স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

দ্বায়িত্ব কাৰ?

 

আজি (২০ জুলাই, ২০১৩) নাহৰলাগুন অসামৰিক চিকিৎসালয়ত এগৰাকী ৰোগীক ৰক্তদান কৰিবলৈ গৈছিলো৷ এবাৰ বাথৰুমলৈ যাব লগা হওতে যিটো পূতিগন্ধময় বীভৎস পৰিবেশ দেখিলো ওকালি আহি গ’ল৷ ইফালে আৰু ঠায়ে ঠায়ে লিখি থোৱা আছে, ”এইখন আপোনাৰ চিকিৎসালয়, অনুগ্ৰহ কৰি ইয়াক পৰিস্কাৰ কৰি ৰাখিব”৷

হয় এইখন আমাৰে চিকিৎসালয় মানি লৈছো৷ পিছে আমি ইয়াক লেতেৰা নকৰাকৈ থাকিব পাৰো কিন্তু চফা কেনেকৈ কৰিম? আবেদনটো লেতেৰা নকৰাৰ বাবেহে হোৱা উচিত আছিল৷ পৰিস্কাৰ কৰাৰ দ্বায়িত্ব ৰোগীৰ নে অভিভাৱকৰ নে খবৰ লবলৈ যোৱা শুভাকাংক্ষীৰ নে চিকিৎসালয় কৰ্তৃপক্ষৰ? চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চয় দৰমহা দি চিকিৎসালয় পৰস্কাৰ কৰিবলৈ কৰ্মী ৰাখিছে৷ তেওঁলোকে কাম নকৰে নেকি?

মই জানো এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ আহিব , ”কিমান চফা কৰিবহে? এই চফা কৰি থৈ যায় আৰু এই লেতেৰা কৰে৷ ৰাইজো অলপ সচেতন হ’ব লাগে৷”

মই এই কথাটো মানি নলও মুঠেই৷ ৰাইজ সচেতন হ’ব লাগে কিন্তু নহয়৷ কি কৰিব এতিয়া? যিয়ে তামোল, গুটকা খাই পিক পেলায় বাথৰুমৰ বেছিনত, দেৱালত, ওপৰলৈ উঠা খটখটীবোৰত তেঁওলোকক জানো কেতিয়াবা জৰিমণা বিহা হৈছে? নাই বিহা৷ আৰু দুৰ্গন্ধময় বাথৰুমত সোমাই যদি ওকালি আহি কোনোবাই থু পেলায় তেওঁকনো কেনেকৈ জৰিমণা বিহিব৷ ৰাইজৰ ওপৰত দোষ দি গা এৰা দিয়াতকৈ ঘণ্টাই ঘণ্টাই চফা কৰোৱাৰ ব্যৱস্থা কৰক৷

অকল চিকিৎসালয়ে নহয়, প্ৰায় প্ৰতিখন চহৰত কিছুমান জাননীফলকত আবেদন কৰা থাকে, ”এইখন আপোনাৰ চহৰ, ইয়াক পৰিস্কাৰ কৰি ৰখাৰ দ্বায়িত্বও আপোনাৰেই৷” মোৰ দৃষ্টিত এই আবেদনটিও নিৰৰ্থক৷ তাতকৈ এনেদৰে লিখা উচিত, ”এই চহৰখন আপোনাৰেই, অনুগ্ৰহ কৰি ইয়াক লেতেৰা নকৰিব৷”

এই কথাটোৰ এটায়ে সমাধান আছে৷ চিকিৎসালয়বোৰত চাফাই কাম কৰা কৰ্মীৰ সংখ্যা বঢ়াব লাগে৷ কৰ্মীসকলে যাতে কামত ফাঁকি দিব নোৱাৰে (ফাঁকি দিয়েই কিন্তু) তাৰ প্ৰতি কৰ্তৃপক্ষ সজাগ হোৱা উচিত আৰু কঠোৰ হাতেৰে পৰিস্কৰন কাৰ্য সঠিকভাবে হৈছে নে নাই তাৰ প্ৰতি দৃষ্টি দিয়া উচিত৷ চহৰৰ কথা নকওঁ, কিন্তু চিকিৎসালয়বোৰৰ প্ৰতিটো ৱাৰ্ডত একোজনকৈ চাফাই কৰ্মী ৰখা উচিত আৰু তেওঁ যাতে প্ৰতি ঘণ্টাতে পৰিস্কাৰ কৰে তাৰ বাবে এখন প্ৰতিঘণ্টীয়া উপস্থিতিৰ বহী ৰাখিব লাগে আৰু এজন পৰ্য্যবেক্ষকে (যেনে, সেইসময়ৰ কৰ্তব্যৰত চিকিৎসক বা নাৰ্চ) পৰ্য্যবেক্ষণ কৰি সেই বহীখনত স্বাক্ষৰ কৰিব লাগে৷

কিছুমান ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ইমান পৰিস্কাৰহৈ থাকে কেৱল ঘণ্টাই ঘণ্টাই পৰিস্কাৰ কৰাই থকাৰ বাবে৷

মোৰ ব্যক্তিগত ধাৰণা, পৰিস্কাৰ ঠাই এখন যদি সদায় পৰিস্কাৰ হৈয়ে থাকে এসময়ত লেতেৰা কৰিবলৈ কাৰো সত নাযাব৷

চাবিকাঠি কৰ্তৃপক্ষৰ হাততে আছে৷

২০.০৭.১৩

মতামতসমূহঃ

comments powered by Disqus