স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

~~ ঊনসত্তৰ- দ্বাদশ খণ্ড~~  

~~ জিন থেৰাপী ~~


শৰ্মানী: হেৰা শুনিছানে?

শৰ্মা: উৱা, ইমানকৈ কেলেই চিঞৰিছানো? ওচৰতেই আছো৷ মই কলা হোৱা নাইতো৷

শৰ্মানী: উহঃ, খংনো কেলেই কৰিব লাগে৷ তুমি মোক ভালেই নোপোৱা আজিকালি, তুমি মোক দেখিবই নোৱাৰা হ’লা৷ কিবা এটা ক’লেই খালী খং খং আৰু খং৷ পেএএএএএএ

শৰ্মা: উহঃ, ৰ’বাচোন নাকান্দিবা৷ কিবা এটা ক’লেই তুমি কান্দি দিয়া৷ এই জুলাই মাহৰ ভৰ গৰমত মৰি আছো তুমি আকৌ কাণৰ কাষতে চিঞৰি দিছা৷ মন দি দৰকাৰী কিবা এটা চাই আছিলো সব খেলিমেলি হৈ গ’ল৷

শৰ্মানী: জানো জানো তোমাৰ কি দৰকাৰী বস্তু৷ কলিতানীৰ প’ষ্টত কমেণ্ট দি আছিলা৷ কলিতানীয়ে প’ষ্ট দিবই নাপায় দৌৰি গৈ লাভ ৰিয়েক্ট দিবা, কমেণ্ট দিবা৷ ইফালে ঘৰৰ মানুহজনীয়ে প’ষ্ট এটা দিলে দহ ঘণ্টালৈকে লাইক এটা নাই৷ হুক হুক৷ তাই ধুনীয়া, বগা, শ্লিম, এম এ পাছ সেই কাৰণেই তাইৰ প’ষ্টত জঁপিয়াই পৰা৷ হুক হুক৷

শৰ্মা: হেৰা নাকান্দিবাচোন৷ তুমি খালী কলিতানীৰ লগত সন্দেহ কৰি থাকা৷ তুমি নিজে দেখোন মহন্তৰ প’ষ্টত চুমা খোৱা ইম’জী দিছিলা৷ সেইবোৰ কি?

শৰ্মানী: উৱা, সি মোৰ ভাইটিৰ দৰে৷ আৰু সি তাৰ ভাগিনীয়েকক লৈ থকা ফ’টোতহে চুমা খোৱা ইম’জী দিছিলো৷

শৰ্মা: হ’লেও ফ’টোত সিওতো আছিল৷ চুমাটো তাৰ গাত নপৰিব নেকি? বান্দৰটোক লগ পালে খুব পিটিম কোনোবাদিনা৷

শৰ্মানী: উফঃ, তুমিও বৰ কিবা দেই৷ বাদ দিয়া সেইবোৰ৷ গৰমৰ কথা যে কৈ আছা ইফালে মই কিমান দিন ধৰি এচি এটা আনিবলৈ যে কৈ আছো তাৰ কাণষাৰ নাই৷

শৰ্মা: হুহ্‌, ফ্ৰিজটোতে গেছ ভৰাব পৰা নাই আৰু এচিৰ কথা কৈছা৷ টিটুৰ কেৰিয়াৰৰে চিন্তাতে দিন ৰাতি টোপনি নহা হৈছে৷ কি যে কৰি খাব ল’ৰাটোৱে৷ কিমান সপোন দেখিছিলো তাক লৈ৷ না পঢ়াত ভাল হ’ল, না আৰ্টত৷ না গীটাৰ বজাব শিকিলে না কেৰাটেত কিবা এটা কৰিলে৷

শৰ্মানী: সেইকাৰণেই মই কৈছিলো যে তাক অকল গান, আৰ্ট আৰু ডান্সতে দিওঁ৷ তুমিহে তাক ক্ৰিকেট আৰু কেৰাটেত দিলা৷

শৰ্মা: উৱা, সি ল’ৰা মানুহ সেই কাৰণে খেলা ধূলাত আগবঢ়াই নিব খুজিছিলো৷ তুমিনো বৰানীহঁতৰ পিংকীৰ লগত ফেৰ মিলাই তাক গান, নাচত দিব খুজিলা৷ আৰু মোৰ নিজৰো সপোন এটা আছিল কেৰাটেত ব্লেকবেল্ট এডাল লম বুলি সেইকাৰণেহে৷

শৰ্মানী: সেইকাৰণেই বুজিলা৷ সেইকাৰণেই৷ মোৰো ডান্স ইণ্ডিয়া ডান্স আৰু ইণ্ডিয়ান আইডলত যাব হেঁপাহ এটা আছিল৷ তাত শ্বান আহে, প্ৰীতম আহে, হিমেশ আহে৷ সিহঁতে টিটুক আশীৰ্বাদ দিব, মই ফেঁকুৰি ফেঁকুৰি কান্দিম, কেমেৰা মোৰ পিনে ফ’কাছ কৰিব৷ শ্বান নামি আহি মোৰ হাতত মাইক্ৰফ’নটো দি কিবা ক’বলৈ ক’ব৷

শৰ্মা: কিন্তু তুমি দেখোন হিন্দী, ইংৰাজী একো ভালদৰে ক’ব নাজানা৷ আৰু শ্বানেতো অসমীয়া বুজি নাপায়৷

শৰ্মানী: তুমি ঠাট্টা কৰাত লাগিলা৷ কলিতানীৰ দৰে ইংলিছ মিডিয়ামত নপঢ়িলোতো৷ তুমি কি জানিবা মই যোৱা তিনিবছৰৰ পৰা টাটা স্কাইত ইংৰাজী শিকি আছো বুলি৷ আৰু সৰুতে ৰেপিডেক্স ইংলিছ স্পীকিং ক’ৰ্চখন পঢ়িছিলো নহয়৷

শৰ্মা: ঔকেই ডাৰ্লিং৷ তোমাৰ প্ৰতিভা আছে দেই মানিছো৷ পিছে আজি বৰানীয়ে আজি ’মানুহে বেলেগক কাট মৰাৰ আগতে নিজে কি কৰি আছে’ বুলি কাকনো গোৱাল গালি দিলে ধৰিব পাৰিলানে৷

শৰ্মানী: হুহ্‌, কাক দিব আৰু সেইজনীয়ে৷ মোকেই দিলে৷ ময়ে সিদিনা প’ষ্ট দিছিলো যে মানুহে ল’ৰা ছোৱালীক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ প্ৰেছাৰ বেছিকৈ দিব নালাগে বুলি৷ তাইক আনফ্ৰেইণ্ড কৰি দিম ৰ’বা৷

শৰ্মা: অঁ, কৰি দিয়া৷ তোমাৰ লিষ্টখনো বৰ ডাঙৰ হৈ গৈছে নহয়৷ ঘোষণা এটাকে দি দিয়া বহুতকে আনফ্ৰেইণ্ড কৰিম বুলি৷ পিছে হেৰি নহয় কলিতানীকো আনফ্ৰেইণ্ড কৰি নিদিয়া কিয়?

শৰ্মানী: খালী ঠাট্টা কৰিব জানা৷ ঘোষণা দিবলৈ নাই বেলেগৰ দৰে৷ বিৰাট ’ফানী’ লাগে৷ আৰু শুনা কলিতানীক আনফ্ৰেইণ্ড নকৰো৷ হেজাৰ হ’লেও তাই আমাৰ কাষৰ গাঁৱৰে আৰু তাইৰ প’ষ্টবোৰৰ পৰা বহু কথা গম পাই থাকো মই৷

শৰ্মা: এটা কথা ভাবিছো বুজিছা৷ টিটুক লৈ কৰা আমাৰ এটা প্লেনো সফল নহ’ল৷ তাতকৈ বেলেগবোৰ বহু আগবাঢ়ি গ’ল৷ খেলৰ কথাই চোৱাচোন৷ ক্ৰিকেট, কেৰাটেত নোৱাৰিলে; আৰ্চাৰী, বক্সিং, দৌৰ এইবোৰতো জয়ন্ত, শিৱ, হিমাহঁত লাইমলাইটত আহি গ’ল৷ গতিকে বাকী থাকিল কি? মই নেটত অলপ ষ্টাডী কৰি দেখিলো যে হাই জাম্পত এতিয়ালৈকে তেনে কোনো চেলিব্ৰিটি পাৰফৰ্মাৰ নাই৷ গতিকে এইটো ফিল্ডত তাৰ কম্পিটিটৰ কম হ’ব৷

শৰ্মানী: আইডিয়াটো বেয়া নহয়৷ কিন্তু তাৰ ডায়েট গোটেইবোৰ সলনি কৰিব লাগিব৷

শৰ্মা: এহ্‌, সেইটোনো কি কথা৷ এতিয়াতো এনেয়ো সি চিপচ, ভুজিয়াহে খাই থাকে৷ মই এটা পাৱাৰ ফুডৰ সন্ধান বিচাৰি পোৱা যেন লাগিছে৷ ক’ব নোৱাৰো কি হয়৷ টিটুৰ মাংসপেশীবোৰ শক্তিশালী কৰিবলৈ ভাল প্ৰ’টিন এবিধ লাগিব৷

শৰ্মানী: কোৱাচোন কোৱা৷ এচি চেচি নালাগে দিয়া৷ টিটুৰ পাৱাৰ ফুডৰ নামত সব ত্যাগ কৰিম৷ ফেন নচলিলে বিচনী মাৰিম৷ লাগিলে বাইজনীকো বিদায় দিম৷

শৰ্মা: চোৱা, হাই জাম্প কিহে ভালকৈ মাৰিব পাৰে ভাবি চোৱাচোন৷

শৰ্মানী: হমমম৷ মই জনাত কেংগাৰু আৰু হলৌ বান্দৰে খুব জঁপিয়াব পাৰে৷

শৰ্মা: হাউ ব্ৰিলিয়েণ্ট য়ু আৰ! একদম শুদ্ধ উত্তৰ!

শৰ্মানী: থেংক য়ু থেংক য়ু হানী! তুমি কিমান দিনৰ মূৰত আজি মোক প্ৰশংসা কৰিছা৷ পিঠিখন খজুৱাই দিওঁনে অলপ?

শৰ্মা: নালাগে এতিয়া৷ পিছে চোৱা, কেংগাৰু অকল অষ্ট্ৰেলিয়াতহে পায়৷ আমিতো অষ্ট্ৰেলিয়াৰ পৰা তাক কেংগাৰুৰ মাংস আনি খুৱাব নোৱাৰো৷ গতিকে বাকী থাকিল অপচন হলৌ বান্দৰৰ৷

শৰ্মানী: হেহ্‌ ৰ’বা৷ টিটুৰ দেখোন গাহৰিৰ মাংস খালেই পেট বেয়া কৰে, সিনো হলৌ বান্দৰৰ মাংস খাব পাৰিবনে? আৰু মানুহে শুনিলেই বা কি কি নক’ব৷ এনেয়ো বামুণৰ ঘৰত গাহৰি খোৱা বুলি দুটামানে আমাক ফিচিঙা ফিচিঙি কৰেই৷

শৰ্মা: চুপ চুপ চুপ৷ এইবোৰ কথা যে তোমাৰ ফটা মুখখনেৰে কাকো নক’বা৷ এনয়ো জানা নহয় হলৌ বান্দৰ মৰা আইনমতে নিষেধ৷ হলৌ বান্দৰৰ মাংস খোৱা শুনিলে বৰ্মন, চক্ৰৱৰ্তীহঁতে আমাক চিধা জেইলত ভৰাবগৈ৷ মই অৰুণাচল বন্ধু দুজনমানৰ লগত ফিটিং এটা কৰিব লাগিব৷ তাত এইবোৰ চলে৷

শৰ্মানী: এহ্‌, মোৰ হ’লে জেইলত যাবলৈ একেবাৰে মন নাই দেই৷ তাত বোলে ফোন চোন একো লগত ৰাখিব নিদিয়ে৷ বেলেগ কিবা ভাবা৷

শৰ্মা: আৰু এটা উপায় আছে৷ এই মাংস খুওৱা ভেজালটো নাইকিয়া কৰি যদি টিটুৰ গাত ডাইৰেক্ট হলৌ বান্দৰৰ জিন ভৰাই দিব পাৰি তেতিয়া একেবাৰে পাৰ্ফেক্ট হয়৷

শৰ্মানী: জিন থেৰাপী আমাৰ ইয়াতনো ক’ত হ’বগৈ? আৰু সেইবোৰ কৰিবলৈ চাইনা তাইনা যাব লাগিলে ঢেৰ টকা লাগিব দেখোন৷ ক’ত পাবা ইমান টকা? জিএছটি অহাৰ পিছত দেখোন তোমাৰ পাৰ্চটো চেপেটা লাগিয়ে আছে৷

শৰ্মা: ৰ’বা, ডা° কণীৰাম বৰুৱাৰ কথা পাহৰিলা৷ অসমৰ এই বিজ্ঞানীজনে জিন থেৰাপীৰে বহু ৰোগীক আৰোগ্য কৰিছে বুলি কাকতে পত্ৰই পাই আছে৷ তেওঁৰ ’ভেষজ পদ্ধতিৰে জিন সংৰোপণ’ৰ ওপৰত দুটামান পেটেণ্টো আছে হেনো৷

শৰ্মানী: সেইটো হ’লেতো ভালেই হয়৷ অসমীয়া চেণ্টি অলপ দি যদি ডিচকাউণ্ট চিচকাউণ্ট পাওঁ পইচাও বাচি যাব৷

শৰ্মা: তাকেই ভাবিছো৷ দুদিনমান ছুটী লৈ তেওঁৰ ওচৰৰ পৰাই আহোগৈ একপাক৷ হীৰাপুৰ বেছি দূৰ নহয়৷

শৰ্মানী: পিছে শুনাচোন৷ মোৰ দেখোন ভয় লাগিব ধৰিছে৷ জিন থেৰাপী কৰাৰ পিছত  ভৱিষ্যতে  যদি টিটুৰ ল’ৰা-ছোৱালীবোৰ বান্দৰৰ দৰে হয় তেতিয়া কি হ’ব৷

শৰ্মা: এহ্‌ ভৱিষ্যতৰ চিন্তা এৰা৷ টিটুৱে দেখোন এনেয়ো ছোৱালীৰ ফালে উভতিও নাচায়৷ স্কুল বাছৰ পৰা নামি লগৰ ল’ৰাকেইটাকহে ফ্লাইং কিছ দিয়া দেখিছো৷

শৰ্মানী: তুমিও যে আৰু৷ ধেই কিবা!

১৬.০৭.১৮

মতামতসমূহঃ

comments powered by Disqus

যোগাযোগ

ফেচবুক গোট:
Write Assamese on Mac
                 

ই-মেইল:  feedback@mridulkumar.com