কঁঠলুৱা অনুভৱ
কঁঠাল দেখিলে বা কঁঠালৰ কথা ভাবিলে এই কথাকেইটা পলকতে মোৰ মনলৈ আহি যায়৷
কঁঠাল খাই ভালো লাগে বেয়াও লাগে৷ বেয়া এইকাৰণে লাগে ভাল লাগি বেছিকৈ খাই দিয়াৰ পিছত পেটটো গেলৌ গেথৌ কৰে৷ সৰুতে লোভত পৰি একেবহাতে বিছ ত্ৰিশ কোঁহ খাই দিয়াৰ পিছত পেটটো এনেকৈ টানি ধৰিছিল যে, ডাঙৰ ভেকুলী এটা গিলি লৰচৰ কৰিব নোৱাৰা হোৱা সাপ এটাৰ দৰে বহুসময় বিচনাত পৰি থাকিছিলো৷
কঁঠালৰ কোঁহবোৰৰ পৰা গুটি উলিয়াই কোঁহবোৰ ফেনেকি চেকি উলিয়ালে যি ৰস ওলায় তাক চিৰা বা কোমল চাউলৰ লগত খাই বৰ তৃপ্তি পাইছিলো৷
আমাৰ মামাহঁতৰ ঘৰ পাঠশালাৰ মুগুৰীয়াত৷ তাত প্ৰায়ে বান্দৰে উপদ্ৰৱ চলায়৷ প্ৰকাণ্ড কঁঠালবোৰৰ আধা খাই আধা নষ্ট কৰি বান্দৰবোৰে যি উদ্ভণ্ডালি কৰে তাক নীৰৱ দৰ্শকহৈ চাই থকাৰ বাহিৰে উপায় নাছিল৷
কেঁচা কঠালেৰে ৰন্ধা তৰকাৰীখনৰ সোৱাদ জিভাত স্থায়ী হৈয়ে ৰ’ল৷
কঁঠালৰ গুটি ডাইলত দি সিজাই পিটিকা কৰি খোৱাৰ আমেজকণ আলুপিটিকাই দিয়া আমেজকণতকৈ কম নহয়৷ কঁঠালৰ গুটি পুৰি খায়ো বৰ মজা লাগে৷ পিছে গুটিটোৰ যিখিনি ঠাইৰ পৰা গঁজালি মেলে সেইখনি অলপ কাটি জুইত নিদিলে গুটিতো ধুমকৈ ফুটে৷ এই ধুমকৈ ফুটা ’ঘটনা’টি চাবলৈ অকণমান উৎপাত কৰা হৈছিল৷ গালি খালেও এইকণ আনন্দ লোৱাৰ লোভকণৰ পৰা নিজকে সম্বৰণ কৰিব পৰা নাছিলো৷
কঁঠালৰ পাতেৰে সজা ম’হৰ শিং?তেনেই সহজ৷ পাতৰ আগটোৰ পৰা সমানে দীঘলে দীঘলে পাতটোৰ আধামানলৈ ফালি এতিয়া ঠাৰিডাল ওলোটাই নি পাতৰ মাজত বিন্ধাই দিলে এক ম’হৰ শিঙৰ দৰে আকৃতি লয়৷ এইটো সাজি বৰ ফূৰ্তি পাইছিলো৷
সৰুতে আমি মাণিকপুৰত থাকোতে এনে কঁঠালৰ বতৰত এগৰাকী ৰহস্যময় বৃদ্ধ আমাৰ ঘৰলৈ আহিছিল৷ মায়ে তেওঁক কঁঠাল খাবলৈ দিছিল আৰু আমি অলপ দূৰৈৰ পৰা জুমি জুমি তেখেতে কঁঠাল খোৱা চাই থাকিছিলো৷ তেখেতে কঁঠাল খাওতে কোঁহবোৰ মুখৰ পৰা ওলাই এফুটমান দীঘল ডাড়িখিনিত লাগি ধৰিছিল৷ ডাড়িৰ পৰা টানি উলিয়াই তেখেতে পুনৰ কঁঠালৰ কোঁহবোৰ মুখত ভৰাই খোৱা দৃশ্যটো আমাৰ কাৰণে বেছ আমোদজনক আৰু কিছুপৰিমাণে শিহঁৰণকাৰী আছিল৷
শেষত, আজিৰ পৰা প্ৰায় তিনিদশক আগতে মাণিকপুৰত থাকোতেই শুনা সেইসময়ৰ অতি জনপ্ৰিয় পেৰডি গানটো-
এ বাপা হৰকান্তো এ
সেন্ধোৰ ঘৰত নাযাবি বাচা
সেন্ধোৰ ঘৰত আছে কাঠলৰ আঠা…
এই কঁঠালৰ বতৰত আমাৰ মৰম চেনেহবোৰ কঁঠালৰ আঠাৰ দৰেই হৈ পৰক, তাৰেই কামনা কৰিলো৷
২৯.০৭.১৩