স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

সাপৰ খোঁট

 

এয়া বহুবছৰ আগৰ কথা৷ মই তেতিয়া পঞ্চম শ্ৰেণীত৷ সেই দিনটো আছিল বিশ্বকৰ্মা পূজাৰ ঠিক আগদিনা৷ সন্ধিয়া ওচৰৰে যাদব দাদা আহিল আৰু খবৰ দিলে যে ওচৰৰ সুলভ মূল্যৰ দোকানত (য’ৰ পৰা আমাৰ ঘৰৰ যাৱতীয় বস্তুবোৰ কিনা হয়) কণ্ট্ৰ’লৰ চেনি আহিছে৷ তেতিয়া দেউতা অফিচৰ পৰা ঘৰলৈ আহি পোৱা নাছিল কাৰণে মায়ে তেওঁকে পাছিলে চেনিখিনি আনি দিবলৈ৷ এই চেগতে ময়ো ওলালো এপাক ফুৰিয়েই আহো বুলি৷

চেনি কিনি ঘৰলৈ উভতি আহোতে মই যাদবদাতকৈ কেইখোজমান আগবাঢ়িলো৷ ঘৰ পাবলৈ প্ৰায় ৫০ ফুট মান বাকী থাকোতে মোৰ ভৰিত কিহবাই কামোৰ এটা মৰা যেন লাগিল৷ কেঁকোৰাই খুব জোৰে চেপি ধৰিলে যেনে লাগে ঠিক তেনেকুৱা৷ আমাৰ ঘৰৰ পৰা ওলোৱা ৰাস্তাটোৰ কাষতে এটা সৰু জান আছে৷ সেই জানটোত আমাৰ ওচৰৰ গাঁওখনৰ বাসিন্দা সকলে প্ৰায়ে জাল মাৰি মাছ তোলে আৰু প্ৰায়ে আমাৰ ৰাস্তাটোতে জালখনৰ পৰা মাছ উলিয়াই খালৈত ভৰায় আৰু জালখন চফা কৰে৷ তেনেকুৱা ঠাইত কেতিয়াবা জালত লাগি অহা কেঁকোৰা থাকি যায়৷ সেই কাৰণে প্ৰথমে মই কেঁকোৰাই চেপা বুলি ভাবিলো যদিও পিছমূহুৰ্ততে বুজি উঠিলো এয়া কেঁকোৰাৰ চেপা নহয় কিয়নো কেঁকোৰাই চেপিলে এৰুৱাই নিদিয়ালৈকে ধৰিয়েই থাকে৷

কথাটো উপলব্ধি কৰিয়েই মই চিঞৰ এটা মাৰিলো, ”যাদবদা মোক সাপে খুটিলে” আৰু ঘৰলৈ দৌৰ মাৰিলো৷

ঘৰত লগে লগে হাঁহাকাৰ আৰম্ভ হ’ল৷ মোক পিৰালিতে বহুৱাই যাদবদাই য’ত কামোৰ পৰিছিল তাৰ ঠিক ওপৰত ৰছিৰে দুটা কটকটীয়া বান্ধ দিলে বিষ উজাই যাব নোৱাৰাকৈ৷ ভিতৰত মায়ে কান্দিব ধৰিলে আৰু গোঁসাইৰ থাপনাত সেৱা কৰি মানস কৰিলে মই ভাল হৈ উঠিলে ভগবান সদাশিৱৰ নামত এভাগি থগি আগবঢ়াব৷

বাইদেৱে কিতাপত চাবলৈ ধৰিলে কামোৰৰ দাগটো কেইটা দাগ বহিছে৷ উদ্দেশ্য ক্ষতচিহ্নৰ পৰা সাপটো বিষাক্ত নে বিষহীন নিৰ্ণয় কৰা৷ তাই চাই কি দেখিলে ক’ব নোৱাৰো কিন্তু যাদব দাই মোৰ ভৰিখনত আঠুৰ পৰা তললৈ থপৰিয়াই যাব ধৰিলে৷ তেওঁ ক’লে এনে কৰিলে বিষখিনি ওপৰলৈ যাব নোৱাৰে আৰু পাৰিলে ক্ষতটোৰে ওলাই যাব৷

ইমানখিনি সময় কিন্তু মই মুঠেও কন্দা নাছিলো৷ কিন্তু তেওঁৰ থাপ্পৰৰ কোবত দুখ পাই কান্দি দিলো৷ বিষাক্ত সাপে কামুৰিলে নিমখৰ সোৱাদ নাপায় আৰু জলকীয়া চোবালেও নধৰে৷ সেই দুবিধো খুৱাই চালে মোক৷ নিমখখিনি কিবাকিবি লাগিল যদিও মই নিমখীয়া বুলি ক’লো৷ কিন্তু যেতিয়া জলকীয়াটো চোবাই দিলো প্ৰচণ্ড জ্বলাৰ কোবত ত্ৰাহি মধুসুদন দেখিলো৷ আঞ্জাত সামান্য জ্বলা হ’লেই খাব নোৱাৰো তাতে মোক এই জলকীয়াটো কেঁচাই চোবাবলৈ দিয়াত মোৰ কান্দোনৰ কোব দুগুণে চৰিল৷ ইফালে যাদব দাৰ হাতখন মোৰ ভৰিৰ ওপৰত চলিয়েই আছে৷ উপায়ান্তৰ হৈ নিজেই ঘোষণা কৰিলো এইটো বিষ থকা সাপ নহয় দে৷

এঘণ্টামান এই পৰ্বটো চলাৰ পিছত যাদব দা ঘৰলৈ ওলাল৷ উদ্দেশ্য গৰুৰ গাখীৰ খীৰাই আনি মোৰ ভৰিখনত ঢালিব৷ এনে কৰিলে হেনো বিষ শুহি নিয়ে৷ সেইমতে কিছুসময় পিছত তেওঁ গাখীৰ আনি ভৰিখনত ঢালিলে৷

লাহে লাহে মোৰ অৱস্থা স্বাভাৱিক হৈ আহিল আৰু ভৰিৰ বিষটো যথেষ্ট পৰিমাণে কমি আহিল৷ কিছুসময় পাছত মোৰ ভৰিৰ বান্ধ দুটা খুলি দিয়া হ’ল৷ ৰাতিলৈ বিশেষ একো নঘটিল আৰু টোপনিও ঠিকেই আহিল৷ সাপটো বিষাক্ত নে বিষহীন আছিল কথাটো কিন্তু নিশ্চিত নহ’ল৷ মোৰ বোধেৰে বিষহীনেই আছিল বা বিষৰ হয়তো চোক নাছিল৷

সেয়া আছিল মোৰ ”দীঘলঠেঙীয়া”ৰ মানে সাপৰ খোঁট খোৱাৰ একমাত্ৰ অভিজ্ঞতা৷

তাৰপিছতো কিন্তু ”দুঠেঙীয়া সাপে” বহুবাৰ খুঁটিছে৷ এই বিষয়ে নিলিখো৷

দুঠেঙীয়া সাপৰ চাৰিত্ৰিক বৈশিষ্ট দুটামান হ’ল-

-দুঠেঙীয়া সাপে আপোনাক এনেকুৱা এটা ধাৰণা দিবলৈ চেষ্টা কৰিব যে তেওঁৰ নিচিনাকৈ আন কোনেও আপোনাৰ শুভচিন্তা নকৰে

-তেওঁৰ নিজৰ স্বাৰ্থত আপোনাক সততে ব্যৱহাৰ কৰি থাকিব কিন্তু আপুনি ধৰিবই নোৱাৰিব

-নিজৰ স্বাৰ্থৰ কাৰণে তেওঁ আপোনাক পিছফালৰ পৰা আক্ৰমণ কৰিবলৈও কুণ্ঠাবোধ নকৰে কিন্তু এনেকুৱা দেখুৱাব যেন আপোনাৰ দুখত তেৱেঁই আটাইতকৈ দুখী৷

০৫.০৯.১৩

মতামতসমূহঃ

comments powered by Disqus