স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

~~ ঊনসত্তৰ- বিংশ খণ্ড~~  

~~ ফালেঙি সাহিত্যিক ~~

শৰ্মানী: হেৰা উঠা৷

শৰ্মা: উম৷

শৰ্মানী: কি উম?

শৰ্মা: আৰু শুম৷

শৰ্মানী: আৰু শুব নালাগে৷ দহটা বাজিল৷

শৰ্মা: তোমাৰ এই এঘণ্টা আগবঢ়াই কোৱা ছিষ্টেমটো এৰা দেই৷ চাহবাগান পাইছা নেকি? দেউতাৰাৰ জলকীয়াৰ বাগানহে আছিল৷ আৰু তুমি হ’লা এটি ভোটজলকীয়া!

শৰ্মানী: খৱৰদাৰ! দেউতাক ধৰি কথা নক’বা৷ কথা বেয়া হ’ব৷ আৰু মোক ভোটজলকীয়া নক’বা; কণজলকীয়া ক’লেও এক কথা৷ ইমানো পেটলী হোৱা নাই আৰু মই৷

শৰ্মা: নহয় ঔ৷ মানে মই ক’ব খুজিছিলোঁ যে আজি দেওবাৰ আই মিন ছানডে’ৰ দিনা তুমিনো এই কাউৰীপুৱাতে উঠি কেলেই চিঞৰ-বাখৰখন লগাইছা? মাত্ৰ ন বাজিছেহে৷

শৰ্মানী: কিনো ক’বা! পুৱাই পুৱাই এই ফালেঙিসোপাৰ পৰা নিস্তাৰ নাই আৰু৷ আলিয়ে চিঞৰিব- এই মাছ লাগে মাছ৷ আলিক খেদাৰ পিছত ফজলুল আহিব- এই চবজি লাগে চবজি৷ বেয়াকৈয়ো ক’ব নোৱাৰোঁ৷ নানানটা বাহানা কৰিব লগা হয়৷ তুমি কি বুজিবা কেনেকে’ চম্ভালি আছোঁ৷ কাকো বেয়াকৈ ক’ব নোৱাৰোঁ৷ এটাক যদি কওঁ আজি ব্ৰত আছে; আনটোক কওঁ ভিনদেৱেৰাই কালি আনিলে নহয় চবজি এসোপা৷ মুঠতে ইহঁতৰ লগত মিছা মাতোঁতে মাতোঁতে মোৰ চাগে’ নৰকতো ঠাই নহ’ব৷

শৰ্মা: ভালেই হ’ব দিয়া৷ নৰকত ছিট নাপালে তুমি চিধাই স্বৰ্গত ছিট পাবা৷

শৰ্মানী: পেংলাই নকৰিবা দেই৷ পুৱাই পুৱাই মাথাটো আৰু নষ্ট নকৰিবা৷

শৰ্মা: নাই ঔ৷ মইনো তোমাক পেংলাই কৰিমনে সোণজনী৷ এনেয়ে কথা এটা কোৱাচোন৷

শৰ্মানী: কি কথা?

শৰ্মা: তুমি বাৰু শইকীয়ানীক ইনবক্সত কিবা কবিতা দিছিলা নেকি? পঢ়ি উঠি লাইক, কমেণ্ট কৰি শ্বেয়াৰ কৰিবলৈ?

শৰ্মানী: দিবও পাৰোঁ৷ বহুকেইজন ডাঙৰ কবিকো পঢ়িবলৈ দিওঁ৷ তাইক যে দিছোঁ সেইটোৱে বহু ডাঙৰ কথা৷

শৰ্মা: মানে তুমি সবকে এনেদৰে ইনবক্সে ইনবক্সে কবিতা বিলাই ফুৰা?

শৰ্মানী: সবকে কিয় দিমনো? মোৰ কবিতা ইমান সস্তীয়া পাইছা নেকি যে যাকে তাকে পঢ়িবলৈ দিম? অলপ ষ্টেণ্ডাৰ্ড থকা মানুহকহে দিওঁ৷ কিন্তু তুমি কেনেকৈ গম পালা? তুমিতো মোৰ কবিতাৰ মোল নুবুজা? অৱশ্যে বান্দৰে নাৰিকলৰ মোল এনেয়ো নুবুজে৷ সেইকাৰণেই কোৱা নাছিলোঁ৷

শৰ্মা: হয় নেকি? মই বান্দৰ৷ আৰু তুমি বান্দৰৰ ঘৈণী চিম্পাঞ্জী৷

শৰ্মানী: ছাট্‌ আপ্‌৷ কোনে ক’লে কোৱা? নহ’লে আজি চাহ-ভাত একো নোপোৱা৷

শৰ্মা: ধেই খং নকৰিবাচোন৷ তোমাৰ ইনবক্সৰ স্ক্ৰীনশ্বট এটা মোৰ হোৱাটছএপত পোৱা কাৰণেহে গম পালোঁ৷

শৰ্মানী: হুৱাট? স্ক্ৰীনশ্বট?

শৰ্মা: য়েছ্‌ ডাৰ্লিং৷ তালুকদাৰনীয়ে তোমাক ব্লক কৰি প’ষ্ট দিছে- এই বছৰৰ শ্ৰেষ্ঠ ‘ফালেঙি সাহিত্যিক’ বঁটা তোমাক দিয়া হ’ব বুলি৷ মোক ব্লক কৰিব পাহৰি গ’ল চাগে’৷

শৰ্মানী: তাই মৰতী, বাঢ়নীৰ কোব খাইতীয়ে মোক ফালেঙি বুলিলে? হাউ ডেয়াৰ ছি? তাইৰ ইমান সাহস কেনেকৈ হ’ল? ফালেঙি মানে কি তাই জানেনে?

শৰ্মা: ডাৰ্লিং, মোৰ সোণজনী৷ তুমিয়ে দেখোন অলপ আগতে আলি আৰু ফজলুলক গালি দিলা ‘ফালেঙি’ বুলি৷

শৰ্মানী: অঁ, দিলোঁতো৷ আৰু দিম৷

শৰ্মা: এতিয়া তুমিয়ে কোৱাচোন সিহঁতৰ আৰু তোমাৰ মাজত কি পাৰ্থক্য থাকিল৷ সিহঁতে যেনিবা পেটৰ দায়ত ঘৰে ঘৰে মাছ, ছবজি বেচে৷ কিন্তু তুমিনো কিহৰ অভাৱত লোকৰ ইনবক্সে ইনবক্সে কবিতা বিলাই ফুৰা? অকল বিলোৱাই নহয়, তুমি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈও কোৱা৷ গতিকে, তুমিও ফালেঙি নহৈ কি হ’লানো?

শৰ্মানী: হুক্‌ হুক্‌, মই সেইবোৰ নাজানো৷ মুঠতে মোক লাইক কমেণ্ট লাগে৷ আৰু তুমিয়ো কম নহয়৷ তালুকদাৰনীৰ লগত তোমাৰ কিবা লেটিপেটি আছে নহ’লেনো তোমাক কিয় ব্লক নকৰিলে৷ আৰু শইকীয়ানীয়ে তোমাক কিয় গুডমৰ্নিং, গুডনাইট মেছেজ দি থাকে? আৰু তুমি হোৱাটচএপত পাছৱৰ্ড কিয় দি থৈছা? তুমি সব শেষ কৰি দিলা হুক্‌ হুক্‌৷ মই কি দিব পৰা নাছিলোঁ তোমাক? কোনো দিনে একো এটা ডিমাণ্ড কৰা নাই৷ না বিহু বুলি না পূজা বুলি কিবা ডিমাণ্ড কৰিছোঁ৷ কিয় তুমি এনে কৰিলা? হুক্‌ হুক্‌৷

শৰ্মা: উৱা, মই কি কৰিলোঁ ঔ৷ সব দোষ মোৰ ওপৰত জাপি দিছা যে! নিজে ফালেঙি কাম কৰিবা আৰু দোষ মোৰ ওপৰত জাপিবা৷ তোমাৰ কাৰণেই মোৰো মান-ইজ্জত গ’ল৷

শৰ্মানী: হুক্‌ হুক্‌৷

শৰ্মা: এক্টিং কৰিব নালাগে৷ লুচি ভাজাগৈ যোৱা৷ চাহিত্যিক ওলাইছে৷


২৯.০৮.২০

মতামতসমূহঃ
comments powered by Disqus

যোগাযোগ

ফেচবুক গোট:
Write Assamese on Mac
                 

ই-মেইল:  feedback@mridulkumar.com