সৃষ্টিৰ বৰষুণ
মুষলধাৰ বৰষুণজাক অহা
দিনাখনৰেই কথা৷
খৰাং পথাৰখনে হেঁপাহেৰে
বৰষুণজাক পি খালে
পঞ্চামৃত বুলি ভাবি৷
উৰ্বৰা হোৱাৰ সময় যে সমাগত৷
আনক সুখ দিবলৈ সদা বিয়াকুল
ঝিলীকেইটায়ো গান জুৰিলে৷
বতাহজাকেও পেঁপা বজাই
ঝিলীক সংগ দিলে৷
মধুৰতম পৰিৱেশত পথাৰখন এখন শয্যা হৈ পৰিল৷
বৰষুণৰ এচাৰেকণি ভেকুলীটোৰ
গাটো পৰিছিল৷
সাৰ পাই সি সংকেত পালে এয়া প্ৰেমাকুল
হোৱাৰেই সময়৷ পৰিৱেশো অনুকূল৷
গলহেকাৰণি এটা মাৰি ডিঙিটো
ফুলাই
সি জুৰিলে প্ৰেমৰ টোৰটোৰণি এটা৷
বাসনাত জৰ্জৰিত হৈ উশাহ টানিছিল
সি
বুকু ভৰাই৷
নাতিদূৰৈত থকা এজনী ভেকুলী
আছিলে যি কুন্দতকটা
ৰৈ আছিল তাই কাতৰ হৈ
বুকুতে লৈ
অযুত আশা৷
এখুজি দুখুজি
দুয়ো দিলে মেলি৷
বাধা দিবলৈ কাৰ সাহস৷
পৰীয়া যে স্বয়ং বিধাতা৷
চকুত চকু থৈ
দুয়ো আকাশলৈ চালে৷
এতিয়া মাথোঁ প্ৰয়োজন
ক’লা মেঘ এচপৰাৰ৷
সৃষ্টি সদায় যে
আন্ধাৰতেই হয়৷
লাগে সিহঁতকো কিছু
গোপনীয়তা৷
২২.০৪.১৭