স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

শৰ্মাজ স্পেশ্যেল 'ভাপত দিয়া কুকুৰাৰ মাংস + চুপ'- এক গুলীত দুই চিকাৰ

 

যোগাৰ : আধা কিলোগ্ৰাম স্থানীয় বা ব্ৰইলাৰ কুকুৰাৰ সৰুকৈ কটা মাংস, কেঁচা জলকীয়া পাঁচ ছটামান, নহৰু আঠফোট, আদাৰ ডাঙৰ আকৃতিৰ টুকুৰা এটা, গোটা জালুক ২৫-৩০টামান, ধনীয়াপাত।

প্ৰস্তুতি : মাংসখিনি ধুই লওক৷ আদা, নহৰু, জলকীয়া, জালুক ধুই লৈ গোটেইখিনিৰে মিক্সিত বা পটাত ভালদৰে পেষ্ট এটা তৈয়াৰ কৰি লওক৷ এতিয়া মাংসখিনি নিমখ সহিতে পেষ্টটোৰে ভালদৰে সানি ১০-১৫ মিনিটমান ৰাখি থওক৷

ৰন্ধন : এটা ইডলি মেকাৰৰ খোলকেইটাত মাংসখিনি ভালদৰে পাতি লওক৷ এটা ডাঙৰ প্ৰেচাৰকুকাৰত দুবাতিমান পানী দি ইডলি ষ্টেণ্ডটো কুকাৰৰ ভিতৰত পাতি দিয়ক৷ লক্ষ্য ৰাখিব যাতে পানীৰ পৃষ্ঠৰ পৰা ইডলি ষ্টেণ্ডটোৰ একেবাৰে তলৰ খোলটো কিছু ওপৰত থাকে৷

এতিয়া কম জুইত প্ৰেচাৰকুকাৰৰ ৮-৯টামান সুহুৰি মাৰিবলৈ দি জুইৰ পৰা কুকাৰটো নমাই থওক৷

কুকাৰটো কিছু ঠাণ্ডা হোৱাৰ পিছত ঢাকনিখন খুলি ইডলি ষ্টেণ্ডটো উলিয়াই মাংসখিনি এটা পাত্ৰত উলিয়াই লৈ এবাৰ হেতা এখনেৰে লৰাই দি গৰমে গৰমে পৰিবেশন কৰক৷

কুকাৰত ৰৈ যোৱা পানীখিনি চাকি চাই যদি নিমখ কম হৈ আছে ৰুচি অনুযায়ী অলপ নিমখ দি ধনীয়া পাতকেইটামান দি দিয়ক আৰু গৰমে গৰমে চুপ হিচাপে পৰিবেশন কৰক৷

০৪.০৯.১৫

মতামতসমূহঃ

comments powered by Disqus