স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

লেডি গদাইভাৰ হাঁহি

 

এটা হাঁহি শুনিলো-
হাঁহি নহয় অট্টহাঁহি৷

সেই হাঁহিৰ শৱদত
উলংগ হৈ পৰিল ৰজা
প্ৰজা হৈ পৰিল বিবস্ত্ৰ৷

চাতুকাৰ, সমালোচক
বিদুষক, বুদ্ধিজীৱী-
সকলোৰে লেঙুতি হ’ল
সোলোক ঢোলোক৷

চিঞাহী নোহোৱা কলম হাতত লৈ
কটকী সাজু হ’ল
লিখিবলৈ এক বিস্ফোৰক প্ৰতিবেদন,
পাঠ কৰিবলৈ এক আবেদনময় ’ব্ৰেকিং নিউজ’৷

নগ্ন ইতিহাসক বিকিনি পিন্ধাবলৈ
দিগম্বৰ বুৰঞ্জীবিদ সকলো জঁপিয়াই উঠিল৷

মহাবাহুৱে কুতুৰিলে
তেওঁক হেনো আৰু এটা
“ৰিঞ্জাৰ লেক্টেট” লাগে৷

এখন আইনাৰে শৰীৰ ঢাকি
লেডি গদাইভা পাৰ হৈ গ’ল৷

আৰু আমি শুনিলো এটা
চাইলেন্সাৰযুক্ত অট্টহাঁহি৷
সকলোৱে নিজকে দেখিলে সেই আইনাত৷
কুঠাৰে হেনো বেজীক নাহাঁহে-
গুৰুজনৰ বাণী৷

০৮.১২.১৪

মতামতসমূহঃ

comments powered by Disqus