স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

পথ সুৰক্ষা কিটিপ

 

  • প্ৰথম কিটিপ

  • ৰাতি গাড়ী চলাওতে সন্মুখৰ পৰা অহা গাড়ীবোৰৰ ডিপাৰ নিদিয়া হেডলাইটৰ উজ্জ্বল পোহৰৰ বাবে বৰ অসুবিধা হয়৷ নিজৰ গাড়ীৰ হেডলাইট ’আপাৰ- ডিপাৰ’ কৰি ডিপাৰ দিবলৈ অনুৰোধ কৰি সংকেত দিলেও বেছিভাগ গাড়ীয়ে গুৰুত্ব নিদিয়ে৷

    এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা সহজ উপায় আছে৷ সন্মুখৰ পৰা অহা গাড়ীখনৰ লাইটৰ পোহৰলৈ চকু নিদি লাইটৰ তলত থকা চকালৈ চাবলৈ চেষ্টা কৰক৷ তেতিয়া দেখিব যে উজ্জ্বল পোহৰে আপোনাৰ চকুত ধৰা নাই৷

    ১১.০৫.১৩

    ★★★★

  • দ্বিতীয় কিটিপ

  • গাড়ীৰ সন্মুখৰ আইনা খনত বৰষুণ বা আন পানীৰ বাবে ’মিনাৰেল’ জমা হয় (যাক সাধাৰণতে আমি ’আইৰণ পৰা’ বুলি কওঁ)৷ ই গাড়ীৰ আইনাখন অস্বচ্ছ কৰি তোলে আৰু সন্মুখৰ পৰা অহা পোহৰ বিচ্ছুৰিত কৰি দেখা পোৱাত বৰ অসুবিধাৰ সৃষ্টি কৰে৷ অকল ইমানেই নহয়, বৰষুণৰ বতৰত গাড়ীৰ ৱাইপাৰ ব্লেডদুদালে ভালদৰে পানী মচিব নোৱাৰে৷

    ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় হ’ল-

    ক) গাড়ীৰ আইনাখনত পানী ঢালি ঢালি ২০০০ নম্বৰৰ চিৰিচ কাগজেৰে (sand paper) লাহে লাহে ঘঁহা

    খ) অতি মিহি ষ্টীল ঊলেৰেও এই কামটো কৰিব পাৰি

    গ) আইনাখনত সাৱধানেৰে হাৰ্পিক সানি অলপ সময় থাকিব দিয়ক আৰু লাহে লাহে প্লাষ্টিকৰ বাচন ধোওতে ব্যৱহাৰ কৰা স্ক্ৰাবাৰেৰে ঘঁহক

    ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই তৃতীয় পদ্ধতিটো ব্যৱহাৰ কৰি সুফল পাইছো৷ কেৱল সাৱধানতা অৱলম্বন কৰিলেই হ’ল৷

    প্ৰতি বছৰে বাৰিষা আৰম্ভ হোৱাৰ আগে আগে ৱাইপাৰ ব্লেড দুদাল সলনি কৰি ল’লে ভাল৷ প্ৰায় চাৰিশ টকা মান খৰছ পৰে৷

    ১৪.০৫.১৩

    ★★★★

  • তৃতীয় কিটিপ

  • ডাঠ কুঁৱলী চৌদিশে৷ দহফুট দূৰৈৰ বস্তুকে দেখি নেপায়৷ ইপিনে আপোনাৰ গাড়ীত ”ফগ লাইট” নাই৷ গাড়ীৰ হেডলাইটৰ পোহৰে ৰাস্তা পোহৰাব পৰা নাই৷

    কি বিড়ম্বনা!!

    এনেকুৱা পৰিস্থিতিত চাগে আমি বহুতে পৰিছো৷ এনে পৰিস্থিতিত বিতত নহ’ব৷ প্ৰথমে আপোনাৰ গাড়ীৰ ’পাৰ্কিং সংকেত”টো জ্বলাই দিয়ক৷ সেইযে গোটেইকেইটা লাইট জ্বলি উঠে, সেই চুইচটো দবাই দিয়ক৷ ইয়ে বেলেগ গাড়ীক আপোনাৰ গাড়ীখনৰ অৱস্থিতিৰ বিষয়ে জনাই দিব৷

    দ্বিতীয়তে, আপোনাৰ গাড়ীৰ হেডলাইটকেইটা সঘনাই ’আপাৰ-ডিপাৰ’ কৰি থাকক৷ তেনে কৰিলে কুঁৱলীৰ মাজৰ স্বচ্ছতা বেছি অনুভৱ কৰিব৷ ৰৈ নেথাকিব, অতি লাহে লাহে হৰ্ণ বজাই বজাই গৈ থাকক কিয়নো কুঁৱলীৰ প্ৰকোপ কেইবা কিলোমিটাৰ ধৰি নেথাকে, মাজে মাজে পাতল হৈ কিছুমান ঠাইত একেবাৰে নোহোৱা হৈ পৰে৷

    জাৰৰ দিনত যদি আইনাৰ বাহিৰত নিয়ৰ পৰি থাকে তেন্তে তাক পানীৰে এবাৰ ধুই বাতৰি কাগজেৰে মচি দিলে ভাল৷ গাড়ীৰ ৱাইপাৰৰ হেণ্ডেলদালৰ সহায়েৰেও আইনাত পানী দিয়াব পাৰি৷ ইয়াৰ বাবে ইঞ্জিনৰ লগত থকা ৱাইপাৰৰ বাবে পানী ৰখা পাত্ৰটোত পানী ভৰাই ৰখাতো প্ৰয়োজনীয়৷ তাত অলপ ছেম্পু দি থ’ব পাৰে৷

    গাড়ীৰ ভিতৰৰ তাপমাত্ৰা আইনাৰ বাহিৰফালৰ তাপমাত্ৰাতকৈ বেছি হ’লে আইনাখনত ভিতৰৰফালে বাষ্প ঘণীভৱন হয়৷ তেতিয়া ঠাণ্ডা বতাহ আইনাখনত বাতানুকুল ব্যৱস্থাৰ সহায়েৰে প্ৰক্ষেপিত কৰিলে এই সমস্যাটো দূৰ হয়৷ যদি ঠাণ্ডা বতৰ হয় হিটাৰো ব্যৱহাৰ কৰিব পাৰে৷ অৱশ্যে হিটাৰ ব্যৱহাৰ কৰিলে গাড়ীৰ দুৱাৰৰ আইনা দুখন সামান্য খুলি ৰাখিলে ভাল৷ নহ’লে গাড়ীৰ ভিতৰৰ বায়ু গৰম হৈ শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা হ’ব পাৰে৷

    কাপোৰেৰে আইনা মচাতকৈ টিছু পেপাৰ ব্যৱহাৰ কৰিলে ভাল কাৰণ কাপোৰখন যদি লেতেৰা হয় হিতে বিপৰীতহে হ’ব পাৰে৷ গাড়ীত অলপ টিছু পেপাৰ ৰাখি থ’লে বহু কামত আহে৷ টিছু পেপাৰ নাথাকিলে কাগজ ব্যৱহাৰ কৰিলেও হয়৷

    ১৮.০৫.১৩

    ★★★★

  • চতুৰ্থ কিটিপ

  • দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰিবলৈ ওলাইছে নেকি? দীৰ্ঘ দূৰত্বৰ যাত্ৰা কৰাৰ আগতে দুটামান কথা চাইচিতি লোৱাতো দৰকাৰ-

    ক) গাড়ীত পৰ্য্যাপ্ত পৰিমাণৰ খোৱাপানী লৈ ল’ব৷ কোন মুহূৰ্তত পানী খাবলগীয়া হয় তাৰ কোনো ঠিকনা নাথাকে৷ লগতে গোটেই যাত্ৰাৰ সময়ত মাজে মাজে গাড়ী ৰখাই পানী খাই থাকিব লাগে আৰু চকুৱে মুখে পানী মাৰি সতেজতা আনিবলৈ চেষ্টা কৰিব লাগে৷

    খ) ইঞ্জিনৰ লগত থকা ৱাইপাৰৰ বাবে পানী ৰখা পাত্ৰটোত পানী ভৰ্তি হৈ আছেনে এবাৰ নিশ্চিত হৈ লওক৷ যদি নাই ভৰাই লওক আৰু তাত এপেকেটমান চেম্পু দি দিব৷

    গ) ঘৰৰ পৰা ওলায়ে গাড়ীৰ টায়াৰৰ চাপ পৰীক্ষা কৰাই ল’বলৈ নেপাহৰিব৷ টায়াৰ গৰমহৈ উঠাৰ আগতে টায়াৰত বতাহ ভৰাই ল’লে ভাল৷ টায়াৰৰ বায়ুচাপ আপোনাৰ গাড়ীখনৰ নিৰ্মাতা ক’ম্পেনীয়ে যেনেদৰে নিৰ্দিষ্ট কৰি দিছে ঠিক তেনেদৰেহে ভৰাব৷ টায়াৰত বতাহ ভৰোৱা ল’ৰাজনৰ কথা মুঠেও নুশুনিব৷ প্ৰতিখন গাড়ীৰ টায়াৰৰ চাপ বেলেগ বেলেগ হয়, আনকি কিছুমান গাড়ীৰ আগফাল আৰু পিছফালৰ টায়াৰৰ চাপ বেলেগ বেলেগ হয়৷

    এইখিনিতে গাড়ীৰ টায়াৰৰ চাপ কিয় সঠিক ৰখা উচিত তাক কৈ দিও৷ গাড়ী চলিলে চকাৰ লগতে টায়াৰ গৰমহৈ উঠে৷ যদি বেছি বেগত (হাইৱেত সাধাৰণতে বেছি বেগতে চলোৱা হয়) চলোৱা হয় তেনেহ’লে বহু বেছি গৰমহৈ উঠে৷ যদি টায়াৰৰ ভিতৰৰ বায়ুৰ চাপ সঠিক নহয় তেতিয়াহ’লে টায়াৰ আৰু টিউবৰ মাজত খালী ঠাই থাকি যায় আৰু সেই ঠাইখিনিত থকা বায়ু গৰমহৈ পৰে৷ বেছি বেগত চলালে সেই বায়ুখিনি অত্যন্ত গৰমহৈ প্ৰসাৰিত হয় আৰু ধুমকৈ টায়াৰ টিউব ফাটি যায়৷ যোৱা দুদিনমান আগতে গুৱাহাটীৰ পৰা তেজপুৰলৈ আহি থাকোতে নগাঁওৰ বাইপাচৰ ৰাস্তাটোত ঘণ্টাত ১৩০ কিমি বেগত আহি থাকোতে পিছফালৰ এটা চকা ফাটি গ’ল৷ ভাগ্য ভাল আছিল কাৰণে কিবা প্ৰকাৰে গাড়ীখন নিয়ন্ত্ৰণ কৰিব পাৰিলো৷ সদায়ে দূৰলৈ যাত্ৰা কৰাৰ আগতে টায়াৰৰ বতাহ পৰীক্ষা কৰাওৱেই কিন্তু সেইদিনা খৰখেদাতে ৰৈ গৈছিল৷ ফাটি যোৱা টায়াৰটোত টিউব আছিল আৰু বাকী তিনিটা টিউবলেচ আছিল৷ নহ’লে চাগে আধ্যাই আছিল৷

    টিউবলেচ টায়াৰত টিউব নাথাকে৷ অৱশ্যে কিছুমানে টায়াৰটো বেছি পুৰণাহৈ পৰিলে টিউব এটা লগায়ো লয়৷ টিউবলেচ টায়াৰৰ পাংচাৰ বাতিবলৈ টায়াৰটো ৰিমৰ পৰা নোখোলাকৈ য’ত ফুটা হৈছে চিনাক্ত কৰি এটা ইনজেকচন দিয়া চিৰিঞ্জৰ লেখীয়া আহিলাৰ সহায়ত এবিধ আঠা সুমুৱাই দিলে পাংচাৰ ভালহৈ যায়৷ আপোনাক চাগে তেনেকুৱা বিধৰ কথা এটা কৈছিল৷ সঁজুলিটো কিনি লগত ৰাখিলে পাংচাৰটো ইচ্ছা কৰিলে নিজেও বাতিব পাৰি৷

    আজিকালি টায়াৰত নাইট্ৰজেন গেছ ভৰাব পাৰি৷ পাঁচটা টায়াৰত ২৫০ টকা মান লয়৷ নাইট্ৰজেন ভৰালে টায়াৰটো ঠাণ্ডাহৈ থকাৰ লগতে টায়াৰৰ চাপৰ তাৰতম্য সোনকালে নঘটে বোলে৷ মই অৱশ্যে এতিয়ালৈকে ভৰোৱা নাই, ভৰাই চাব লাগিব৷

    ঘ) বহুদূৰ একেৰাহে গাড়ী চলালে ভাগৰ লাগে৷ এনে ভাগৰৰ পৰা পৰিত্ৰাণ পাবলৈ ফলৰ ৰস খাব লাগে৷ আজিকালি দোকানত বিভিন্ন ব্ৰেণ্ডৰ ফলৰ ৰস সহজে খাব পৰা বটল বা টেট্ৰাপেকত পায়৷

    ঙ) প্ৰতি এশ কিলোমিটাৰৰ পিছে পিছে ৫-১০ মিনিটৰ সামান্য বিৰতি লোৱা উচিত৷

    চ) আপোনাৰ গন্তব্যস্থান পোৱাৰ আগতে যদি আন্ধাৰ নামে, এবাৰ ৰৈ গাড়ীৰ আইনাখন আৰু হেডলাইটকেইটা পানীৰে ধুই মচি লওক৷ গাড়ীৰ হেডলাইট লেতেৰাহৈ পৰিলে পৰ্য্যাপ্ত পৰিমাণৰ পোহৰ নাপাব৷

    শেষত-

    ছ) ঘণ্টাত ৬০-৭০ কিমি বেগত গাড়ী চলাই যাব পাৰিলে আপোনাৰ গাড়ীখনৰ ইন্ধন যথেষ্ট ৰাহি হ’ব৷

    ২৪.০৮.১৩


মতামতসমূহঃ

comments powered by Disqus