিক আৰু সামাজিক ভাল লগা অৱস্থা৷ কেৱল ৰোগহীনতা বা অক্ষমতাৰ অনুপস্থিতিকে স্বাস্থ্য বুলি ক’ব নোৱাৰি৷ এজন ব্যক্তি অকল শাৰিৰীক আৰু মানসিক ভাৱে সুস্থ হ’লেই নহ’ব, সামাজিক ভাৱেও সুস্থ হ’ব লাগিব তেহে স্বাস্থ্যবান বুলি ক’ব পাৰি৷

এই সংজ্ঞাটো ১৯৪৮ চনৰ পৰা সলনি কৰা হোৱা নাই৷

প্ৰাগৈতিহাসিক যুগৰ পৰাই মানুহে দেহ মন ভালে ৰখাৰ উপায় সন্ধান কৰি আহিছে৷ মনৰ শান্তিৰ বাবে ঈশ্বৰৰ উপাসনা কৰাটোও এনে এবিধ মানৱসৃষ্ট উপায়৷

পিছে স্বাস্থ্য ৰক্ষাৰ উপায় সন্ধানী মানৱজাতিৰ সন্মুখত সম্প্ৰতি এক প্ৰত্যাহ্বান দেখা দিছেহি৷ ই হ’ল অত্যধিক ওজন বৃদ্ধি৷ অত্যধিক ওজন বৃদ্ধিয়ে ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি ব্যাধিৰ শংকা বহুগুণে বঢ়াই তোলে লগতে ই উদ্বিগ্নতা, ডিপ্ৰেচন, আত্মবিশ্বাসহীনতা আদি মানসিক ব্যাধিবোৰৰো কাৰক হৈ পৰে৷

এই সমস্যা ৰুধিবলৈ অগণন পৰীক্ষা নিৰীক্ষা চলোৱা হৈছে আৰু বহুতো সমাধান বিচাৰি উলিওৱা হৈছে৷ তাৰ ভিতৰত এক অন্যতম সমাধান হ’ল জি এম ডায়েট (GM Diet) ৷ জি এম ডায়েট এক আন্তৰ্জাতিকভাৱে প্ৰসংশিত আৰু জনপ্ৰিয় খাদ্যবিধি৷

তলত ইণ্টাৰনেটৰ কেইবাটাও ছাইটৰ পৰা সংগ্ৰহ কৰা জিএম ডায়েটৰ অসমীয়া ভাঙনি দিয়া হ’ল৷ মূল কথাখিনিত বিশেষ সালসলনি কৰা হোৱা নাই যদিও পাউণ্ডক কিলোগ্ৰামলৈ ৰূপান্তৰ কৰি দিয়া হ’ল৷ লগতে গোমাংসৰ ঠাইত মাংস কৰি দিয়া হৈছে আৰু এলকহলিক পানীয়ৰ উল্লেখখিনি গুচাই দিয়া হৈছে৷

জিএম ডায়েট জেনেৰেল মটৰচৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াল পৰিজনৰ বাবে বিকশিত কৰা হৈছিল৷ আমেৰিকাৰ কৃষি বিভাগ আৰু Food and Drug Administration বিভাগৰ এক যুটীয়া অনুদানৰ দ্বাৰা ইয়াক বিকশিত কৰা হৈছিল৷ জেনেৰেল মটৰচৰ সঞ্চালক মণ্ডলীয়ে ইয়াক অনুমোদন কৰাৰ আগতে ব্যৱহাৰিক পৰীক্ষা নিৰীক্ষা সমূহ Johns Hopkins Research Centre ত সম্পন্ন কৰা হৈছিল৷

এই ডায়েট বিধৰ মূল উদ্দেশ্য হ’ল এসপ্তাহত ৪.৫ ৰ পৰা ৮ কেজিলৈকে ওজন হ্ৰাস কৰোৱা লগতে মানসিক উৎকৰ্ষ সাধন কৰোৱা৷ এই সাতদিনত খোৱা খাদ্যখিনিয়ে শৰীৰক যিমান কেলৰি যোগান ধৰে তাতকৈ বহু বেছি পৰিমাণৰ কেলৰি জ্বলায়৷

এই ডায়েট প্ৰগ্ৰামটো ঘনাই কৰিলেও একো ক্ষতি নহয়৷ ই অকল ওজন কমোৱাই নহয়, শৰীৰৰ বৰ্জ্য তথা বিষাক্ত পদাৰ্থবোৰৰ ভালদৰে নিৰ্গমণ ঘটাই দেহ মনত স্বাচ্ছন্দ্য দিয়ে৷

মন কৰিব যে, প্ৰথম সাতদিনত কোনোধৰণৰ এলকহলিক পানীয় সেৱন কৰিব নোৱাৰিব আৰু দিনে কমেও ১০ গিলাচ পানী খাব লাগিব৷

১ম দিন- কলৰ বাহিৰে যিকোনো ফল৷ আজি গোটেই দিনটো আপুনি কেৱল ফলহে খাব পাৰিব৷ কল নেখাব, পাৰিলে তৰমুজ বা তেনেজাতীয় ফল খাওক৷ অকল তৰমুজ খালে প্ৰথম দিনাই একৰ পৰা ডেৰ কেজি ওজন কমাৰ সম্ভাৱনা থাকে৷

২য় দিন- দ্বিতীয় দিনা অকল শাক পাচলি খায়ে থাকিব লাগিব৷ কি ধৰণৰ পাচলি বা কিমান পৰিমাণে খাব তাৰ কোনো নিৰ্দিষ্ট নিয়ম নাই৷ কেৱল পেট ভৰাকৈ খাব৷ সিজোৱা পাচলিও খাব পাৰে বা কেঁচা পাচলিও খাব পাৰে৷ শৰীৰক যিহেতু কাৰ্ব’হাইড্ৰটৰ প্ৰয়োজন, ৰাতিপুৱাই এটা সিজোৱা আলু খাব৷

৩য় দিন- আজি ফল আৰু শাক পাচলি দুয়োবিধ খাব৷ কল আৰু আলু নিষেধ৷

৪ৰ্থ দিন- আজি কল আৰু গাখীৰ খাব৷ আঠটালৈকে কল আৰু তিনি গিলাচ পৰ্য্যন্ত গাখীৰ খাব পাৰে৷ বিভিন্ন ধৰণৰ পাচলিৰে এবিধ চুপ তৈয়াৰ কৰি খাব পাৰে সামান্য পৰিমাণে৷

৫ম দিন- আজি ভুৰি ভোজনৰ দিন! আজি ৩০০ গ্ৰাম মান মাংস আৰু ৬টা বিলাহী খাব৷ পঞ্চম দিনা অইনদিনতকৈ এক লিটাৰ পানী বেছিকৈ খাব লাগিব৷ ইয়ে শৰীৰত সৃষ্টি হোৱা ইউৰিক এচিডৰ নিৰ্গমণত সহায় কৰিব৷

৬ষ্ঠ দিন- আজি হেঁপাহ পলুৱাই মাংস আৰু শাক পাচলি খাব পৰিব৷ পিছে ভাত বা ৰুটী নেখাব৷

৭ম দিন- আজি ভাত বা ৰুটী আৰু পচন্দমতে ফল আৰু শাক পাচলি খাব৷

অষ্টমদিনা আপুনি নিজকে বহুত পাতল পাতল অনুভৱ কৰিব৷ যদি ওজন জুখি চায় তেনেহ’লে প্ৰায় ৪.৫ ৰ পৰা ৮ কেজিলৈকে হ্ৰাস হোৱা দেখিব৷

---------------
দুটামান ব্যক্তিগত সংযোজন:

- ভাত খোৱাৰ ১০-১৫ মিনিটমান আগত এগিলাচ পানী খাই লওক৷ ইয়ে আপোনাৰ ভোক কিছুপৰিমাণে কমাই দিব আৰু ভাত বেছিকৈ খোৱাৰ পৰা বিৰত ৰাখিব৷

- গোটেই দিনটোত পানী যিমান পাৰে খাই থাকক। এটা বুধি দিছো৷ এটা এক লিটাৰৰ বটলত প্ৰায় সোঁমাজত এটা দাগ দি ৰাখক৷ মানে আধা লিটাৰ৷ আৰু এঘণ্টাৰ মূৰে মূৰে আধা লিটাৰ পানী খাব চেষ্টা কৰক৷ মই এইখিনিকে ক’ব পাৰো যে আপোনাৰ ইউৰিক এচিডৰ সমস্যাও লাঘৱ হ’ব যদিহে আপুনি এইদৰে কৰিব পাৰে।

- আইচক্ৰীম, চকলেট, চিপচ, ভজা মিঠাই যেনে লালমোহন, গুলাবজামুন আদি পৰিত্যাগ কৰক৷ মানে সেইফাললৈ নেচাবই৷

- পাৰিলে ৰঙাচাহ খোৱা কৰক চেনি নিদিয়াকৈ৷

- দিনে সুবিধাজনক সময়ত দুই কিলোমিটাৰ খোজকাঢ়ক নতুবা ট্ৰেডমিলত দৌৰা অভ্যাস কৰক৷

মতামতসমূহঃ

comments powered by Disqus