স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

শৰ্মাজ স্পেশ্যেল চিকেন

 

যোগাৰ : আধাকেজি স্থানীয় কুকুৰাৰ সৰুকৈ কটা মাংস, ডাঙৰ পিঁয়াজ চাৰিটা, কেঁচা জলকীয়া পাঁচ ছটা মান, নহৰু বিছফোট, আদাৰ মধ্যম আকৃতিৰ টুকুৰা এটা, মাহপাত/ তেজপাত দুইখিলা, ডাঙৰ ক’লা ইলাচি তিনিটা, বগা ইলাচি চাৰিটা, লং ছটা, জালুক পোন্ধৰটামান, কেপছিকাম এটা, বিলাহী এটা, চিকেন মচলা অকণমান, হালধি, মিঠাতেল, নেমু এটুকুৰা, ধনীয়াপাত৷

প্ৰস্তুতি : মাংস খিনি ভালদৰে ধুই চেপি চেপি পানী অকণো নথকাকৈ এটা পাত্ৰত ৰাখক৷ মন কৰিব পানী যাতে অকণো নাথাকে৷ এতিয়া নেমু কেইটোপালমান দি নিমখেৰে ভালদৰে সানক৷ নিমখ একেবাৰে দি দিয়ক, পিছত দিয়াৰ প্ৰয়োজন নাই৷ এইখিনি সনা হোৱাৰ পিছত, হালধি আৰু চিকেন মচলাৰে ভালদৰে সানক৷ এটা কথা মন কৰিব নেমু আৰু নিমখ সনা হোৱাৰ পিছতহে হালধি আৰু চিকেন মচলা সানিব৷ একেলগে গোটেইবোৰ নাসানিব৷ এতিয়া ঢাকোন মাৰি এঠাইত থৈ দিয়ক বিছমিনিটমানৰ বাবে৷

মাহপাত, ইলাচি আৰু লং খিনি অলপ দেৰি তিঁয়াই থওক৷ জালুকখিনি বেলেগে তিঁয়াব৷ ইলাচি আৰু লং খিনি একেলগে খুন্দি লওক৷ জালুকখিনিও খুন্দি বেলেগে থওক৷ পিঁয়াজ কেইটা মিহিকৈ কুটি ৰাখক৷ নহৰু কেইটা মিহিকৈ বটি লওক, বা পটাত পিচি লবও পাৰে৷ আদাখিনি নবটি এখন ৰোকনাৰে ৰুকি লওক৷ আদা আৰু নহৰু বেলেগে ৰাখিব৷ মাহপাত দুটা সামান্য মুচৰি লওক৷

বিলাহীটো চাৰিফাল কৰি ধুই গুটিখিনি আঁতৰাই দিয়ক৷ কেপছিকামটোৰ ভিতৰৰ গুটিখিনি গুচাই সিৰবিলাক কাটি আঁতৰাই দিয়ক৷ সেইটো ধুই এক বৰ্গইঞ্চি আকৃতিৰ কাটি লওক বা আঙুলিৰ পাব এটাৰ সমান হ’লেও হ’ব৷ বিলাহী আৰু কেপছিকাম ৰাখি থওক, কি কৰিব লাগিব পিছত ক’ম৷

ৰন্ধন : ঢাকনি থকা ননষ্টিক কেৰাহী এটা গেছৰ জুইত গৰম হ’বলৈ দিয়ক পূৰা জুইত৷ কেৰাহী ভালদৰে গৰম হোৱাৰ উমান পালে নিজৰ জোখমতে মিঠাতেল ঢালি দিয়ক৷ তেলখিনি গৰম হোৱাৰ পিছত তাত মাহপাত দুটা দি লৰাই দিয়ক আৰু প্ৰায় লগে লগে ইলাচি আৰু লং খিনি দি দিয়ক৷ এবাৰ লৰাই কুটা পিঁয়াজ খিনি আৰু জলকীয়া কেইটা দি দিয়ক৷ এইখিনি এবাৰ লৰাই দি জুই কমাই দিয়ক ল’ ফ্লেমলৈ আৰু ঢাকনিখন মাৰি দিয়ক৷

ত্ৰিশ ছেকেণ্ডমান পিছত ঢাকনিখন দাঙি ঢাকনিত লাগি থকা ভাপখিনি পানী হৈ কেৰাহীত পৰিবলৈ দিয়ক আৰু পিয়াঁজ খিনি লৰাই দি পুনৰ ঢাকনিখন লগাই দিয়ক৷ এনেদৰে প্ৰায় দুই তিনিবাৰ মান কৰক যেতিয়ালৈকে পিয়াঁজখিনি সামান্য ৰঙচুৱা নহয়৷ কেৱল মনত ৰাখিব ঢাকনিত লাগি থকা পানীখিনি যাতে কেৰাহীতে পৰে৷

এইবাৰ পিয়াঁজখিনি কেৰাহীৰ কাষলৈ ঠেলি দি কেৰাহীৰ মাজত খোল এটা কৰি নহৰু খিনি দি দিয়ক৷ অকণমান লৰাই দি ঢাকোনখন মাৰি দিয়ক৷ ত্ৰিশ ছেকেণ্ডমানৰ পিছত ঢাকোনখন ডাঙি ঢাকোনত লাগি থকা পানীখিনি কেৰাহীত পৰিবলৈ দিয়ক৷ এইখিনিতে এটা গোন্ধ পাব লাগে যদি চব ঠিকে থাকে৷

এইবাৰ মাংসখিনি কেৰাহীত ঢালি দিয়ক আৰু অলপ দেৰি ভালদৰে লৰাই থাকক যাতে কেৰাহীৰ পিঁয়াজ, নহৰু আৰু তেলৰ সৈতে ভালদৰে মিহলি হৈ পৰে৷ এতিয়া পুনৰ ঢাকনি মাৰি অলপ সময় থৈ দিয়ক৷

গেছৰ জুই ল’ ফ্লেমতে থাকিবলৈ দিব দেই৷ কেইমিনিটমানৰ পিচত ঢাকনি ডাঙি আকৌ লৰাই দিয়ক কিছুসময়ৰ বাবে৷ এইবাৰ মাংসত অলপ পানী উঠিব পাৰে যদিও চিন্তা কৰিব নালাগে আৰু ভুলতো জুই বঢ়াই নিদিব৷ মাংসখিনি খুব সঘনাই লৰাই থাকক আৰু এটা কথা মনত ৰাখিব যে লৰাই উঠি যাতে ঢাকনি দিবলৈ নাপাহৰে৷ মাংসত উঠা পানীখিনি নিজে নিজে শুহি যাব৷ প্ৰয়োজন হ’লে অলপ পানী ছটিয়াইহে দিব পাৰে যদিহে এনে লাগে যে মাংস কেৰাহীত লাগি ধৰিব ওলাইছে৷

মাংস কেৰাহীত দিয়াৰ পিছত দহ মিনিটমান সময়ৰ পিছত বিলাহীখিনি দি দিব পাৰে৷ যদি আপোনাৰ ঘৰত মাইক্ৰ’ৱেভ অভেন আছে তেনেহ’লে বিলাহীখিনি নমনীয় (tender ) কৰি বাকলি খিনি গুচাই ল’লে খুব ভাল হ’ব৷ যদি অ’ভেন নাই তেনেহ’লে বিলাহীখিনি প্ৰেছাৰকুকাৰত তিনিটামান হুইচেল মৰায়ো এইকামফেৰি কৰিব পাৰে৷

ঠিক তেনেদৰে, অভেন থাকিলে কেপছিকামখিনিও নমনীয় কৰি লওক আৰু বিলাহী দিয়াৰ কেইমিনিটমানৰ পিচত দি দিয়ক৷

মাংস কেৰাহীত দিয়াৰ পিছত পোন্ধৰ মিনিটমান সময়ৰ পিছত অকণমান মাংস কাৰোবাক চাকি চাবলৈ দিব পাৰে নিমখ জ্বলা আদি ঠিক আছেনে চাবলৈ৷ যদি মাংস সিজিছে আৰু নিমখ ঠিকে আছে তেনেহ’লে এইবাৰ আদাখিনি দি দিয়ক আৰু ভালদৰে লৰাই দিয়ক৷ অলপ পিছত জালুকখিনিও দি দিয়ক৷ অকণমান পানী দি দিব পাৰে, ঠিক হেঁতাখনত যিমানখিনি ধৰে৷

কেইমিনিটমানৰ পাছত এবাৰ লৰাই দি ধনীয়াপাতকেইটা মাংসৰ ওপৰত ছটিয়াই দি ঢাকনিখন মাৰি দি গেছ বন্ধ কৰি দিয়ক৷

পৰিবেশন কৰাৰ সময়ত মাংসৰ ওপৰত কেইটোপালমান গোলাপজল কোনেও নেদেখাকৈ ছটিয়াই দিয়ক৷

মতামতসমূহঃ

comments powered by Disqus