স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

~~ ঊনসত্তৰ- ষোড়শ খণ্ড~~  

~~ চেল্ফি কবিতা ~~


শৰ্মানী: হেৰা! শুনিছানে?

শৰ্মা: শুনিছোঁ ডাৰ্লিং৷ মইতো শুনিবলৈকে জীয়াই আছোঁ৷

শৰ্মানী: হুহ্‌ কাট মাৰিব নালাগে৷ তুমি মান ইজ্জত খেদাই দিবাহে৷

শৰ্মা: কিয় কি কৰিলোনো মই? কাৰোবাক মাৰ্ডাৰেই কৰিলোনে হত্যাই কৰিলোঁ যেনেকৈ তুমি বেবাই... আই মিন চিঞৰিছা৷

শৰ্মানী: কি কৰিলা মানে? তোমাক ভট্টৰ গাইজনীৰ লগত ফটো উঠি ’চেল্ফি উইথ হাম্বা গৰু’ বুলি প’ষ্ট দিবলৈ কিহে পাইছিল? এতিয়া গোটেই গান্ধীকলনিতে ’হাম্বা শৰ্মা’ বুলি তোমাৰ নাম ওলাই গৈছে৷ কি যে অবলং কামবোৰ কৰি থাকা৷ আৰু কেইদিনমান আগতে ৰাস্তাৰ বেমাৰী মেকুৰী পোৱালিটো চাৰ্টৰ পকেটত ভৰাই ’চেল্ফি উইথ জোলোঙাৰ মেকুৰী’ বুলি প’ষ্ট দিয়া নাছিলা? দত্তৰ জীয়েকৰ শান্তিবিয়াত খুৱাবলৈ অনা ছাগলীৰ লগত ফটো উঠি ’চেল্ফি উইথ ভোবোলা ছাগলী’ বুলি প’ষ্ট দিয়া নাছিলা? সৱেই হাঁহিছে বুইছা, সৱেই ঠাট্টা কৰিছে৷ তুমি সৱ চেচ কৰি দিলা৷

শৰ্মা: দিছিলোঁ৷ আলবৎ দিছিলোঁ৷ হেৰা, মই কি ডাঙৰ কামটো কৰিলোনো? তোমালোকে দেখোন সিদিনা বৰানীহঁতৰ নাকফেঁচা কুকুৰটোৰ লগত ফটো উঠি কেপচন দিছিলা ’চেল্ফি উইথ পাবলু’ বুলি৷

শৰ্মানী: হাৰৰৰৰে.... তুমি কাৰ লগত কমপেয়াৰ কৰিছা! হি ইজ এ ফৰেইন ডগ৷ এটা ষ্টেণ্ডাৰ্ড আছে৷ গ্লেমাৰ আছে৷ আৰু তাক ডগ বুলি কোৱাটোও মানা৷ পাবলু বুলিহে ক’ব লাগে বুইছা! আৰু তুমি গাইগৰু এজনীৰ লগত উঠিছা ফ’টো৷ গৰু মানেই গোৱৰ৷ মানে শ্বিট৷ ছিহ্‌!

শৰ্মা: হেৰা, তুমি জানানে গৰুৰ গোৱৰ কিমান পৱিত্ৰ বস্তু? আৰু গৰু নহয় গোমাতা বুলি কোৱা৷ সকলো পূজাতে গৰুৰ গোৱৰ নহ’লে নচলেই৷ আনকি গৰুৰ চুচুৰ পৰা আই মিন গোমূত্ৰৰ পৰা কেনেকৈ সোণ নিষ্কাষণ কৰিব পাৰি তাৰে ওপৰত আইআইটি বোৰত জোৰদাৰ গৱেষণা চলি আছে ভাৰত মুলুকত৷ গতিকে আণ্ডাৰএষ্টিমেইট নকৰিবা বুইছা৷

শৰ্মানী: শুনা তুমি যিয়েই নোকোৱা মুঠতে গৰুৰ লগত চেল্ফি উঠাটো আজিৰ ছোচাইটিত মুঠেই গ্ৰহণযোগ্য নহয়৷ লাগিলে তুমি ’চেল্ফি উইথ ন’বডি’ বা ’চেল্ফি উইডাউট এ কেপচন’ বুলিয়েই প’ষ্ট দিয়া৷ কেৱল বিউটিপ্লাছটো অন নকৰিবা৷ বিউটিপ্লাছ অন কৰিলে চেলোৱা মুৰ্গী যেন লাগে৷

শৰ্মা: বুজিছোঁ বুজিছোঁ, আজিকালি নতুন ট্ৰেণ্ড আহিছে ঠৰঙা ডাঢ়ি ৰখা৷ সিদিনাতো এটাক ঠৰঙা ডাঢ়ি, ক’লা ছানগ্লাছ পিন্ধি ইফাল সিফাল কৰি থাকোঁতে দুটকীয়া কইন এটা দি পালোঁ বাপ্পেকে৷ সি যিটোহে খেদা দিছিল৷ কিন্তু কি জানানে মোৰ সঁচাকৈয়ে তাক ভিখাৰী যেন লাগিছিল৷ খিক্‌ খিক্‌! ময়ো ৰাখিম ৰ’বা ঠৰঙা ডাঢ়ি৷ পিছত কিন্তু ৰাতি বিন্ধিছে বুলি আপত্তি নকৰিবা৷

শৰ্মানী: যাহ্‌ নিলাজ কৰবাৰ৷ পুতেৰে শুনিব এতিয়া৷

শৰ্মা: এহ্‌ নুশুনে দিয়া৷ শুনিলেও বুজিব পৰাকৈ তাৰ মূৰত কিবা আছে জানো ’পাবজি’ৰ বাহিৰে৷

শৰ্মানী: হুমমম৷ পিছে শুনানা৷ মোক কবিতা এটা লিখি দিয়ানা৷

শৰ্মা: কবিতা আৰু মই? না না বাবা! মই কবিতা লিখিলে ববিতা হৈ যাব৷ তাতকৈ কোৱা নহৰুকে চেলাই দিম৷

শৰ্মানী: আস্‌৷ মই তেনেকুৱা ফৰ্মেল কবিতাৰ কথা কোৱা নাই নহয়৷ আচলতে শুনা, আমাৰ কিটি পাৰ্টিৰ মেম্বাৰবোৰৰ মাজত ’চেল্ফি কবিতা’ৰ প্ৰতিযোগিতা পাতিছে৷ মানে নিজৰ চেল্ফি এখন দি তাত কেপচনটোত কবিতা এটা দিব লাগে৷ দুই তিনিশাৰী হ’লেও হ’ব৷

শৰ্মা: হে ভগৱান৷ কি কি প্ৰতিযোগিতাবোৰ পাতি থাকা নহয় তোমালোকে৷ কেইদিনমান আগতে ভৰিৰ ফটো দিয়া প্ৰতিযোগিতা পতা নাছিলা? তাৰো কেইদিনমান আগত পিঠিৰ ফটো দিয়া নাছিলা?

শৰ্মানী: ধেই, তুমিও যে আৰু৷ ক’তনো পিঠিৰ ফটো দিয়া দেখিলা?

শৰ্মা: তুমি ক’লেই হ’বনে? মোৰ সৱ মনত আছে৷ মোৰ মেম’ৰী বৈদ্ধ্য ষ্ট্ৰং৷ বৈশ্যনীয়ে আপডেট দিছিল- একে মুখখনকে সদায় দেখুৱাই আমনি নিদিওঁ, আজি পিঠিকে দেখুৱাম৷ বৰ্মননীয়ে খোপা বান্ধি ফটোৰ কেপচন দিছিল ’মাই লং হেয়াৰ মাই এছেট’ বুলি৷ কিন্তু ফটোততো আমি হেৰিয়ে দেখিছিলোঁ ন’?

শৰ্মানী: তুমিনো সেইবোৰ ফটো কিয় চাব লাগে? ডাৰ্টি মাইণ্ড৷ স্ক্ৰ’ল কৰি এৰি যাবওতো পাৰা৷ বিয়াৰ আগত যি কৰিছিলা ধৰি নাথাকোঁ, কিন্তু এতিয়া লটংপটং কৰিব নোৱাৰিবা৷ নহ’লে...

শৰ্মা: হে ভগৱান! এতিয়া মোৰেই দোষ হ’ল৷ ময়ে লোকৰ পিঠি চাই ফুৰিছোঁ৷ বাৰু কোৱাচোন, ভৰিৰ ফটো দিয়া প্ৰতিযোগিতা তোমালোকেই পতা নাছিলা জানো? কেই নম্বৰ হ’লা কোৱাচোন৷

শৰ্মানী: পাতিছিলোঁ৷ কিন্তু মোৰেই ফুটা কপাল৷ আঠশ টকা ভৰি মেনিকিউৰ কৰাই ফটো উঠিম বুলি লৈছিলোঁহে, উজুতি খাই নখটো এৰাই যোৱা নাছিল জানো৷ সেই গতিকে ফটোকে নিদিলো কিন্তু মিছেছ গোস্বামীয়ে ’আহিছে নখ গৈছে নখ/ নখ ময়াপী জীৱ; নখৰ বিষক আওকাণ কৰিলে জীৱন মধুময় হ’ব’ বুলি কেপচন দি ফাৰ্ষ্ট প্ৰাইজ লৈ গ’ল৷ হুক্‌ হুক্‌৷

শৰ্মা: হেৰা, আমাৰ বৰঠাকুৰকে নোকোৱা কিয় কেপচন এটা লিখি দিবলৈ? তেওঁৰ কেপচনবোৰৰ ওপৰত গৌহাটী য়ুনিভাৰ্চিটিৰ এজনে পিএইছডি কৰি আছে হেনো৷

শৰ্মানী: হৈছে যোৱা৷ বৰঠাকুৰৰ পৰা কেপচন লোৱা গম পালে মিছেচ বৰঠাকুৰনীয়ে জানো সুদাই এৰিব৷ সেইকাৰণেই কৈছোঁ তুমিয়েই এটা লিখি দিয়া৷ ছিটুৱেছন এইটো- মই চেম্পু কৰি গা ধুই ওলাই আহিম, তেনেতে মোক দেখি তোমাৰ মুখেৰে কবিতা ওলাই আহিব৷ অলপ ক্লাছিকেল হ’লে ভাল হয়৷


শৰ্মা: অহম অবম বয়ম..

শৰ্মানী: ধেই মাৰ খাবা কৈ দিলোঁ৷ ন’ ফাল্টুমি৷

শৰ্মা: আচ্ছা, মা নিষাদ প্ৰতিষ্ঠাং ত্বমগম...

শৰ্মানী: ধেই

শৰ্মা: যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ...

শৰ্মানী: ধেই

শৰ্মা: নিয়ৰসিক্ত দূৱৰিত শেৱালিৰ পদাঘাত

শৰ্মানী: উমমম...এক্সিলেণ্ট-  কিবা এটা হোৱা যেন লাগিছে৷ সন্ধ্যালগ্ন আৰু কথকতা শব্দদুটি লগাই দিব নোৱাৰিনে?

শৰ্মা: পাৰি, কিন্তু তুমি সন্ধিয়া ঠাণ্ডা পানীৰে গা ধুই আহিব লাগিব৷ পাৰিব জানো?

শৰ্মানী: পাৰিম পাৰিম৷ এদিনৰহে কথা৷ পাৰিলে আধুনিক কবিতাৰ টাচ্চ এটি দি দিবা দেই সোণটো৷ উম্মাহ্‌৷

শৰ্মা: ঠিক আছে তেনে-

সন্ধ্যালগ্ন দূৱৰিত
নিয়ৰৰ কথকতা

শেৱালি ফুলবোৰ
ফুলে আৰু ফুটে৷

শৰ্মানী: এ মজ্জা! এইটোকে দিম দিয়া৷ মডাৰ্ণ আৰু এথনিক্‌ দুয়োটা সোমাই আছে কবিতাটোত৷

শৰ্মা: তুমি কৈছা যেতিয়া.... হয় দিয়া৷

০৯.১০.১৯

মতামতসমূহঃ

comments powered by Disqus

যোগাযোগ

ফেচবুক গোট:
Write Assamese on Mac
                 

ই-মেইল:  feedback@mridulkumar.com