স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

নিষিদ্ধ স্বাদ

 

ল’ৰাই হওক বুঢ়াই হওক, নিষিদ্ধ বস্তুৰ প্ৰতি আকৰ্ষণ সকলোৰে থাকে যেন পাওঁ৷ সৰুতে বিস্ময়, ৰঞ্জু হাজৰিকাৰ উপন্যাস আদি আমাৰ বাবে নিষিদ্ধ আছিল৷ মানে পঢ়িবলৈ মানা আছিল৷ পিছে যিমানে মানা নকৰক, য’তেই লুকাই নথওক কিয়, যেনেকৈ হ’লেও বিচাৰি উলিয়াই পঢ়িছিলোৱেই৷ আনকি পাঠ্যপুথিৰ তলত লুকুৱাই হ’লেও পঢ়িছিলো৷

এবাৰ এখন চাহ দোকানত বন্ধু এজনৰ সৈতে চাহ আৰু মিঠাই খাই থাকোতে দুগৰাকী বয়স্ক ভদ্ৰলোকলৈ চকু গ’ল৷ চেনি নিদিয়া চাহ আৰু ৰসগোল্লা খাই আছে! অলপ কাণ পাতোতে শুনিলো, ”হেৰি বুজিছে, যেতিয়াৰ পৰাই চুগাৰ বাঢ়িলে ঘৰত এটা মিঠায়ো খাব নিদিয়া হ’লহে৷ সিদিনা কোনেও নেদেখা বুলি ভাবি ফ্ৰীজৰ পৰা এটা গোল্লা উলিয়াই খাওতে দেখি গ’ল নহয় সৰুজনীয়ে, এতিয়া ফ্ৰীজটোও তলা মাৰি থোৱা হ’ল৷ হ’ব মাৰি থাক তহঁতে তলা, শৰ্মাহোটেল মৰি যোৱা নাই নহয়৷”

লগে লগে ঊষা মংগেশকাৰৰ গান এটিৰ পেৰডি গালো মনতে,

সংযমহীন বুলি নুদূষিবা
তুমিতো নিদিয়া খাব গোল্লা
শৰ্মাহোটেলত অভিসাৰ মোৰ
ক’তনো পাবা মোক দেখা
সেয়ে গোল্লাও খালো
ধৰাও নপৰিলো
মনটো হ’ল ৰঙা ৰঙা……..

মই পিছে কথা এটা ভাবি থৈছো মনতে৷ যদি কেতিয়াবা (ভগবানে নকৰক) মোৰো চুগাৰ বাঢ়ে আৰু ডাক্তৰে মিঠাই খাবলৈ মানা কৰে, পোনপ্ৰথমে চহৰৰ আটাইতকৈ ভাল মিঠাইৰ দোকানখনলৈ গৈ শ্ব’কেছত সজাই থোৱা প্ৰতিবিধ মিঠাইৰ এটা এটালৈ তৃপ্তিৰে খাম আৰু সিদিনাৰ পৰা মিঠাই ত্যাগ কৰিম!৷

১৯.০৭.১৩

মতামতসমূহঃ

comments powered by Disqus