স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

~~ ঊনসত্তৰ- চতুৰ্দশ খণ্ড~~  

~~ চিলিম ফিগাৰ ~~


শৰ্মানী: হেৰা শুনিছানে? গাটো ধুই লোৱা যোৱা৷

শৰ্মা: হেৰা, পুৱাই ধুই গৈছিলোঁ দেখোন, এতিয়া এই সন্ধিয়া আকৌ কেলেই ধুমহে?

শৰ্মানী: হেৰা, আজি ভাগৱতীৰ ঘৰত এছএনপি নাই জানো, এনেকে যাবানে?

শৰ্মা: কি এছএনপি? কিহৰ এছএনপি? মই একো বুজা নাই৷

শৰ্মানী: উৱা, এছএনপি মানে সত্যনাৰায়ণ পূজা আক’৷ ইমান দীঘল কোনে মাতি থাকে৷

শৰ্মা: হে হৰি! থেংক ইয়ুক টি ৱাই, গুড মৰ্ণিঙক জি এম কৰিলাই অলৰেডি, এতিয়া সত্যনাৰায়ণ পূজাভাগিকো চৰ্টকাট নাম দিবানে? মই কিন্তু এইবোৰ বৰ বেয়া পাওঁ৷ সিদিনা কলিতানীয়ে জিএন বুলি মেছেজ দিওঁতে মই কাঢ়া ৰিপ্লাই দিলো যে, ’হয় পূৰাকে গুড নাইট দিবা আই মিন দিব নহ’লে নিদিবই৷’

শৰ্মানী: তাৰমানে তুমি কলিতানীৰ লগত চেনি খাবলৈ এতিয়াও এৰা নাই? বেলনামাৰিৰ কোব খায়ো লাজ হোৱা নাই, হায় মোৰ ফুটা কপাল! মই আজিয়েই গুচি যাম ইয়াৰ পৰা৷ নাথাকোঁ আৰু তোমাৰ লগত৷

শৰ্মা: হেৰা ৰ’বাচোন, ইমান টেম্পাৰ দেখুৱাব নালাগে, মই সিদিনাই কলিতানীক মেছেজত ব্লক কৰিলো নহয়৷

শৰ্মানী: হুহ্‌, অকল মেছেজতহে ব্লক কৰিছা, হোৱাটচএপ, এফবিততো আছেই চেনি ঢালি৷

শৰ্মা: নহয় নহয়, মই চবতে ব্লক মাৰি দিলোঁ৷ আফটাৰ অল মোৰো প্ৰিন্সিপুল বুলি বস্তু এটা আছে নহয়৷

শৰ্মানী: বাদ দিয়া তোমাৰ প্ৰিন্সিপুল৷ দেখিছোঁ নহয়৷ এতিয়া গাটো ধোৱাগে যোৱা৷

শৰ্মা: পিছে হেৰি নহয়৷ ভাগৱতীৰ ঘৰত তোমাৰ এছএনপি কিহৰ বাবে পাতিছেনো?

শৰ্মানী: অ’, ভাগৱতীৰ সৰু ল’ৰাটোৱে এগ্ৰিকালচাৰ পঢ়িবলৈ গৈছে নহয়৷ তাত হেনো কিবা প্ৰেক্টিকেলত নাঙলৰ মুঠিত ধৰি হাল বাবলৈ দিলে৷ বামুণৰ ল’ৰাই নাঙলৰ মুঠিত ধৰি জাত যোৱা কাম কৰিলে কাৰণে প্ৰায়চিত্ত কৰিবলৈ এছএনপি পাতিছে হেনো৷

শৰ্মা: এহ্‌ লগুণডাল সলাই পেলালেই হৈ যায় দেখোন৷ মিছাতে ইমান টকা খৰচ৷

শৰ্মানী: এই কথাটোকে বৰানীয়েও হেনো কৈছিল৷ ভাগৱতীৰ ঘৈণীয়েকৰ মুখখনো বৰ চোকা নহয়৷ কৈ দিলে যে সিদিনা যে আপোনালোকে পিংকীৰ বছৰেকীয়া পৰীক্ষা ভাল হ’বলৈ এছএনপি পাতি পাঁচশ টকাৰ ফাইন ভৰিছিল সেইটো সৱকে কৈ দিম নেকি৷

শৰ্মা: হেৰা, এটা কথা কোৱাচোন৷ এই এছএনপি পাতি আকৌ কিহৰ পাঁচশ টকাৰ ফাইন ভৰিলেনো?

শৰ্মানী: উৱা, তুমি নাজানা৷ বৰানীহঁত শংকৰ সংঘৰ মানুহ নহয়৷ তেওঁলোকে পূজা-পাতল কৰা নিষেধ৷ কোনোবাই ভুলতে কৰিলেও ফাইন ভৰিব লাগে৷

শৰ্মা: অ’, কথা তাৰমানে সেইটোহে৷ কুঠাৰে বেজীক তোৰ গাত ফুটা আছে বুলি হঁহাৰ দৰে হ’ল৷

শৰ্মানী: তাকেই৷ পিছে শুনানা৷ মোক পাঁচহেজাৰ টকা দিয়ানা দেহাটো৷

শৰ্মা: উৱা! পাঁচহেজাৰ টকা কি কৰিবানো?

শৰ্মানী: লাগে দিয়াচোন৷ মই জানো সদায় খোজো তোমাক টকা৷

শৰ্মা: নাই নাই৷ সদায়নো ক’ত খোজা! বাৰমাহত তেৰবাৰহে খোজা মাত্ৰ৷

শৰ্মানী: ঠাট্টা কৰিছা? সেইকাৰণেতো চাকৰি কৰিব খুজিছিলোঁ, ইণ্ডিপেণ্ডেণ্ট হ’বলৈ৷ কিন্তু কৰি ৰাখিলা বিনাপইচাৰ বান্দী৷ হুক্‌ হুক্‌৷

শৰ্মা: আসঃ, হ’ব হ’ব৷ কোৱাচোন কিয় লাগে টকা৷

শৰ্মানী: মানে মই ভিএলচিচি যাম৷ ৱেইট কমাম৷ শ্লিম হম৷ জিৰো ফিগাৰ কৰিম৷ হট মডেল হম৷ মিছেচ গান্ধীকলনি হম৷ হৈছেতো এতিয়া?

শৰ্মা: হে ভগবান! কিহে পালে তোমাক৷ কেলেইনো শ্লিম হ’ব লাগিছে৷ তোমাকতো মই এনেকৈয়ে ভাল দেখোঁ৷

শৰ্মানী: হ’ব৷ পইছাৰ নাম শুনি তেলাব নালাগে৷ চিলিণ্ডাৰ, কোমোৰা, উড়াল এইবোৰ নিকনেইম দি যে তুমি মোক তোমাৰ লগৰবোৰৰ আগত মাতা মই কি নাজানো বুলি ভাবিছা?

শৰ্মা: হে প্ৰভু! কোনে কৈছে এইবোৰ তোমাক? কোন দুষ্টচক্ৰৰ ষড়যন্ত্ৰ এইবোৰ!

শৰ্মানী: দুষ্টচক্ৰ? হুহঃ! তোমাৰ মৌবাইলৰ কল ৰেকৰ্ডিঙেই তাৰ প্ৰমাণ৷

শৰ্মা: তাৰমানে তুমি মোৰ মৌবাইলৰ...

শৰ্মানী: অঁতো৷ পাৰ্ছ চুবলৈ নিদিলা বুলি মৌবাইলতোও নুচুম নেকি? আৰু তোমালোক মতাবোৰৰ কোনো বিশ্বাস নাই৷ ধুনু আপী দেখিলেই মিঠেত মাখি পৰা দিয়া৷ চেণ্টি ফালি চেনি খোৱা৷

শৰ্মা: ধেই তুমি কিবোৰ নো বলকিছা হয়নে? মইনো কেতিয়া কোন ধুনু আপীৰ লগত চেনি খালোঁ৷ আমাৰ গান্ধীকলনিততো এজনীও ধুনু আপী নাই৷ সব তিৰীহে৷

শৰ্মানী: হেইয়া! সেয়াই প্ৰমাণ৷ অলৰেডি কোন আপী কোন তিৰী সব চাৰ্ভে কৰি থৈছা ন’৷

শৰ্মা: নহয় নহয়৷ মানে মই এনেয়েহে কৈছিলোঁ কথাটো৷

শৰ্মানী: সেইটোৱে কথাটো৷ ভট্টৰ কল ৰেকৰ্ডিং শুনিছা নহয়? গোটেই ফেচবুকত যে ভাইৰেল হৈ ফুৰিছে৷ ধুনু আপী এটাক চেণ্টি দি চেনি মিঠৈ খাওঁতে যে ঘৈণীয়েকক মস্ত পেটলী, আগ-গুৰি নোহোৱা কোমোৰা, মোৰ তিৰীটো শাখিনী, তুমি হ’লা জানমণি ইত্যাদিবোৰ গালে সৱ সকলোৰে মুখে মুখে৷ সেইকাৰণে ময়ো চিলিম ফিগাৰ হ’ব খুজিছোঁ যাতে তুমি ঘৰৰ ভাত এৰি বাহিৰত বিৰিয়ানি খাই নুফুৰা৷

শৰ্মা: মই বিশ্বাস নকৰোঁ৷ ভট্ট মানুহটো বেয়া নহয় বুজিছা৷ আৰু ৰেকৰ্ডিংটো জালিও হ’ব পাৰে৷ শুনা নাই জেএনইউৰ ষ্টুডেণ্টে ইণ্ডিয়া মুৰ্দাবাদ, ভাৰত তেৰে টুকৰে হোংগে আদি শ্ল’গান দিয়া ভিডিঅ’বোৰো জালি বুলি বাতৰিত ওলাইছে৷

শৰ্মানী: হৌৰা, সৱকে বুৰ্বক বুলি নাভাবিবা৷ জেএনইউৰ শ্ল’গান দিয়াকেইটায়ো ভিডিঅ’টো নকল বুলি কৈছিল যদিও ফৰেনছিকত সঁচা বুলিয়ে ওলাইছে৷ সি যি কি নহওক, মুঠতে তোমালোক মতাবোৰ ঘৈণীয়েকৰ বদনাম গাই সৰু আপীবোৰৰ লগত চেনি খাই ’অ’ লিলি বসন্ত’ গাই ফুৰাত সিদ্ধহস্ত৷ লাজ নোপোৱা নে? ল’ৰা ডাঙৰ হ’ল, মেট্ৰিকেই দিব এতিয়া লাহেকৈ?

শৰ্মা: কিন্তু এটা কথাও হ’ব পাৰে নহয়৷ ভট্টক ফঁচাবওতো পাৰে৷ ভোমোৰাই ফুলৰ ৰস খাবই৷ তাতে যদি ফুলে নিজে মাতে ৰস খাবলৈ কোন ভোমোৰাইনো নেওচা দিব পাৰে তেনে আমন্ত্ৰণ!

শৰ্মানী: তাৰমানে তুমিও ভোমোৰা! এয়া লোৱা! ধুম ধাম- ছেটেপ সাৰৌপ সাৰৌপ ধিছ ধিছ- ছেকেট পেকেট

শৰ্মা: মৰিলো ঔ, আয়ৌ দুখ পাইছোঁ ঔ, এৰি দিয়ানা, বহুত দুখ পাইছোঁ ঔ৷ কলিতা , ডেকা, বৰা- বাচাও মুঝে

১৪.০৯.১৯

মতামতসমূহঃ

comments powered by Disqus

যোগাযোগ

ফেচবুক গোট:
Write Assamese on Mac
                 

ই-মেইল:  feedback@mridulkumar.com