মহাভাৰতৰ সব্যসাচী অৰ্জুন আৰু একবিংশ শতিকাৰ আমি
অৰ্জুনে দুয়োখন হাতেৰে সমানে শৰ মাৰিব পাৰিছিল আৰু সেই কাৰণে তেখেত সব্যসাচী বুলি প্ৰখ্যাত৷ তাৰমানে সেই যুগতো বাওঁহাতখনক সোঁহাত খনৰ সমানেই মৰ্যাদা দিয়া হৈছিল৷
আমাৰ সমাজত বাওঁহাত খন সোঁহাত খনতকৈ কম মৰ্যাদা পূৰ্ণ বুলি গণ্য কৰা হয়৷ ঊদাহৰণ স্ৱৰূপে বাওঁ হাতেৰে কিবা বস্তু আগবঢ়াই দিয়া বা লোৱাটো অসন্মানজনক বুলি বিবেচনা কৰা হয়৷ সামাজিক মূল্যবোধৰ দৃষ্টিৰে চালে কথাতো ঠিক আছে৷ সোঁহাতেৰে কিবা বস্তু আগবঢ়াওতে বাওঁহাত খনেৰে সোঁহাত খন চুই থকাটো অত্যন্ত সন্মান্জনক বুলি গণ্য কৰা হয়৷ যেন দুখন হাত ব্যৱহাৰ কৰা হৈছে৷ ঠিক তেনেদৰে লওতেও৷
কিন্তু জন্মৰে পৰা বাওঁহতীয়া শিশু এজনক জোৰ কৰি সোঁহতীয়া কৰাতো জানো উচিত৷ ই জানো অবৈজ্ঞানিক নহয়? তদুপৰি কৰ্মক্ষেত্ৰত জানো বাওঁহাত খনক অৱহেলা কৰিব পাৰি৷ তাকো একবিংশ শতিকাত৷
ব্যক্তিগত ভাৱে মই কৰ্মক্ষেত্ৰত দুয়োখন হাত ব্যৱহাৰ কৰো, কিবা বস্তু আগবঢ়াই দিয়া আৰু লোৱাৰ ক্ষেত্ৰত৷
১১.০৮.১২