চেকনিৰ আগত বিদ্যা
”চেকনিৰ আগত বিদ্যা” কথাষাৰৰ মই ঘোৰ বিৰোধী৷
এইটো নহয় যে মই সৰুতে বৰকৈ মাৰ খাইছিলো৷ কিন্তু কেইগৰাকীমান শিক্ষাগুৰুৱে এনেকুৱা সন্ত্ৰাস সৃষ্টি কৰিছিল যে তেখেতসকলৰ ক্লাচত কিবা শিকাতকৈ মাৰ নোখোৱাকৈ থকাটোৱে কৃতিত্বৰ কথাহৈ পৰিছিল৷
পিছে কোবাই পিটি শিকোৱা শিক্ষাগুৰু(?) কেইজনতকৈ মৰমেৰে শিকোৱা শিক্ষাগুৰু কেইগৰাকীয়ে শিকোৱা কথাখিনি মোৰ বেছি ভালকৈ মনত থাকি গ’ল৷
এজন ছাত্ৰ বেয়া হ’ব নোৱাৰে, বেয়া আচলতে শিক্ষকগৰাকীহে৷ যদি ছাত্ৰজন ইমানেই অবাধ্য তেনেহ’লে অভিভাৱককহে শাস্তি দিব লাগে, ছাত্ৰ বা ছাত্ৰীক নহয়৷ ছাত্ৰ ছাত্ৰীয়ে যদি ক্লাচত মন নিদিয়ে তাৰ বাবে ১০০% দোষী শিক্ষকগৰাকী কিয়নো তেওঁহে মনোগ্ৰাহীকৈ পঢ়ুৱাব পৰা নাই৷ ভালদৰে আৰু মনোগ্ৰাহীকৈ পঢ়ুৱাব পৰা শিক্ষকৰ ক্লাচৰ পৰা ছাত্ৰ ছাত্ৰী কেতিয়াও নপলায়, আমিও পলোৱা নাছিলো৷