শব্দৰ স্বাধীনতা
ইতিমধ্যে শব্দবোৰে বিপ্লব আৰম্ভ কৰিছিল৷
আত্মাৰ সন্ধানত শব্দবোৰ ঢাপলি মেলিছিল৷ (হাতে হাতে আখৰৰূপী অস্ত্ৰবোৰ লৈ)
কবিয়ে হেনো তেওঁলোকক ’ব্যৱহাৰ’ কৰিছিল
য’তেই মন যায় তাতেই হেনো৷
তেওঁলোকে হেনো শব্দৰ অনুভূতিক
বুজিবৰ চেষ্টা কৰা নাছিল,
ভালপোৱা হেনো নাছিল কবিৰ কলম নামৰ জাকৈত,
প্ৰেম দূৰৈৰ কথা৷
উঠাই আনিছিল শব্দক
অভিধান নামৰ বেশ্যালয়ৰ পৰা৷
“মৎস্যৰূপে অৱতাৰ ভৈলা কবিৰ শব্দ
যদি কাহানিবা তৎসম, কাহানিবা তদ্ভৱ৷”
কৰতল কমল কমল দল নয়ন
ইমানলৈকে ঠিকেই আছিল,
পিছে কোনো কবিয়ে হেনো শব্দক
ব্যৱহাৰ কৰিলে কাৰো
কটি প্ৰদেশৰ প্ৰক্ষালনত৷ (অমুক নেতাৰ ইন্কিলাববোৰ জিন্দাবাদ!
তমুক নেতাৰ ইন্কিলাববোৰ মুৰ্দাবাদ!)
কোনো কবিয়ে আকৌ শব্দক ব্যৱহাৰ কৰিলে
প্ৰতিশোধ ল’বলে’
বিফল প্ৰেমৰ খলনায়িকাক
শাস্তি দিবলৈ৷
মাজনিশা মাতাল কবিয়ে উচ্চাৰিলে
সেইবোৰ শব্দ- যিয়ে নেকি কোনো
নায়িকাক খল-নায়িকা সজাব খুজিছিল৷
পিছে সেইবোৰ শব্দৰ দেখোন “বেছ-ট্ৰেবল” গোটেই
কম আছিল৷
অইন কিছুমান শব্দই ছাঁত শুকাইছিল
আৰু কিছুমানে বোলে মুঠিতে লুকাইছিল৷
আৰু কিছুমান শব্দ বোলে নাৰীবাদী হৈ পৰিছিল৷
উপভোগ কৰিছিল হেনো উন্মুক্ত শাব্দিক স্বাধীনতা!
কিছুমান শব্দই হেনো যুক্তাক্ষৰবোৰ
ভাঙি দিছিল৷
আৰু ওলোটা কৰি দিছিল আখৰবোৰ (বিঃদ্ৰঃ- ঊনসত্তৰীয়া গোলমাল নহয়নে এইবোৰ!)৷
সেই শব্দবোৰ হেনো ব্ৰহ্ম হৈ উঠিছিল৷
তেওঁলোকে-
মন কৰিব দেই- তেওঁ বুলি সম্বোধন কৰা হৈছে-
সিহঁত বুলি নহয়৷
শব্দক সন্মান দিবলৈ শিকিছো৷
শব্দৰ বিপ্লবক ময়ো শ্ৰদ্ধা কৰো৷
হয়, শব্দসকলক ময়ো বিচাৰো৷
মোকো লাগে তেখেতসকলৰ
সাহচৰ্য্য,
তেখেতসকলৰ উন্মাদ স্বাধীনতা
তেখেতসকলৰ বিষন্ন বেদনা;
তেখেতসকলৰ- ?????
হয়, মই কি বিচাৰো মই নিজেই নাজানো৷
মাথোঁ ইয়াকে জানো-
মই ভাল পাওঁ শব্দ
মই বেয়া পাওঁ শব্দ!
শব্দ মোৰ প্ৰেম, শব্দবোৰ বিষাক্ত৷
শব্দ মোৰ শান্তি, শব্দই মোৰ আত্মা৷
শব্দ- ময়েই তোমাৰ আত্মা৷ (মোক বিচাৰি ক’তো যাব নালাগে৷ মই ইয়াতে আছো)৷
১১.০৪.১৫