স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

আমি সোৰোপা নহয়

 

বিগত কিছুদিন ধৰি লক্ষ্য কৰি আহিছো যে বিভিন্ন মাধ্যমত আৰু কথা পাতোতে বহু অসমীয়া লোকে এই ধৰণৰ মন্তব্য কৰে যে “অসমীয়া জাতিটো সোৰোপা, এলেহুৱা....”, “অসমীয়া মানুহে বৰ সোনকালে কথা পাহৰি যায়”, “অসমীয়া মানুহে বেছি কষ্ট কৰি খাব নোৱাৰে” ইত্যাদি ইত্যাদি। এই ধৰণৰ কথা বতৰাত হাস্যৰসকো উপাদান হিচাপে বহুতে ব্যৱহাৰ কৰে।

এই কথাটো শুভ নহয়। আত্ম-সংশোধনৰ বাবে আত্ম-সমালোচনা প্ৰয়োজনীয়। কিন্তু নিজকে বহিৰ্বিশ্বৰ আগত হাঁহিয়াতৰ পাত্ৰ কৰি তোলাৰ কোনো দৰকাৰ নাই। ব্যক্তিগত ভাবে প্ৰমাণ পাইছো যে আমি অসমীয়া সকল বাহিৰৰ বহু লোকতকৈ বহু বেছি কৰ্মপটু, কামত ফাঁকি নিদিয়া, কামত এলাহ নকৰা, বহুত কষ্ট কৰিব পৰা মানুহ। গতিকে অত্যধিক নীচাত্মিকা বোধত ভোগাৰ কোনো প্ৰয়োজন নাই।

আত্ম-সমালোচনা কৰিব লাগে কিন্তু নিজৰ ঘৰৰ ভিতৰত, আনৰ আগত আত্ম-মৰ্য্যাদা লাঘৱ কৰি নহয়।

০৩.১০.১২

মতামতসমূহঃ

comments powered by Disqus