মই এক সন্ত্ৰাসবাদী কবি
আপোনাৰ সেউজ কোমল হৃদয়ত বিস্ফোৰণময়েই ঘটাওঁ৷
আপোনাৰ তেজৰ ৰং নীলা বুলি ময়েই প্ৰত্যায়িত কৰিছিলো৷
( আৰু মোক অভিধা দিছিল বৈপ্লবিক চিন্তাধাৰাৰ বিষণ্ণ কবি বুলি৷ সহ্য কৰিছিলো অৱশ্যে৷)
আনকি আকাশৰ মেঘবোৰো হালধীয়া বুলি ময়েই
আপোনাক আভুৱা ভাৰিছিলো৷
আপুনি হেনো আঘোণৰ পূৰ্ণিমাত জগত জিনিছিল৷
পিছে ক’তা? মইতো আপোনাক দেখিছিলো
শেৱালি ফুলবোৰ মুচৰি মুচৰি হত্যা কৰা৷
জিকাৰ ফুলবোৰ পিঠাগুড়িৰে বড়া ভাজি খোৱা!
আপুনিও দেখোন এজন হত্যাকাৰী৷
প্ৰেম ভাজি খোৱা আপুনিও এক প্ৰেমিক অশ্বাৰোহী৷
কি ক’লে? আপোনাৰ ‘ভাণ্ডা’ ফুটাই দিব নালাগে? মোক চাই ল’ব?
ঠিক আছে৷ নিদিও বাৰু৷
কৰক এটা বিস্ফোৰণ৷ চিৰাচিৰ কৰি দিয়ক হেমকোষ নতুবা চন্দ্ৰকান্ত৷
হৈ পৰক মোৰ দৰে জেহাদী কবি!
অভিধানৰ শব্দ আৰু দুটা লাৰ্জ পেগ৷ অলৌগুটি তলৌগুটি৷
ইথানলৰ অণুবোৰ হৈ পৰিব অণুঘটক৷
এক বস্তুবাদী শিহৰণে দস্তুৰমত আপোনাক চুই যাব
যেন বিস্ময়ৰ শেষ পৃষ্ঠাটোহে৷ কোনো উদ্ভিন্ন যৌৱনাৰ দেহ বল্লৰীৰ অস্বাভাবিক আবেদনত হিয়া চিৰাচিৰ৷
লিখক লিখক৷
লিখি উঠি নীলা ৰঙৰ খাম এটা বিচাৰিব নাপাহৰিব৷
(কাণে কাণে কওঁ৷ নীলা খাম এটা মোৰো বৰ দৰকাৰ৷ পালে দিব দেই৷)
০৫.০৭.১৬