স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

পুনৰ মুচিক ভৱঃ

 

- এটা সৰুতে পঢ়া সাধুকথা৷

- অতি প্ৰাচীন কালৰ কথা৷ এখন অৰণ্যত এজন সিদ্ধপুৰুষে একান্তমনে তপস্যা কৰি আছিল৷ এদিনাখন হঠাতে এটা নিগনি দৌৰি দৌৰি আহি সাধুৰ কোঁচত সোমালহি৷ নিগনিৰ ভয়াৰ্ত চকুহাললৈ চাই সাধুৱে সুধিলে, বাচা কি হ’ল তোৰ?

নিগনিয়ে ক’লে, প্ৰভু ঈশ্বৰ মোৰ প্ৰাণ ৰক্ষা কৰক৷ সেই দুৰন্ত মেকুৰীটোৱে মোক হত্যা কৰি তাৰ ক্ষুধা নিবাৰণ কৰিব বিচাৰিছে৷ আপুনি তাক আপোনাৰ যোগবলেৰে ভষ্ম কৰি মোক ৰক্ষা কৰক৷ তেতিয়া সাধুৱে ক’লে, বাচা মই জীৱহত্যা নকৰো কিন্তু তোক ৰক্ষা কৰিবলৈ মই তোক তোৰ শত্ৰুৰ সমকক্ষ কৰি তুলিবলৈ তোক এটা মেকুৰীলৈ ৰূপান্তৰ কৰি দিলো যা৷ এইবুলি সাধুৱে কমণ্ডলুৰ পৰা পানী এচলু লৈ মন্ত্ৰ মাতি নিগনিটোৰ গাত চতিয়াই দিলে আৰু সি তৎক্ষণাত এটা মেকুৰী হৈ পৰিল৷ সাধুৱে তাক আশীৰ্বাদ দি পুনৰ ধ্যানত মগ্ন হ’ল৷

কিছুদিন পিছত এটা মেকুৰী প্ৰাণৰ ভয়ত দৌৰি আহি সাধুৰ পাছফালে আহি লুকাল৷ সাধুৱে তাক চিনি পাই সুধিলে, হেৰৌ তয়ে জানো সেই নিগনিটো নহ’ৱ যাক মই মেকুৰীৰ ৰূপ দিছিলো?

হয়, ঠিকেই ধৰিছে সাধু মহাৰাজ৷ পিছে মোক আজি আকৌ ৰক্ষা কৰক৷ সেই দুৰ্দান্ত, উন্মাদ কুকুৰটোৰ কৃদন্ত বোৰৰ পৰা মোক ৰক্ষা কৰক৷ এইবাৰো সাধুৱে মেকুৰীটোক মন্ত্ৰ্ৰেৰে কুকুৰলৈ ৰূপান্তৰ কৰি দিলে৷ সাধু মহাৰাজ পুনৰ তপস্যামগ্ন হ’ল৷

কিছুদিন পিছত সাধুৱে কুকুৰলৈ ৰূপান্তৰ কৰা নিগনিটোৱে ফোঁপাই ফোঁপাই দৌৰি আহি ধ্যানমগ্ন সাধুৰ পিচফালে আশ্ৰয় ল’লেহি৷ এইবাৰ সাধু কিছু বিৰক্ত হ’ল আৰু সুধিলে, ক, এইবাৰ তোক কাৰ পৰা ৰক্ষা কৰিব লাগে ? কুকুৰটোৱে ক’লে, প্ৰভু মোক এইবাৰ এই বাঘটোৰ পৰা ৰক্ষা কৰক৷

সাধু মহাৰাজে কমণ্ডলুৰ পৰা পানী এচলু চতিয়াই ক’লে, তথাস্তু৷ আৰু কুকুৰটো বাঘ হৈ পৰিল৷

এনেদৰে বেছ কিছুদিন গ’ল। কিন্তু এদিন সাধু মহাৰাজৰ তপ ভংগ হ’ল৷ তেখেতে দেখিলে যে এটা বাঘে হাও হাও কৰি তেখেতৰ পিনে আগুৱাই আহিছে৷ সাধুৱে বাঘটো চিনি পালে আৰু সুধিলে, আজি আকৌ তোৰ কি হ’ল? তইতো এতিয়া বনৰ ৰজা, তোৰ কাৰ পৰা ভয় ?

তেতিয়া বাঘটোৱে ক’লে, আজি মোৰ কাৰো পৰা ভয় নাই কিন্তু যোৱা তিনিদিন ধৰি এটাও চিকাৰ কৰিব পৰা নাই গতিকে আজি তোকেই খাম৷

হাও হাও হাও৷
আজি তোক খাও৷
বনৰ ৰজা মই৷
আজি মই তোক খাও৷

সাধুৰ অন্তৰত বৰ দুখ লাগিল৷ তেখেতে ক’লে, হেৰৌ মূৰ্খ, খাই পাত ফলা৷ মই তোক নিগনিৰ পৰা মেকুৰী কৰিলো, মেকুৰীৰ পৰা কুকুৰ কৰিলো, কুকুৰৰ পৰা বাঘ কৰিলো মাত্ৰ তোক তোৰ শত্ৰুৰ পৰা বচাবলৈ৷ আৰু আজি তই সকলো পাহৰি মোকেই মাৰিবলৈ আহিছ? অশলাগী, অকৃতজ্ঞ কৰবাৰ৷

যাঃ তোক আজি মই পুনৰ নিগনিৰ ৰূপ দিলো৷ এইবুলি সাধু মহাৰাজে কমণ্ডলুৰ পৰা পানী এচলু মন্ত্ৰ মাতি বাঘটোৰ গাত চতিয়াই দি ক’লে “পুনৰ মুচিক ভৱঃ” আৰু বাঘটো পুনৰ এটা নিগনি হৈ পৰিল৷

★★★★★★★★★★★★★★★★★★★★★

ব্যক্তিগত অভিজ্ঞতাঃ

কাকো অত্যধিক মৰম কৰিব নালাগে আৰু ভাল ভাল বুলি বেছি প্ৰশংসা কৰিব নালাগে৷ আপোনাৰ মূৰত উঠিবলৈ বেছি সময় নালাগে আৰু আপোনাৰ বিপক্ষে যাবলৈও বেছি সময় নালাগে৷ গতিকে পিছত ‘পুনৰ মুচিক’ কৰাতকৈ আগতীয়াকৈ সাৱধান হোৱাটো ভাল৷

দায়লুপ্তিঃ সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহ’ব পাৰে৷

মতামতসমূহঃ

comments powered by Disqus