কিবা কথা আছে যেন পাওঁ
(খণ্ড ১)
ডাফলি বজোৱা দৰাৰে প্ৰতি--
আৰু কিমান বজাবানো ডাফলিৰে চেঁও
কৈছিলা দেখোন বিয়াৰ আগতে -
আমাৰ ঘৰখন বহুত লিবাৰেল
নালাগে যৌতুক, নুঠিবা সোনকালে
বাঁহীচোতাল আমাৰ ঘৰত এক ডাইনোচৰ
”বিচনাচাদৰত ৰঙাদাগ” এক বিলুপ্ত প্ৰহেলিকা
(খণ্ড ২)
লগুণ দিয়নি……
লগুণ সলনি……
সহস্ৰ নমস্কাৰ
সূৰ্য্য নমস্কাৰ
দিশে দিশে মাথো শুচি
আৰু মাথো অশুচি
পাৰফেকশ্যন গেৰানটীদ
যেন জেমছ বণ্ডৰহে শান্তিবিয়া!
চুৱা চুৱা চুৱা-
হেই নুচুবি
হেই নেযাবি
হেই নেখাবি
প্ৰত্যাহ্বান
মোৰ ঠেহ, নেখাওঁ যা চিৰা দৈ
নলও লগুণ
বৰমাৰ কান্দোন, নেযাবি বাচা
মামীৰ সান্ত্বনা, তোমালৈ আনি থৈছো মইনামতী ৰাধা
মাৰ কান্দোন, আজি তোৰ বায়েৰ থকা হ’লে
-মৰতী পলাই গ’ল৷
সকলোৰে কান্দোন,
মোৰো
চকুপানী কি বিনামূলীয়া কেৰাচিন
সৰুমাৰ সকিয়নি, বংশৰ নাম নুডুবাবি
সৰুপিতাৰ আশ্বাস, মোৰ আপা নাই
তয়ে মোৰ ছলি৷
আশ্বাস, বিশ্বাস, প্ৰত্যয়, হাঁহাকাৰ
কিন্তু নিৰ্বাক সময়৷
লুচিফাৰৰ হাঁহি
ঐ ফঁচিলি বামুণ
লৈছ লগুণ
নোৱাৰ খাব গাহৰি
হোৱাট দা হেৰি...
(খণ্ড ৩)
লুচিফাৰৰ প্ৰতি
- হাৰে বাবা
খাম গাহৰি
আৰু
সলাম লগুণ
হৈ ৰম অগ্নিস্নাত
নলও আহৰি৷