স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ঊনসত্তৰ- অষ্টম খণ্ড

 

~~~জৈৱিক খেতি~~~

অসমৰ কৃষিমন্ত্ৰী কিছু চিন্তিত হৈ ইফালে সিফালে পায়চাৰি কৰি আছে৷ একোবাৰ হাত দুখন মুঠি মাৰে আৰু খুলি দিয়ে৷ এপাকত তেওঁ গৈ টেলিফ’ন ৰিচিভাৰটো উঠাই নম্বৰ এটা ডায়েল কৰিলে ...

কৃষিমন্ত্ৰী: হেল্লো .....

মুখ্য বিজ্ঞানী: হেল্লো .... ড° ঠাকুৰ স্পীকিং... কোনে কৈছে?

কৃষি মন্ত্ৰী : কোনে কৈছে !!!? চাৰ মই কৈছো... দা মিনিষ্টাৰ৷ সাংঘাতিক ঘটনা ঘটিব ধৰিছে আৰু আপুনি সুধিছে কোনে কৈছে৷

মুখ্য বিজ্ঞানী : উৱা কি হ’লনো?

কৃষিমন্ত্ৰী : কি হ’ল মানে? আমাৰ সোণৰ অসমৰ ধানবোৰত গোটেই গান্ধীপোক ধৰিলে৷

মুখ্য বিজ্ঞানী : কিন্তু মইটো মালাথিয়ন মাৰি থৈ আহিছিলোৱেই !! তাৰ পিছতো কেনেকৈ গান্ধীপোকবোৰ আহিব পাৰে বাৰু ৷!!! ( কণ্ঠত আশ্বৰ্য্যৰ ভাব)

কৃষিমন্ত্ৰী : তাকেইতো...আনকি আপুনি মালাথিয়ন মৰাৰ পিছতো যোৱাকালি হেমন্তহঁতে গৈ ডি.ডি.টি. বুষ্টাৰ ড’জ এটা মাৰি থৈ আহিছে ৷ তথাপি কাম হোৱা নাই, এতিয়া আপুনি কিবা কৰিলেহে কৰা ৷

মুখ্য বিজ্ঞানী : কিন্তু যোৱাকালি তো শিৱৰাত্ৰি নাছিল যে মালাথিয়নৰ ঠাইত ডিডিটি মাৰি থৈ আহিব, ফুৰাডন 3G মাৰিলেও এক কথা!!!

কৃষিমন্ত্ৰী : মই ক’ব নোৱাৰো, মুঠতে আপুনি সোনকালে কিবা এটা কৰক ৷ তাতে কাইলৈ মুখ্যমন্ত্ৰীয়ে আমাৰ প্ৰজেক্টটো ভিজিট কৰাৰ কথা ৷

মুখ্য বিজ্ঞানী : মুখ্যমন্ত্ৰী আৰু আমাৰ প্ৰজেক্ট!!!! তৌবা তৌবা....শিৱৰাত্ৰি আজি নহয়তো!

কৃষিমন্ত্ৰী (কিছু অভিমান ভৰা কণ্ঠ) : আপুনি এতিয়াও কথাটো চিৰিয়াছলি লোৱা নাই চাৰ৷ খালী শিৱৰাত্ৰি শিৱৰাত্ৰি গাই আছে৷ ডিছগাস্তিং ৷ তাতকৈ কৈ নিদিয়ে কিয় যে আপোনাৰ কোনো দ্বায়িত্ব নাই আমাৰ প্ৰতি৷

(কিছু ৰৈ অলপ নাটকীয়তা আনি )

মুখ্যমন্ত্ৰীয়ে আমাৰ “ অৰ্গেনিক এণ্ড চেইফ ৰাইচ” প্ৰজেক্টটি চাবলৈ আহিব৷ আৰু সেইটোত আপুনি অলৰেডি মালা ডি মাৰি থৈ গৈছে!!!

মুখ্য বিজ্ঞানী : অৰি কৃষিমন্ত্ৰী চাহাব.....মই কেতিয়া বাৰু মালা ডি মাৰিলো???? মইতো মালাথিয়ন হে মাৰিছিলো!!! ৰাম ৰাম...এইবিলাক বদনাম দিলে মই কিন্তু কৈ দিছো মই কোনো দ্বায়িত্ব ল’ব নোৱাৰো ৷

(স্বগতোক্তি কৰি)

”ধানত পোক আহিছে মানেই প্ৰমাণ কৰে যে আমি তাত কোনো ঔষধ ব্যৱহাৰ কৰা নাই ৷ গতিকে ই ১০০% অৰ্গেনিক“....ইউকেৰা ইউকেৰা পাই গ’লো৷ মুখ্যমন্ত্ৰী খুছ হৈ যাব!

কৃষিমন্ত্ৰী : ইউকেৰা নহয়হে চাৰ ইউৰেকা ৷ এনিৱেই...আপোনাৰ লজিকটো কিন্তু কাটতে পাৰি না৷ মানটে লাগব’৷

মুখ্য বিজ্ঞানী : কাটতে পাৰি না?? মানটে লাগব’ ?? হেৰা তুমি আকৌ কেতিয়া বাংলাদেছী ধৰ্মত শৰণ ল’লাহে?

কৃষিমন্ত্ৰী : নহয় নহয় মানে প্ৰেকটিছহে কৰি আছো... কোনদিনা আমাৰ মাতৃভাষা বাংলাদেছী হয় ঠিকনা নাইতো সেয়েহে ৷

মুখ্য বিজ্ঞানী : ধেইৎ কিবা!

০২.০৮.১৪

মতামতসমূহঃ

comments powered by Disqus