স্বস্তিকা- কোনো ভাল কামৰ আৰম্ভণি




মৃদুল কুমাৰ শৰ্মাৰ ব্লগ

ষ্টেপলাৰ

 

সৰুতে মোৰ ষ্টেপলাৰ কিনিবলৈ সাঁচতীয়া পইচা নাছিল আৰু দেউতায়ো দেখোন কিনি দিম বুলি কৈ দিয়া নাছিল। খঙেই উঠি গৈছিল, দিগদাৰ নহয় নেকি কিবা ষ্টেপলাৰ এটা নেথাকিলে, লগৰ চবৰে আছে। ইচকুলত লগৰ ল'ৰাৰ পৰা ষ্টেপলাৰ মাৰিবলৈ কিবা দেখোন লাজ ল'গা হ'ল।

অৱশেষত উপায় এটা উলিয়ালো। বেৰ বান্ধিবলৈ আনি থোৱা গুণাৰ তাঁৰ অলপ জোখমতে পকাই পকাই চিঙি উলিয়ালো। কাঁটা কম্পাছ বাকছটোৰ পৰা পেন্সিল কম্পাচডাল উলিয়াই ফুটা দুটা কৰিলো, গুণাডাল ভৰাই দি ভাঁজ কৰি দিলো। বছ, হৈ গ'ল মোৰ ষ্টেপলাৰ!!!

এতিয়া আৰু কোনে মাতে, "মোৰ তহঁতকৈ ডাঙৰ ষ্টেপলাৰ আছে!!!"।

মতামতসমূহঃ

comments powered by Disqus