স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

সক্ৰিয় ৰাজনীতিত শিক্ষকৰ অংশগ্ৰহণ বন্ধ হওক

সাম্প্ৰতিক সময়ৰ কদৰ্য্যময় ৰাজনৈতিক বাতাৱৰণ দেখি প্ৰায়ে বিভিন্ন মহলত উচ্চাৰিত হয় যে ৰাজনীতিত ভাল, প্ৰতিভাশালী মানুহ আহিব লাগে৷ যুৱক-যুৱতীসকল ৰাজনীতিৰ প্ৰতি আগ্ৰহী হ’ব লাগে ইত্যাদি৷

হয়, এইখিনি কথা হয়তো সকলোৱে সমৰ্থন কৰিব৷ পিছে এগৰাকী শিক্ষক শিক্ষকতা কৰি থকা অৱস্থাত ৰাজনীতিত সক্ৰিয় হ’ব লাগে নে নালাগে? শিক্ষকসকল সমাজৰ অন্যতম দিক-নিৰ্দেশক৷ তেখেতসকল ৰাজনীতিলৈ আহিলে সমাজৰ পক্ষেই ভাল৷ পিছে প্ৰশ্ন হয় সক্ৰিয় ৰাজনীতি কৰি থকা শিক্ষক এগৰাকী কিমানদূৰ নিৰপেক্ষ হ’ব পাৰিব? তেখেতৰ বিশেষ ৰাজনৈতিক মতাদৰ্শই তেখেতক শ্ৰেণীকোঠাতো নিৰপেক্ষ হৈ থাকিবলৈ দিবনে?

আমি হাইস্কুলত পঢ়ি থাকোতে এগৰাকী শ্ৰদ্ধেয় শিক্ষাগুৰুৱে শ্ৰেণীত মাজে মাজে প্ৰকাৰান্তাৰে  কোৱা কিছুমান ৰাজনৈতিক কথাত আমি কেইজনমান একমত হ’ব পৰা নাছিলো আনহাতে আন কেইজনমান সহপাঠীয়ে আকৌ তেখেতৰ সকলো কথাই চন্দ্ৰ-সূৰ্য্যৰ দৰে সত্য বুলি ভাবিছিল৷ আমাৰ মাজৰ কেইজনে তেখেতৰ কথাত একমত হৈছিল বা কেইজনে দ্বিমত হৈছিল সেইটো আলোচনা নকৰাকৈ এইটো খাতাংকৈ ক’ব পাৰি যে আমি সকলোৱে প্ৰভাৱিত হৈছিলো৷ পিছত জানিব পাৰিছিলো যে তেখেতে এটা বিশেষ ৰাজনৈতিক দলৰ সদস্য আৰু সেই দলৰ মতাদৰ্শ তথা প্ৰপাগাণ্ডা তেখেতে প্ৰকাৰান্তাৰে আমাক কৈছিল৷ হয়তো তেখেত নিজে ইমানেই প্ৰভাৱিত হৈছিল যে তেখেতৰ কথাই আমাৰ কুমলীয়া মনত যে প্ৰভাৱ পেলাব পাৰে সেইটো হয়তো তেখেতে গমি চাবলৈ অৱকাশেই নাপালে৷

শিশুৰ কুমলীয়া মনত কিছুমান আদৰ্শই (কাৰোবাৰ বা গ্ৰহণীয় কাৰোবাৰ বাবে অগ্ৰহণীয়) সহজে প্ৰভাৱ পেলায়৷ তাতে যদি সেই আদৰ্শ আহে শিক্ষক বা অভিভাৱকৰ পৰা৷ মোৰ মতেৰে এনেদৰে শিশু মনক প্ৰভাৱিত কৰিব পৰা কোনোধৰণৰ ৰাজনৈতিক মতাদৰ্শ শ্ৰেণীকোঠাৰ ভিতৰলৈ সোমাব দিব নালাগে৷ শিশুৱে ডাঙৰ হৈ যেতিয়া নিজে ভাল বেয়া বিচাৰ কৰিব পৰা হ’ব তেতিয়া তেওঁ যি ৰাজনৈতিক মতাদৰ্শ লয় লৈ থাকিব কিন্তু কুমলীয়া মনত সেইবোৰ সুমুৱাই দিয়া উচিত নহয়৷

ব্যক্তিগতভাৱে মই ভাবো যে হাইস্কুল পৰ্য্যায়ত শিক্ষকতা কৰা ব্যক্তিৰ সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ নিষিদ্ধ কৰিব লাগে৷

ৰাইজে বা কি কয়?

১২.১২.১৫

মতামতসমূহঃ

comments powered by Disqus