স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

~~ ঊনসত্তৰ- পঞ্চদশ খণ্ড~~  

~~ শিখণ্ডী ~~


খোজকঢ়া ভাল৷ খৰ খৰকৈ প্ৰায় পঞ্চল্লিছ মিনিট সময় খোজকাঢ়িব লাগে৷ সদায় নালাগে৷ সপ্তাহত পাঁচদিন কাঢ়িলেই হয়৷ শাৰীৰিক শ্ৰম নকৰা মানুহে খোজ কাঢ়িব লাগে৷ তেজৰ চলাচল ভাল হয়, হৃৎপিণ্ডৰ সক্ৰিয়তা বাঢ়ে, ষ্টেমিনা বাঢ়ে৷

মূলতঃ এইখিনি কথা পঢ়ি হজম কৰিছিল ড° মহন্তই৷ তাৰ ফলস্বৰূপে আজি আমি তেওঁক দেখিবলৈ পাইছোঁ তলমূৰকৈ গুজুং গুজুংকৈ খোজ কাঢ়ি থকা৷ ওপৰমুৱাকৈ চাই খোজকঢ়া তেওঁ সেই তেতিয়াই বাদ দিলে যেতিয়াই চিনাকি মানুহে সোধা কৰিলে- ছাৰ ফুৰিছে? ছাৰ চুগাৰে পালে নেকি? ছাৰ ক’ৰবাত যায় নেকি, মই থৈ আহিম আহক; অ’ মহন্ত ছাৰ খোজকাঢ়ি পইছা বচাইছে, কি কৰিব ইমান টকা?

উফঃ, মানুহৰ পৰা ৰক্ষা নাই৷ হেৰৌ, মই খোজকাঢ়িছোঁ স্বাস্থ্য ভালে ৰাখিবলৈ৷ তাতে তহঁতৰনো কি আহে যায়৷ হাৰ্ট এটাক হৈ মৰিলে মোৰ তিৰী-ছলিক তহঁতে চাবিনে?

গতিকে মহন্ত ছাৰে খোজকঢ়াৰ সময়ত কেনিও নাচায়৷ এটা লাভো হ’ল অৱশ্যে৷ ছাৰ বিদগ্ধ পণ্ডিত, তলমূৰকৈ খোজ কাঢ়ি পদাৰ্থ বিজ্ঞানৰ বিভিন্ন জটিল সূত্ৰৰ কথা চিন্তা কৰি যায় চাগৈ- এই জাতীয় লালচাহ-পকৌৰীৰ আলোচনাৰ বিষয়ো হ’ব ধৰিলে৷

-ঐ কুকুৰ! ক’ত আপী চাব যাঅ’!

ছাৰৰ চিন্তাত আউল লাগিল৷ চিন্তা নকৰিব৷ ছাৰে কোনো ব্লেক হ’ল বা গড্‌ পাৰ্টিকলৰ জটিল সূত্ৰৰ সমাধানৰ কথা ভাবি থাকোঁতে চিন্তাত আউল লগা নাই; বৰঞ্চ দুদিন পিছত কি ৰান্ধি খাব তাকেহে গভীৰ ভাৱে অংক কৰি আছিল৷ ছাৰৰ হোম মিনিষ্টাৰ মানে মিছেচ ছাৰে সাতদিনৰ বাবে মাকৰ ঘৰলৈ গৈছে৷ যাওঁতে দুদিনৰ খানা ৰান্ধি ফ্ৰিজত থৈয়ে গৈছে৷ কেৱল গৰম কৰি খালেই হ’ল৷ কিন্তু তাৰপিছত পাঁচদিনতো কিবা ৰান্ধিয়ে খাব লাগিব৷

কুকুৰেতো আপী নাচায়, কুকুৰণীহে চাব৷ গতিকে নিজান বাটটোত বাক্যষাৰি শুনি ছাৰে মগজুৰ কোষবোৰ সক্ৰিয় নকৰাকৈয়ে গম পালে যে এইটো কোনো মানৱ সম্পদলৈ নিক্ষেপ কৰা গালি৷ কিয় জানো মাতটো চিনা চিনা লাগিল আৰু গালিটো যেন নিজৰ গালৈকে আহিল তাকে ভাবি মূৰ ডাঙি চাওঁতে দেখিলে গাড়ী এখন তেওঁক পাৰ কৰি গৈ হঠাতে ৰৈ গৈ ইউ টাৰ্ন এটা মাৰি পুনৰ ঘূৰি আহিছে৷

হয়৷ গাড়ীখন ঘূৰি আহিছে আৰু বাঁওফালৰ আইনাখন লাহে লাহে নামি আহি থকাটোও তেওঁ লক্ষ্য কৰিলে৷ গাড়ীখন তেওঁৰ কাষত ক্ৰেএছছ্‌কৈ ব্ৰেক মাৰি ৰৈ গ’ল আৰু বাঁওফালৰ দুৱাৰখনো খুলি গ’ল৷ ভিতৰলৈ চাই দেখে যে-

- ঐ কুকুৰ, উঠ৷

- আৰে কুকুৰ তই ইয়াত! কি কৰি আছ? কেতিয়া আহিছিলি? মোক খবৰ এটাটো দিব পাৰ!

গাড়ীত উঠিয়েই ছাৰে এইবাৰ মৌখিক একে৪৭টো চলাই দিলে৷ সমুখত ড° ডেকা৷

- এহ্‌ কি কবি ভাই৷ এক্সটাৰ্নেল হৈ আহিব লগাত পৰিল ছোৱালী কলেজখনত হঠাতে৷ আৰু মই নাজানো যে তই ইয়াত ৰাজত্ব কৰি আছ৷

- হাৰে ময়োতো ছোৱালী কলেজতে কাম কৰোঁ৷ আজি যেনিবা মোৰো বেলেগত ডিউটি পৰিছিল৷ অলপ আগতে আহি পাইছোঁহে৷

- সেই কাৰণে দোষ্টি তোক দেখা নাপালোঁ৷ বাকী কচোন খবৰ৷

কুকুৰপ্ৰেমী পাঠকসকলে হয়তো পঢ়ি ভাল পাইছে৷ হয়তো! পাবৰে কথা৷ দুজন মানুহে ইজনে সিজনক কুকুৰ বুলি মাতিছে! কিমান এক মৰম সোমাই আছে এই মাতষাৰিত বুজোঁতাই বুজিব৷

- খবৰ ফাৰ্ষ্টক্লাছ৷ ব’ল মোৰ ঘৰত৷ আজি পাৰ্টি কৰোঁ৷

- আজি নহ’ব দোষ্টি৷ মাফ কৰ৷

- ধেই, কি যে! ব’ল না৷ তাতে আজি তিৰীও ঘৰত নাই৷ ফুল মস্তি কৰিম ব’ল৷

- নহয় ঔ দোষ্টি৷ মোৰ তিৰীক আজি ডাক্তৰৰ তাত নিব লাগে৷ আঠ বজাত এপইণ্টমেণ্ট আছে৷

- কি হ’ল ঔ? তোৰ দুটা নাই জানো? আকৌ গুড নিউজ নেকি? কংগ্ৰেট্‌ছ দেই৷

- ধেই কুকুৰ৷ মইতো ভাবোঁ তাইৰ মাথাৰ দোষ৷ তাইৰ মতে হেনো তাইৰ পেটৰ আলচাৰ৷ ওজন কমাব গৈ ভাতৰ সলনি টিছু পেপাৰ খাই থাকে৷ এচিডিটিতো হ’বই৷ এদিন নে দুদিন বমি কৰিলে৷ গোটেইখন ইণ্টাৰনেটত গুলুগুলু কৰি কৈ আছে তাইৰ হেনো পেপটিক্‌ আলচাৰ৷

- অহ্‌, কিবা এটা কৈ দেনা৷ এক্‌জাম কালিও হ’ব বুলি৷

- নহয় অ’৷ তই বুজা নাই৷ তাই যিহে অঘটন ঘটন-পটিয়সী, মই আজি গৈ নাপালে তাই মাকক ফ’ন কৰিব কান্দি-কাটি যে তাই মৰিব ওলাইছে আৰু মই ডেমকেয়াৰ কৰা নাই৷ আৰু মোৰ চাচুমাৰ মুখখন আচলতে মিক্সাৰ গ্ৰাইণ্ডাৰৰ দৰে৷ মোক ধনীয়াৰ চাটনি কৰি পেলাব৷ গতিকে বুজিবলৈ চেষ্টা কৰ৷ নহ’লেনো মোক পাৰ্টি কৰাৰ কাৰণে ইমান ক’ব লাগেনে৷

- কিনো কম আৰু৷ মোৰজনীও কমনে৷

- আৰে কুকুৰ তই দেখোন প্ৰেম খেলি বিয়া পাতিলি৷ মনত পৰেনে লাভ লেটাৰবোৰত যে লিখিছিলি তোমাৰ তিল ফুলৰ দৰে নাক, কোৱাভাতুৰীৰ দৰে ওঁঠ, উদ্ভিন্ন যৌৱনা, পীনোন্নত পয়োধৰা, বিলোলাক্ষী, হৰিণী চকুৱা, ইত্যাদি ইত্যাদিবোৰে মোক বেক লগাই দিলে৷ আৰু চেণ্টিবোৰ! তোমাক নাপালে মই প্ৰেমৰ সাগৰত নিজকে হাৰাকিৰি কৰি ছহিদ হম!

- উফঃ, কি কম দোষ্টি! প্ৰেমত মই ধৃতৰাষ্ট্ৰ হৈ গৈছিলোঁ৷ চকু থাকিও অন্ধ৷ বিয়াৰ পিছতহে গম পালোঁ জ্বালামুখীত বহিলে কেনে লাগে৷

- কি কবি দোষ্টি ঘৰ ঘৰ কী কাহানী৷ বাৰু এতিয়া তোক ক’ত নমাই থ’ব লাগে ক৷ মই যাওঁগে৷ অহা সপ্তাহত আহিম আকৌ৷

- মোক য’তে ত’তে নমাই দিব পাৰ৷ সৰু চহৰ৷ খোজকাঢ়ি থাকিলেই ঘৰ পাই যামগৈ৷

- আচ্ছা, ঠাইখন ভালনে? মানুহবোৰ একা?

- ভাল ভাল৷ সৰু ঠাই৷ সবেই সবকে চিনি পায়৷ ৰাতি চিলিণ্ডাৰ শেষ হ’লেও মালিকক খুজিলে পাই যাওঁ৷

- ভালেই বাৰু৷ যান্ত্ৰিকতা কম৷

- পিছে সমস্যাও আছে৷ দুখনেই ৱাইন শ্বপ৷ তাকো ৰাস্তাৰ কাষতে৷ সকলোৱে চিনি পায় কাৰণে ত্ৰিশ কিলোমিটাৰ দূৰৰ এঠাইলৈ গৈ কিনিবলগীয়া হয়৷ ঐ, দোষ্টি কাম এটা কৰি দেনা৷

- ক দোষ্টি৷ কি কৰি দিব লাগে৷ ছুইছাইড কৰি দিওঁ নেকি তোৰ কাৰণে?

- ধেই কুকুৰ৷ তোকতো ইয়াত কোনেও চিনি নাপায়৷ সেই তাত ৱাইন শ্বপ এখন আছে৷ মোক ছিগনেছাৰ ফুল এটা আনি দেনা৷

- আৰে দোষ্টি আলবৎ আনি দিম৷ তই ইয়াতে বহি থাক৷ মই এইমাত্ৰ লৈ আনিছোঁ৷

- ৰ’ পইছা লৈ যা৷

- ধেই, কুকুৰ৷ অহাবাৰ তোৰ পৰা ব্লেক্‌ ডগ খাম৷

এই বুলি ড° ডেকাই গাড়ীৰ পৰা নামি নাতি দূৰৈৰ ৱাইন শ্বপখনলৈ আগবাঢ়িল৷

-হেৰা এটা ছিগনেছাৰ ফুল দিয়াচোন৷

শাৰী শাৰী সজাই থোৱা ছেলফ্‌বোৰৰ পৰা দোকানৰ ল’ৰাজনে ছিগনেছাৰ হুইস্কী এটা উলিয়াই আনিলে৷

-ছাৰ, গুড ইভিনিং৷ চিনি পাইছেনে?

- তু..তু..তুমি ইয়াত? তুমি মৃদুল নহয়নে?

- হয় ছাৰ৷ ভাল মনত ৰাখিছে৷

- এইখন তোমাৰে দোকান? হাৰে মইতো তোমাক এচিএছ পোৱা বুলি ভাবিছিলোঁ৷

- ছাৰ, কি ক’ব- দুবাৰ ভাইভালৈ দিওঁ নাপালোঁ৷ ইফালে আজিকালি কলেজত পাবলৈও ঢেৰ কিবাকিবি লাগে৷ এম.ফিল কৰিলোঁ যদিও পিএইছডি নহ’লে কামেই নাই৷ দুবছৰমান ফ্ৰাছ্ট্ৰেছনত ভুগি থকাৰ পিছত যোৱাবাৰ নতুন এমেলে আহিল৷ তেওঁ আকৌ খুৰাৰ বন্ধু৷ তেৱেঁই দিয়ালে ৱাইন শ্বপৰ লাইছেন্সখন৷ এতিয়া পাক্কা ব্যৱসায়ী হ’লোঁ৷

- যি হ’ ভালেই হ’ল দিয়া৷ এনেয়ো ’বাণিজ্য বসতি লক্ষ্মী’ বুলি কথা এষাৰ আছে নহয়৷

- হয় ছাৰ৷ ঐ পেকিং কৰি দে ভালদৰে৷

- মানে মোৰ বন্ধু এজনক লগ পালোঁ ইয়াতে৷ তেওঁৰ গেছট্ৰিকে উকাইছে আৰু মোক কিবা ক্লাব ছ’ডা নিবলৈ পঠিয়ালে৷

- হয় ছাৰ, ভাল হৈ যাব৷ ছিগনেছাৰ খালেই ভাল পাই যাব৷

পইছা দি উঠি পলিথিনৰ ঠোঙা এটাত ভৰাই দিয়া বটলটো হাতত লৈ ড° ডেকা ৰঙা চিঙা পৰি দোকানৰ পৰা ওলাই আহিল৷ দূৰৈৰ পৰা দেখিলে ড° মহন্তই গাড়ীৰ ডেচব’ৰ্ডত তবলা বজাই গান গাই আছে৷

ড° ডেকা থমকি ৰ’ল৷ অচিনাকি জেগাত আহি মান ইজ্জত গ’ল৷ ইফালে উপভোক্তাই হাঁহিমুখে গানজুৰি আছে৷ এক মুহূৰ্তলৈ নিজকে শিখণ্ডী যেন ভাৱ হ’ল তেওঁৰ৷ সহ্য নহয়, সহ্য নহয়৷ দুখোজ উভতি আহিল তেওঁ৷

- হেৰা মৃদুল, তোমাৰ ফিজিক্সৰ মহন্ত ছাৰক মনত আছেনে?

- ছাৰ, আছেতো৷ বৰ মৰম কৰিছিল আমাক৷

- তেওঁ যে ইয়াতে থাকে তুমি গম পোৱানে?

- অ’ হয় নেকি? নাই ছাৰ মই গম নাপাওঁ৷ আচলতে মই সিমান ঘূৰি নুফুৰোঁ যে৷ তেখেত ক’ত থাকে বাৰু?

- ময়ো গম পোৱা নাছিলোঁ৷ আজি হঠাতে লগ পালোঁ৷ তেওঁৰে গেছট্ৰিকে উকাইছে অ’৷ সেইকাৰণে মোক ছিগনেছাৰ ক্লাব ছ’ডা নিবলৈ পঠিয়াইছে৷ সেয়া মোৰ গাড়ীতে বহি আছে৷ মই কিমান কওঁ যে খোৱা-বোৱা সময়মতে কৰিব লাগে৷ নাই নুশুনে৷

- অহ্‌ ছাৰক এদিন লগ ধৰিব লাগিব৷ বাই দি ৱে, মোৰ এই নম্বৰটো লৈ যাওক ছাৰ৷ মহন্ত ছাৰক দিব৷ কেতিয়াবা গেছট্ৰিকে উকালে ফ’ন এটা কৰি দিলেই হ’ব৷ মোৰ ল’ৰাই গৈ ঘৰত ছিগনেছাৰ ক্লাব ছ’ডা দি থৈ আহিব৷

গাড়ীত বহি-

- হোঁ ল৷ তোৰ কাৰণে আজি মোৰ মান ইজ্জত সব গ’ল৷

- কিয় কি হ’ল ভাই?

- ৱাইন শ্বপৰ মালিক মোৰেই এমএছছি ষ্টুডেণ্ট মৃদুল৷

- ইচ ৰাম! তাৰ দোকান নেকি সেইখন? মোৰ কথাটো কোৱা নাই নহয় তই?

- ল, তাৰ ফ’ন নম্বৰটো দি পঠিয়াইছে৷ আকৌ কেতিয়াবা লাগিলে ফ’ন কৰি দিবি ঘৰত দি থৈ যাবহি৷

- চাল্লা, কুকুৰ তাৰমানে তাক তই ক’লি মোকেই লাগে বুলি৷ হোষ্টেলৰ স্বভাৱবোৰ নগ’ল আৰু ন’?

- ঐ কুকুৰ, তই ভালহে পাব লাগে৷ তোৰ ইমান দিনৰ প্ৰব্‌লেম এটা ছ’লভ কৰি দিলোঁ৷

দুয়োজন কুকুৰে হাঃ হাঃ কৈ হাঁহি উঠিল৷

০৪.০৯.১৯

মতামতসমূহঃ

comments powered by Disqus

যোগাযোগ

ফেচবুক গোট:
Write Assamese on Mac
                 

ই-মেইল:  feedback@mridulkumar.com