হৃদয়বিদাৰক ফ’টোৰ প্ৰচলন
আজিৰ পৰা কেইবছৰমানৰ আগৰ কথা৷ ২০০৬-০৭ মান হ’ব৷ এদিন
                    ফাঁচীবজাৰৰ জেইলখনৰ ওচৰত প্ৰচণ্ড বোমা বিস্ফোৰণ এটা
                    হ’ল৷ বিস্ফোৰণৰ প্ৰাবল্য ইমানেই আছিল যে এখনৰ ৰিক্সাৰ
                    ওপৰত বহি থকা চালকজনৰ মূৰটোৱেই ছিঙি পৰিল৷ আৰু বহুতো
                    লোক হতাহত হ’ল৷
                    
                    পিছদিনা এখন অসমীয়া দৈনিক বাতৰিকাকতত (বেছিও হ’ব পাৰে,
                    মই এখনত দেখিছিলো) বাতৰিটো প্ৰকাশ হ’ল৷ লগত সেই
                    ৰিক্সাচালকজনৰ মৃত্যুৰ দৃশ্যটি৷ উস্, কি বীভৎস দৃশ্য৷
                    চকুৰে চাই থাকিব নোৱাৰি৷ ফ’টোখন দেখাৰ পিছত
                    কেইবাদিনলৈকে মানসিকভাৱে অস্থিৰ হৈ থাকিলো৷ সেইটো অকল
                    মোৰ ক্ষেত্ৰতেই হোৱা নাছিল৷ আৰু বহুতো লোকৰ তেনেকুৱা
                    হৈছিল৷ আমাৰেই তেনেকুৱা হৈছিল, শিশু মনত সেই ফ’টোখনে
                    কি ৰেখাপাত কৰিছিল সহজে অনুমেয়৷
                    
                    কালিও ফেচবুকত এখন ফ’টো কেইবাজন লোকেও শ্বেয়াৰ কৰা
                    দেখা পালো৷ এটা পথ দুৰ্ঘটনাত এজনী যুৱতীৰ দুয়োখন ভৰি
                    অতিশয় গুৰুতৰভাৱে আঘাত পোৱাৰ ৰক্তাক্ত দৃশ্যৰ ফ’টো৷
                    দুৰ্ঘটনাগ্ৰস্ত যুৱতীগৰাকীৰ আশু আৰোগ্য কামনা কৰি লগে
                    লগে প’ষ্টকেইটা Hide কৰিবলৈ বাধ্য হ’লো৷ ইমান
                    হৃদয়বিদাৰক সেই ফ’টোখন৷
                    
                    এতিয়া কথা হ’ল, সেই ফ’টোখন নিদিয়াকৈও প’ষ্ট এটাত
                    দুৰ্ঘটনাটোৰ বিষয়ে লিখিব পৰা গ’লহেঁতেন৷ কিন্তু তাকে
                    নকৰি কিহৰ তাড়নাত কিছুমান লোকে এনেকুৱা কিছুমান ফ’টো
                    শ্বেয়াৰ কৰে বুজি নাপাওঁ৷ এনে ফ’টোৱে অইন লোকৰ মনত
                    কিদৰে আঘাত দিব পাৰে তাক হয়তো তেওঁলোকে ভাবিয়েই নাচায়৷
                    
                    
                    বাতৰিকাকতখনেও হয়তো খবৰটো ’গৰম’ কৰিবলৈ সেই ফ’টোখন
                    প্ৰকাশ কৰিছিল প্ৰথম পৃষ্ঠাতে৷ দুৰ্ঘটনাত নিহত নিৰীহ
                    মানুহৰ ’হেডলেচ’ ফ’টো প্ৰিণ্ট কৰি বাতৰিকাকতৰ মালিক,
                    সম্পাদক, প্ৰকাশকসকলো হৈ উঠিছিল একোটা ’হেডলেচ চিকেন’৷
                    
                    বাতৰিকাকতত আজিকালি হয়তো তেনেকুৱা ফ’টো নিদিয়ে৷ ভাল
                    কথা৷ কিন্তু এতিয়া ফেচবুকত এনে ফ’টোৰ প্ৰচলন কেনেদৰে
                    ৰোধ কৰা যায়৷ কেৱল নিদিবলৈ আহ্বান কৰিলেই যথেষ্ট
                    হ’বনে?
                    
                    ৰাইজৰ মতামত বিচৰা হ’ল৷
                    
                  
