স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

~~ ঊনসত্তৰ- সপ্তদশ খণ্ড~~  

~~ ভূমিকম্প ~~

 
শৰ্মানী: হৌৰা, কলমতিয়াই থাকিব নালাগে, উঠা৷ নটা বাজিল৷

শৰ্মা: উফ্‌ ৰ’বাচোন৷ দেওবাৰ বুলিতো অলপ শুবলৈ দিয়া৷ আৰু তোমাৰ এই দুঘণ্টা বঢ়াই কোৱাটো বন্ধ কৰাচোন৷ সাতটা বাজিছেহে৷

শৰ্মানী: তুমি বৰ কানীয়া দেই৷ উঠা উঠা৷ চাহ ৰেডি হৈ আছে৷ মুখ ধুই, চাহ খাই আপডেটটো দিয়া সোনকালে৷

শৰ্মা: কিহৰ আপডেট ঔ? ভূমিকম্প আহিলে নেকি আজিও?

শৰ্মানী: ধেই, আমাৰ যিহে ফুটা কপাল৷ ভূমিকম্পটো এদিনো সঠিক সময়ত নাহে৷ মবাইলটো হাতত থকা সময়ত তেওঁ নাহে৷ যেই বাথৰূমলৈ যাম তেতিয়াই আহিব৷ সদায় ভাবোঁ যে আজি প্ৰথম আপডেটটো ময়ে দিম, কিন্তু নাই৷ কেই ছেকেণ্ডমানত মাৰ খাই যাওঁ৷ কোনোবা নহয় কোনোবা এটাই সদায় মোতকৈ আগেয়ে ষ্টেটাছ দিবই ভূমিকম্প আহিল বুলি৷ অলপ ঘনাই অহা হ’লেও কোনোবাদিনা ফাৰ্ষ্ট হ’লোহেঁতেন৷ যোৱা দুসপ্তাহ বাথৰূমতো মবাইল লৈ গৈছোঁ, তথাপি দেখাদেখি নাই৷

শৰ্মা: তাৰমানে তুমি ভূমিকম্প অহাটো বিচৰা?

শৰ্মানী: অঁতো৷ লাইক কে লিয়ে কুচ ভী কৰেগা দেই৷ কৈ দিলোঁ৷

শৰ্মা: হয় হয়! দুদিনীয়া জীৱন৷ লাইক কমেণ্ট খায়েই যি আৰু৷ পগলা তিৰী!

শৰ্মানী: হুহ্‌, মোক পগলা বুলিছা? চাই ল’ম৷ দুটা লাইকেই যদি খাব নাপালোঁ এই জীৱনৰ আৰু কি অৰ্থ থাকিল? লাগিলে দুসাঁজ ভাতেই নাখাওঁ৷

শৰ্মা: হৌৰা তুমি ভাত নোখোৱা নাই কিন্তু মই মোৰ ইংৰাজীৰ ছাৰক অপমান কৰিব নোৱাৰোঁ৷ ভাত মই খামেই৷

শৰ্মানী: লাইক কমেণ্টৰ মাজত আকৌ তোমাৰ ইংৰাজীৰ ছাৰ ক’ৰ পৰা আহিল বুজি নাপালোঁ! ৰাতিৰ নিচা ফটাই নাই নেকি?

শৰ্মা: তুমি কি বুজিবা? ছাৰে শিকোৱা জীৱনৰ প্ৰথম ইংৰাজী বাক্যটোৱে আছিল ’আই ইট ৰাইছ’৷ গতিকে, মই ভাত খামেই৷ তুমি নোখোৱা নাই৷

শৰ্মানী: ধেই, পগলাটো! উঠা উঠা, চাহ খাই লিখা সোনকালে৷

শৰ্মা: কি লিখিব কৈ আছাহে? ভূমিকম্পও হেনো অহা নাই৷ কিহৰ আপডেটডাল দিমনো ঘঅঅঅঅঅ....?

শৰ্মানী: বি ছিৰিয়াছ দেই৷ নতুন অসমীয়া চিনেমাখনৰ ওপৰত লিখা৷ দুটা প’ষ্ট লিখি থবা৷ এটা সপক্ষে, এটা বিপক্ষে৷ ৰাইজে ভাল বুলি ক’লে বিপক্ষেটো প’ষ্ট কৰিবা আৰু বেয়া বুলি ক’লে সপক্ষেটো প’ষ্ট কৰিবা৷ এণ্টাগনিষ্টিক ৰিভিউ এটা দিলে বেছি বিতৰ্ক হয় আৰু লাইক কমেণ্টো বেছি পায়৷

শৰ্মা: হেৰা, মই দেখোন যোৱা দহবছৰত এখনো অসমীয়া চিনেমা চোৱা নাই৷ ৰিভিউ কেনেকৈ লিখিম? কথানদী চোৱা নাই, মিছন চাইনা চোৱা নাই, ভিলেজ ৰকষ্টাৰ চোৱা নাই; ৰত্নাকৰ, বাল্মিকী, পৰশুৰাম একোৱেই চোৱা নাই৷ ভয় এটা আছিল এনআৰচিত নাম নুঠিব বুলি৷ কিন্তু নাম উঠিল যেতিয়া কুচ পৰোৱা নাই৷

শৰ্মানী: আসঃ, তোমাক কোনেনো কৈছে চিনেমাখন চাবলৈ? চিনেমাখন চোৱা মানেই টিকেটৰ দাম তিনিশ প্লাছ পপকৰ্ণ আদিকে ধৰি প্ৰায় ছশমানৰ খৰছ৷ নালাগে চাব৷ কিন্তু, বেলেগেতো চাইছে৷ চাই উঠি লিখিছে৷ সেইবোৰ ’কমপাইল’ কৰি ৰিভিউ এটা লিখি দিয়াহে৷ আৰু নেটততো কিবাকিবি পাবাই৷ সেইবোৰ মিলাই মেলি লিখি দিয়া৷

শৰ্মা: হমমম... আইডিয়াটো বেয়া নহয়৷ পিছে এইটোত লাইক নাপালে মোক কিন্তু দোষ নিদিবা৷

শৰ্মানী: চিন্তা নকৰিবা৷ সেইটোৰ ’বেক আপ প্লেন’ ভাৱি থৈছোঁ৷ এইটোত লাইক নাপালে বেলেগ প’ষ্ট এটা দিম৷

শৰ্মা: কি প’ষ্ট দিবানো? যি তি নিলিখিবা কিন্তু কৈ দিলোঁ৷ মোৰ প্ৰেষ্টিজৰ কথা আছে৷

শৰ্মানী: নিলিখো যি তি৷ কিয়নো লিখিম? মোৰ ইজ্জত নাই নেকি? দুটাই মাত্ৰ শব্দ লিখিম৷

’ফিলিং ল’নলি’ আৰু কলনীৰ সবকে টেগ কৰি দিম বাপ্পেকে!

শৰ্মা: হেএএএএএএএএএএএ!!!!!!!! লাইক পিপাসু তিৰী! এন্দুৰ মৰা দাৱাইটোকে আন, তাকে খাই মৰো!

০১.১২.১৯


মতামতসমূহঃ

comments powered by Disqus

যোগাযোগ

ফেচবুক গোট:
Write Assamese on Mac
                 

ই-মেইল:  feedback@mridulkumar.com