অবিনয়ী শুভেচ্ছা
সৰুতে বহুত কিতাপ পঢ়া হৈছিল৷ বেলেগ বেলেগ কিতাপৰ বেলেগ বেলেগ ধৰণৰ আখৰ৷ গোটেইবোৰৰ ভিতৰত দস্যু ভাস্কৰৰ আখৰবোৰত কিবা এটা অনামী শিহৰণ লুকাই আছিল৷ লগতে বেটুপাততো৷ আখৰবোৰতে যেন কিবা এটা ৰহস্য বিচাৰি পাইছিলো, কল্পনা কৰিছিলো কাহিনীৰ কথাবোৰ এখন ছবি হিচাপে৷ এই যে এই কিতাপকেইখন খুব মনোযোগ দি পঢ়িছিলো আৰু বহুবাৰ পঢ়া হৈছিল আখৰবোৰেও মনত সাঁচ এটা বহুৱাই গৈছিল৷ নতুন প্ৰিণ্টত যেতিয়া সেই বিশেষ ফণ্টটো সলনি হয়, পঢ়োতে কিবা এটা অখজা লাগে৷বহুতে কোৱা শুনো চিঠি আদিতো আখৰবোৰৰ মাজতে হেনো কিবা এটা মাদকতা বিচাৰি পায়৷ আখৰ ভাল হ’ব লাগিব বুলি কথা নাই৷ কিন্তু আখৰখিনি যেন বাৰ্তাবোৰৰ প্ৰতীকহে৷
এতিয়া ছপা বা হাতৰ আখৰেৰে বাৰ্তা দিয়া দিন উকলিল৷ ডিজিটেল যুগ আহিল৷ মেইল, ফেচবুক, হোৱাটচএপ আদিয়ে কাগজৰ ঠাই কাঢ়ি ল’লে৷ আখৰ বোৰো বেছি যান্ত্ৰিক হৈ পৰিল৷ আমিও লাহে লাহে অভ্যস্ত হৈ পৰিছো৷
তথাপি দেখোন, পুৱা যেতিয়া মৌবাইলত এনেকুৱা বাৰ্তা কিছুমান পাওঁ, Morning, G Morning, Mng, GM, মূৰটো দেখোন নষ্ট হৈ যায়৷ ওকালি আহে৷ লগত লাগিলে চাৰিটা হাঁহি থকা স্মাইলীয়েই নিদিয়ক কিয় অদ্ভুত লাগে এনে ধৰণৰ আদখৰীয়া বাৰ্তা পালে৷ এনেকুৱা লাগে যেন ৰাতিপুৱাই চব পণ্ড হ’ল৷
এনেকুৱা মেছেজ পালে উত্তৰ দিওঁ, কি মৰ্ণিং? গুড নে বেড?
বাপ্পা হেৰে, মৰ্ণিং মানে পুৱা৷ ময়ো গম পাইছো ৰাতি পুৱাইছে বুলি৷ ৰাতিপুৱাটো শুভ হওক বুজাবলৈ আগত গুড বুলি বিশেষণটো লগাচোন৷
আগতে E mail etiquette পঢ়িছিলো৷ বৰফলা ব্যৱহাৰ কৰি লিখিলে জোৰ দি কথা কোৱা বুজায়৷ গতিকে বিশেষ প্ৰয়োজন নহ’লে তাক ব্যৱহাৰ কৰিব নালাগে ইত্যাদি৷
একেই কথা মেছেজৰ ক্ষেত্ৰতো৷ আজিকালি টাচ্চ স্ক্ৰীন থকা মৌবাইল হাতে হাতে৷ তাতে কী-পেডখনতো দুটামান আখৰ টাইপ কৰিলে বাকীখিনি আহিয়েই যায়৷ তেনেস্থলত এনেদৰে Abbreviate কৰাৰ কি প্ৰয়োজন? মনত পৰে, আজিৰ পৰা কিছু তেৰ চৌধ্য বছৰ আগতে যেতিয়া ন’কিয়া ক’ম্পেনীৰ মৌবাইল ব্যৱহাৰ কৰিছিলো য’ত কী-পেডখনত আখৰবোৰ এটা এটাকৈ নাছিল সেই তেতিয়াই আমি dictionary typing পদ্ধতিটো শিকি লৈ সম্পূৰ্ণ শব্দবোৰ লিখি বাৰ্তা পঠিয়াইছিলো৷ চুটি চুটি, বুজি পাবলৈ অসুবিধাজনক শব্দবোৰে আচলতে লেখোতাৰ অভদ্ৰ, অবিনয়ী, অবজ্ঞাসূচক মনোভাৱহে বুজায়৷ অন্ততঃ এনেকুৱা শুভেচ্ছা, সৌজন্যমূলক বাৰ্তাবোৰৰ ক্ষেত্ৰত৷